সাধনা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
সাধনা- দণ্ডিনাথ কলিতা (page 1 crop).jpg
উপহাৰ
••••••••••••••••••••••••••••••••
••••••••••••••••••••••••••
••••••••••••••••••••
তোমাৰ
স্নেহাকাঙ্খী
শ্ৰীদণ্ডিনাথ কলিতা

[  ]

অর্পণ

শ্ৰীযুক্ত নােমলচন্দ্র গােস্বামীৰ হাতত

প্রিয়বৰেষু,

 স্কুলীয়া ছাত্ৰ হৈও সাহিত্যক্ষেত্রত প্রবেশ লাভ কৰিছিলোঁ এদিন তােমাৰেই অযাচিত অর্থ সাহায্যৰ বলত। মােৰ দৈন্যক্লিষ্ট জীৱনৰ সি এক মধুৰ প্ৰভাত। তাৰ স্নিগ্ধ আলােকতেই মােৰ বৰ্ত্তমান সাহিত্য-সাধনাৰ আৰম্ভণ। সেই সুমধুৰ স্মৃতি সজাগ কৰি আজি সাধনাক তােমাৰ হাতত সমর্পণ কৰিলোঁ।

কলিকতা
শাওন, ১৮৪০ শক

তোমাৰ
স্নেহাকাঙ্ক্ষী
শ্রীদণ্ডিনাথ কলিতা
 

[  ]

গ্ৰন্থকাৰৰ নিবেদন

 বাস্তৱতাৰ মাজে দি আদৰ্শৰ উজ্জ্বল লোকলৈ পথ নিৰ্ম্মাণ কৰাই উপন্যাসৰ চৰম লক্ষ্য। এই লক্ষ্য মনত ৰাখিয়েই লিখকে সাধনা আৰম্ভ কৰিছে; সিদ্ধিলাভ জগৎনিয়ন্তাৰ হাতত।

 সাধনা লিখাৰ পিচতেই জনচেৰেক কৃতবিদ্য লোকৰ সঙ্কেত লাভ কৰি, লিখক বিশেষ উপকৃত হৈছিল। সেই সকলৰ ভিতৰত শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা, শ্ৰীযুক্ত বেণুধৰ দাস, শ্ৰীযুক্ত ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, শ্ৰীযুক্ত নকুলচন্দ্ৰ ভূঞা, শ্ৰীযুক্ত বসন্তকুমাৰ বৰুৱা আৰু শ্ৰীযুক্ত ললিতমোহন চৌধুৰী প্ৰধান। তেওঁলোক সকলোটিকে লিখকে আন্তৰিক কৃতজ্ঞতা জনাইছে।

 ১৮৪৮ শকত অসম সাহিত্য-সভাৰ পৰা সৰ্ব্বোৎকৃষ্ট উপন্যাসৰ নিমিত্তে তিনি শ টকা পুৰস্কাৰ ঘোষণা কৰা দেখি সাধনাক প্ৰতিযোগিতাৰ নিমিত্তে উক্ত সভাৰ সম্পাদকলৈ পঠোৱা হৈছিল। সৌভাগ্যৰ কথা, পৰীক্ষাত সকলোখিনি উপন্যাসৰ ভিতৰত সাধনাই প্ৰথম স্থান অধিকাৰ কৰি ঘোষণা কৰা পুৰস্কাৰ লাভ কৰিলে।

 সাধনাৰ প্ৰথম সংস্কৰণ ওলোৱাৰ পাচত গোটেই অসমতে এটা হুলস্থুল লাগি পৰিছিল। কেইবাখনো জিলাৰ লোকেই সাধনাত বৰ্ণিত ঘটনাৱলী তেওঁলোকৰ নিজৰ নিজৰ জিলাৰ বুলি ধৰি লৈ নানা প্ৰকাৰ প্ৰশ্ন আৰু মন্তব্য-প্ৰকাশ কৰিছিল; আন কি, কোনো-কোনোৱে উকীলৰ লগতো পৰামৰ্শ কৰিছিল। আন ফালে, বহুতো সাহিত্যিক আৰু শিক্ষিত মহিলাই লিখকক অভিনন্দিত কৰি তেওঁলোকৰ শুভ ইচ্ছা [  ] জ্ঞাপন কৰিছিল। ইয়াৰ পৰা আন একো নহলেও লিখকে এইটো বুজিবলৈ সুযোগ পাইছিল, যে তেওঁ বৰ্ত্তমান অসমৰ নাগৰিক জীৱনৰ প্ৰকৃত চিত্ৰ অঁকাত কৃতকাৰ্য্য হ’ব পৰিছে। ই লিখকৰ পক্ষে সৌভাগ্যৰ কথা।

 যিসকল সহৃদয় পাঠক-পাঠিকাৰ অনুগ্ৰহত সাধনাৰ দ্বিতীয় সংস্কৰণ ওলাব পাৰিছে, তেওঁলোকৰ প্ৰতি লিখকৰ অশেষ ধন্যবাদ। আগৰ সংস্কৰণৰ দৰেই এই সংস্কৰণেও তেওঁলোকৰ সমাদৰ লাভ কৰিব পাৰিলেই লিখকৰ অৰ্থব্যয় সাৰ্থক হব। ইতি।


তেজপুৰ
১৮ আঘোণ, ১৮৫৬ শক
নিবেদক
গ্ৰন্থকাৰ

[  ]

সাধনা

প্ৰথম খণ্ড

প্ৰথম অধ্যায়

কবি-প্ৰিয়া

 “উঃ! আজিৰ দৰে গৰম হলে দেখোন কাম-বন কৰা দূৰৰ কথা, মানুহ টিকাই টান হ’ব”। — এই বুলি দীনবন্ধুৱে হাতৰ কাপটো মেজৰ ওপৰত থৈ, লিখি থকা বহিখন জপাই বাহিৰলৈ ওলাল আৰু বাৰাণ্ডাত থকা মাচিয়া এখনত বহি তালপাতৰ বিচনী এখনেৰে বিচিবলৈ ধৰিলে। অলপ পিচতে মাত লগালে, — “গঙ্গা, এগিলাচ চৰ্পত লৈ আহ।”

 “গৈছোঁ দেউতা” — এই বুলি অলপ সময়ৰ ভিতৰতে গঙ্গাৰামে এগিলাচ নেমুটেঙাৰ চৰ্পত আনি দিলে। দীনবন্ধুৱে একে শোহাই চৰ্পতখিনি খালে আৰু অলপ সুস্থিৰ হৈ বহিল। অলপ এনেকৈ অহাৰ পিচত তেওঁ উঠি ভিতৰলৈ গ’ল। তাৰ পিচত গাত এটা কামিজ সুমুৱাই আৰু হাতত এটা ছাতি লৈ এখোজ এখোজকৈ ঘৰৰ পৰা ওলাল। তেওঁ পোনে পোনে ব্ৰহ্মপুত্ৰৰ পাৰলৈ খোজ ললে। যেতিয়া নৈৰ ওচৰ পালেগৈ তেতিয়া তেওঁৰ মন-প্ৰাণ অলপ শীতল বোধ হ’ল; কিছু সময় পাৰে পাৰে ইফাল সিফালকৈ ফুৰি শেহত তেওঁ নৈৰ পাৰত [  ] থকা গছ এজোপাৰ তলত শিল এটাৰ ওপৰত বহিল। তেতিয়া নৈৰ পৰা মৃদু মধুৰ সুশীতল বতাহ একো ছাটি আহি তেওঁৰ শৰীৰ শীতল কৰিলে, শৰীৰৰ ক্লান্তি অৱসাদ ক্ৰমশঃ আঁতৰি গ’ল। তেওঁ তাতে বহি বহুত বেলিলৈকে নদীৰ আৰু তাৰ আশে-পাশে থকা প্ৰাকৃতিক দৃশ্যাৱলীৰ সৌন্দৰ্য্য নিৰীক্ষণ কৰিবলৈ লাগিল। বোধকৰোঁ তেতিয়া তেওঁৰ মনত কিবা কবিতাৰ ঝঙ্কাৰ উঠিছিল।

 এনেকৈ বহি থাকোঁতেই বেলি পৰিবৰ হ’ল, তেওঁ পশ্চিমলৈ চকু ঘূৰালে। তেতিয়া বিশ্বখনিকৰৰ মায়া-বাজিৰ মাজেদি প্ৰকৃতি দেৱীয়ে ৰূপ সলাইছিল, সূৰ্য্যদেৱ নিজৰ তাপত নিজে দগ্ধ হৈ ব্ৰহ্মপুত্ৰত স্নান কৰি দেহা শীতলাবলৈ নামি গৈছিল, প্ৰকৃতি দেৱীয়েও হাঁহি মুখেৰে তেওঁক বিদায়-সম্ভাষণ জনাইছিল। সেই হাঁহিৰ ৰহৰ সানি নীল আকাশ হেঙুলীয়া হৈ উঠিছিল, লুইতৰ বিশাল বুকু ৰঙচুৱা ঢৌৰ ৰং-ধেমালিত আন্দোলিত হৈছিল, পাৰৰ পাদপশ্ৰেণী আৰু নতোন্নত পৰ্ব্বত-মালা সেই কপিল কিৰণেৰে উদ্ভাসিত হৈ উজ্জ্বল সৌন্দৰ্যৰ আকৰ হৈ উঠিছিল। পানীৰ মাজত শিহুৱে আৰু পাৰৰ ওচৰত সৰু সৰু মাছে সাঁতুৰি সাঁতুৰি আনন্দ-উৎসৱত আপোন-পাহৰা হৈছিল, দুই চাৰি জন ডেকাই নাও খেলাইছিল, বহুতো বনুৱা মানুহে এডিঙি পানীলৈকে নামি গা ধুই দিনটোৰ দুখ-ভাগৰৰ পিচত শান্তি লাভ কৰিছিল। ঘাটত বহুতো আমোলা আৰু ছাত্ৰ গোট খাই কথা পাতিছিল, কোনো কোনোৱে গা ঘেলাইছিল। পৰ্ব্বতৰ দাঁতিৰ শিল এটাৰ আঁৰৰ পৰা সুমধুৰ সঙ্গীত উঠিছিল।

 অকলৈ ফুৰাটোৱেই দীনবন্ধুৰ স্বভাৱ; সেই কাৰণেই নৈৰ দাঁতিত বহিলেও তেওঁ ঘাটত নবহি যলৈ মানুহৰ সমাগম কম তেনে ঠাই বিচাৰি লয়। আজিও তেওঁ যিটো শিলত বহিছে সি ঘাটৰ পৰা কিছু আঁতৰত। আজৰি পোৱা দিনত পুৱা আৰু সন্ধ্যা সময়ত তেওঁ এই শিলটোত বহি [  ] সূৰ্য্যদেৱৰ উদয় আৰু অস্ত কালৰ মহিমামণ্ডিত সৌন্দৰ্য্য নিৰীক্ষণ কৰে। আজিও তেওঁ তাতে বহি সূৰ্য্যাস্ত আৰু তাৰ আনুষঙ্গিক দৃশ্য চাই মুগ্ধ হৈ ৰ’ল। তেতিয়া তেওঁৰ মনত কি ভাব খেলাইছিল কোনে জানে!

 প্ৰায় আন্ধাৰ হৈ আহিছে, এনেতে পাচফালে কিবা এটা শব্দ শুনি দীনবন্ধু চক্ খাই উঠিল, উভতি চাই দেখিলে তেওঁৰ এজন বয়স্য — উমাকান্ত।

 উমাকামই ক’লে — “কি হে ইমান কৈ মাতিলোঁ, তেও সঁহাৰি নাই। মই নহা হলে কিজানি ইয়াতেই ৰাতি কটালাহেঁতেন হ’বলা!”

 দীনবন্ধু — নহয়, কিবা এটা ভাবি আছিলোঁ।

 উমা — সেইটো ময়ো বুজিছোঁ। পিচে এতিয়া নোযোৱা জানো?

 দীন — এই যাওঁ, ব’লা।

 দীনবন্ধু উঠিল আৰু উমাকান্তৰে সৈতে ঘৰমুৱা হৈ খোজ ল’লে। কেইখোজমান যোৱাৰ পিচতে উমাকান্তই কলে — পিচে তোক কথা এটা সোধো বুলি ভাবিছিলোঁ; বেয়া নোপোৱা যদি কওঁ।

 দীন — কি কথা?

 উমা — নতুন কথা একো নহয়। মই সুধিব খুজিছিলোঁ বোলো তুমি অকল কবিতাকে লৈয়েই জীৱন কাটাব খুজিছা নেকি?

 দীন — পৰা হলেতো বেয়া নাছিল।

 উমা — তোমাক দেখোন দেখিছোঁ পুৱা-গধূলি প্ৰায়েই নৈৰ দাঁতিত আৰু আজৰি পোৱা সময়ত ঘৰৰ চুকত। সংসাৰৰ লগত যদি তোমাৰ মিলিবৰ ইচ্ছা নাই, তেন্তে তাৰ পৰা একেবাৰেই বাহিৰ নোহোৱা কিয়?

 দীন — সংসাৰ এৰি ঠাই ক’ত! মই যে ঘোৰ সংসাৰী।

 উমা — তুমি যদি ঘোৰ সংসাৰী, সন্ন্যাসী নো কোন? [ ১০ ]  দীন — মই সন্ন্যাসী কেনেকৈ হ’ম! মই দেখোন সংসাৰৰ একোকে ত্যাগ কৰা নাই আৰু কেতিয়াবা যে তেনে কৰিম বা কৰিব পাৰিম, তাৰ সম্ভাৱনা নাই।

 উমা — তেনেহলে ভালকৈ সংসাৰক সাবটি নধৰা কিয়? বিয়া-বাৰু কৰাই গৃহস্থী ধৰ্ম পালন নকৰা কিয়?

 দীন — অ’ তাকে কবলৈকে হবলা এই ডৰা পাতনি পাতিছিলা। মই দেখোন তাৰ উত্তৰ তোমাক কেতিয়াবাই দিছোঁ।

 উমা — বৰ্ত্তমান জগতৰ লগত মিলাই চালে তোমাৰ উত্তৰৰ কোনো অৰ্থই নহয়। তোমাৰ কল্পনাৰ আৰু বাস্তৱ জগৎ কেতিয়াও এক হ’ব নোৱাৰে। স্বপ্ন এৰি তুমি দিঠকলৈ আহাঁ, তেতিয়াহে সংসাৰৰ প্ৰকৃত সোৱাদ বুজিবা।

 দীন — মই যদি স্বপ্ন ৰাজ্যত ঘূৰিয়েই আনন্দময়ৰ আনন্দবিন্দু উপভোগ কৰিব পাৰোঁ, তেনেহলে তোমাৰ নিৰানন্দ ৰাজ্যলৈ ঘূৰি অহাৰ প্ৰয়োজন কি? এই নিষ্ঠুৰ সংসাৰক মোৰ স্বপ্নৰাজ্যত পৰিণত কৰিব পাৰিলেহে মোৰ আদৰ্শৰ সফলতা।

 উমা — কিন্তু সেই সফলতা-লাভ কোনো কালে নহয়। তোমাৰ কল্পনা অসংযত। তাক সংযত কৰিব নোৱাৰিলে, — বাস্তৱ জগতৰ লগত মিলাব নোৱাৰিলে, কেতিয়াও তোমাৰ উদ্দেশ্য সিদ্ধি হ’ব নোৱাৰে। সৰ্ব্বসাধাৰণৰ মঙ্গল সাধিব খুজিলে প্ৰথমে তেওঁলোকৰ ভিতৰৰে এজন কৰি নিজক গঢ়িব লাগিব, তাৰ পিচত তেনে জীৱনৰ মাজেদিয়েই তোমাৰ আদৰ্শ ফুটাই তুলিব লাগিব। তেতিয়াহে তোমাৰ আদৰ্শৰাজ্য স্থাপন কৰিব পাৰিবা, নতুবা আংশিক সফলতা কৰিলেও তোমাৰ উদ্দেশ্য সম্পূৰ্ণ সিদ্ধি হ’ব নোৱাৰে।

 দীন — মই যে সৰ্ব্বসাধাৰণৰ লগৰ পৰা আঁতৰি পৰিছোঁ, সেই কথা সঁচা বুলিব নোৱাৰোঁ। [ ১১ ]  উমা — মই যি উদ্দেশ্যে সেই কথা কৈছোঁ, তুমি তালৈ মন কৰা নাই, সেইহে তেনেকৈ কৈছা। মই কৈছোঁ ইয়াকে, যে তোমাৰ অৱস্থাৰ, তোমাৰ বয়সৰ মানুহ সাধাৰণতঃ অবিবাহিত নাথাকে; এই খিনিতেই সৰ্ব্বসাধাৰণৰ লগত তোমাৰ অমিল। আকৌ তোমাৰ কৰ্ম্মক্ষেত্ৰত পুৰুষ-স্ত্ৰীৰ পাৰ্থক্য নাই, জন্ম অনুসৰি মানুহৰ উচ্চতা বা নীচতা নাই। ইয়াতো বেচি ভাগ মানুহৰ লগত তোমাৰ মতৰ অমিল। তোমাৰ এইবোৰ কাৰ্য্যই বহুতৰ স্বাৰ্থত ব্যাঘাত নজন্মোৱাকৈ নাথাকে। তেতিয়া সেই মানুহবোৰে তোমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাটো স্বতঃসিদ্ধ। বহুতে তেতিয়া তোমাক অবিবাহিত বুলিয়েই সাধাৰণ মানুহৰ বিশ্বাস জন্মা কাহিনীৰ সৃষ্টি কৰি তোমাৰ কাৰ্য্যত ব্যাঘাত জন্মাব, তাৰ ফলত তোমাৰ উদ্দেশ্য সিদ্ধি হোৱা কঠিন হৈ পৰিব। সেই কাৰণে মই কওঁ তুমি সোনকালে বিয়া কৰোৱাঁ।

 দীন — বিয়া কৰোৱা মানুহ কেতিয়াও উন্মাৰ্গগামী হব নোৱাৰে বুলি তুমি বিশ্বাস কৰানে?

 উমা — নকৰোঁ। আৰু অবিবাহিত হলেই তেনে হব বুলিও বিশ্বাস নকৰোঁ। কিন্তু তুমি যিবোৰ মানুহৰ মাজত কাম কৰিবা তাৰ সৰহ ভাগে তেনে বিশ্বাস কৰিব। সেই দেখিয়েই তুমি যেতিয়া সংসাৰী মানুহৰ মাজত থাকি কাৰ্য্য কৰিবলৈ ওলাইছা, তুমিও তেনে সংসাৰীয়েই হৈ লোৱা মই উচিত বুলি ভাবোঁ।

 দীন — তুমি দেখোন মোৰ কথা সকলো জানা। মই জানো চিৰব্ৰহ্মচাৰী থাকিমেই বুলি কেতিয়াবা কৈছোঁ? মই মাত্ৰ কৈ আহিছোঁ যে যদি মোৰ আদৰ্শৰ অনুৰূপ সঙ্গিনী নোলায়, তেনেহলে এই জীৱনত মোৰ বিবাহ নহয়। আৰু যদি কোনোবা ওলায়, তেনেহলে আনন্দ মনেৰে দাম্পত্য জীৱনৰ কৰ্ত্তব্য গ্ৰহণ কৰিম, কল্পনাৰ আদৰ্শ আচলত [ ১২ ] পৰিণত কৰি মুক্ত বিহঙ্গমৰ দৰে বিচৰণ কৰিম, এক প্ৰাণ, এক উদ্দেশ্য লৈ মঙ্গলময়ৰ আলোকময় ৰাজ্য বিস্তাৰ কৰিম।

 উমা — ৰ’বা ৰ’বা, তোমাৰ কবিতাৰ বলিয়ালিয়ে এনেকৈ উক দিলে আমাৰ পলায়নৰ বাহিৰে উপায় নাথাকিব।

 দীন — তুমিয়েই হে জোকাই লৈছা, মোৰ গাত দোষ কি?

 উমা — বাৰু জোকাই নলওঁ। তোমাক আৰু এটা কথা ক’ব লগা আছে।

 দীন — কি কথা কৈ যোৱাঁ।

 উমা — কথা হৈছে তুমি বিয়া নকৰোৱাৰ পৰা বহুতৰ অপকাৰ হৈছে।

 দীন — মোৰ পৰা অপকাৰ হৈছে! কেনেকৈ?

 উমা — কেনেকৈ শুনা। তোমাক জোৱাঁই পাবলৈ বহুতৰ আশা আছে, আৰু সেই বাবেই তেওঁলোকৰ ছোৱালী আন কাকো নিদি তোমালৈ বুলি সাঁচি থৈছে। শেহত তুমি বিয়া নকৰালে এই ছোৱালীহঁতলৈ সাউৎকৰে ক’ত ভাল দৰা পোৱা যাব? তেতিয়া যদি যেনে তেনে পাত্ৰক দিব লগা হয়, আৰু ছোৱালীহঁতৰ দুখ হয়, তেন্তে তাৰ বাবে কোন দায়ী হ’ব? আন নালাগে, তুমি বিয়া কৰালেও এজনীহে বিয়া কৰাবা, বাকীবোৰৰ কি হ’ব? তুমিতো আৰু সকলোকে নাসামৰা।

 দীন — তাৰ বাবে মই দায়ী নহওঁ। মই কাকো তেনে কৰিবলৈ কোৱা নাই।

 উমা — তথাপিও তোমাৰ বিয়া নোহোৱালৈকে তোমাৰ অজ্ঞাতসাৰে হলেও তুমিয়েই সেই অনৰ্থৰ মূল হৈ থাকিবা।

 দীন — তাৰ প্ৰতিকাৰৰ উপায় নাই। আৰু এটা কথা — মোৰ বিশ্বাস বিবাহ-বন্ধনটো এক জন্মৰ নহয়, ইয়াত জন্ম-জন্মান্তৰৰ আকৰ্ষণ [ ১৩ ] আছে। পতি-পত্নী দুজনৰ যেয়ে য’তে থাকক, দুয়োজনৰ ভিতৰত এটা অজ্ঞাত আকৰ্ষণ থাকে, — পৰস্পৰৰ প্ৰতি এটা বুজিব নোৱাৰা আকুলতা জন্মে। বিধাতাৰ ইচ্ছাত যেতিয়াই দুয়োৰে সাক্ষাৎ ঘটে, তেতিয়াই দুয়োখনি হৃদয় আলোড়িত হৈ উঠে আৰু দুয়োৰে সত্তা একত পৰিণত হয়। মুঠতে মই বিশ্বাস কৰোঁ —

দ্বীপাদন্যস্মাদপি মধ্যাদপি জলনিধেৰ্দ্দিশোহপ্যন্তা।
দানীয় ঝটিতি ঘটয়তি বিধিৰভিমতমভিমুখীভূতঃ॥

 উমা — তুমি লাগিলা আকৌ কবিতা আওৰাবলৈ। এনেকৈ হলে তোমাৰ লগত কথা পতাই টান দেখিছোঁ।

 দীন — তুমিও বৰ পোন-পটিয়ে কথা পাতিছা বুলি মোৰ মনে ধৰা নাই। তোমাৰ উদ্দেশ্য কি ভাঙিয়েই কোৱাঁচোন।

 উমা — মোৰ কথা এক ৰকম ভাঙিয়েই কৈছোঁ। মোৰ উদ্দেশ্য এই যে তুমি তোমালৈ আগ বঢ়োৱা ছোৱালীবিলাকৰ ভিতৰত যাকে মনোমত পোৱা, তেওঁকেই বিয়া কৰোৱাঁ। লগে লগে ইয়াকো কওঁ যে ঊষাৰ লগত তোমাৰ বিবাহ হলে মই সুখী হ’ম আৰু মোৰ বিশ্বাস তুমিও সুখী হব পাৰিবা। তাইৰ লগত মোৰ সম্বন্ধ থকাৰ বাবে অকল স্বাৰ্থলৈ লক্ষ্য ৰাখি মই এই কথা কোৱা নাই, তাই তোমাৰ উপযুক্ত হ’ব বুলি মোৰ পূৰ্ণ বিশ্বাস আছে দেখিহে কৈছোঁ। তোমাৰ কবিতা, তোমাৰ প্ৰৱন্ধ তাই যি আগ্ৰহেৰে পঢ়ে, তোমাৰ প্ৰশংসা শুনিলে তাইৰ যি আনন্দ হয়, তোমাৰ আদৰ্শৰ উপযোগী হবলৈ যেনে যত্ন কৰে, তালৈ চাই মোৰ কথা অলপো অতিৰঞ্জিত নহয় বুলি ডাঠি ক’ব পাৰোঁ। মুঠতে, তাই তোমাৰ নিমিত্তেই, তুমি বিয়া কৰালে তাই সুখী হ’ব, তুমিও এজনী উপযুক্ত গৃহিণী লাভ কৰি সুখী হব পাৰিবা। [ ১৪ ]  দীন — তোমাৰ অনুমান যদি সঁচা হয়, তেনেহলে বিয়া কৰাব পৰা হলে তেওঁক অন্ততঃ সুখী কৰিব পাৰিলোহেঁতেন; কিন্তু সম্প্ৰতি মই তাৰ নিমিত্তে অপাৰগ।

 উমা — আগলৈতো সমৰ্থ হবা।

 দীন — তাতো মোৰ সন্দেহ আছে। মুঠতে মই তেনে বিধৰ কোনো দায়িত্ব গ্ৰহণ কৰিব নোখাজো।

 উমা — বাৰু যি হওক, তুমি অলপ দকৈ কথাটো গমি চাবা।

 এনেতে উমাকান্তই ঘৰৰ ওচৰ পাই দীনবন্ধুৰ ওচৰত বিদায় ল’লে দীনবন্ধুও ঘৰমূৱা হ’ল। [ ১৫ ]

দ্বিতীয় অধ্যায়

নৈশ সঙ্গীত

 দীনবন্ধু ঘৰলৈ উভতি আহোঁতে আন্ধাৰ হৈছিল। তেওঁ আহিয়েই মেজৰ ওচৰত বহিল আৰু আবেলি সামৰি থৈ যোৱা বহিখন মেলি কিবা লিখিবলৈ ধৰিলে। লিখা শেষ হলত বহিখন মেজতে এৰি বাহিৰ ওলাল, চোতালত পাটী এখন পাৰি তাতে বহিল, অলপ অলপকৈ বলা জুৰ বতাহ বৰ স্নিগ্ধ, বৰ শান্তিদায়ক বোধ হ’ল। তেওঁ আধা বহা আৰু আধা শোৱা অৱস্থাৰে একোবাৰ আকাশলৈ আৰু একোবাৰ ঘৰৰ সন্মুখত থকা ফুলনিখনলৈ চাবলৈ ধৰিলে। নীল আকাশত লাখে লাখে তৰাই উজ্জ্বল হাঁহিৰ কিৰণ কণা ছটিয়াই দি সৌন্দৰ্য্যময় চন্দ্ৰতাপ বিস্তাৰ কৰিছে, ফুলনিৰ ফুলে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰেণু বতাহৰ বোকোচাত তুলি দি বায়ুমণ্ডল সুৰভিত কৰি তুলিছে। দুয়ো স্নিগ্ধ, দুয়ো ক্লান্তিনাশক। দীনবন্ধু কবি, জোনাক ৰাতি এনে অৱস্থাত কবিতাৰ উদয় হোৱা তেওঁব পক্ষে স্বাভাৱিক; তেওঁ আপোন মনেৰে কাব্য-কাননত বিচৰণ কৰিবলৈ ধৰিলে। হঠাৎ এটা গীতৰ সুৰ আহি তেওঁৰ কাণত পৰিল, তেওঁ চমকিত হ’ল, মনোযোগেৰে গানটো শুনিবলৈ ধৰিলে। গান চলিবলৈ ধৰিলে —

আহা! নীল আকাশত জোনক দেখি তৰাই পাতে থুল।
ধৰাৰ বুকুত ফুলৰ বিয়া,
(দেখি) জুৰাই হিয়া,
জিলিৰ গীতৰ ৰোল।
নিমজ ডিঙি গায়ক পখীৰ,
শুনি বিচে মলয় সমীৰ,
বিশ্ব-পিতাই আপোন-হাতে লগাই মিলন-ডোল।

[ ১৬ ]  গীত শুনি দীনবন্ধু মুগ্ধ আৰু আচৰিত হ’ল। সঁচাকৈয়ে সেই সময়ত তেওঁ হৃদয়-বীণত যি কবিতাৰ নিফুট ঝঙ্কাৰ উঠিছিল, ই তাৰেই তাল-লয় যুক্ত পৰিস্ফুট প্ৰতিধ্বনি! তেওঁ অবাক হল! কিবা মোহত পৰি তেওঁ অন্তৰৰ সঙ্গীতকে বাহিৰত প্ৰতিধ্বনিত হোৱা শুনিছেনেকি? কিন্তু সেয়েই বা হয় কেনেকৈ? তেওঁতো সম্পূৰ্ণ জাগ্ৰত! তেওঁ স্পষ্টকৈ শুনিবলৈ পাইছে যে গীত তেওঁৰ সন্মুখত থকা ঘৰটোৰ পৰা আহিছে। সি যে আৰু আচৰিত! সেই ঘৰটো সাজি উলিয়াবৰে পৰা তাত তেওঁ কোনো মানুহ থকা দেখা নাই! তেনেহলে মানুহ নোহোৱা ঘৰত কোনে এই ৰাতি গান গাব! তাতে সুৰ শুনি ভালকৈ বুজা যায় ই পুৰুষৰ কণ্ঠস্বৰ নহয়, ইয়াত কামিনী-কণ্ঠৰ কোমলতা বিদ্যমান। তেন্তে ই কাৰ গান? অপ্সৰাৰ! অসম্ভৱ। নিশ্চয় আজি কোনোবা মানুহ এই ঘৰলৈ আহিছে। কিন্তু কোন আহিছে তাৰ তত্ত্ব পোৱা যায় কেনেকৈ? এইদৰে নিজৰ মনতে দীনবন্ধুৱে বহুতো প্ৰশ্ন আৰু উত্তৰ কৰিলে; কিন্তু কোনো সিদ্ধান্তত ওলাব নোৱাৰিলে। শেহত মনতে ভাবিলে — “যেয়ে আহক, যেয়ে গাওক, তাৰ সম্ভেদ বিচৰাৰ প্ৰয়োজন কি? যি সুন্দৰ, যি মধুৰ, সি যৰে পৰাই আহক, মনত মলি নাথাকিলে যেয়ে সেয়ে উপভোগ কৰিব পাৰে।” ইমানতো একো একোবাৰ তেওঁৰ মনত সন্দেহ জন্মিছিল। কিজানি ভাবি থাকোঁতে তেৱেঁই জাগ্ৰত স্বপ্ন দেখিছিল। কিন্তু তেওঁৰ সকলো সন্দেহ আঁতৰাই নৈশ নিস্তব্ধতা ভঙ্গ কৰি, আকৌ পিচৰ মুহূৰ্ত্ততে কামিনী-কণ্ঠৰ কোমল কবিতাময় গীত আহি তেওঁৰ কাণত পৰিল —

তুমি কোন নন্দনৰ  পাৰিজাত তুলি
গাঁথিছা কি মালা যতনে?
মোৰ হৃদি-মন্দিৰৰ  পৱিত্ৰ থাপনা
শূন্য ৰ’ল তোমা-বিহনে।

[ ১৭ ]

  তোমাকে বিচাৰি ভ্ৰমিছোঁ ভুবন,
  নিৰ্দ্দয়, তথাপি নিদিয়া দৰ্শন,
মালতীৰ মালা   গঁথাতে শুকাল,
  ৰেণু কাঢ়ি নিলে পৱনে।
  নেদেখোঁতে হিয়া বিৰহে দহিলে,
  নোৱাৰা পলাব এবাৰ ধৰিলে,
শূন্য থাপনাত   থাপি যতনেৰে
  পূজিম জীৱনে-মৰণে।

 দীনবন্ধুৰ বিস্ময়ৰ সীমা নোহোৱা হ’ল! ই যে যেনে তেনে গীত নহয়, তেওঁৰ প্ৰাণৰ কথা! আজি কত দিন তেওঁৰ প্ৰাণৰ মাজত কিবা এটা অভাৱ অনুভৱ কৰি আহিছে, কত দিন কিবা এটা অজ্ঞাত বস্তুৰ চিন্তাত আকুল হৈছে, কিন্তু যিমানেই ভাবিছে, যিমানেই বুজিবলৈ চেষ্টা কৰিছে, তেওঁ বুজিব পৰা নাই সেই অভাৱটো নো কিহৰ! সি যেন কিবা এটা অতি সুন্দৰ, অতি মধুৰ, অতি প্ৰাণস্পৰ্শী! একো একোবাৰ ছোওঁ ছোওঁ হয়, ছুব নোৱাৰে, ধৰোঁ ধৰোঁ হয়, ধৰিব নোৱাৰে; যেন ৰিণিকি ৰিণিকি চকুত পৰে, অথচ নেদেখে! যেন কৰবাত তাৰ কিবা এটা সুৰ বাজি উঠে, কাণ পাতি থৰ হৈ থাকে, কিন্তু একো নুশুনে। তেওঁ বহুতো অনুসন্ধান কৰিছে, কিন্তু ক’তো তেওঁৰ আকাঙ্ক্ষাৰ অজ্ঞাত বস্তু বিচাৰি পোৱা নাই। আজি এই গীত শুনি তেওঁৰ সেই অতীতৰ ভাবৰ ঢৌবোৰে নানা ভঙ্গীৰে তেওঁৰ অন্তৰ ওপচাই পেলালে, তাত এক বিশাল হেন্দোলনি উঠিল, তেওঁ সদায় উপভোগ কৰি অহা স্বভাৱ চিত্ৰৰ মাজেদি তেওঁৰ ঈপ্সিত অজ্ঞাত পদাৰ্থৰ কিবা এটা আলোক-ৰেখা নাচি নাচি উৰি গ’ল; কিন্তু তেওঁ বুজিব নোৱাৰিলে সি কি! আকাশৰ তৰাই ইঙ্গিতেৰে কিবা এটা দেখুৱাই দিলে, ফুলনিৰ ফুলে মূৰ দুপিয়াই সমৰ্থন কৰিলে, তেওঁৰ [ ১৮ ] হৃদয় আনন্দত আপ্লুত হ’ল, কিবা এক অবৰ্ণনীয় পুলকত গোটেই শৰীৰ কঁপি উঠিল। কিন্তু আকৌ সেই লোকালোক! তেওঁতো নুবুজিলে তেওঁক কি লাগে! আৰু আচৰিত এই গায়িকাই তেওঁৰ মনৰ কথা ঢুকি পালে কেনেকৈ? নহলে কেৱোঁ সেই একে অভাৱকেই অনুভৱ কৰিছেনেকি? যদি সেয়ে হয়, তেন্তে নিশ্চয় দীনবন্ধুৰ লগত তেওঁৰ মনৰ মিল আছে। আজি ইমান দিনে দীনবন্ধুৱে তেওঁৰ লগত মনে মনে মিলা কাকো পোৱা নাই; এই গায়িকা তেওঁৰ সেই অভাৱ পূৰ্ণ কৰিবলৈকে আহিছেনেকি? যি হওক, ইমান ওচৰত আছে যেতিয়া সোনকালে সকলো তত্ত্ব পোৱা যাব বুলি তেওঁ নিজৰ মনক প্ৰবোধ দিলে।

 দীনবন্ধুৱে এনেকৈ ভাবি থাকোতেই গঙ্গাই মাত লগালে; “দেউতা খাবৰ হ’ল, আহক।”

 দীনবন্ধু বহাৰ পৰা উঠি ভাত খাবলৈ সোমাল।

[ ১৯ ]

তৃতীয় অধ্যায়

দীনবন্ধুৰ স্বপ্ন

 দীনবন্ধুৰ ঘৰটো চহৰৰ এচুকত। ঘৰটোৰ পাচফালে এটা পুখুৰী, সম্মুখত এডোখৰ মুকলি পথাৰ। পথাৰৰ সিফালে এটা বাট আৰু তাৰ সিফালে এটা ভাল ঘৰ অলপ দিনৰ আগতে সজা হৈছে। ওচৰত কোনো আমোলা-বিষয়াৰ ঘৰ নাই। ইফালে সিফালে জনচেৰেক চহা মানুহ থাকে।

 দীনবন্ধুৰ ঘৰটো চাৰিচলীয়া আৰু সম্মুখৰ ফালে আগ বঢ়াই টুপ লগোৱা। এই টুপৰে সৈতে ঘৰটোত চাৰিটা খোটালি। এটাত দীনবন্ধু শোৱে, এটাত লিখা পঢ়া কৰে, আৰু এটাত গঙ্গাৰাম থাকে; টুপটোৱে চ’ৰা ঘৰৰ কাম কৰে। থকা ঘৰটোৰ পৰা অলপ আঁতৰতে ৰান্ধনী ঘৰ, মাজত মাত্ৰ এখন চোতল। বৰ ঘৰটোৰ পৰা কুৰি হাত আঁতৰত এটা দীঘল ঘৰ; তাত তেওঁ সাহায্য কৰি পঢ়োৱা ছাত্ৰ কেইজনমান থাকে। তাৰ বিপৰীত ফালে এটা সৰু ঘৰত তেওঁৰ গাই দুজনী থাকে। থকা ঘৰটোৰ সন্মুখত এখন সাধাৰণ ফুলনি আছে।

 ঘৰটোৰ আটাইকেউটা খোটালিৰ ভিতৰত চকুত-লগাকৈ সজোৱা হৈছে পাঠাগাৰটো; তাত চাৰিওফালে পৃথিবীৰ ডাঙৰ ডাঙৰ মনীষী সকলৰ ছবি আৰু বহুত সুন্দৰ সুন্দৰ পৰ্ব্বত, হ্ৰদ আদিৰ স্বাভাৱিক চিত্ৰ; কৃত্ৰিম লতা ফুল আদিয়ে ঠায়ে ঠায়ে প্ৰাকৃতিক দৃশ্যৰ অভিনয় দেখুৱাইছে। চিত্ৰবিলাকৰ সোঁমাজতে এখন কবিতাময় পট; এইখন তেওঁ নিজ হাতেৰে অঁকা। চিত্ৰখনত এজোপা লতা অঁকা হৈছে, লতাডালত কেইবাটাও ফুল। প্ৰথম দৃষ্টিত যদিও তাত এজোপা [ ২০ ] ফুলেৰে জকমকীয়া লতা মাথোন দেখা যায়, তথাপি ভালকৈ চালে, প্ৰত্যেকটা ফুলৰ সলনিত একোটা আখৰেৰে লিখা শব্দ ওলাই পৰে। সেই কেইটা শব্দ হৈছে — সত্যং শিৱং, অদ্বৈতং, পৱিত্ৰতা, প্ৰেম, আনন্দ আৰু শান্তি। তাৰ উপৰিও গোটেই লতাডালৰ আকৃতি হয় “ওঁ”। এই প্ৰণৱ চিত্ৰখন আনে ভাল পাওক বা নাপাওক, দীনবন্ধুৰ হলে বৰ আদৰৰ; আন কি সেই চিত্ৰৰ যে চিত্ৰকৰ হ’ব পাৰিছে, সেই বাবে গৰ্ব্বও অনুভব কৰে। খোটালিটোত আলমাৰী কেইবাটাও, আটাইকেইটা দৰ্শন, বিজ্ঞান, বুৰঞ্জী, পুৰাতত্ত্ব, সমাজতত্ত্ব, আদি বিভিন্ন ভাষাৰ গ্ৰন্থ আৰু সংস্কৃত কাব্য, নাটক, বেদ স্মৃতি, উপনিষদ, মহাভাৰত, ৰামায়ণ আদি গ্ৰন্থেৰে ভৰা। সঙ্গীত আৰু চিত্ৰবিষয়ক পুথিও খনচেৰেক আছে। এখন মেজত ইংৰাজী, সংস্কৃত আৰু অসমীয়া অভিধান আৰু লিখাৰ সঁজুলি সজাই থোৱা হৈছে। দুটা “ফুলদানিৰ” পৰা সদায় নতুন ফুলৰ গোন্ধ মলমলাই থাকে। দীনবন্ধুৱে আজৰি পোৱা সময়ৰ সৰহখিনি ইয়াতে কটায়। চ’ৰা খোটালিতো খনচেৰেক ছবি আছে, সেই কেইখন হৈছে, দেশৰ আৰু দহজনৰ নিমিত্তে জীৱন উচৰ্গা কৰোঁতা কেইজনমান অমৰ মহাত্মাৰ চিত্ৰ। তাৰ উপৰিও প্ৰাকৃতিক দৃশ্যৰ প্ৰতিকৃতি কেইখনমানো দেখা যায়, তাৰ ভিতৰত তেওঁৰ স্বহস্ত-অঙ্কিত সূৰ্য্যাস্তনামক চিত্ৰখনি অতি মনোৰম। খোটালিটোৰ মাজতে এখন মেজ আৰু তাৰ বুকত খনচেৰেক বাতৰিকাকত সদায় থাকে। অভ্যাগতক অভ্যৰ্থনা কৰিবলৈ পাঁচ কি ছখনমান চকি আৰু এখন খাটো ইয়াত ৰখা হৈছে।

 দীনবন্ধুৰ বৰণ একেবাৰেই বগা নহয়, কিছু শাওঁ বৰণীয়া, দীঘলে জোখতে, গাটো বিশেষ শকত নহলেও ক্ষীণো নহয়। মুখতো সদায় এটা গাম্ভীৰ্য্যৰ চিত্ৰ পৰিস্ফুট। মূৰৰ চুলি দীঘল আৰু কেঁকোৰা-কেঁকুৰি, তাৰ সৌন্দৰ্য্যই তেওঁৰ অবয়ব বেচি শুৱনি কৰি তুলিছিল। [ ২১ ]  সাজ-পাৰত দীনবন্ধুৰ কোনো ধুন-পেঁচ নাই। সাধাৰণতঃ এখন ধুতী, এটা কামিজ বা পাঞ্জাবী, এখন চেলেং কাপোৰ আৰু এযোৰ চটি জোতা হলেই তেওঁৰ সাজ-পাৰ সম্পূৰ্ণ হয়। জাৰকালি তাৰ লগতে এটা কোট আৰু এখন এৰীয়া কাপোৰ লগ লাগে।

 দীনবন্ধুৰ লগত অকল গঙ্গাৰাম থাকে, সিয়েই তেওঁৰ লগুৱা, ৰান্ধনি — সকলো। সি এতিয়া দীনবন্ধুৰ ঘৰকেই তাৰ নিজা ঘৰ বুলি ভাবে, দীনবন্ধুৱেও তাক যথেষ্ট আদৰ আৰু সম্পূৰ্ণ বিশ্বাস কৰে। আন কি, খৰচ-পাতিৰ হিচাপো গঙ্গাকেই ৰাখিবলৈ দিয়ে। ইমানতো গঙ্গাৰ আগেয়ে এটা লগুৱাও দীনবন্ধুৰ লগত বেচি দিন টিকিব নোৱাঁৰিছিল। তাৰ কাৰণ ঘাইকৈ দুটা; প্ৰথম — তেওঁ মিছা কথা সমূলি সহিব নোৱাৰে, দ্বিতীয় যেই সেই কাম নিৰ্দ্দিষ্ট সময়ত নহলে তেওঁৰ ধৈৰ্য্য হেৰায়। লগুৱাৰ গাত এই দুটা দোষ দেখিলে প্ৰথম দিনা তেওঁ গালি-শপনি একো নাপাৰি বা কোনো প্ৰকাৰৰ শাস্তি নিদি অতি সংযতভাবে উপদেশ দিয়ে। আকৌ দ্বিতীয় দিনা সেই একে দোষেই ঘটিলে তেওঁ একোকে নকয়, মাত্ৰ প্ৰাপ্য দৰমহাখিনি দি তেনে লগুৱাক বিদায় দিয়ে। এবাৰ যা বুলি ক’লে তাৰ হাজাৰ কান্দোন-কাটোন কাবৌ-কোকালিয়েও একো গুণ দিব নোৱাৰে। তেনে সময়ত যদিও তেওঁ মুখেৰে একো নকয়, তথাপি তেওঁৰ চকুলৈ চালেই যাৰে তাৰে হৃৎকম্প হয়। দীনবন্ধুৰ দৰে কোমল প্ৰকৃতিৰ মানুহৰ এনে কঠোৰতা বহুতৰ মতে আচৰিত কথা। সেই দেখি মানুহে কয় বোলে “কবি মানুহৰ ধাতু বুজা টান।” গঙ্গাৰামে কিন্তু তেওঁৰ ধাতু বুজি লৈছে, সেইহে তেওঁৰ ইমান আদৰ সাদৰ লাভ কৰিছে।

 দীনবন্ধুৰ সংসাৰখন দেখাত ক্ষুদ্ৰ হলেও তেওঁৰ কাম নিতান্ত অলপীয়া নহয়। তেওঁ জীৱিকাৰ নিমিত্তে খেতি-বাতি কৰে, দুখীয়া গাৱঁলীয়া লৰাৰ নিমিত্তে ৰাইজৰ সাহায্য লৈ কেইবাখনো নৈশ বিদ্যালয় চলায় [ ২২ ] আৰু অন্যান্য শিক্ষক নিযুক্ত কৰাৰ উপৰিও নিজে প্ৰত্যেক স্কুলতে সপ্তাহত এদিনকৈ শিক্ষা দিয়ে। মাউৰৰ বা আকালৰ সময়ত দুখীয়াৰ সাহায্য আৰু আশ্ৰয়ৰ নিমিত্তে এটি সেৱাশ্ৰমো তেওঁৰ যত্নতেই চলে। তেওঁৰ আশ্ৰয়ত থাকি পঢ়া লৰাকেইটাৰ পঢ়া-শুনা আদিতো চকু দিব লাগে। ইয়াৰ উপৰিও স্থানীয় ধৰ্ম্ম-সভা আৰু সাহিত্যসভাৰো তেৱেঁই সম্পাদক। নিজৰ দৰিদ্ৰ অৱস্থাৰ লগত যুঁজি ইমানখিনি কাম যথাৱতে সমাধা কৰাৰ পিচত যি অলপ সময় আজৰি উলিয়াব পাৰে, তাক তেওঁ সাহিত্য চৰ্চ্চাত কটায়। তেওঁৰ কবিতা, তেওঁৰ প্ৰৱন্ধ — সকলো ৰাইজৰ আদৰণীয়। দেশ আৰু সমাজৰ সৰ্ব্বতোভাবে মঙ্গল সাধনেই তেওঁৰ ৰচনাৰ উদ্দেশ্য, আৰু তাত তেওঁ আংশিক সফলতা লাভ কৰা নাই বুলিও ক’ব নোৱাৰি।

 দীনবন্ধুৰ বন্ধু-বান্ধৱ চহা মানুহৰ ভিতৰত। নগৰীয়া মানুহৰ ভিতৰত যদিও তেওঁৰ লগৰীয়াৰ সংখ্যা কম নহয়, তথাপি তেওঁ প্ৰায় কাকো বন্ধুৰ আসন দিয়া নাই। অৱশ্যে প্ৰকৃত বন্ধু বুলিলে তেওঁ যি বুজে, তেনে বন্ধু নাই বুলিলেও অত্যুক্তি হয়। সেই দেখিয়েই তেওঁ তেওঁৰ উদ্দেশ্যৰ কথা সিদ্ধিলাভৰ আগতে প্ৰায় কাকো জানিবলৈ নিদিয়ে, একমাত্ৰ উমাকান্তইহে কেতিয়াবা কেতিয়াবা তেওঁৰ মনৰ কথা দুই এটা গম পায়। আনবোৰৰ লগত তেওঁ অৱস্থা বুজি ব্যৱস্থা কৰে। তেওঁলোকে কেতিয়াবা সামাজিক, ৰাজনৈতিক, আধ্যাত্মিক নাইবা দাৰ্শনিক আলোচনা কৰিলে তেওঁ তাত মুকলি মনেৰে যোগ দিয়ে। কিন্তু তেওঁলোকে তেনে আলোচনা কেতিয়াবাহে কৰে। সাধাৰণতঃ তেওঁলোকৰ আলোচ্য বিষয় পৰৰ স্ত্ৰী-কন্যাৰ ৰূপ-যৌৱন, আনুমানিক স্বভাৱ-চৰিত্ৰ আৰু পৰ-নিন্দা। ডেকা কালত তেনে আলোচনা হেনো বহুতে ভাল পায়, কিন্তু আঠাইশ বছৰীয়া দীনবন্ধু সেই দলৰ বাজ। তেওঁ তেনে আলোচনাত যোগ দিয়া বা আনন্দ [ ২৩ ] পোৱা দূৰৰ কথা, কোনোবাই তেনে কথাৰ অৱতাৰণা কৰিলেও দল এৰি পলায়। লগৰীয়াবোৰে কয় :— “দীনবন্ধু কবি হৈও নীৰস।”

 সেই দিনা খাই-বই উঠি দীনবন্ধু পাটীত পৰিল, কিন্তু বহুত ৰাতিলৈকে তেওঁৰ টোপনি নাহিল; কল্পনাত এনেকৈ গা এৰি দিলে যে তেওঁ নিজেই বুজিব নোৱৰা হ’ল — তেওঁ দেখিলে — সন্মুখত নীলাকাশ, তেওঁ আজিলৈকে যিবোৰ সুন্দৰ বস্তু দেখিছিল, সেই সকলোবোৰৰ পৰা সৌন্দৰ্য্যৰ ফিৰিঙটি উফৰি সেই মহা নীলাকাশৰ ফালে ধাৱমান হ’ল; চাওঁতে চাওঁতেই আকাশ-পৃথিবী, জল-স্থল, গছ-লতা, ফুল-ফল — সকলোৰে সৌন্দৰ্য্য এক হৈ সজীৱতা লাভ কৰিলে; চাওঁতে চাওঁতেই সেই সৌন্দৰ্য্য-ৰাশি এক নাৰী-মূৰ্ত্তিত পৰিণত হ’ল। সেই দৃশ্যৰ পৰা তেওঁ চকু ঘূৰাব নোৱৰা হ’ল। চাওঁতে চাওঁতেই সেই মহা নীলাকাশ তৰঙ্গিত কৰি সুমধুৰ সঙ্গীত উঠিল; তাৰ ছত্ৰে ছত্ৰে অমিয়া-বিন্দু, তালে তালে ললিত ঝঙ্কাৰ। দীনবন্ধুৰ ধৈৰ্য্য হেৰাল, অজ্ঞাতসাৰেই মুখৰ পৰা গীতৰ প্ৰতিধ্বনি ওলালঃ⸺ “শূন্য থাপনাত থাপি আদৰেৰে পূজিম জীৱনে মৰণে।”

 এই চিত্তোম্মাদকাৰী সৌন্দৰ্য্যত মুগ্ধ হৈ থাকোঁতেই দীনবন্ধুৰ টোপনি আহিল।

 ৰাতিপুৱা শোৱাৰ পৰা উঠি চকু-মূৰ মোহাৰি দীনবন্ধুৱে খিৰিকীখন মেলিলে। এই খিৰিকীৰ পৰা সম্মুখৰ ঘৰটোৰ বাৰাণ্ডা স্পষ্টকৈ দেখা যায়। দীনবন্ধুৱে বাহিৰলৈ চকু দিয়েই বাৰাণ্ডাত এজনী সুন্দৰী যুৱতী দেখিবলৈ পালে, লগে লগে ৰাতিৰ গেটেইখিনি কথা তেওঁৰ মনত পৰিল। তেওঁ অলপ সময় যুৱতীলৈ চাই থাকিল, যুৱতীয়েও তেওঁক দেখা পালে, কিন্তু আনৰ দৰে নপলাল। দীনবন্ধু ধীৰে ধীৰে আঁতৰি আহিল, নিশাৰ দৰে তেতিয়াও যেন তেওঁৰ কাণত পৰিছিলঃ⸺

 “শূন্য থাপনাত থাপি আদৰেৰে পূজিম জীৱনে মৰণে।” [ ২৪ ]

চতুৰ্থ অধ্যায়

পানীৰামৰ পৰিয়াল

 এই আখ্যায়িকাত যি সময়ৰ কথা কোৱা হৈছে, তাৰ প্ৰায় আঢ়ৈ কুৰিমান বছৰৰ আগতে ফেদুৱা নামেৰে এটা মানুহ আহি ওপৰত কোৱা চহৰৰ দাঁতিত এটা পঁজাত ঘৈণীয়েকৰে সৈতে বাস কৰিছিল আৰু চিপাহী কাম কৰি পেট প্ৰবৰ্ত্তাইছিল। এওঁৰ ঘৰ আগেয়ে মঙ্গলদৈ অঞ্চলৰ কোনোবা ঠাইত আছিল আৰু এওঁ সৰুৰে পৰা এজন বামুণৰ ঘৰত হালোৱা থাকি পেট পুহিছিল। দুৰ্ভাগ্যবশতঃ প্ৰায় তিনি কুৰিমান বছৰ বয়সত বামুণৰ পত্নী বিয়োগ হয় আৰু এহেজাৰমান টকা খৰচ কৰি, তেওঁ দ্বিতীয়বাৰ পত্নী গ্ৰহণ কৰে। যথা সময়ত শান্তি কৰাই বামুণীক ঘৰলৈ অনা হ’ল; কিন্তু বামুণ-বামুণীৰ খৰিয়াল এদিনলৈকো নাভাগিল। এনেকৈয়ে এবছৰমান যোৱাৰ পিচত এদিনাখন ৰাতি বামুণী আৰু হালোৱা দুয়ো বামুণৰ ঘৰৰ পৰা অদৃশ্য হ’ল। বামুণে বহুত দিন বিচাৰিলে; কিন্তু কাকো ধৰা পেলাব নোৱাৰিলে।

 ফেদুৱাই বামুণীক লৈ আজি অ’ত, কালি ত’ত কৈ নানা ঠাইত ঘূৰি তিনি বছৰ কটালে; শেহত বামুণ মৰিল বুলি শুনি প্ৰকাশ্য ভাবেই বামুণীক ৰাখি ওপৰত কৈ অহাৰ দৰে থাকিবলৈ আৰু জীৱিকা উলিয়াবলৈ ধৰিলে। এনেকৈ থাকোঁতেই ফেদুৱাক দুটি বংশধৰৰ মুখ দেখুৱালে; বৰটো মাটিৰাম আৰু সৰুটো পানীৰাম। কিন্তু লৰাকেইটাক বুজন কৰিবলৈ ফেদুৱাই বাট চাব নোৱাৰিলে, চিত্ৰগুপ্তৰ বহিত তেওঁৰ হিচাপ শেষ হ’ল। ফেদুৱাৰ মৃত্যুৰ পিচত বামুণীয়ে এটা এটাকৈ কেইবাটাও চিপাহী ৰাখিলে; কিন্তু এটাৰ পৰাও বামুণীৰ উদ্দেশ্য সিদ্ধি নহ’ল। শেহত ভিক্ষাবৃত্তি অৱলম্বন কৰি লৰাকেইটাক কিছু বুজন কৰি তুলিলে। [ ২৫ ]  মাটিৰাম পানীৰামতকৈ চাৰি বছৰৰ ডাঙৰ। পানীৰামৰ বয়স সাত বছৰ হলত মাকে তাক এখন দুখীয়া স্কুলত ভৰ্ত্তি কৰি দিলে আৰু ককায়েকক এজন ভাল মানুহৰ ঘৰত খাই-বৈ দুটকা দৰমহাৰ বন্দৱস্তত লগুৱা কৰি দিলে। বামুণীয়ে খুজি মাগি যি পায় তাৰ লগতে মাটিৰামৰ দুটকা যোগ দি কোনোমতে খোৱাৰ আৰু পানীৰামৰ কাকত-মহী আদিৰ খৰচ চলায়। এই দৰেই বাৰ বছৰ বয়সত পানীৰাম নিম্ন-প্ৰাইমাৰী পৰীক্ষাত উত্তীৰ্ণ হ’ল।

 মাটিৰাম যাৰ ঘৰত আছিল, তেওঁৰ দুটা লৰাই তেতিয়া ইংৰাজী পঢ়িছিল। তাকে দেখি মাটিৰামেও ভায়েকক কেনেকৈ ইংৰাজী পঢ়াব তাৰ বিষয়ে সদায় ভাবিছিল। ভায়েক পৰীক্ষাত উঠা শুনি মাটিৰামৰ আনন্দৰ পাৰ নোহোৱা হ’ল, আৰু যেনে তেনে পঢ়াবই লাগিব বুলি ইংৰাজী স্কুলত ভৰ্ত্তি কৰি দিলে। কিন্তু আগৰ ঠাইতে থাকি ভায়েকৰ খৰচ যোগোৱা মাটিৰামৰ পক্ষে অসম্ভৱ হ’ল; সেই কাৰণে তেওঁ সেই কাম এৰি এজন বামুণৰ হালোৱা সোমাই খেতি কৰিবলৈ ধৰিলে, বন্দৱস্ত হ’ল — মাটিৰামে বামুণৰ পৰা কোনো দৰমহা নলয়? কিন্তু উৎপন্নৰ একতৃতীয়াংশ পাব। সেই মতেই খেতি কৰি আৰু লগতে অলপ অলপকৈ হাবি মাটি ভাঙি সুকীয়া খেতিতো হাত দি মাটিৰামে ঘৰ চলাবলৈ আৰু ভায়েকক পঢ়াবলৈ ধৰিলে। এনেকৈয়ে নানা কষ্টৰ মাজেদি পানীৰামে ইংৰাজী স্কুলৰ তৃতীয় শ্ৰেণীলৈকে পঢ়িলে। এনেতে মাকৰ মৃত্যু হ’ল। মাটিৰামে আন উপায় নেদেখি ভায়েকক স্কুলৰ পৰা এৰুৱাই বহুতৰ হাতে ভৰিয়ে ধৰি কোনোমতে কাছাৰীত নকল-নবীচ কৰি দিলে। সেই সময়ত জাকে জাকে এম, এ,; বি, এ, পাচ কৰা মানুহ নাছিল, কৰবাতহে দুই এজন প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ মানুহ পোৱা গৈছিল। এইবোৰ কাৰণত পানীৰামৰ পক্ষে এটা নিগাজী কাম পোৱাও টান নহ’ল; কেইবছৰমানৰ পিচতে তেওঁ দেৱানীৰ পেস্কাৰ হৈ বহিল। [ ২৬ ] পেস্কাৰ হলে যে ধন নানা প্ৰকাৰে আহে — অকল ধন নহয়, চাউল, মাহ, তামোল-পাণ, কল-কুঁহিয়াৰ আদিৰো যে অভাৱ গুচে, সেইটো গোচৰত ফুৰা মানুহৰ মুখে শুনা যায়। পানীৰামেও সেইটো উপায় ভালকৈ কামত খটাই নিজৰ অৱস্থা বিশেষ টনকিয়াল কৰি লৈছিল। এই ধনাগমৰ সময়ত সদায় তেওঁৰ মনত খেলাইছিল যে ককায়েকৰে সৈতে বেলেগ নহলে, তেওঁকো ইয়াৰ ভাগ দিব লাগিব; সেই কাৰণে সোনকালে বেলেগ হোৱা নিতান্ত কৰ্ত্তব্য। ইয়াকে ভাবি এদিন মানুহ গোটাই বাপতী-কলিয়া যি কাঁহী-বাটি দুডোখৰ আছিল তাক ভাগ কৰি ললে। ভায়েকৰ ব্যৱহাৰত মাটিৰামে মানুহৰ মাজতে হুক্‌হুক্ কৰে কান্দিবলৈ ধৰিলে। বহুত সময়ৰ পিচত অলপ স্থিৰ হৈ ক’লে, — “পানীৰাম, মোক একো নালাগে, যদি ঈশ্বৰে মোক খাবলৈ দিয়ে খাম, নহলেও তেওঁৰ যি ইচ্ছা সেয়ে হ’ব। তই এতিয়া ডাঙৰ মানুহ, মোৰ লগত থাকিলে তোৰ মান কমিব। তই পেস্কাৰ, আৰু মই হালোৱা। সেই কাৰণে তোৰ অপমানৰ কাৰণ হৈ তোৰ ওচৰত নাথাকোঁ। ধৰি লবি মাটিৰাম বুলি কোনো নাছিল; সি তোৰ ককায়েৰ নহয়, তোক পঢ়াবৰ নিমিত্তে, — তোক ডাঙৰ মানুহ পাতিবৰ নিমিত্তে সি হাড়ক মাটি, তেজক পানী কৰি নাঙঠা কালৰে পৰা খটা নাছিল; সি মৰিল। মই এতিয়া ওলালোঁ; ঈশ্বৰে তোক কুশলে ৰাখক।” এইদৰে কৈ এটা দীঘল হুমুনিয়াহেৰে চকু-লো বোৱাই মাটিৰাম তাৰপৰা আঁতৰ হ’ল আৰু পতিত মাটি ভাঙি খেতি কৰি পেট প্ৰবৰ্ত্তাই থাকিবলৈ ধৰিলে।

 ককায়েকক বেলেগাই দিয়াৰ পিচত পানীৰামে আগেয়ে থকা ঠাইৰ ওচৰতে এডেখৰ মাটি কিনি ভালকৈ ঘৰ দুৱাৰ সজালে। অলপ দিনৰ ভিতৰতে দুজনী গৃহিণীও সংগৃহীত হ’ল। এই দুজনী তিৰুতা হাত কৰিবলৈ পানীৰামে নিতান্ত কম পৰিশ্ৰম কৰিব লগা হোৱা নাছিল, [ ২৭ ] পৈতৃক বুৰঞ্জীয়েই এই আহুকালৰ গুৰি। পানীৰামৰ লগত এই কোমলাঙ্গী দুজনাৰ মিলন, তেওঁলোকৰ পূৰ্ব্ব কাহিনী আৰু বৰ্ত্তমান সংসাৰযাত্ৰাৰ বিবৰণ ইমান বহুল, এনে ৰহস্য-বিজড়িত যে তাৰ বৰ্ণনা দিবলৈ এখন ডাঙৰ গ্ৰন্থ লিখাৰ প্ৰয়োজন, অথচ সুসভ্য পাঠকসকলে ব্ৰীড়া অনুভৱ নকৰাকৈ তাক পাঠ কৰিবও নোৱাৰিব। সেই কাৰণে পানীৰামৰ ঘৰুৱা জীৱনৰ এইছোৱা কাহিনী বাদ দি ইয়াকে কলেই হব যে কালক্ৰমত বৰ ঘৈণীয়ে এটি পুত্ৰ, দুটি কন্যা, আৰু সৰু ঘৈণীয়ে এটি কন্যাৰে সৈতে পানীৰামৰ ঘৰ উজ্জ্বল কৰিলে। বৰ ঘৈণীৰ লৰাটোৰ নাম লক্ষ্মীকান্ত আৰু ছোৱালীকেইজনীৰ নাম ক্ৰমান্বয়ে উৰ্ব্বশী আৰু কুসুমকুমাৰী, সৰু ঘৈণীৰ ছোৱালীটীৰ নাম ৰম্ভা। কি মিল ৰাখি এই নামকেইটা ৰখা হৈছিল তাক পানীৰামেই হে জানে।

 পেস্কাৰ কামত থাকি পানীৰামে বহুত ধন ৰাহি কৰিলে। তেওঁ ইমান কৃপণ আছিল যে অৱস্থা ভাল কৰিও খোৱা-বোৱা আদি ঠিক সৰু কালৰ ভিকহু অৱস্থাত চলোৱাৰ দৰেই চলাইছিল। এনেকৈ ধন ৰাহি কৰি অলপ দিনতে তেওঁ তিনটা ভাল টিনৰ ঘৰ সজালে আৰু এখন ডাঙৰ পাম লৈ তাত খেতি-বাতি কৰাবলৈ ধৰিলে। এই পামখন লোৱাৰ পিচতে সৰু ঘৈণী ঘৰৰপৰা বেলেগ হৈ গৈ পামত বহিল। তেতিয়াৰে পৰা তেওঁ পানীৰামৰ ঘৰত ভৰি দিয়া নাই; কিন্তু পানীৰাম মাজে মাজে গৈ দুই এদিন তেওঁৰ তাত থাকি আহে। পামত থকা কালত তেওঁৰ দুটি পুত্ৰ জন্মিছিল।

 পানীৰামে লক্ষ্মীকান্তক স্কুলত পঢ়াই এন্ট্ৰেন্স পাচ কৰালে, আৰু কাছাৰীৰ কাম এটাত সুমুৱাই দিলে। অলপ দিন হৈছে বোৱাৰীও ঘৰ সুমুৱাইছে। ছোৱালীকেইজনীৰ ভিতৰৰ ৰম্ভাক মাথোন পঢ়োৱা হৈছিল। তেতিয়া ওচৰত অসমীয়া বালিকাস্কুল নাছিল, কিন্তু ৰম্ভা এনে ধুনীয়া ছোৱালী আছিল যে ভালকৈ লিখা-পঢ়া শিকাব পাৰিলে [ ২৮ ] কোনোবা ব্ৰাহ্ম ডাঙৰ মানুহক বিয়া দিব পাৰিব বুলি পানীৰামে পেটে পেটে আশা ৰাখিছিল। সেই দেখিয়েই ৰম্ভাক বঙালী বালিকা-স্কুলতে পঢ়াই ছাত্ৰবৃত্তি পৰীক্ষা দিয়ালে। এতিয়া ৰম্ভা ঘৰতে আছে, পানীৰামে জীয়েকক সকলোপিনে সুশিক্ষিতা কৰিবৰ নিমিত্তে সম্প্ৰতি দুজন ঘৰুৱা শিক্ষক নিযুক্ত কৰি দিছে। এজনে চিত্ৰ আৰু গান-বাদ্য আৰু ইজনে ইংৰাজী শিকাবলৈ গাত লৈছে। শিক্ষক কেইজনক কোনো দৰমহা দিব নালাগে, পানীৰামৰ মুখত শুনা যায় তেওঁলোক পৰোপকাৰী মানুহ, সেই দেখি এনেয়ে শিকাব খুজিছে।

 উৰ্ব্বশী আৰু কুসুমকুমাৰীৰ কি হ’ল, তাকো ইমানতে কৈ লেঠা ছিঙি থোৱাই ভাল। পূৰ্ব্বে কোৱা হৈছে যে, পানীৰামৰ এখন পাম আছিল, তাক চলাবৰ নিমিত্তে দুটা হালোৱা ৰখা হৈছিল; ঘটনা-চক্ৰৰ বিষম ঠেলাত পৰি তাৰে এটাৰ লগত উৰ্ব্বশীৰ বিয়া দিবলৈ পানীৰাম বাধ্য হয়। দ্বিতীয়টো হালোৱায়ো নিয়মমতে দৰমহা নলৈ পানীৰামৰ হাততে জমা ৰাখিছিল; শেহত পাঁচ বছৰৰ মূৰত ঘৰলৈ যাবৰ ইচ্ছা কৰি পানীৰামক টকা সাধিলে। পানীৰামে দেখিলে তাক দৰমহা দিব লাগিলে একেবাৰেই তিনি শ টকা দিয়াত পৰিব; কিন্তু ইমান টকা তেওঁৰ এছোৱা কটা গলেও তেওঁ দিব নোৱাৰে। তেওঁ হালোৱাক নানা প্ৰকাৰ ফাঁকি দিবলৈ ধৰিলে। হালোৱাই কোনো টকা উলিয়াব নোৱাৰি আদালতৰ আশ্ৰয় ললে; টকা ডিক্ৰী হ’ল। পানীৰামে আন উপায় নেদেখি হালোৱাটোক বৰাই-বুজাই আনি কুসুমকুমাৰীক দি জোঁৱাই পাতিলে। ইয়াৰ দ্বাৰা তেওঁৰ তিনটা কাম হ’ল, যেনে :— প্ৰথম ধনখিনি ৰ’ল, দ্বিতীয় জোঁৱাই লাভ হ’ল, তৃতীয় বিনা দৰমহাতে ভৱিষ্যতলৈকো এটা হালোৱা মিলিল। সেই বাবে তেওঁ ঈশ্বৰক ধন্যবাদ দিলে।

 এইবোৰ ঘটনাৰ কিছুদিনৰ পিচত পানীৰামৰ বৰ ঘৈণী ঢুকায় [ ২৯ ] আৰু তাৰ মাহচেৰেকৰ পিচতে তেৱোঁ পেন্সন লয়। আজি কালি তেওঁ প্ৰায়ে পামত থাকে, কেতিয়াবাহে দুই এদিন ঘাই ঘৰত থাকেহি।

 পাঠক! এই এডৰা পাতনিৰ পিচত বোধকৰোঁ আমাৰ ৰম্ভা আইদেউৰ লগত আপোনাক চিনাকি কৰি দিলে বেয়া নাপায়। ৰম্ভা শিক্ষিতা, ৰম্ভা যুৱতী আৰু ৰম্ভা স্বাধীনা ৰমণী। সেই দেখিয়েই যাৰে তাৰে লগত দেখা কৰিবলৈ, নাইবা কথা পাতিবলৈ তেওঁৰ আপত্তি নাই; মুঠেই আগন্তুকৰ সাজপাৰ আৰু মুখৰ গঢ় আভঁজা হব নালাগে, বয়সত বুঢ়া হব নালাগে। তাৰ লগতে যদি সেওঁতা-ফলা মূৰত জবাকুসুমৰ গোন্ধ থাকে, যদি উৰ্ম্মালে এচেন্সৰ স্পৰ্শ লাভ কৰে, যদি মুখত মিচিকিয়া হাঁহিয়ে বিৰাজ কৰে, তেনেহলেতো কথাই নাই, সোধ-পোছ নোহোৱাকৈ সোমাই যাব পাৰে। নহলেও বাহিৰৰ পৰা আলেখ লেখ চোৱাততো আৰু বাধা নাই। এতেকে আহক, এবাৰ তেওঁৰ গতি-গোত্ৰকে বুজি আহোঁ।

[ ৩০ ]

পঞ্চম অধ্যায়

ঘৰুৱা শিক্ষক

 পানীৰামৰ তিনটা ভাল ঘৰৰ কথা ওপৰত কৈ অহা হৈছে। এটা বাৰীখনৰ উত্তৰ ফালে পূৱা-পশ্চিমাকৈ সজা। এইটো বৰ ঘৰ, ইয়াতে লগাই উত্তৰা-দক্ষিণাকৈ মাৰল ঘৰটো সজা হৈছে। দক্ষিণ ফালে বাটলৈ মুখ কৰি চ’ৰা ঘৰটো সজা। এই তিনিওটা ঘৰ টিনৰ, আৰু সজাওঁতে খৰচো কমকৈ পৰা নাই। ইয়াৰ ভিতৰত বৰ ঘৰটোত পানীৰাম আৰু ৰম্ভা শোৱে, মাৰলত লক্ষ্মীকান্ত ঘৈণীয়েকৰে সৈতে থাকে। চৰা ঘৰটোৰ এখোটালিত আলহী অতিথি বা আন অভ্যাগত বহে আৰু ইটো খোটালিত ৰম্ভাই লিখা পঢ়া কৰে, চিত্ৰ আঁকে আৰু গান-বাদ্য শিকে। খোটালিটোত এখন মেজ আৰু ওচৰতে দুখন চকি আছে। একাষে এখন চালপীৰা, তাত এখন দলিচা পাৰি থোৱা আছে, দুজনতকৈ বেচি মানুহ হলে, ইয়েই বহা আসনৰো কাম দিয়ে, সম্প্ৰতি তাত এটা হাৰ্ম্মোনিয়ম তুলি থোৱা আছে। মেজৰ ওপৰত এটা ৰঙৰ বাকচ আৰু খনচেৰেক চিত্ৰৰ কাগজ। ওচৰতে এটা সৰু আলমাৰীত খনচেৰেক অসমীয়া, বঙলা আৰু ইংৰাজী কিতাপ। অসমীয়াৰ ভিতৰত খনচেৰেক উপন্যাস, ৰাধাহৰণ, উষাহৰণ, আৰু মনোহৰ কোঁৱৰ। বঙলা কিতাপৰ ভিতৰত খনচেৰেক বটতলাৰ উপন্যাস, পাঁচকড়ি দেৰ দুখনমান ডিটেকটিভ উপন্যাস, বিদ্যাসুন্দৰ আৰু খেমটা সঙ্গীত, প্ৰেমসঙ্গীত আদি সঙ্গীত পুস্তকাৱলী। ইংৰাজী কিতাপৰ ভিতৰত ইংৰাজী প্ৰথম পাঠ মাত্ৰ। খোটালিটোৰ বাৰত কেইবাখনো ছবি আছে; তাৰ ভিতৰত মান-ভঞ্জন, গোপীৰ বস্ত্ৰহৰণ, ৰাসলীলা আৰু কেইখনমান বিলাতী প্ৰেম-চিত্ৰ প্ৰধান। এই [ ৩১ ] চিত্ৰবোৰৰ মাজে মাজে ৰম্ভাৰ নিজৰ চিত্ৰ চাৰিখন আছে। এখনত ৰম্ভা আধা বহা আধা শোৱা অৱস্থাত, গা দেখা পাতল চেমিজৰ ওপৰত দীঘল চুলি-কোছা মেলি দি প্ৰাকৃতিক পৰিচ্ছদৰ সৌন্দৰ্য্য বিস্তাৰ কৰিছে। এখনত হাৰ্ম্মোনিয়ম বজাইছে, এখনত চিত্ৰ আঁকিছে, আৰু এখনত নানাপ্ৰকাৰ ফুলপাতেৰে গাটো সজাই ফুলকুঁৱৰী সাজিছে। এই আটাইকেইখন চিত্ৰ হেনো চিত্ৰ-শিক্ষকজনে বিনামূল্যে তুলি দিছে।

 এই গ’ল চ’ৰা ঘৰৰ কথা। ইয়াৰ বাহিৰেও এটা ৰান্ধনি ঘৰ, এটা গোহালি আৰু দুটা ভঁৰাল ঘৰৰ লেখ দিলেহে পানীৰামৰ আটাইকেইটা ঘৰৰ কথা কোৱা হয়। কিন্তু সেইবোৰত ভালকৈ চকু দিবলৈ আমাৰ সময় নাই; কাৰণ তেনে কৰিবলৈ গলে ইফালে ৰম্ভাৰ লগত সাক্ষাৎ কৰি পাব খোজা আনন্দৰ ভাগ হেৰাব।

 সন্ধ্যা লগাৰ পৰা অলপ সময় অতীত হৈছে মাথোন। বাহিৰত জোনাক। দিনৰ চোকা ৰ’দৰ চোকা উত্তাপৰ পিচত এতিয়া অলপ অলপকৈ জুৰ বতাহ বলিছে। ৰম্ভাই আগত হাৰ্ম্মোনিয়মটো লৈ দলিচাৰ ওপৰত বহি হাতৰ তলুৱাত গালখন আওজাই বাটৰ ফাললৈ চাই আছে আৰু মুখেৰে গুণ-গুণকৈ কিবা গাইছে। এটা উৎকণ্ঠাৰ চিন গোটেই মুখত বিয়পি পৰিছে, যেন কাৰবাৰ আগমনলৈ প্ৰতীক্ষা কৰি হতাশ হৈছে। এনেকৈ কিছু সময় থকাৰ পিচত তেওঁৰ মুখ উৎফুল্ল হৈ উঠিল; কিন্তু আগেয়ে থকা অৱস্থাৰ পৰা অলপো লৰচৰ নকৰিলে। অলপ পিচতেই সঙ্গীতশিক্ষক মহেশচন্দ্ৰ আহি খোটালিটোত সোমাল আৰু ৰম্ভাৰ সেই গঢ় দেখি মিচিকিয়াই হাঁহি গীত ধৰিলে :—

হেৰা কোৱাঁ তুমি কোন।
মুখখনি চাওঁ যদি পূৰ্ণিমাৰে জোন।

[ ৩২ ]

কঁপা বুকু লৰে চৰে;  ঘামৰ টোপাল মুখত পৰে,
 খোপাটি সুলকি নাচে ধৰি কিযে ধুন!
ঘনাই ঘনাই উচাপ খাই  আছা কালৈ বাট চাই?
 তোমাৰ প্ৰাণৰ সঙ্গী বাৰু কোন নো কোৱাঁচোন।

ৰম্ভাই গহীন হৈ মাত লগালে :— “যাওক, ধেমালি ভাল নালাগে।

 মহেশে কিন্তু তাৰ উত্তৰ নিদি গাবলৈ ধৰিলে :—

ভোল গলোঁ তোমাৰ ৰূপত, চাপি আহাঁ সুমাওঁ বুকত,
 এবাৰ মাথোন হাঁহি-মুখে কথা কোৱাঁ সোণ।

 ৰম্ভাই তেতিয়া মুখেৰে একো নামাতি বহাৰ পৰা উঠিল, যেন তাৰ পৰা ওলাই যাব খুজিছে। মহেশে ৰম্ভাৰ হাতত থাপ মাৰি ধৰি কলে, —“আজি ইমান অভিমান কিয়? বিশেষ কাম থকাত ঠিক সময়ত আহিব নোৱাৰিলোঁ —চন্দ্ৰসূৰ্য্যৰো এদিন গ্ৰহণ লাগে, —তাতেই ইমান খং কৰিব লাগে নে?

 ৰম্ভা — খং কৰিবলৈ মোৰ কি অধিকাৰ আছে? আপুনি নাহিলেতো মই বলেৰে আনিব নোৱাৰোঁ।

 মহেশ — মই জানো এতিয়া নহাকৈ আছোঁ?

 ৰম্ভা — এতিয়া অহা নহা একে কথা। এতিয়াতো আৰু গান শিকা নহয়, অলপ পিচতে উকীল পাবহিয়েই।

 মহেশ — তুমি বোধকৰোঁ জানা মই তোমাৰ ওচৰত থকাখিনি সময় স্বৰ্গত থকা যেন পাওঁ, তেনেস্থলত পাৰোঁতেনো বাৰু পলম কৰোঁনে?

 ৰম্ভা — বুজিছোঁ, মোৰ ওচৰলৈ অহাৰ পৰা আপোনাৰ লাভ নহয়, মোৰ পৰা দৰমহা নাপায়; সেই দেখিয়েই অহাত পলম হয়। [ ৩৩ ]  মহেশ — ছিঃ! ছিঃ! আৰু তেনে কথা মুখলৈ নানিবা। তোমাৰ বন্ধুতাৰ ওচৰত টকা! তুমি জানা নে তোমাৰ বন্ধুতাৰ সলনি আৱশ্যক হলে প্ৰাণ পৰ্য্যন্ত দিব পাৰোঁ।

 ৰম্ভা — আপুনি সময়মতে এবাৰ দেখা দিবলৈকে টান পায়, আকৌ প্ৰাণ দিয়ে!

 মহেশ — আজিৰ পৰা আৰু পলম নহয়, হাজাৰ কাম থাকিলেও নহয়।

 ৰম্ভা — মোৰে শপত?

 মহেশ — তোমাৰ শপত মই আজিৰ পৰা কেতিয়াও পলম নকৰোঁ। আহাঁ, এতিয়াও আধা ঘণ্টামান সময় আছে, এটা গত শিকিব পাৰিবা।

 তেতিয়া ৰম্ভাই আৰু আপত্তি নকৰিলে, হাৰ্ম্মোনিয়মটো মাজত লৈ দুয়ো দলিচাৰ ওপৰতে বহিল। মহেশে গত এটা বজালে, ৰম্ভাই চাই থাকিল। তাৰ পিচত ৰম্ভাই বজাবলৈ ধৰিলে, মহেশে চাই থাকি ভুল লাগিলে আঙুলীত ধৰি ধৰি শিকাবলৈ লাগিল।

 মহেশ গ’ল; লগে লগে গকুলচন্দ্ৰ দাস উকীল আহি সোমাল। এওঁ এই জিলাৰ প্ৰবীণ উকীল, গুচৰীয়া পদকীয়া দুয়ো পক্ষৰ ধন খাই ওকালতি কৰাত এওঁৰ প্ৰতিপত্তি আছে। তাৰ উপৰিও এওঁ লোকেল-বোৰ্ড আৰু মিউনিচিপেলিটিৰ কমিশ্যনাৰ। ইয়াৰ বাহিৰেও সন্ধ্যাবেলিক আলি-খাৱৈত এখাৱৈ হৈ থকা বিদ্যাটিৰ বাবে এওঁৰ বিশেষ খ্যাতি আছে। এৱেঁই হৈছে ৰম্ভাৰ ইংৰাজী শিক্ষক।

 মুখৰ পৰা ভেলেকা-ভেলেক গোন্ধ উলিয়াই গকুলচন্দ্ৰ ভিতৰ সোমাল আৰু চকি এখনত বহি উম্মাদ দৃষ্টিৰে ৰম্ভালৈ চাবলৈ ধৰিলে। অলপমান সময় এনেকৈ থকাৰ পিচত ৰম্ভাক কলে, :— “চাওঁ, তুমি কি লিখিছা আনাচোন।” [ ৩৪ ]  ৰম্ভাই “কপি-বুকত” লিখা আখৰ দেখুৱালে, উকীলে বহিখন আগত থৈ আকৌ ৰম্ভাৰ মুখলৈ চাই ভেলেকা লাগিল। ৰম্ভাই উকীলৰ এনে গঢ়-গতি সদায় দেখি আহিছে, গতিকে তাত আচৰিত নামানিলে। উকীলে আপোনা-আপুনি কবলৈ ধৰিলে — “ৰম্ভা আৰু প্ৰভা — কোন বেচি সুন্দৰী? প্ৰভাৰ মুখখন বেচি গঢ়িত; কিন্তু ৰম্ভাৰ চকুত পাক বেচি। প্ৰভাৰ ওঁঠত হাঁহি নাই, ৰম্ভাৰ মুখত আছে। প্ৰভাই মানুহৰ আদৰ ল’ব নাজানে, ৰম্ভাই জানে। ৰম্ভা থাকোঁতে প্ৰভাৰ প্ৰয়োজন কি?”

 ৰম্ভাই যদিও তেওঁৰ শিক্ষকৰ স্বভাৱ জানে, তথাপি এইবোৰ কথাৰ একো তত ধৰিব নোৱাৰিলে; সেই দেখি প্ৰশ্ন কৰিলে, — “আপুনি এইবোৰ কি বলকিছে?”

 উকীল — তুমি কিমান সুন্দৰ তাকে কৈছোঁ।

 ৰম্ভা — কিয়? মই আজি হঠাৎ সুন্দৰী হলোঁনেকি? নে আগেয়ে ঘিণ-লগা আছিলোঁ।

 উকীল — What do you say? তুমি কি কৈছা? By Jove, তুমি আগেয়েও সুন্দৰী আছিলা, এতিয়াও আছা, আগলৈকো থাকিবা। বাৰু ৰম্ভা কোন জানা?

 ৰম্ভা — কিয় মই।

 উকীল — আৰু কোন?

 ৰম্ভা — আৰু কোন নো হ’ব?

 উকীল — কিয় স্বৰ্গৰ অপেচৰা, heavenly nymph — সদায় সুন্দৰী, সদায় যুৱতী, সদায় হাঁহি, সদায় নাচগান। কি মজা! ঠিক তুমি সেই ৰম্ভাই। পৃথিবীলৈ আহিছা কাৰবাৰ তপস্যা ভাঙিবলৈ। That's I, O my darling, thou art mine.

 এনেকৈ কৈয়েই উকীল বহাৰ পৰা উঠি ৰম্ভাৰ গালৈ চাপি গ’ল। [ ৩৫ ] ৰম্ভাই আগেয়ে হাত দুটাত ধৰি ক’লে, :— “যদি আপুনি স্থিৰ হৈ নবহে, তেন্তে মই হলে ওলাই গুচি যাম।”

 “নাযাবা, মই বহোঁ, তুমি নাযাবা” এই বুলি উকীল আকৌ আগৰ আসনতে বহিল আৰু আগৰ দৰেই ৰম্ভালৈ চাই থাকিল!

ৰম্ভাই ক’লে, — “মই এটা কথা বুজা নাই; আপুনি যে প্ৰভা প্ৰভা কৰিছিল তাই নো কোন?”

 উকীল — Damned vagabond ঘৰ-বাৰী নোহোৱা কৰবাৰ খাবলৈ নোপোৱা তিৰুতা এজনী। তাই হেনো ইয়াত বালিকা-স্কুল পাতিবলৈ আহিছে। ইয়ালৈ অহা আজি এসপ্তাহ হৈছে বুলি শুনিছোঁ। এই কেইদিন ঘৰে ঘৰে ঘূৰি ফুৰিছে আৰু বৰঙনি তুলি স্কুল এখন পাতি দিব লাগে বুলি সকলোকে ধৰিছে। আজি মোৰ তালৈকো আহিছিল।

 ৰম্ভা — আপুনি কি ক’লে?

 উকীল — মই কি ক’ম? মই কলোঁ বোলো এতিয়াও ইয়াত তেনে স্কুলৰ আৱশ্যকেই হোৱা নাই।

 ৰম্ভা — পিচে তাই কি কলে?

 উকীল — তাই ক’লে বোলে এখন ৰাজহুৱা সভাকে পাতি দিয়ক, মই নিজে এবাৰ চেষ্টা কৰি চাওঁ।

 ৰম্ভা — পিচে?

 উকীল — মই ক’লোঁ বোলে মোৰ দ্বাৰা একো নহয়। তাৰ লগতে সিবেলি তোমাক এখন স্কুল পাতি দিবলৈ কেনেকৈ যত্ন কৰিছিলোঁ আৰু কৈনেকৈ জাননী দিও মানুহকে গোটাব নোৱাৰিলোঁ, তাকো কলোঁ।

 ৰম্ভা — তাই তেতিয়া কি কলে?

 উকীল — তাই নো আৰু কি ক’ব! কন্দনামুৱা হৈ গুচি গ’ল। ৰম্ভাৰ মুখত হাঁহি বিৰিঙিল; কিন্তু পিচ মুহূৰ্ত্ততে গহীন হৈ কলে, :— [ ৩৬ ] “এটা কথা আপোনাৰ মনত আছে নে — সেইবাৰ কিয় মানুহ গোট নাখালে?”

 উকীল — বঢ়িয়াকৈ আছে। জাননীত সেই অসভ্যটোৰ নাম নাছিল দেখি কোনো নাহিল।

 ৰম্ভা — আমাৰ তেতিয়া এটা ভুল হ’ল। দীনবন্ধুৰ হাতত নোলোৱাৰ পৰা সকলো মাটি হ’ল; তেওঁক লোৱা হলে কিজানি তেতিয়াই স্কুল পাতিব পাৰিলোহেঁতেন।

 উকীল — কি! মোৰ দৰে মানুহক দীনবন্ধুৰ সাহায্য লবলৈ কোৱা! তাৰ দৰে অসভ্য ভিকহু এটাকো মই খাতিৰ কৰিব লগাত পৰিলোঁনে?

 ৰম্ভা — আপুনি বা আপোনাৰ দলৰ মানুহে নহয় দীনবন্ধুক খাতিৰ কৰিব নোৱাৰে, মই ধৰা হলেতো লেঠা নাছিল। তেতিয়াও কিজানি কিবা হ’লহেঁতেন।

 উকীল — অসম্ভৱ! তোমাক তেনে এটা সামান্য মানুহৰ ওচৰলৈ কেতিয়াও যাবলৈ নিদিওঁ। তাৰ অলপো ভদ্ৰতাৰ জ্ঞান নাই, তুমি গলে অপমানৰ বাহিৰে আন একো নোপোৱা।

 ৰম্ভা — তেনেহলে মানুহে তেওঁক ইমান ভাল পায় কিয়? আন কি জাননীতে তেওঁৰ চহি নোহোৱাৰ বাবেই সভালৈকো কোনো নাহিল!

 উকীল — নীচ মানুহে, নীচ মানুহক ভাল পাবই। তোমাৰ আমাৰ মোল সিহঁতে কি বুজে! দীনবন্ধুৰতো মান-অপমান জ্ঞান নাই। সি সামান্য মানুহবোৰৰ লগত মিলি ফুৰে দেখি সিহতে ভাবে সি বৰ ভাল মানুহ।

 ৰম্ভা — সি যি হওক, প্ৰভাই মানুহৰ ঘৰে ঘৰে সাহায্য বিচাৰি ফুৰিছে বুলি আপুনিয়েই কৈছে। যদি দীনবন্ধুক হাত কৰি লৈ স্কুল পাতে, তেনেহলেতো আমাৰ আশা একেবাৰেই গ’ল! [ ৩৭ ]  উকীল — বাৰু আগেয়ে পাতকচোন, পিচতো দেখা যাব।

 ৰম্ভাই বিৰক্তিৰ স্বৰেৰে ক’লে, — “এৰা, মোমাই মৰক, ভূতক পিচে পাম।” আপোনালোকৰ কথাই হে সাৰ। দীনবন্ধুৰ ওচৰত আপোনালোকৰ কোনো মূল্য নাই।

 উকীল — কি! তুমি তেনেহলে দীনবন্ধুৰ প্ৰণয়িণী বাৰু দেখা যাওক। তাৰ ইমান সাহ! তাক ধ্বংস কৰিম!

 ৰম্ভা — আপুনি কি বকিছে আজি! এনেকৈ বলিয়ালি কৰিছে কিয়?

 উকীল — মই বলিয়া Very good. বলিয়াই সকলো কৰিব পাৰে।

 এই কথা কোৱাৰ লগে উকীল একে জাপেই বহাৰ পৰা উঠিল আৰু ৰম্ভাৰ দুয়োখন হাত জপাই ধৰিলে।

[ ৩৮ ]

ষষ্ঠ অধ্যায়

অপৰিচিতা

 দীনবন্ধুৰ ঘৰৰ আগৰ ঘৰটোলৈ মানুহ অহাৰ প্ৰায় এসপ্তাহ হৈছে। এই কেইদিনৰ ভিতৰত তেওঁ সেই গায়িকাৰ বিষয়ে এই কেইটা কথা জানিব পাৰিছে। গায়িকা যুৱতী আৰু সুন্দৰী, বয়স সোতৰ কি ওঠৰ বছৰ হ’ব। তেওঁৰ সাজ-পাৰ পৰি-পাটী কিন্তু বেচি জাকজমকপূৰ্ণ নহয়। তেওঁ বাটেপথে ওলাই সোমাই ফুৰে, মতা মানুহৰ লগতো আলাপ কৰে। গান-বাদ্যত তেওঁৰ ভাল জ্ঞান থাকিব পায়, আৰু সম্ভৱতঃ তেওঁ উচ্চ শিক্ষাত শিক্ষিতা। লগত এটা লৰা আৰু এজনী দাসীৰ বাহিৰে আন কোনো নাই।

 ইয়াৰ বাহিৰেও আৰু কিছুমান খবৰ দীনবন্ধুৰ কাণত নপৰাকৈ থকা নাই। সেইবোৰ হৈছে যুৱতীৰ স্বভাৱ-চৰিত্ৰৰ বিষয়ে। এইটো কোৱা উচিত যে আজিকালি দীনবন্ধুৰ ঘৰলৈ মানুহৰ সমাগম বৰ বেচি। যিবোৰ মানুহ আগেয়ে দীনবন্ধুৰ ঘৰলৈ কেতিয়াও নাহিছিল, তেনে মানুহকো এতিয়া তেওঁৰ চৰাত দেখা যায়। তেওঁলোকৰ উদ্দেশ্য হৈছে যুৱতীৰ আলেখ লেখ চোৱা আৰু একমাত্ৰ আলোচ্য বিষয় তেওঁৰ স্বভাৱচৰিত্ৰ। এইবোৰ আলোচনাত তেওঁৰ বিষয়ে বহুতো জঘন্য কাহিনীও ওলায়। দীনবন্ধুৱে যদিও এইবোৰ আলোচনাত যোগ নিদিয়ে, তথাপি সেই কাহিনীবোৰ তেওঁৰ কাণত নপৰাকৈ নাথাকে; কিন্তু ভাল প্ৰমাণ নাপালে কাৰো বিৰুদ্ধে কোনো কথা গ্ৰহণ কৰা তেওঁৰ অভ্যাস নাই। তাতে সেই কাহিনীবোৰৰ বিষয়ে নানা মুনিৰ এনে নানা মত যে তেওঁ সেইবোৰ কাৰবাৰ সাৰুৱা [ ৩৯ ] মূৰৰ পৰা ওলোৱা বুলি ভাবি লবলৈ বাধ্য হৈছিল। তেওঁৰ বিশ্বাস আছিল যে ৰূপহী গাভৰুৰ সম্পৰ্কে ডেকা মানুহে প্ৰকাশ কৰা মন্তব্যত কেতিয়াবাহে নিখুঁত সত্য থাকে, কাৰণ তেওঁৰ মতে বেছি ভাগ তেনে কথাৰ মূল ঈৰ্ষা নাইবা অতৃপ্ত বাসনা। সেই দেখিয়েই তেওঁ এনে আলোচনাত প্ৰায়েই বিৰক্তি প্ৰকাশ কৰিছিল।

 এই এসপ্তাহৰ ভিতৰত প্ৰায় দিনৌ দীনবন্ধুৱে নিলগৰ পৰা যুৱতীক দেখা পাইছিল, আৰু মাজে মাজে গীত শুনিছিল। গায়িকাৰ সৌন্দৰ্য্যত তেওঁ আনন্দ পাইছিল, গীতৰ মাধুৰ্য্যত মুগ্ধ হৈছিল; আন কি, সেই সৌন্দৰ্য্যৰ, সেই মাধুৰ্য্যৰ পুনৰাভিনয়ৰ নিমিত্তে তেওঁৰ আগ্ৰহো জন্মিছিল। প্ৰথম দিনা তেনে হোৱাত তেওঁ অন্যায় হৈছে বুলি নিজক তিৰস্কাৰ কৰিছিল; কিন্তু অলপ পিচতেই তেওঁৰ ভাৱৰ পৰিৱৰ্ত্তন ঘটিল; তেওঁ ভাবিলে, — “সৌন্দৰ্য্যত মুগ্ধ হোৱাত দোষ ক’ত? সৌন্দৰ্য্য নষ্ট কৰাহে অন্যায়। মইতো নিতৌ প্ৰভাত-সূৰ্য্যৰ লোহিত ৰাগ, অস্তোন্মুখ ভাস্কৰৰ জল-কেলি, পূৰ্ণ-চন্দ্ৰৰ ৰজত-ৰশ্মি, মুকুলিত ফুলৰ সৌৰভ, পল্লবিত তৰুলতা, কলনাদিনী স্ৰোতস্বিনী, পক্ষীৰ কলৰৱ, মলয়াৰ ব্যঞ্জন উপভোগ কৰি মুগ্ধ হৈ আহিছোঁ, পুনঃ পুনঃ তাৰ আস্বাদৰ নিমিত্তে অভিলাষ কৰি আহিছোঁ, তাৰ পৰাতো কাৰো একো ক্ষতি হোৱা নাই! সৌন্দৰ্য্য হ্ৰাস হোৱা নাই। তেন্তে এই আগ্ৰহত কাৰ কি হানি হ’ব পাৰে! ই যে প্ৰাকৃতিক সৌন্দৰ্য্যৰ উপাসনাৰ বাহিৰে একো নহয়। তাক নষ্ট কৰিবলৈ যেতিয়া মোৰ আগ্ৰহো নাই, অৱসৰো নাই, অমূলক আশঙ্কাৰ আৱশ্যক কি। যি কাম হৃদয়ত পাপ বা মলিনতা লৈ কৰা নহয়, সি কেতিয়াও দোষণীয় হ’ব নোৱাৰে।”

 সেই দিনাৰ পৰা তেওঁৰ মনত নিজৰ বিৰুদ্ধে কোনো অভিযোগ উঠা নাই।

 সেইদিনা ৰাতিপুৱা সাত বজাৰ সময়ত দীনবন্ধুৱে চাহ খাই উঠি [ ৪০ ] কিবাকিবি হিচাব মিলাই আছিল। এনেতে সেই নৱাগতা যুৱতীৰ লগত থকা লৰাটো আহি দীনবন্ধুৰ হাতত এখন চিঠি দিলে। দীনবন্ধুৱে আচৰিত হৈ সুধিলে, — “কাৰ চিঠি?”

 “আপোনাৰ”।

 “কোনে দিছে?"

 “বাইদেৱে।”

 “বাৰু, এতিয়া যোৱাঁ”। — এই বুলি লৰাটো পঠিয়াই দি চিঠিখন মেজৰ ওপৰতে থৈ দীনবন্ধু আকৌ হিচাপ-পৰীক্ষাত লাগিল। প্ৰায় আধা ঘণ্টামান সময়ৰ পিচত হিচাপৰ বহিটো সামৰি তেওঁ চিঠিখন মেলিলে। চিঠিখন এই —

ওঁ

মান্যবৰেষু,

 অচিনাকি হৈও আজি আপোনাক আমনি কৰিবলৈ আৰু আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰিবলৈ ওলোৱাৰ বাবে ক্ষমা কৰিব বুলি আশা কৰিলোঁ।

 মই এজনী গাৱঁলীয়া ছোৱালী; কিন্তু পৰমেশ্বৰৰ কৃপাত নানা দুঃখ-কষ্ট আৰু অভাবৰ মাজেদিও যৎকিঞ্চিৎ শিক্ষালাভ কৰিছিলোঁ। শিক্ষাৰ অন্ততঃ এবছৰমান বিদেশতে শিক্ষয়িত্ৰীৰ কাম কৰিছিলোঁ; কিছুমান বিষয়ত স্কুল-কৰ্ত্তৃপক্ষৰ লগত মত নিমিলাত কাম এৰি দি ঘৰলৈ গুচি আহিলোঁ। ইয়াতে এখন বিদ্যালয় পাতি ছোৱালীৰ শিক্ষা প্ৰচাৰ কৰিবলৈ মোৰ একান্ত ইচ্ছা আছিল; কিন্তু অকল লিখা-পঢ়ায়েই যথেষ্ট শিক্ষা নহয় বুলি মোৰ সৰুৰ পৰা ধাৰণা। ছোৱালীহঁতক সম্পূৰ্ণ গাৰ্হস্থ্য-জীৱনৰ উপযুক্ত কৰি তুলিব নোৱাৰিলে, বিদ্যালয় পতাৰ পৰা বিশেষ লাভ হোৱাৰ আশা কম। সেই দেখিয়েই [ ৪১ ] আজি এবছৰে একো স্থিৰ কৰিব নোৱাৰি ঘৰতে সোমাই আছিলোঁ। এইদৰে থাকোঁতেই আপোনাৰ “স্ত্ৰী-শিক্ষা আৰু জাতীয় আদৰ্শ” নামৰ প্ৰবন্ধটো মাহেকীয়া কাকত এখনত পঢ়িবলৈ পালোঁ; লগে লগে মোৰ সকলো পুৰণি ভাব-চিন্তা নতুন হৈ উঠিল। স্ত্ৰীশিক্ষাৰ আৱশ্যকতা আৰু জাতীয় আদৰ্শত তাৰ প্ৰচাৰৰ সম্পৰ্কে আপুনি যি কৈছে, তাৰ প্ৰত্যেকটো আখৰেই সত্য বুলি মোৰ প্ৰত্যয় জন্মিল। আপোনাৰ প্ৰৱন্ধ পঢ়ি মই যেন এক নতুন বল, নতুন উৎসাহ পালোঁ আৰু এবাৰ চেষ্টা কৰি চাওঁ বুলি ঘৰৰ পৰা বাহিৰ ওলালোঁ। আজি এসপ্তাহ হ’ল ইয়াতে ঘূৰি ফুৰিছোঁ; কিন্তু আজিলৈকে আশাৰ মুখ সমূলি দেখা নাই। শ্ৰীযুক্ত কমলচন্দ্ৰ ৰাজখোৱা, গকুলচন্দ্ৰ দাস প্ৰভৃতি কেইবাজনৰ ওচৰলৈ গৈ অলপো আশা নাপালোঁ। তেওঁলোকৰ সকলোৱেই ক’লে বোলে ইয়াৰ মানুহে এতিয়াও স্ত্ৰীশিক্ষাৰ মোল বুজা নাই, ইয়াত একো নহয়। তেওঁলোকে হেনো এই বিষয়ে আলোচনা কৰিবলৈ এবাৰ এখন সভাও আহ্বান কৰিছিল; কিন্তু মানুহ হেনো গোট নাখালে।

 আপুনি এই জিলাতে থাকে বুলি মই আগেয়ে নাজানিছিলোঁ, নহলে প্ৰথমেই আপোনাৰ উপদেশ লৈহে চেষ্টা কৰিলোঁহেঁতেন। কালি কেইবা ঠাইতো ঘূৰি হতাশ হৈ গাৱঁৰ মানুহৰ কেনে মত বুজিবৰ ইচ্ছাৰে ওচৰৰ গাওঁ এখনলৈ গৈছিলোঁ। তাতে প্ৰথম আপোনাৰ কথা শুনিলোঁ আৰু আপুনি এইখিনিতে থাকে বুলিও জানিব পাৰিলোঁ। তাৰ লগতে এইটোও শুনিলোঁ যে আপুনিয়েই হে ইয়াৰ ৰাইজৰ মুখপাত, আপোনাৰ মতেই সৰ্ব্বসাধাৰণৰ মত। সিবেলিও আপোনাক বাদ দিয়া দেখি হে ৰাইজ গোট নাখালে। এতিয়া মোৰ দৃঢ় বিশ্বাস হৈছে, আপুনি কাৰ্য্যটো হাতত ললেই সি সুসম্পন্ন হব; আপুনি যদি বিদ্যালয়ৰ আৱশ্যকতাৰ কথা সকলোকে বুজাই কয়, তেনেহলে নিশ্চয় সকলোৱে [ ৪২ ] যোগ দিব। মোৰ সৰ্ব্ব ভৰসা আপোনাৰ ওপৰতে। মই আপোনাৰ তালৈ এবাৰ যাম বুলি ভাবিছিলোঁ, অনুমতি পালে যাব পাৰোঁ। সোনকালে উত্তৰ দি যেন বাধিত কৰে। চিঠিত যদি কিবা দোষ কৰিছোঁ মাৰ্জনা কৰিব। ইতি।

বিনীতা 
শ্ৰীপ্ৰভাৱতী দাসী।

 চিঠিখন পঢ়া হ’লত দীনবন্ধুৱে বহুত বেলি নীৰৱে ভাবিলে। তাৰ পিচত কাগজ এখন লৈ লিখিলে :—

মাননীয়ে,

 আপোনাৰ চিঠি পঢ়ি আপোনাৰ উদ্দেশ্যৰ কথা শুনি ৰং পালোঁ। ইয়াত যে স্ত্ৰীশিক্ষাৰ অভাৱত বহুতো অনৰ্থ ঘটিছে, তাত কোনো সন্দেহ নাই। আজি বহুত দিনৰে পৰা মই সেই বিষয়ে ভাবিছোঁ; কিন্তু মোৰ আদৰ্শ-মতে স্কুল চলাবলৈ দিহা কৰিব নোৱৰাত, ইমান দিনেও তাক হাতত ল’ব পৰা নাই। যদিও স্ত্ৰীশিক্ষা-বিস্তাৰৰ নিমিত্তে মোৰ একান্ত আগ্ৰহ আছে, তথাপি বিজাতীয় আদৰ্শত শিক্ষা দিয়াত মোৰ মত নাই। মই দেখি আহিছোঁ — তেনে আদৰ্শত শিক্ষা পোৱা ছোৱালীৰ সৰহভাগেই বিলাস-বাসনাত উটি ৰমণীৰ স্বাভাৱিক কৰ্ত্তব্যৰ সীমা পাৰ হৈ লোকালোকত প্ৰৱেশ কৰে। দোষ ছোৱালীহঁতৰ নহয়, বিজাতীয় শিক্ষাৰ হে। তেনে শিক্ষা আমাক নালাগে। য’ত ধৰ্ম্মশিক্ষা নাই, য’ত গৃহপৰিচালনাৰ, আত্মনিৰ্ভৰতাৰ শিক্ষা নাই, য’ত অন্তৰৰ পবিত্ৰ আৰু সুকোমল প্ৰকৃতিবিলাকক সজাগ কৰি সজ পথে দি চলাবলৈ চেষ্টা নাই, তাত কি শিক্ষা হ’ব পাৰে! বিলাসিতাৰ শিক্ষা [ ৪৩ ] দিবলৈ বিদ্যালয় পতাৰ পৰা লাভ নহৈ লোকচান হোৱাৰেই সম্ভাৱনা বেচি। যেতিয়ালৈকে লৰা-ছোৱালী আত্ম-সংযমত অভ্যস্ত নহয়, তেতিয়ালৈকে চোকা অভিভাবকৰ শাসনৰ তলত থকাৰ আৱশ্যক। বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী কি সাজপাৰত, কি ভাব-প্ৰবণতাত, কি আলাপ-প্ৰলাপত — সকলোতে সংযত আৰু আদৰ্শ হোৱা উচিত, বিশেষকৈ লৰাতকৈও ছোৱালীৰ শিক্ষাত বেচি সতৰ্ক হোৱাৰ প্ৰয়োজন। কাৰণ পৰিয়ালৰ উন্নতি, দেশৰ উন্নতি সকলো তিৰুতাৰ সুশিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে। এই বিষয়ে মই বহলাই কব নোখোজোঁ, আপুনি মোৰ প্ৰবন্ধটো পঢ়িছে যেতিয়া, মোৰ মতামত ভালকৈ বুজিব পাৰিছে। সেই দেখিয়েই উপযুক্ত শিক্ষয়িত্ৰীৰ অভাৱত ইমান দিনলৈকে মই চেষ্টা কৰা নাছিলোঁ। আজি আপোনাৰ চিঠি পঢ়ি মোৰ আশা হৈছে, যদি আপুনি তাত লিখা মতেই কাৰ্য্য কৰিব পাৰে, তেনেহলে আপোনাৰ দ্বাৰাই নিশ্চয় এই অভাৱ-পূৰ্ণ হ’ব। যি হওক, এই কাৰ্য্য আৰু বেচি দিন পেলাই থোৱা উচিত নহয়; সেই কাৰণে দুই-এদিনতে মই বিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিম। কিন্তু এটা কথা আপোনাক কৈ থওঁ যে বিদ্যালয় স্থাপন হলেও শিক্ষয়িত্ৰী কিছুমান বন্ধা-ধৰা নিয়মৰ তলীয়া হ’ব লাগিব আৰু তাৰ ব্যতিক্ৰম নঘটাকৈ চলিব পাৰিলেহে স্থায়ীভাবে থাকিব পাৰিব। সেই নিয়ম-প্ৰণালীবোৰৰ এখন আৰ্হি পাৰিলে আজিয়েই, নহলেও কালিলৈ পুৱা আপোনালৈ পঠিয়াম।

 আপুনি মোৰ ঘৰলৈ আহিব নালাগে আৰু ময়ো আপোনাৰ ঘৰলৈ যাব নোৱাৰিম। কিবা ক’ব লগা থাকিলে লিখি পঠিয়াব। ইতি।

বিনীত
শ্ৰীদীনবন্ধু।

 লিখা হ’লত চিঠিখন সামৰি এটা খামত ভৰাই দীনবন্ধুৱে [ ৪৪ ] প্ৰভাৱতীলৈ পঠিয়াই দিলে। তাৰ পিচত বহুত বেলি তেওঁ গভীৰ চিন্তাত নিমগ্ন হ’ল।

 হঠাৎ ঘৰ ঘৰ শব্দ শুনি দীনবন্ধুৰ ধ্যান ভাগিল। তেওঁ মূৰ ডাঙিয়েই তেওঁৰ ঘৰৰ আগত এখন ভেৰোণীয়া গাড়ী দেখিবলৈ পালে আৰু কোন আহিছে বুলি ভাবিবলৈ সময় পোৱাৰ আগেয়েই এজনী ৰূপহী গাভৰু গাড়ীৰ পৰা নামিল। তেওঁৰ বৰণটো বগা, মুখখন গঢ়িত, চকুকেইটা চঞ্চল, ওঁঠত হাঁহি, চুলিকোছা দীঘল আৰু এফলীয়াকৈ সেওঁতাফলা। মুখৰ স্বাভাৱিক ৰং বগা হলেও তাৰ ওপৰত “পাউডাৰ” সানি আৰু উজ্জ্বল কৰা হৈছে। চেমিজৰ ওপৰত কঁকালত এখন বেনাৰচী শাৰী কোঁচ দি দি ঘূৰিৰ নিচিনা কৰি পিন্ধা। ওপৰ ছোৱাত এটা ‘ব্লাউজ’ আৰু এখন আলোৱান, ভৰিত “লেডি শ্ব্যু” আৰু ৰেচমী মোজা। অলঙ্কাৰৰ ভিতৰত মাত্ৰ বাওঁ হাতৰ ঠাৰিত বান্ধি লোৱা এটা হাত-ঘৰি। গাড়ীৰ পৰা নামিয়েই তেওঁ উৰণীয়া পখিলাটিৰ দৰে দীনবন্ধুৰ কাষ পালেহি। এইদৃশ্য দেখি অলপ সময়ৰ নিমিত্তে দীনবন্ধু হতবুদ্ধি হোৱা দি হ’ল। হবৰ কথাই; কিয়নো এনে ধৰণৰ যুৱতীৰ লগত ইতিপূৰ্ব্বে তেওঁৰ সাক্ষাৎ হোৱা নাই আৰু কোনো দিনে কোনো ৰমণীক তেওঁৰ ঘৰত অভ্যৰ্থনা কৰিব লগাত পৰা নাই। তেওঁ এবাৰ ভাবিলে কিজানি কৰবালৈ আহি ভুল কৰিছে। এই ভাব মনলৈ আহিলত তেওঁৰ অলপ ভাল লাগিল; বিনীত ভাবে সুধিলে, — “আপুনি কাক বিচাৰিছে?”

 যুৱতী — আপোনাকেই বিচাৰি আহিছোঁ। এটা বিশেষ প্ৰয়োজন আছে।

 যুৱতীৰ গঢ়-গতি, সাজ-পাৰ দেখি আৰু কথা শুনি দীনবন্ধুৰ সন্দেহ উপস্থিত হ’ল। যি হওক, ততালিকে আত্মসংবৰণ কৰি, যুৱতীক বহিবলৈ ক’লে। [ ৪৫ ]  যুৱতী বহিল আৰু খোটালিটোৰ চাৰিওফাললৈ চাবলৈ ধৰিলে। মাজে মাজে কেৰাহি-কেৰাহিকৈ দীনবন্ধুলৈ চাবলৈ লাগিল। দীনবন্ধুৱে যুৱতীৰ উদ্দেশ্য একো বুজিব নোৱাৰিলে; আন কি তেওঁ অসমীয়া নে বঙালী তাকো ঠিক কৰিব নোৱাৰিলে। মনে মনে ভাবিলে, — এওঁ কোনোবা মিশ্যনেৰীৰ ফুচুলনিত পৰি খৃষ্টান হোৱা নাইবা কাৰবাৰ প্ৰেমত পৰি ব্ৰাহ্ম হোৱা বঙালী-ছোৱালী।

[ ৪৬ ]

সপ্তম অধ্যায়

ৰম্ভাৱতী

 অলপ পৰ নীৰৱ হৈ থকাৰ পিচত দীনবন্ধুৱে কলে, — “পিচে অহাৰ সকাম?”

 যুৱতী — মই এটা বিশেষ প্ৰয়োজনত আপোনাৰ ওচৰলৈ আহিছোঁ।

 দীন — অৱশ্যে। পিচে প্ৰয়োজনটো কি ভাঙি কলেই হয়।

 যুৱতী — নিশ্চয় ক’ম; কবলৈকে আহিছোঁ। আপুনি বোধ কৰোঁ মোক চিনি পাইছে।

 দীন — ক’তা! আপোনাক দেখোন আগে-পিচে দেখা মোৰ মনত নপৰে।

 যুৱতী — আপোনাৰ মনত নপৰিব পাৰে; কিন্তু আগে-পিচে দেখিছিল।

 দীন — হ’ব পাৰে; কিন্তু এতিয়া হলে সমূলি মনত পৰা নাই।

 যুৱতী — কিয়, তাহানিখন আপুনি ককাইদেউৰ সৈতে একেলগে স্কুলত পঢ়িছিল নহয়। তেতিয়া এদিন আমাৰ ঘৰলৈ গৈছিল, মই তামোল আনি দিছিলোঁ, আপুনি মোক মৰম কৰিছিল।

 দীন — আপোনাৰ ককাইদেৱক কোন?

 যুৱতী — লক্ষ্মীকান্ত দাস।

 দীন — অ’ এতিয়া বুজিছোঁ — “তুমি ৰম্ভা। মই দেখোঁতে তুমি একেবাৰেই সৰু আছিলা। তাৰ উপৰি তোমাৰ সাজ-পাৰৰ এনে সলনি ঘটিছে যে অলপ দিনৰ আগতে দেখা হলেও কি জানি চিনি নাপালোঁহেঁতেন। পিচে হঠাৎ আহিলা যে? [ ৪৭ ]  যুৱতী — কিয়, অহাত বেয়া পালে নে কি? আপুনিতো আমাৰ ঘৰলৈ নাযায়েই; সেইদেখি ময়ে বিচাৰি আহিছোঁ।

 ৰম্ভাৰ কথাৰ গঢ় দেখি দীনবন্ধুৱে তাৰ কি উত্তৰ দিব, একো স্থিৰ কৰিব নোৱাৰিলে; তেওঁ মনে মনে বিৰক্তি অনুভৱ কৰিবলৈ ধৰিলে। ৰম্ভাই আকৌ ক’লে, — “ইয়াৰ ভিতৰতে এদিন জানো আমাৰ ঘৰত পদধূলা পেলাব?”

 কথাৰ লগে লগে এটা মিচিকিয়া হাঁহিৰে সৈতে এনে এটা চকুৰ পাক দিলে যে দীনবন্ধু স্তম্ভিত হৈ গহীন ভাবেৰে ক’লে — “মোৰ সময় বৰ কম, গাওঁ ফুৰিবলৈ অৱসৰেই বা ক’ত? তাতে যদি তোমাৰ ককাইদেৱৰ আগৰ নিচিনা হৈয়েই আছে, তেন্তে তেওঁক ঘৰত পোৱাও সহজ নহয়।”

 ৰম্ভা — ককাইদেউ ঘৰত নাথাকিব পাৰে, মইতো প্ৰায় ঘৰতেই থাকোঁ। আপোনাক অভ্যৰ্থনা কৰিবলৈ পালে, মই নিজক কৃতাৰ্থ মানিম। আমাৰ জানো তেনে ভাগ্য হ’ব!

 আকৌ সেই বক্ৰ দৃষ্টি! দীনবন্ধুৰ অসহ্য হ’ল, তথাপি কোনোমতে আত্মসংবৰণ কৰি ক’লে, — “সেই বিষয়ে ভাবিবলৈ যথেষ্ট সময় পোৱা যাব। সম্প্ৰতি তোমাৰ আগমনৰ উদ্দেশ্য কি সোনকালে জানিবলৈ পালে বাধিত হ’ম। মোৰ গা ধুবৰ সময় প্ৰায় হৈ আহিল।”

 ৰম্ভাই ভাবিলে দীনবন্ধু নিতান্ত নীৰস গাৱঁলীয়া ধৰণৰ মানুহ। তেওঁৰ নিচিনা সুন্দৰীৰ লগত আলাপ কৰিবলৈ কত মানুহে হাবাথুৰি খাই ফুৰে, কিন্তু দীনবন্ধুৱে যেন তেওঁক বিদায় দিব পাৰিলেহে ৰক্ষা পৰে! তথাপি সহজে পৰাজয় মনা ৰম্ভাৰ স্বভাৱ নহয়, এটা অতি তীব্ৰ কটাক্ষপাত কৰি ক’লে — “মই আপোনাৰ বহুমূলীয়া সময় নষ্ট কৰিব লগাত পৰিছোঁ; সেইবাবে ক্ষমা কৰিব। যদি এতিয়া সময় নাই, তেন্তে আবেলিকৈ আহিম, এতিয়া আহোঁৱেই।” [ ৪৮ ]  আকৌ আবেলিকৈ! যদিও ৰম্ভা গলেই দীনবন্ধু ৰক্ষা পৰে, তথাপি আকৌ এবাৰ লগ পোৱাতকৈ এতিয়াই কাৰ্য্যশেষ কৰাকে তেওঁ বুদ্ধিমানৰ কাম বুলি বিবেচনা কৰিলে। সেই দেখি গহীন ভাবেৰে ক’লে, — “আবেলিকৈ মই তোমাক লগ দিব নোৱাৰিম, অকল আজি আবেলি কিয়, কেইবা-দিনলৈকে মোক লগ নাপাবা। যদি কিবা প্ৰয়োজনীয় কথা আছে তেন্তে এতিয়াই কোৱাই হে ভাল!”

 ৰম্ভা — মইতো কম বুলিয়েই আহিছোঁ, আপুনি সময় নাই বুলি কোৱাত হে তেনেকৈ কৈছিলোঁ।

 দীন — কোৱাঁ তেন্তে।

 ৰম্ভা — সকলোৱে জানে — ইয়াত আপোনাৰ হাত নালাগিলে কোনো সজ কাম নহয়; সেই দেখিয়েই মই আপোনাৰ সাহায্য বিচাৰি আহিছোঁ।

 দীন — কি বিষয়ে?

 ৰম্ভা — ইয়াত স্ত্ৰীশিক্ষাৰ সুবিধা নথকাত বহুতো অপকাৰ হৈছে; ছোৱালীবিলাক আন্ধাৰতে সদায় থাকিব লগাত পৰিছে। আপুনি ইচ্ছা কৰিলেই এই অভাৱটো গুচাব পাৰে; তেনেস্থলত আপুনি কিয় এই বিষয়ে মন-কাণ কৰা নাই, তাক বুজিব নোৱাৰিলোঁ।

 দীন — কৰোঁ বুলিয়েই কৰিব পৰা হলে, ইমান দিনে বহুতো সজ কাম হৈ থাকিলহেঁতেন। সকলোৰে একোটা সময় আছে, ছেগ বুজিহে কাৰ্য্যত হাত দিয়া উচিত; নহলে চেষ্টা মিছা হয়।

 ৰম্ভা — মোৰ বিশ্বাস আপুনি চেষ্টা কৰা হ’লে কেতিয়াবাই কৃতকাৰ্য্য হ’লহেঁতেন। মই এই বিষয়ে বহুত দিনৰে পৰা ভাবিছোঁ; কিন্তু কাৰো সাহায্য নাপালে এনে এটা ডাঙৰ কাম কৰিবলৈ মোৰ কি শক্তি আছে। সেই দেখি মাজতে গকুল উকীলক এই বিষয়ে অনুৰোধ কৰিছিলোঁ। তেওঁ মোৰ কথা নুশুনি আপোনালোকৰ লগত পৰামৰ্শ [ ৪৯ ] নকৰাকৈ মইমতীয়াভাবে কাম কৰিবলৈ গৈ সকলো পণ্ড কৰিলে। আপোনাৰ সাহায্য নহলে যে এনে কাম ইয়াত কোনেও কৰিব নোৱাৰে, সেইটো একেবাৰেই ধুৰুপ; তেওঁলোকক খাটিলুটি আপোনাৰ ওচৰলৈ পঠিয়াব নোৱাৰি আজি মই নিজে আহিলোঁ। আপুনি মোক যেনে-তেনে এখন স্কুল পাতি দিব লাগে।

 দীন — স্কুল এখন যে সোনকালে পাতিব লাগিব, সেইটো ঠিক। আজি পুৱাৰে পৰা মই সেই কথাকেই ভাবিব লাগিছোঁ।

 ৰম্ভা — শুনি সুখী হলোঁ; আপুনি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ গ্ৰহণ কৰিব।

 দীন — তোমাৰ ধন্যবাদ পাবলগীয়া কাম মই একো কৰিব নোৱাৰিম। পঢ়াশালি পাতিলেও তোমাক বোধকৰোঁ শিক্ষয়িত্ৰীৰ বাব দিব নোৱাৰিম। তোমাৰ দ্বাৰা সেই কাৰ্য্য হব পাৰে বুলি ভাবিব পৰা হলে বহুত দিনৰ আগেয়েই বিদ্যালয় স্থাপন কৰিলোঁহেঁতেন; শিক্ষয়িত্ৰীৰ অভাৱৰ কাৰণেই মই ইমান দিন মনে মনে আছিলোঁ।

 ৰম্ভাৰ মুখ ক’লা পৰিল; ব্যগ্ৰভাবে সুধিলে, — “কিয়? মোৰ দ্বাৰা স্কুলৰ কাম হব নোৱাৰে কিয়?”

 দীন — স্কুল সম্পূৰ্ণ জাতীয় আদৰ্শত চলিব লাগিব। তাত লিখা-পঢ়াৰ বাহিৰেও অসমীয়া তিৰুতাৰ ঘৰুৱা কৰ্ত্তব্যৰ শিক্ষা ভালকৈ দিব লাগিব। সূতা কটা, তাঁত বোৱা, কাপোৰ সিয়া প্ৰভৃতি কাম সকলোৱে শিকিব লাগিব; সাজ-পাৰত নিভাঁজ অসমীয়া হ’ব লাগিব আৰু শিক্ষয়িত্ৰী এই সকলো বিষয়তে আদৰ্শ হ’ব লাগিব। কিন্তু মোৰ বিশ্বাস তুমি তেনেকৈ চলিব নোৱাৰিবা।

 ৰম্ভা — মই তেনে হ’ব নোৱাৰোঁ সঁচা; কিন্তু মোৰ বোধেৰে তেনে হোৱাৰ আৱশ্যকো নাই। মই গান-বাজনা, লিখা-পঢ়া আৰু বেজিৰ কাম শিকাব পাৰিম, চিত্ৰ আঁকিবলৈকো শিকাব পাৰিম হে। মোৰ [ ৫০ ] বোধেৰে এই বোৰেইহে সভ্য-সমাজৰ আৱশ্যকীয় শিক্ষা। আপুনি কৈছে অসমীয়া সাজ-পাৰ পিন্ধিবলৈ; কিন্তু কোনো সুশিক্ষিতা মহিলাই তেনে জলধা সাজ পিন্ধিব নোৱাৰে, সি স্বাভাৱিক সৌন্দৰ্য্যও নষ্ট কৰে। বোৱা-কটা আদিও সামান্য অসভ্য মানুহৰ কাম। আপোনাৰ নিচিনা এজন উচ্চশিক্ষিত মানুহে কেনেকৈ তেনে অসভ্যৰ কাম আৰু সাজ-পোচাক ঘিণ নকৰাকৈ থাকিব পাৰিছে, তাক ভাবি মই আচৰিত হৈছোঁ।

 দীন — কাৰণ ময়ো তেনে অসভ্য অসমীয়া।

 ৰম্ভা — আপুনি কিয় তেনে কথা কয়! আপুনি যদি মোৰ অন্তৰ দেখিলেহেঁতেন, তেতিয়া বুজিলেহেঁতেন — মই আপোনাক কিমান ভাল পাওঁ, কিমান শ্ৰদ্ধা কৰোঁ!

 দীন — তুমি মোক শ্ৰদ্ধাই কৰা বা ঘিণেই কৰা তাত মোৰ কোনো লাভ লোকচান নাই।

 ইমান গৰ্ব্ব! যাৰ একেষাৰ মুখৰ মাত শুনিবলৈ হেজাৰ হেজাৰ মানুহ লালায়িত, তেনে সুন্দৰীৰ অযাচিত শ্ৰদ্ধাৰ প্ৰতি দীনবন্ধুৰ এনে তাচ্ছিল্য! ৰম্ভাৰ অন্তৰত জুই জ্বলি উঠিল। ৰম্ভাই ভাবিলে দীনবন্ধুৱে স্কুল পাতি প্ৰভাৱতীক দিব খুজিছে; সেই দেখিয়েই তেওঁক দিব নোখোজে। মনৰ খং মাৰ নিয়াব নোৱাৰি ৰম্ভাই বিদ্ৰূপৰ সুৰেৰে ক’লে — “কিন্তু প্ৰভাৰ ওচৰত তাৰ যথেষ্ট মূল্য থাকিব হবলা।”

 দীনবন্ধুৱে আগৰ দৰেই শান্ত ভাবে উত্তৰ কৰিলে, — “থাকিলেও থাকিব পাৰে।”

 ৰম্ভা — কিন্তু আপুনি জানে নে প্ৰভাৰ কাহিনী, প্ৰভাৰ চৰিত্ৰ, প্ৰভাৰ ঘৃণিত জীৱনৰ কথা? তাইৰ দৰে স্বভাৱৰ তিৰুতাই যে আপোনাক মুহিব, তাত আচৰিত হবলগীয়া একো নাই।

 দীনবন্ধুৱে এইবাৰ হাঁহিলে; তাৰ পিচত ক’লে, — “তাত আচৰিত [ ৫১ ] হ’ব লগা একো নাথাকিব পাৰে, কিন্তু তুমিও যে আন তিৰুতাৰ গাত দুশ্চৰিত্ৰৰ চেঁকা দেখা, তাত হ’লে মই আচৰিত নহৈ নোৱাৰোঁ।”

 ৰম্ভাৰ মুখ বিবৰ্ণ হল। তেনেহলে দীনবন্ধুৱে তেওঁৰ সকলো কথা জানে নেকি? হতাশাৰ সুৰেৰে ক’লে, — “মই বহুত দিনৰ পৰা আশা কৰিছিলোঁ বোলো এখন স্কুল হাতত পালে, তাতেই মোৰ গোটেই জীৱন কটাম, স্ত্ৰীশিক্ষাৰ প্ৰচাৰৰ নিমিত্তেই এই জীৱন উচৰ্গা কৰিম। কিন্তু মানুহে পাঙে, ঈশ্বৰে ভাঙে। মোৰ আশা আৰু পূৰ নহ’ল।

 দীন — তোমাৰ বিষয়ে ময়ো যে কম ভাবিছিলোঁ, এনে নহয়। দুবছৰৰ আগেয়েই মই তোমাক লৈ এখন পঢ়াশালি পাতিম বুলি ভাবিছিলোঁ। যদিও তোমাৰ লগত মোৰ পৰিচয়েই নাছিল, তথাপি, তোমাৰ দ্বাৰা এই কাৰ্য্য হৈ উঠিব বুলি মোৰ বিশ্বাস আছিল। পিচত তোমাৰ সম্পৰ্কে সকলো তত্ত্ব লৈ জানিব পাৰিলোঁ যে তুমি মোৰ আদৰ্শমতে পঢ়াশালি চলাবলৈ সমৰ্থ হ’ব নোৱাৰা। বৰং তোমাৰ নিজৰ আৰু ৰাইজৰ মঙ্গলৰ বাবে তোমাক তেনে অনুষ্ঠানৰ পৰা আঁতৰাই ৰখাহে উচিত বিবেচনা কৰিলোঁ। সেই কাৰণেই মোৰ সকলো আয়োজন স্থগিত থাকিল।

 ৰম্ভা — আপুনি অকল মোৰ শত্ৰুৰ কথা শুনিয়েই বোধকৰোঁ তেনে কৰিলে। অন্ততঃ মোক এবাৰ সুধি চাব পাৰিলেহেঁতেন।

 দীন — তাৰ আৱশ্যক নহল। মই মোৰ কৰ্ত্তব্য বুজোঁ। তুমিও বোধকৰোঁ জানা যে মই বিনা প্ৰমাণে কাৰো বিৰুদ্ধে কোনো কথা গ্ৰহণ কৰিবলৈ সাজু নহওঁ।

 ৰম্ভা — আপুনিনো তেতিয়া মোৰ অনুপযুক্ততাৰ কি প্ৰমাণ পাইছিল?

 দীন — সেইবোৰ কথা কৈ তোমাক মনোকষ্ট দিয়াৰ মোৰ ইচ্ছা নাই। [ ৫২ ]  ৰম্ভাৰ তেতিয়া সাহ-পিত সকলো গৈছিল। তথাপি ক’লে, — “মোৰ বোধেৰে আপুনি মোৰ ওপৰত যি অভিযোগ কৰি বহি আছে, মই শুনা হলে তাৰ সদুত্তৰ দি মোৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিব পাৰিলোঁহেঁতেন।

 দীন — তাৰ কোনো প্ৰয়োজন নাই। তুমি মোৰ মতত চলিব নোৱাৰোঁ বুলি নিজ মুখেই কৈছা। তেনেস্থলত আন তৰ্ক-বিতৰ্কলৈ যাব লাগিছে কিয়?

 ৰম্ভাই আকৌ কিবা এটা ক’ব খুজিছিল; কিন্তু দীনবন্ধুৱে ঘৰিলৈ চাই ক’লে, — “ক্ষমা কৰিবা, মই আৰু কথা পাতিব নোৱাৰোঁ। মোৰ গা ধোৱাৰ সময় অতীত হ’ল। এতিয়া তোমাক বিদায়হে দিলো।”

 ৰম্ভা বহাৰ পৰা উঠিল। যাবৰ সময়ত ক’লে, — মই আজি বা কালিলৈ আকৌ আপোনাৰ ওচৰলৈ আহিম।”

 দীন — মই আগেয়েই কৈছোঁ কেইদিনমানলৈ মোক লগ নাপাবা।

 ৰম্ভা গৈ গাড়ীত উঠিল, দীনবন্ধুও গা ধুবলৈ গ’ল।

[ ৫৩ ]
 

অষ্টম অধ্যায়

সান্ধ্য ভোজন

 ওপৰত যিখন চহৰৰ কথা কোৱা হৈছে, তাৰ প্ৰায় সোঁ মাজতে এখন দোকান আছে। দোকানৰ তিনটা ভাগ। এভাগত যুৰোপীয়সকলৰ লাগতিয়াল বস্তু — কাপোৰ-কানি, পেৰা-পেটাৰি, জোতা, টুপী, বিলাতী মদ, চীনামাটিৰ পাত্ৰ, গাহৰিৰ মঙহ, বেদানা, আখৰোট, কিচ্‌মিচ্, বাদাম, চাট্‌নি, ঘোঁৰাৰ লাগতিয়াল সঁজুলি, বাইচাইকেলৰ সৰঞ্জাম আদি সুন্দৰকৈ সজোৱা; এখোটালিত বস্তু জমা থোৱা হয় আৰু ইখোটালিত মেনেজাৰ থাকে।

 মেনেজাৰৰ খোটালিটোৰ একাষে এখন চালপীৰা, তাৰ ওচৰতে গোটাচেৰেক পেৰা-পেটাৰি, এডাল কাপোৰ থোৱা ডাঁৰ, আৰু কিবাকিবি লাংখা-লিংখি ডোখৰচেৰেক। চালপীৰাৰ ওচৰতে বেৰত কেইখনমান থিয়েটাৰৰ অভিনেত্ৰীৰ আৰু এখন বিবস্ত্ৰা অপেচৰীৰ চিত্ৰ। খিৰিকীৰ ওচৰত এখন মেজত এখন দাপোণ এখন ফণি, এডাল বুৰুজ আৰু ক্ষৌৰকৰ্ম্মৰ সঁজুলি। বাকীডোখৰ ঠাইৰ মাজতে এখন ঘূৰণীয়া মেজ আৰু চাৰিওফালে কেইখনমান মাচিয়া। খোটালিটোত পুস্পসাৰ আৰু হুইস্কিৰ এটা বিকট মিহলি গোন্ধ সদায় থাকে।

 প্ৰায় সন্ধ্যা লাগোঁ লাগোঁ হৈছে; এনেতে গকুলচন্দ্ৰ দাস উকীল, কমলচন্দ্ৰ ৰাজখোৱা, পেন্সন-পোৱা হাকিম, সৰ্ব্বানন্দ দত্ত বেপাৰী, তপেশ্বৰ বৰ-মহৰী আৰু কৃষ্ণকুমাৰ কাকতী ওপৰত কোৱা খোটালিটোত সোমাই মাচিয়া কেইখনৰ কোলাত আশ্ৰয় গ্ৰহণ কৰিলে। দোকানৰ মেনেজাৰ গদাধৰ শৰ্ম্মায়ো তেওঁলোকৰ শাৰী পুৰালে। [ ৫৪ ]  তাৰ পিচত বটলত আহিল হুইস্কি আৰু বিলাতী পানী, থালত আহিল ৰুটি আৰু ভজা মঙহ, আৰু আহিল কেইটামান গিলাচ, কাটা-চামুচ ইত্যাদি। বটলৰ ঠিলা সোলোকোৱা হ’ল ভেকেতা-ভেকেত গোন্ধেৰে গোটেই ঘৰ ভৰি গ’ল। পান-ভোজন বহুত বেলিলৈকে চলিল, লগে লগে নানাপ্ৰকাৰ কথাও চলিবলৈ ধৰিলে।

 গকুলচন্দ্ৰ — হেৰা, সিবেলি মিউনিচিপেলিটিৰ ইলেক্‌চন হওঁতে আমাৰ ভিতৰতে খৰিয়াল লাগিছিল; এইবাৰৰ পৰা যেন তেনে নহয়।

 ৰাজখোৱা — আগলৈ আৰু তেনে নহয়, এতিয়াৰ পৰা আমাৰ এক মত।

 গকুল — আমাৰ এক মত।

 সকলোৱে — আজিৰ পৰা আমাৰ এক মত।

 গকুল — মোৰ কেতিয়াবা ভুল হয়, তুমি খং নকৰি শুধৰাই দিবা দেই, ৰাজখোৱা।

 ৰাজখোৱা — মোৰ ভুল হলেও মিঃ দাস তাত নালাগিবা।

 গকুল — নালাগোঁ, কেতিয়াও নালাগোঁ। চাওঁ তোমাৰ হাতখন দিয়াঁচোন।

 তেতিয়া দুয়োজনে হাতত ধৰি বহুত বেলি জোকাৰিলে। বাকি কেইজনে তেওঁলোকৰ অভিনয় নীৰৱে চাই থাকিল। গদাধৰ সুৰাদেৱীৰ উপাসনাতেই বিশেষকৈ ব্যস্ত আছিল; এতিয়া তেওঁ মাত লগালে, — “উকীল ডাঙৰীয়াৰ ওপৰত মোৰ এটা ডাঙৰ অভিযোগ আছে।”

 সকলোৱে — কি? কি?

 গদা আমাৰ দলটো পূৰ হবলৈ গান-বাজনা আৰু ধুনীয়া মুখৰ হাঁহিৰ প্ৰয়োজন। উকীল ডাঙৰীয়াই তেনে সুবিধাৰ পৰা আমাক বঞ্চিৎ কৰিছে।

 গকুল — মিছা কথা। মই কেতিয়া কৰিছোঁ? চোৱাঁহঁক [ ৫৫ ] তোমালোকে, ই মিছা দোষাৰোপ। মই দণ্ডবিধি আইনৰ সাহায্য লব পাৰোঁ।

 ৰাজখোৱা — নিশ্চয় পাৰে, যদি হে কথাটো মিছা।

 গকুল — ৰাজখোৱা, তুমিও মোক অপমান কৰিছা। মোৰ কথাৰ ওপৰতো আকৌ সন্দেহ! দস্তুৰমতে মান-হানিৰ মোকৰ্দ্দমা চলে।

 সৰ্ব্বানন্দই এনেতে মাত লগালে, — “কিন্তু কথাটো কি শৰ্ম্মাই ভাঙি নকলে আমি একো ৰায় দিব নোৱাৰোঁ।

 তপেশ্বৰ — ঠিক কথা, শৰ্ম্মাই ভাঙি ক’ব লাগে, নহলে তেওঁ দোষ সাব্যস্ত হ’ব। কি কয় কাকতী? আপুনি দেখোন একো নকয়, কিনো ভাবিছে?

 কৃষ্ণ — এটা কথা তোমালোকে গম পোৱা নাই। এই মানুহ, গৰু, চৰাই পহু, পোক-পৰুৱা, আৰু অইন প্ৰাণীবোৰ কেনেকৈ হ’ল ক’ব পাৰা জানো?

 ৰাজখোৱা — প্ৰটোপ্লেজমৰ পৰা ক্ৰমোন্নতি হৈ হৈছে।

 কৃষ্ণ —সেইটোৱেই তোমালোকৰ ভুল। মই ভাবি-চিন্তি চাই নিৰ্ভুলকৈ জানিছোঁ, সেই আটাইবোৰ পোনেই গছত লাগিছিল। এতিয়া, যি গছত সুন্দৰীসকল লাগিছিল, তেনে গছ এজোপা বিচাৰি পালেই সকলো ঠিক হৈ যাব।

 সৰ্ব্বা — কিন্তু পোৱা যাব ক’ত?

 কৃষ্ণ — তাকেইতো ভাবিছোঁ।

 তপেশ্বৰ — ভাবিলেইতো পোৱা নাযায়। যেতিয়া পোৱা যাব, তেতিয়া যি হয় কৰিম। সম্প্ৰতি শৰ্ম্মাৰ কথাৰ বিচাৰ হওক।

 গদা — মই নকলেও কথাটো আপোনালোকে জানে। বাৰু উকীল যে সদায় আমাৰ লগ এৰি গুচি যায়, সোধকচোন কলৈ যায়।

 গকুল — কি সুধিব! মোৰ “প্ৰাইভেট টিউশ্যন” আছে। [ ৫৬ ]  গদা — ক’ত আছে?

 গকুল — পানীৰামৰ ঘৰত।

 সৰ্ব্বা — ছাত্ৰ কোন?

 কৃষ্ণ — মই ভাবিছোঁ ছাত্ৰ নহৈ ছাত্ৰী হে হ’ব লাগে।

 গকুল — হয় ছাত্ৰীয়েই। মই যে ৰম্ভাৰ ‘প্ৰাইভেট্ টিউটৰ’

 গদা — এতিয়া চাওক, তেওঁ ইচ্ছা কৰা হলে আমাৰ আড্ডাকে তালৈ তুলি নিব নোৱাৰিলেহেঁতেন জানো? তেনেস্থলত তেওঁ অকলৈ সেই সুবিধা ভোগ কৰাটো জানো অন্যায় হোৱা নাই।

 ৰাজখোৱা — নিশ্চয় হৈছে। দেখিছা মিষ্টাৰ দাস, তুমি আপোনপেটীয়া বুলি প্ৰমাণ হ’ল। কি কোৱা দত্ত?

 সৰ্ব্বানন্দ — মই হেজাৰ-বাৰ কওঁ, উকীল আপোনপেটীয়া।

 তপেশ্বৰ — ময়ো তাকে কওঁ। আমি সকলো এক যেতিয়া, সকলোৱে ভাগ পাব লাগে।

 গকুল — মোৰ গাত দোষ কি? মই চপাই দিছিলোঁ নহয় তোমালোকে স্কুলখন পাতি দিব নোৱাৰিলা কিয়?

 সৰ্ব্বা — অ’ ঠিক কথা মনত পৰিছে, পৰহিলৈ দীনবন্ধুৱে সভালৈ মাতিছে নহয়। সেই প্ৰভা নে কি সেইজনীক স্কুল পাতি দিয়ে হেনো।

 গকুল — Damned দীনবন্ধু। আমি সভালৈ নাযাওঁ। “If I can catch him once upon the hip I will feed fat the ancient grudge I bear him.”

 তপেশ্বৰ — তাক এটা শিকনি নিদিলে নহয়; সি সদায় আমাৰ কামত বিঘিনি জন্মায়। তাক গুলিয়াই মৰা উচিত।

 গদা — প্ৰভাৱতী ছোৱালীজনীও বেচ্ সুন্দৰী; তাইকে হাত কৰিব পৰা হলেও উপায় আছিল। কিন্তু সেই অসভ্যটোৰ হাতত পৰিছে যেতিয়া কেনেকৈ কি কৰিবা! [ ৫৭ ]  সৰ্ব্বা — আমি সভালৈ যাওঁৱেই বা নাযাওঁৱেই এইবাৰ স্কুল পাতিব, এতিয়া কেনেকৈ তাইক হাত কৰিব পাৰি তাকে হে ভাবিব লাগে।

 কৃষ্ণ — মই ভাবিছোঁ এই দীনবন্ধুৱে কালিৰ ল’ৰা হৈ পৰশুইৰ গীত গাবলৈ যায় কিয়? এটা কাম কৰা যাওক, প্ৰভাৱতীৰ লগত তাৰ এটা বদনাম উলিয়াই দিওঁ, তেতিয়া সভালৈ কোনো নাহে।

 ৰাজখোৱা — তেনে কথাৰ পৰা একো ফল নহয়, মানুহে তেনে কথা দুই এদিনতে বিশ্বাস নকৰে। সভা হওক, আমিও যাম, তাৰ পিচত যি কৰিব লাগে মই কৰিম।

 সকলোৱে — কি কৰিবা?

 ৰাজখোৱা — কি কৰোঁ দেখিবা। স্কুল যেনেকৈ হওক আমাৰ হাতত ৰাখিবই লাগিব। মাথোন তোমালোক সময়তকৈও অলপ আগতে যাবা — দীনবন্ধু কেনিবা উৰি যাব।

 গকুল — তুমি পাৰিবা নে?

 ৰাজখোৱা — নিশ্চয় পাৰিম।

 কৃষ্ণ — মই ভাবিছোঁ আমাৰ ৰাজখোৱা নহলে কোনে ইমান সাহ কৰিব। মোৰ এতিয়া শিয়াল তামুলীৰ কথা মনত পৰিছে। উদ্ভিদ্‌তত্ত্বমতে শিয়াল —

 গকুল — কি উদ্ভিদ্‌তত্ত্ব উদ্ভিদ‌্‌তত্ত্ব কৰি থাকা! থৈ দিয়া সেইবোৰ; কামৰ কথা কোৱাঁ।

 এনেতে গদাধৰে মাত লগালে, “পিচে আজিৰ খৰচৰ হিচাপটো কাৰ নামে ৰাখিম?”

 ৰাজখোৱা — আজি গৃহস্থৰ নামে থাকিলে ভাল।

 গদা — কেতিয়াও নহয়।

 ৰাজখোৱা — তেন্তে উকীলৰ নাম ৰখা হওক। [ ৫৮ ]  গকুল — এঃ দুজনকৈ সদাগৰ থাকোঁতে আকৌ ভাবিব লাগিছে! আজিৰ খৰচ সৰ্ব্বানন্দৰ নামে থাকক।

 সৰ্ব্বা — মই সদায় দিম নে? মই কালি দিছোঁ, আজি দিব নোৱাৰোঁ।

 গকুল — কিনো আপত্তি কৰি থাকা হে! এই টকাকেইটাৰ বাবে দুখীয়া হোৱা যদি হ’বা।

 তপেশ্বৰ — আমাৰ ৰাজখোৱাইতো এটা ফুটা কড়িও ভঙা নাই। মোৰ মতে আজি তেৱেঁই দিয়ক।

 কৃষ্ণকুমাৰৰ বাহিৰে সকলোৱে। — হয়, হয়, আজি তেওঁৰ নামতে লিখা।

 কৃষ্ণকুমাৰ — মই ভাবিছোঁ উদ্ভিদ্‌তত্ত্বমতে সকলো একেদৰে চলিব নালাগে — কোনো গছ আপুনি হয়, কোনোক সাৰ পানী যোগাব লাগে, কোনো আকৌ আন গছৰ ওপৰতে প্ৰবৰ্ত্তি থাকে। প্ৰত্নতত্ত্বমতেও আৰ্জ্জে নট গুৱালে, খায় বোন্দা শিয়ালে। সমাজতত্ত্বমতে আলহীয়ে একো দিব নালাগে।

 গকুল — এদিনৰ আলহী, দুদিনৰ আলহী, চিৰকাল কোনো আলহী নহয়। ৰাজখোৱাৰ আচল ঘৰ ইয়াত নহয় বুলিয়েই যে তেওঁ সদায় আলহী হৈ থাকিব, তাৰ কি মানে আছে!

 ৰাজখোৱাই ইমান বেলি নীৰৱে চিন্তা কৰিলে। এতিয়া সৰ্ব্বানন্দলৈ চাই গহীনাই সুধিলে, — “হেৰা, তোমাৰ দোকানত বহুত মানুহে টকা জমা থয়, তাৰ ভিতৰত কোনোবা ডেকা লৰা আছে নে?

 সৰ্ব্বা — কেইবাটাও আছে।

 ৰাজখোৱা — লিখা পঢ়া নজনা নগৰৰ ওচৰৰ গাৱঁত থকা তাৰ ভিতৰত কেইটা?

 সৰ্ব্বা — তুমি কোৱাৰ দৰে এটা হে আছে। তাৰ ঘৰ নগৰৰ [ ৫৯ ] পৰা আধা মাইল মান দূৰতে। তাৰ বাপেকে তিনি হেজাৰ টকা মোৰ দোকানত জমা থৈছিল। আজি দুমাহমান হ’ল বাপেক মৰিছে! লৰাটোৱে লিখাপঢ়া নাজানে। বাপেক মৰাত জমা টকা, খাত পাম আৰু এটা গৰুৰ খুটি তাৰ হাততে পৰিছে।

 তপেশ্বৰ — আপুনি আমাৰ গাৱঁৰ কাতিৰামৰ কথা কৈছে নেকি?

 সৰ্ব্বা — এৰা, তাৰ কথাকেই কৈছোঁ।

 ৰাজখোৱা — তেন্তে বঢ়িয়া হৈছে। তুমি তাক কালিলৈ ইয়ালৈ লৈ আহিবা।

 তপেশ্বৰ — আনিব পৰা যাব, কিন্তু সেই কুৰি বছৰীয়া লৰাটো আমাৰ লগত সুমুৱালে দেখাত ভাল নহ’ব। সি নিতান্ত চহা। লিখা-পঢ়াৰ ভিতৰতো মুঠেই যোঁটাই যোঁটাই পদ-পুথি পঢ়িব পাৰে।

 ৰাজখোৱা — তাকেই তো লাগে; ঠিক যেনে বিচাৰিছিলোঁ, তেনেকুৱাই মিলিছে। এবাৰ আনি দিয়া মুঠেই, এবছৰৰ খৰচ ওলাই যাব।

 তপেশ্বৰ — আনিব বোধকৰোঁ পাৰিম।

 ৰাজখোৱা — তুমি তাৰ তালৈ যোৱাৰ আগতে এবাৰ মোক লগ ধৰি যাবা।

 গদা — পিচে, হিচাপটো কাৰ নামে লিখিম?

 ৰাজখোৱা — তাৰ দিহা কালিলৈ হ’ব; এতিয়া ময়েই তাৰ বাবে দায়ী থাকিলোঁ।

 তাৰ পিচত গকুলচন্দ্ৰ উঠিল; বাকী কেইজন তাচত বহিল আৰু লগে লগে নানা বিষয় আলোচনা হবলৈ ধৰিলে।

[ ৬০ ]

নৱম অধ্যায়

সভা

আজি “টাউন হলত” বিৰাট সভা। চকি, বেঞ্চ, আদিৰে গোটেইটো ঘৰ ভৰপূৰ। মতা-তিৰুতা দুয়োৰে নিমিত্তে সুকীয়াকৈ ঠাই ৰখা হৈছে।

 মানুহৰ সংখ্যাও বৰ বেচি। নগৰীয়া হাকিম-উকীল আদিৰ পৰা গাৱঁলীয়া চহালৈকে সকলো বিধৰ মানুহ আহিছে। তিৰুতাৰ সংখ্যাও কম নহয়। বহিবলৈ ঠায়ে নটাত বহুত মতা মানুহ থিয় হৈ থাকিব লগাত পৰিছে।

 সভা আৰম্ভ হ’ল। গকুলচন্দ্ৰৰ প্ৰস্তাৱ, কৃষ্ণকুমাৰৰ সমৰ্থন, আৰু সৰ্ব্বসম্মতিক্ৰমে কমলচন্দ্ৰ ৰাজখোৱাই সভাপতিৰ আসন গ্ৰহণ কৰিলে। যদিও সৰ্ব্বসম্মতিক্ৰমে বোলা হৈছে, এই নিৰ্ব্বাচনমত সৰহভাগ মানুহেই পেটে পেটে বেয়া পাইছিল; কিন্তু প্ৰস্তাৱ আৰু সমৰ্থন হৈ যোৱাৰ পিচত আপত্তি কৰিলে মানুহজনক অপদস্থ কৰা হয় দেখি, অগত্যা মৌনং সম্মতিলক্ষণম্ প্ৰকাশ কৰিলে।

 সভাপতিয়ে আসন গ্ৰহণ কৰাৰ পিচত কাৰ্য্য-বিবৰণীমতে দীনবন্ধুক সভাৰ উদ্দেশ্য বৰ্ণনা কৰিবলৈ আহ্বান কৰিলে। দীনবন্ধু থিয় হ’ল, আৰু সমজুৱাসকলক সম্বোধন কৰি স্ত্ৰী-শিক্ষাৰ আৱশ্যকতা সম্বন্ধে এটা সুদীৰ্ঘ বক্তৃতা দিলে। সমাজত স্ত্ৰী-পুৰুষৰ স্থান আৰু কৰ্ত্তব্য, স্ত্ৰী-শিক্ষাৰ প্ৰয়োজনীয়তা, কেনে আৰ্হিত শিক্ষা দিলে স্ত্ৰী-শিক্ষাৰ মাজেদি ধৰ্ম্ম-কৰ্ম্মৰ অনুষ্ঠান আৰু জাতীয়তা ৰক্ষা হ’ব পাৰে, কেনেকৈ জাতীয় আদৰ্শত দিয়া স্ত্ৰী-শিক্ষাই সমস্ত জাতিক সুস্থ আৰু সবল কৰি [ ৬১ ] তুলিব পাৰে — এই সকলো কথা এনে পৰিপাটীকৈ বিশদৰূপে বুজাই দিলে যে, সকলোৱে একাণপতীয়া হৈ শুনিবলৈ ধৰিলে। সমজুৱাৰ মাজৰ পৰা নগৰীয়াদলৰ “শুনক, শুনক” আৰু গাৱঁলীয়াসকলৰ “বোপাদেউতাই সাৰুৱা কথা কৈছে” — ইত্যাদি মন্তব্য ঘনে ঘনে শুনা গৈছিল। তাৰ পিচত, এই কাৰ্য্য সাধনৰ নিমিত্তে কিয় সকলোৱে হাত উজান দিয়া উচিত, ৰাইজে নখ জোকাৰিলে নৈ বৈ যোৱা কথালৈ মন কৰি কেনেকৈ ধনী, দুখীয়া সকলোৱে শক্তি অনুযায়ী দান দিয়া উচিত আৰু বিদ্যালয় পতাৰ পিচত তাক সজীৱ ৰাখিবলৈ কেনেকৈ মাহেকীয়া বৰঙনি দিয়াৰ প্ৰয়োজন, এই সকলো কথা তন্ন-তন্নকৈ ব্যাখ্যা কৰি দীনবন্ধুৱে আসন গ্ৰহণ কৰিলে।

 তাৰ পিচত উঠিল প্ৰভাৱতী। স্ত্ৰী-শিক্ষাৰ আৱশ্যকতাৰ বিষয়ে তেওঁ এনে এটা হৃদয়গ্ৰাহী বক্তৃতা দিলে যে সকলোৱে ধন্য-ধন্যকৈ শলাগিবলৈ ধৰিলে। তেওঁ কেনেকৈ এই উদ্দেশ্যকে মনত লৈ প্ৰবাসত ঘূৰি ফুৰিছে আৰু তাত সিদ্ধিলাভ হোৱাটো কেনেকৈ ৰাইজৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে, তাক সকলোৰে মনত বহি যোৱাকৈ এনে ভাবে বুজাই কলে যে সকলোৱেই অৱস্থাৰ উপযোগী সাহায্য কৰিবলৈ কৃত-সঙ্কল্প হ’ল।

 ইয়াৰ পিচত মাহেকীয়া বৰঙনি আৰু এককালীন দানৰ নিমিত্তে কাকত আগ বঢ়োৱা হ’ল। কোনোৱে প্ৰতিশ্ৰুতি দিলে আৰু কোনেৱে নগদ টকাকে আদায় কৰিলে। জাননীত এই বিষয়ে আগেয়েই ভাঙি লিখা হৈছিল।

 সকলোৰে চহি হোৱাৰ পিচত দেখা গ’ল এককালীন দান ৮০০৲ টকা আৰু তাৰে আদায় ৩৬০৲ টকা। প্ৰতিশ্ৰুত মাহেকীয়া বৰঙনি হ’ল মুঠতে ৫৪৲ টকা।

 ইয়াৰ পিচত থাকিল কৰিবলগীয়া কাৰ্য্য — স্কুল-কমিটি-গঠন, চেক্ৰেটাৰী [ ৬২ ] আৰু সভ্য-নিৰ্ব্বাচন; তাৰ লগতে স্কুল পৰিচালনা আৰু শিক্ষয়িত্ৰীৰ কৰ্ত্তব্যৰ সম্পৰ্কে নিয়মাৱলী গঠন। এই কেইটা কাম কৰাৰ আগেয়ে তাৰ আৱশ্যকতা বুজাই দিবলৈ দীনবন্ধু থিয় হ’ল; গকুলচন্দ্ৰ প্ৰভৃতিৰ মুখত বিষাদৰ চিন দেখা গ’ল, তেওঁলোকে ইজনে সিজনৰ চকুলৈ চাবলৈ ধৰিলে, সভাপতিও যেন অলপ উদ্বিগ্ন হৈ উঠিল। ঠিক এনে সময়তে গঙ্গাৰাম উধাতু খাই লৰি আহি সভা-ঘৰত সোমাল। গঙ্গাক তেনে অৱস্থাত দেখি দীনবন্ধু বিস্মিত হ’ল; গঙ্গা আহি ওচৰ পালতে সুধিলে, — “কি গঙ্গা, কি হ’ল?”

 গঙ্গা — দেউতা, ক’ৰবাৰ মানুহ এটা আহিল, লৰোঁতে লৰোঁতে তাৰ উশাহেই নোহোৱা হৈ আহিছে। সি মোক এই চিঠিখন দি কাবৌ কোকালিকৈ ক’লে বোলে এতিয়াই এইখন দেউতাক দেগৈ, এখন্তক পলম হলেই সৰ্ব্বনাশ হব, মই ৰ’ব নোৱাৰোঁ — এই বুলি সি সিফালে লৰ মাৰিছে, ময়ো একো বুজিব নোৱাৰি দেউতাৰ ওচৰলৈ লৰি আহিছোঁ। দেউতা, মানুহটোৰ বৰ বিপদ হ’ব পায়।

 দীনবন্ধুৱে চিঠিখন লৈ পঢ়িলে; এটা উৎকণ্ঠা আৰু বিষাদৰ চিন তেওঁৰ মুখত বিয়পি পৰিল। তেওঁ গঙ্গাৰ কাণত কিবা এটা কৈ তাক তেতিয়াই পঠিয়াই দিলে। তাৰ পিচত সভাপতিৰ ওচৰলৈ গৈ চিঠিখন দেখুৱালে। সভাপতিয়ে চিঠিখন পঢ়ি ক’লে, — “কি কৰিব! নগলে নহয় যেতিয়া, যাবই লাগিব। সভালৈ চালে আপোনাক এৰাটোও টান; কিন্তু সিটো যে আৰু টান — জীৱন-মৰণৰ কথা। সভাৰ কাৰ্য্য স্থগিত ৰাখিব পাৰি, কিন্তু সিফালেতো স্থগিত নাথাকে।

 সভাপতিৰ অনুমতি পাই দীনবন্ধুৱে ৰাইজলৈ চাই ক’লে, — “মাননীয় ডাঙৰীয়া আৰু সমনীয়া ভাই-ভনীসকল, হঠাৎ মোলৈ এনে এটা কাৰ্য্যৰ আহ্বান আহিল, যাক এক মুহূৰ্ত্তৰ নিমিত্তেও অৱহেলা কৰিব নোৱাৰি; সেই কাৰণে মই অতি দুখেৰে আপোনালোকৰ ওচৰত বিদায় লবলৈ [ ৬৩ ] বাধ্য হলোঁ। আপোনালোকে মোক ক্ষমা কৰি সভাৰ বাকী কৰ্ত্তব্য শেষ কৰক।”

 এইদৰে কৈ তেওঁ এটা কাকতৰ টোপোলা প্ৰভাৱতীৰ হাতত দিলে। ঠিক এনে সময়তে হাতত এটা দৰবৰ বাকচ লৈ এখন ঠিকাগাড়ীৰে সৈতে গঙ্গাৰাম আহি “টাউন হলৰ” সম্মুখত উপস্থিত হ’ল। দীনবন্ধু ওলাই গ’ল আৰু গৈ থাকোঁতেই কাগজ এডোখৰত কিবা লিখিলে। গাড়ীৰ ওচৰ পাই কাগজ ডোখৰ গঙ্গাৰ হাতত দি ক’লে, — “তই এইখন লৈ এতিয়াই আশ্ৰমলৈ যা”।

 এইকথা কৈয়েই গঙ্গাৰ হাতৰ পৰা বাকচটো লৈ দীনবন্ধু একে জাঁপেই গাড়ীত উঠিল। কোচোৱানক ক’লে, — “জানৰ পাৰলৈ”। কোচোৱানে গাড়ী চলাই দিলে।

 জানৰ পাৰৰ কেইবা জনো মানুহ সভালৈ আহিছিল। দীনবন্ধুক তেওঁলোকৰ গাৱঁলৈ তেনে ভাবে যোৱা দেখি কিবা বিপদ ঘটিল বুলি তেওঁলোকেও সভা এৰি লৰ দিলে।

 এই ঘটনা হোৱাত প্ৰায় মানুহৰে মুখ বিষন্ন হৈছিল; সভাপতিৰ বা তেওঁৰ দলৰ কিন্তু কাৰো মুখত বিষাদৰ চিন নাছিল। আন কি গকুলচন্দ্ৰৰ মুখত স্পষ্টকৈ হাঁহিয়ে দেখা দিছিল।

 দীনবন্ধু যোৱাৰ পিচত সমজুৱাসকললৈ চাই সভাপতিয়ে ক’লে, — “ৰাইজসকল, আমাৰ কাৰ্য্যৰ মাজত হঠাৎ বিঘিনি ঘটাটো বৰ দুখৰ বিষয় সন্দেহ নাই; কিন্তু এতিয়া যেনেকৈ হওক, সভাৰ কাৰ্য্য শেষ কৰা বাঞ্ছনীয়।

 প্ৰভা ।— সভাপতিৰ অনুমতি পালে মই একেষাৰ কথা ক’ব খোজোঁ।

 সভাপতি ।— ক’ব পাৰে।

 প্ৰভা — সকলো ৰাইজে জানে এই সভাৰ আহ্বানকাৰী কোন [ ৬৪ ] আৰু তেওঁ কেনে মানুহ। তেওঁ নিঃস্বাৰ্থভাবে সদায় ৰাইজৰ কাম কৰি আহিছে। শিক্ষাৰ মোল তেওঁতকৈ কোনোবাই বেচি বুজে বুলি মোৰ বিশ্বাস নহয়। তেওঁ নিজে উচ্চ-শিক্ষাত শিক্ষিত, এফালে ইংৰাজী শিক্ষাত যেনে পণ্ডিত, আনফালে তেনেকৈয়ে প্ৰাচীন-শাস্ত্ৰাৱলী আৰু সংস্কৃত সাহিত্যতো সুপণ্ডিত। অকল সেয়ে নহয় তেওঁ নিজে শিক্ষক আৰু তিনি চাৰিখন নৈশ বিদ্যালয়ৰ সংস্থাপক। এই ন-পুৰণিৰ সন্ধি-স্থলত তেওঁৰ উপদেশ নিশ্চয় মূল্যবান হ’ব। ৰাইজসকল, মই সেই বিষয়ে বেচিকৈ ক’ব নোখোজোঁ; কাৰণ তেওঁৰ বিষয়ে মোতকৈ আপোনালোকেই বেছিকৈ জানে। তেওঁৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ বিশ্বাস আছে দেখিহে আজিৰ সভাই এনে সফলতা লাভ কৰিছে। তেনে জন মানুহৰ অনুপস্থিতিত বিদ্যালয়-স্থাপন সম্বন্ধে কোনো কথাৰ মীমাংসা কৰা উচিত নহব বুলিয়েই মই বিবেচনা কৰোঁ! সেই কাৰণে মই কওঁ আজিৰ সভা স্থগিত থাওক।

 সকলোৱে তাতে হয় দিলে আৰু এনে প্ৰস্তাৱ কৰাৰ বাবে প্ৰভাৱতীকো ধন্যবাদ দিলে। সভাপতি-প্ৰমুখ্যে তেওঁলোকৰ দলৰ সকল উদ্বিগ্ন হৈ উঠিল।

 অলপ ভাবি সভাপতিয়ে কলে, — “আপোনালোকে উপযুক্ত প্ৰস্তাৱকেই কৰিছে, কিন্তু তাত এটা লেঠা আছে। এনেবোৰ কাম আধা কৰাকৈ এৰিলে প্ৰায়ে নষ্ট হয়। বেচি নকওঁ, উপযুক্ত কাৰ্য্যকাৰক নিযুক্ত কৰা নহলে আজিৰ টকা-কড়ি, হিচাপ-পত্ৰবোৰকেই বা কাক গতাই দিব? এইবোৰ কথা ভাবি চায়েই শইকীয়াদেৱে যাবৰ সময়ত আজিৰ ভিতৰতে কাৰ্য্যকাৰক নিযুক্ত কৰিবলৈ দঢ়াই-দঢ়াই কৈ গৈছে; অকল মোকেই নহয়, আপোনালোককো অনুৰোধ কৰি গৈছে।

 সভাপতিৰ কথাত সমজুৱাৰ আপত্তি উৰি গ’ল। তেতিয়া [ ৬৫ ] সভাপতিয়ে স্কুলৰ নিয়ম-প্ৰণালী গঠন কৰিবলৈ সকলোকে অনুৰোধ কৰিলে।

 প্ৰভাৱতীয়ে তেতিয়া থিয় হৈ কলে, — মাননীয় শইকীয়া ডাঙৰীয়াই গোটাচেৰেক নিয়ম গঢ়ি আনিছিল; মোৰ বোধেৰে সেয়ে যথেষ্ট হ’ব। আপনালোকে মন দি শুনক। —


নিয়মাৱলী

 ১। এই বিদ্যালয় স্ত্ৰী-শিক্ষাশ্ৰম নামেৰে অভিহিত হ’ব।

 ২। আশ্ৰমৰ কাৰ্য্য চলাবলৈ এখন সমিতি থাকিব লাগিব; তাত সভ্যৰ সংখ্যা হ’ব সাত জন, বিদ্যালয়ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰী তাৰে এজন হ’ব লাগিব।

 ৩। এই সভ্যকেইজনৰ এজনৰ গাত চেক্ৰেটাৰীৰ বাব থাকিব; আশ্ৰমৰ টকা-কড়ি, আয়-ব্যয়ৰ হিচাব তেওঁৰ হাতত থাকিব; কিন্তু সমিতিৰ অনুমতি নোলোৱাকৈ তেওঁ একেলগে ৫৲ টকাৰ বেচি খৰচ কৰিব নোৱাৰিব। বাকী টকা ডাকঘৰত ৰাখিব লাগিব। সভ্যসকলে যেতিয়াই তেতিয়াই হিচাব পৰীক্ষা কৰিব পাৰিব।

 ৪। চেক্ৰেটাৰীৰ সৈতে যেই সেই চাৰিজন সভ্য উপস্থিত থাকিলেই সমিতি বহিব পাৰিব।

 ৫। প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীয়ে আশ্ৰমৰ খৰচত এটা উপযুক্ত ঘৰ পাব লাগিব আৰু সি আশ্ৰমৰ লগত সংলগ্ন থাকিব লাগিব।

 ৬। আশ্ৰমৰ কাৰ্য্য চলাবলৈ আৰু ছোৱালী অনা-নিয়া কৰিবলৈ অন্ততঃ দুজন চৌকিদাৰ বা চৌকিদাৰনী থাকিব লাগিব। তাৰে এজন আশ্ৰমতে থাকিব লাগিব। সেইবাবে আশ্ৰমৰ খৰচত এটা ঘৰ পাব পাৰিব। [ ৬৬ ]  ৭। স্থায়ীভাবে আশ্ৰমৰ ঘৰ-দুৱাৰ হৈ নুঠালৈকে কেৰেয়া ঘৰত আশ্ৰমৰ কাৰ্য্য চলাব লাগিব।

 ৮। আশ্ৰমত সম্প্ৰতি নিম্ন প্ৰাইমাৰীৰ জোখেৰে লিখা-পঢ়া শিকোৱা হ’ব; তাৰ লগতে স্বাস্থ্যৰক্ষা সম্পৰ্কীয় শিক্ষাও হ’ব লাগিব। সূতা-কটা, তাঁত-বোৱা, ফুলদিয়া, সকলোৱে শিকিব লগা বিষয় হ’ব। সঙ্গীত আৰু চিত্ৰ বিদ্যাৰো চৰ্চ্চা থাকিব লাগিব।

 ৯। গৱৰ্ণমেন্ট বা বোৰ্ডৰ কোনো সাহায্য বা নিয়মকাৰণ গ্ৰহণ কৰা নহব। ই জাতীয় বিদ্যালয়স্বৰূপে চলিব লাগিব।

 ১০। বিদ্যালয়ত যদি শিক্ষক নাইবা বৃদ্ধা শিক্ষয়িত্ৰী নিযুক্ত হয় তেন্তে চলন-ফিৰণ সম্পৰ্কে কোনো বন্ধা-ধৰা নিয়ম নাথাকিব। বিবাহিতা যুৱতী হলে যদি স্বামীৰ লগত থাকে, অথবা অবিবাহিত হলেও যদি মাক বাপেক নাইবা ককায়েকৰ লগত থাকে, তেন্তে বিশেষ নিয়ম নাথাকিব; কিন্তু যদি স্বাধীনা শিক্ষয়িত্ৰী হয়, তেন্তে তলত দিয়া নিয়মৰ তলতীয়া হ’ব লাগিব।

 (ক) তৃতীয় ব্যক্তিৰ অনুপস্থিতিত কোনো মতা মানুহক অভ্যৰ্থনা কৰিব নোৱাৰিব।

 (খ) বিশেষ আত্মীয় মানুহ নহলে অথবা কোনো বেমাৰে-উমাৰে আৱশ্যক নহলে, ৰাতি শিক্ষয়িত্ৰীৰ ঘৰলৈ কোনো মতা মানুহ যাব নোৱাৰিব।

 (গ) লগত বিশ্বাসী সহচৰ নোহোৱাকৈ শিক্ষয়িত্ৰী অকলৈ য’তে ত’তে ফুৰিব নোৱাৰিব।

 ১১। কেতিয়াবা আৱশ্যক হলে এই নিয়মবোৰৰ সালসলনি ঘটিব পাৰিব।

 নিয়মাৱলী পঢ়া শেষ হলত সভাপতিয়ে সমজুৱাসকলক মন্তব্য প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলে। [ ৬৭ ]  প্ৰথমেই গকুল উকীল উঠি কবলৈ ধৰিলে, — “মোৰ মতে নিয়মৰ ওপৰৰ কেইটা সিমান বেয়া হোৱা নাই, কিন্তু শেষৰ কেইটা নিতান্ত অশোভন আৰু আপত্তিজনক হৈছে। প্ৰথমতে চাওক, আমাৰ মানুহ দুখীয়া, কোনোমতে স্কুলখন পাতি গৱৰ্ণমেণ্টলৈ আবেদন কৰিলে নিশ্চয় সাহায্য পাম, লগতে মিউনিচিপেলিটি আৰু লোকেলবোৰ্ডৰ পৰাও কিছু টকা পোৱা যাব; তেনেস্থলত সেইবোৰ সাহায্য নালাগে বোলাটো মোৰ মতে বলিয়ালি আৰু তেনে কৰিলে স্কুল বেচি দিন চলা অসম্ভৱ। সেই দেখি সেই নিয়মটো উঠাই দিব লাগে। তাৰ পিচত শিক্ষয়িত্ৰীৰ সম্পৰ্কে বন্ধা নিয়মকেইটা নিতান্ত অপমানজনক। মোৰ বোধেৰে কোনো আত্মসম্মান থকা শিক্ষিতা মহিলাই তেনে নিয়মৰ বশবৰ্ত্তিনী হৈ কাম নকৰে। সেই কাৰণে সেই কেইটা নিয়মো বাদ দিব লাগে।”

 সৰ্ব্বানন্দ প্ৰভৃতিয়েও উকীলৰ কথা সমৰ্থন কৰিলে।

 উমাকান্তও সেই সভাত উপস্থিত আছিল; তেওঁ উকীলৰ কথাৰ প্ৰতিবাদ কৰি সেই নিয়ম কেইটাৰ আৱশ্যকতা প্ৰতিপন্ন কৰিলে। তেতিয়া দুয়োপক্ষৰ বহুতো তৰ্কবিতৰ্ক হ’ল। কিন্তু সৰহভাগ সমজুৱাই কোনটো ভাল, কোনটো বেয়া একোকে ঠিক কৰিব পৰা নাছিল; মাত্ৰ বুজিছিল যে দীনবন্ধুৰ কথামতেই কাম হ’ব লাগিব। শেহত একো মীমাংসা হৈ নুঠা দেখি সভাপতি উঠিল আৰু এটা দীঘলীয়া বক্তৃতা দি শেহত কলে — “মোৰ বিশ্বাস এই নিয়মকেইটা বান্ধোতে ভালকৈ ভাবি চাবলৈ শইকীয়াদেৱে যথেষ্ট সময় পোৱা নাছিল। সেই দেখিয়েই লৰালৰিকৈ এই নিয়মকেইটা লিখি আৱশ্যকমতে ইয়াত সাল-সলনি কৰিবলৈ লৈ আহিছিল। নিয়মকেইটাৰ শেষত যে সাল-সলনি ঘটিব পাৰিব বুলি লিখিছে, তাৰ পৰাই বুজা গৈছে তেওঁ নিজেও নিয়মকেইটা ভাল পোৱা নাছিল। আন কি, তেওঁ এতিয়া উপস্থিত থকা হলে নিজেই তাৰ পৰিবৰ্ত্তন কৰিলেহেঁতেন [ ৬৮ ] বুলি মোৰ বিশ্বাস। তাৰ উপৰি আজি সভাত গৃহীত হলেই যে কোনো নিয়ম আগলৈ লৰাব পৰা নাযাব, এনে নহয়। আপোনালোকৰ ইচ্ছা হলে কালিলৈকে বেলেগ নিয়ম কৰিব পাৰিব। তেনেস্থলত মিছা তৰ্কৰ প্ৰয়োজন কি? মোৰ মতে এতিয়া উকীলে কোৱামতেই কাৰ্য্য কৰা হওক। যদি শইকীয়াদেৱে তাত আপত্তি কৰে আৰু আপোনালোকৰ ইচ্ছা হয়, তেন্তে পিচত যি হয় সাল-সলনি কৰিব।”

 সভাপতিৰ কথাত কোনেও আপত্তি নকৰিলে; গতিকে সেইমতেই কাৰ্য্য হ’ল।

 তাৰ পিচৰ কাৰ্য্য আছিল — সমিতিৰ সভ্য নিৰ্ব্বাচন। সৰ্ব্বানন্দ থিয় হৈ ক’লে, — “মই প্ৰস্তাৱ কৰোঁ শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত কমলচন্দ্ৰ ৰাজখোৱা, গকুলচন্দ্ৰ দাস, গদাধৰ শৰ্ম্মা, কৃষ্ণকুমাৰ কাকতী আৰু তপেশ্বৰ বৰা ডাঙৰীয়া সমিতিৰ সদস্য নিযুক্ত হওক।”

 বহুতো সমজুৱাই “সদস্যৰ” মানেই বুজা নাছিল; গতিকে দেখাক দেখি চাপৰি বজাই প্ৰস্তাৱটো সমৰ্থন কৰিলে। তথাপি এই মানুহকেইটা একেলগ হোৱা দেখি বহুতৰ মনত কিবাকিবি সন্দেহ জন্মিছিল।

 তাৰ পিচত তপেশ্বৰ উঠি ক’লে — “নিয়মমতে সভ্য সাতজন হ’ব লাগে; এতিয়া হ’ল পাঁচজন, প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰে হ’ব ছজন, আৰু এজন লাগে। মই প্ৰস্তাব কৰোঁ মাননীয় সদাগৰ শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্তৰ দ্বাৰা সেই জনৰ ঠাই পূৰ হওক।”

 আগৰ দৰেই এই প্ৰস্তাৱো গৃহীত হ’ল।

 তেতিয়া আকৌ সভাপতিয়ে ক’লে, — “এতিয়া এই সভ্য কেইজনৰ ভিতৰত একজন চেক্ৰেটাৰী বাছি ঠিক কৰিলেই আমাৰ কাৰ্য্য শেষ হয়। আপোনালোকে যাকে উপযুক্ত বিবেচনা কৰে তেওঁকেই চেক্ৰেটাৰী পাতক।” [ ৬৯ ]  এজন সমজুৱা উঠি ক’লে — “আমাৰ বিশ্বাস, এই গোটেই জিলাখনৰ ভিতৰত শ্ৰীযুক্ত দীনবন্ধু শইকীয়াতকৈ বেচি উপযুক্ত মানুহ কোনো নাই। এতেকে তেওঁৰ গাত এই ভাৰ দিলেই সকলোৱে আনন্দ পাব।”

 কৃষ্ণকুমাৰ — মই ভাবিছোঁ এনে কামলৈ সংসাৰৰ অভিজ্ঞতা থকা বয়সিয়াল মানুহ লাগে। দীনবন্ধু হৈছে দুগ্ধকণ্ঠ বালক, তেওঁৰ পৰা কাম হ’ব নোৱাৰে। উদ্ভিদ্‌তত্ত্বমতে দেখা যায়, অপঁইতা বাঁহ যিমান ডাঙৰ হওক, সহজে পচি যায়। কিন্তু পৈণত বাহ সৰু হলেও বহুত দিন টিকে। আকৌ বেচিদিনীয়া আম-কঁঠালৰ পৰা যিমান গুটি পোৱা যায় পুলি গছৰ পৰা সিমান আশা কৰিব নোৱাৰি। পুৰাতত্ত্বমতেও বুঢ়া ভীষ্মক কোনেও বলে নোৱাৰিছিল। কিন্তু ডেকা অভিমন্যুক বেহুত সুমুৱাই দিলতে ওলাব নোৱাৰি মৰিল। সমাজ তত্ত্বমতেও যিমান কি লাও ডাঙৰ হওক, তেও পাতৰ তল।

 এনেতে সভাপতিয়ে ক’লে, “আপোনালোকে এতিয়াই সকলো নিয়ম প্ৰণালী ঠিক কৰি সভ্য নিযুক্ত কৰিছে। সেই নিয়মমতেই নিৰ্ব্বাচিত সভ্যৰ বাহিৰে আন কোনো চেক্ৰেটাৰী হ’ব নোৱাৰে।”

 সমজুৱা — তেনেহলে নিৰ্ব্বাচিত সভ্যৰ ভিতৰত এজনে নিজৰ নাম উঠাই লওক, আৰু তেওঁৰ ঠাইত শইকীয়া ডাঙৰীয়াক লোৱা হওক।

 এইবাৰ গকুলচন্দ্ৰৰ খং উঠি গ’ল, তেওঁ ঘপহ কৰে উঠি ক’বলৈ ধৰিলে, — “বক্তাৰ কথা অতিশয় আপত্তিজনক। তেওঁৰ মতে দীনবন্ধুৰ বাহিৰে আনবোৰ মানুহেই নহয়।”

 সভাপতিয়ে দেখিলে কথা কোনোবা ফাললৈহে ঢাল ললে। তেওঁ উকীলক বহিবলৈ দি কবলৈ ধৰিলে — ৰাইজসকল, আমাৰ সকলোৰে উদ্দেশ্য হ’ব লাগে কেনেকৈ আমাৰ কাৰ্য্য সুসম্পন্ন হয়। ইয়াত তৰ্ক বিতৰ্কৰ প্ৰয়োজন নাই! আপোনালোকে শইকীয়া ডাঙৰীয়াৰ বিষয়ে যি কৈছে তাক কোনেও নুই কৰিব নোৱাৰে। ৰাইজৰ কামত তেওঁ [ ৭০ ] প্ৰাণ পৰ্যন্ত্য দিব পাৰে। কিন্তু আমি অকল আমাৰ সুবিধালৈকে চাই, তেওঁৰ মূৰত বলে নোৱৰাকৈ বোজা তুলি দি হত্যা কৰা জানো উচিত? তেওঁ ৰাজহুৱা কামৰ ভৰত মূৰ ডাঙিব নোৱৰা হৈছে, খাব-শুবলৈ সময় নোপোৱাত পৰিছে; মোৰ বোধেৰে এনে অৱস্থাত তেওঁৰ মূৰত আৰু কামৰ বোজা জাপি নিদি, আপোনালোকে তেওঁৰ কাম কিছু পাতলাবলৈ যত্ন কৰা হে উচিত। আপোনালোকে দেখিছে, আমাৰ দেশত যেয়ে ৰাইজৰ নিমিত্তে দেহে-কেহে খাটে, তেওঁৰেই অকাল-মৃত্যু হয়। কিয় হয়? কাৰণ আমাৰ দেশত তেনেকৈ কাম কৰোঁতা মানুহৰ সংখ্যা নিচেই তাকৰ। ইফালে ৰাইজে চল পালে একেজনৰ মূৰতে বলে নোৱৰাকৈ কামৰ বোজা তুলি দিয়ে! তেওঁলোকেও কোনো আপত্তি নকৰি, আহাৰ-নিদ্ৰা পৰিত্যাগ কৰি ৰাইজৰ কামত প্ৰাণপণে লাগি যায়। তাৰ ফলতেই সোনকালে স্বাস্থ্যভঙ্গ হৈ অকালমৃত্যুৰ মুখত পৰে। শইকীয়া ডাঙৰীয়াৰ গাত এতিয়া ইমানবোৰ ৰাজহুৱা কামৰ ভাৰ যে সেয়ে দুই-তিনিজন মানুহলৈ যথেষ্ট হয়; তাৰ ওপৰত আকৌ দায়িত্বপূৰ্ণ কামৰ ভাৰ দিবলৈ হ’লে মোৰ বোধেৰে তেওঁক জানি-শুনি হত্যা কৰা হে হ’ব। এই প্ৰসঙ্গতে মই এটা সূচাই দিওঁ — এই জিলাত বহুতো শিক্ষিত মানুহ আছে; কিন্তু শইকীয়াদেৱৰ দৰে তেওঁলোকৰ স্বাভাৱিক কৰ্ম্ম-কুশলতা নাই; সেই দেখিয়েই তেওঁলোকৰ উপযুক্ততা আপোনালোকে দেখিবলৈ পোৱা নাই। মোৰ বিশ্বাস, যদি সেইবোৰ মানুহক আপোনালোকে ৰাজহুৱা কামৰ ভাৰ দিয়ে তেন্তে অলপ দিনৰ ভিতৰতে বহুতো উপযুক্ত মানুহ গঢ়ি তুলিব পাৰিব। তেতিয়া শইকীয়া ডাঙৰীয়ায়ো অলপ তত পাব। আপোনালোকে মোৰ কথাখিনি অলপ দকৈ ভাবি চাই, কি হয় স্থিৰ কৰক।

 সভাপতিৰ বক্তৃতা শুনি সকলো মৌন হল। তাৰ পিচত যেতিয়া [ ৭১ ] তপেশ্বৰে গকুলচন্দ্ৰ দাসক চেক্ৰেটাৰী পাতিবলৈ প্ৰস্তাৱ কৰিলে, তেতিয়া কোনেও একো আপত্তি নকৰিলে।

 সভাপতি প্ৰথমে কিছু বিষণ্ণ হ’ল; তাৰ পিচত ততালিকে পূৰ্ব্বৰ দৰে হৈ কবলৈ ধৰিলে, — “বাছনি অতি উত্তম হৈছে; তেওঁৰ লোকেলবোৰ্ড আৰু মিউনিচিপেলিটিত হাত আছে; চেষ্টা কৰিলে এই দুই বোৰ্ডৰ পৰা সাহায্য লাভ কৰা তেওঁৰ পক্ষে টান নহব; আমিও তেওঁৰ লগত লাগিব পাৰিম।

 তাৰ পিচত স্থানীয় থিয়েটৰ হলতে সম্প্ৰতি স্কুল পতাৰ স্থিৰ কৰি প্ৰভাৱতীক ডেৰকুৰি টকা দৰমহাত শিক্ষয়িত্ৰী নিযুক্ত কৰা হ’ল। শেহত সকলো টকা-কড়ি, হিচাপ পত্ৰ চেক্ৰেটাৰীক গতাই দি সভা ভঙ্গ কৰা হ’ল।

[ ৭২ ]

দশম অধ্যায়

জালত পহু

 নগৰৰ পৰা প্ৰায় আধা মাইল দূৰৈত আলিৰ দাঁতিত বাট-চ’ৰা এটাৰে সৈতে এটা পদূলি পোৱা যায়। এই বাট-চ’ৰাৰ ভিতৰেদি সোমাই একেৰাহে গৈ থাকিলে এটা ফুল-চত লগোৱা ঘন ৰুৱাৰ চালৰ চ’ৰাত সোমাব পাৰি। তাত থকা ঢাৰি-পীৰাবিলাকত একে সময়তে আঠ-দহ-জন মানুহ বহিব পাৰে, আৰু কোনোবা আলহী হ’ব খুজিলে এফালে দাঁতিত থকা চালপীৰাখনতে ৰাতি কটাব পাৰে। তেওঁৰ কাপোৰ-কানিখিনি খুঁটাত লগাই থোৱা পহুৰ শিংকেইটাত অনায়াসে তুলি বা আঁৰি থব পাৰে। তাৰ পিচত অলপ ইফাল-সিফাল কৰিলেই আনকেইটা ঘৰ আৰু বাৰীখনৰ সকলো কথা জানিব পাৰে।

 প্ৰথমেই দেখা যায় টিনৰ বৰ ঘৰটো। ইয়াৰ বেৰকেইখন ইটাৰ আৰু পূবে পশ্চিমে দুটা সুৰুঙাৰ বাহিৰে কোনো প্ৰকাৰৰ খিৰিকী নাই। এই ঘৰটোৰ মাজৰ খোটালিটোত কেইবাটাও পেৰা-পেটাৰি আছে; বিশেষকৈ এটা লোহাৰ চন্দুকত বহুতো টকা আছে বুলি মানুহে কয়। বৰচাঙত গুৰ, মাহ, সৰিয়হ, পাচি, খৰাহি, ডলা-কুলা, আদি হেনো ভৰি আছে। বৰ ঘৰত লগাই সজা মাৰল ঘৰটো খেৰী; তাৰ এখোটালি শুদা আৰু ইখোটালিত কেইটামান পেৰা, এখন শয্যা, আৰু উঘা-চেৰেকি যঁতৰ আদি শিপিনীৰ লাগতিয়াল সঁজুলি আছে বুলি জনা যায়। মাৰল ঘৰৰ পেটতে লগাই সজা ৰান্ধনি ঘৰটোও খেৰৰ। ইয়াৰো দুটা খোটালি; পূবৰটো খোটালিত ভাত-চৰু, পাভ-টিচাং আৰু [ ৭৩ ] মাজতে ঠগাৰ ওপৰত তুলি থোৱা কীৰ্ত্তন পুথিখনৰ পেৰাটো। ইটো খোটালিত জুহালখন আৰু তাৰ ওচৰতে চাহৰ টেকেলি, কাঁহী-বাটি আদি আৰু হাকোঁটাত ঘিউৰ টেকেলি, গাখীৰৰ কঁৰীয়া।

 এই কেইটা ঘৰৰ বাহিৰেও চ’ৰা ঘৰৰ উত্তৰ ফালে এটা ভঁৰাল ঘৰ আৰু নঙলাৰ অলপ দূৰতে এফলীয়াকৈ সজা এটা গোহালি ঘৰ আছে।

 গোহালিৰ পৰা অলপ আঁতৰত ওচৰা-ওচৰিকৈ এটা গোবৰৰ বহা আৰু এটা খেৰৰ মে-জি। ভঁৰালৰ মুখত এটা তুলসী-ভেঁটি আৰু পদূলিত কেইজোপামান গোলাপ, তগৰ, গুটিমালী ফুলৰ গছ আছে। বাটচ’ৰাৰ দুয়ো কাষে দুজোপা গুলচফুল ফুলি বগা হৈ মলমলীয়া গোন্ধে আলিবাটে যোৱা মানুহক বিলাই দিছে।

 বাৰীখন ডাঙৰ আৰু তাত নানাপ্ৰকাৰৰ খেতি আছে; —ঢাপত আম-কঁঠালৰ গছ, মাজত তামোল-পাণৰ গছ, আৰু চালত লাও-কোমোৰা। ঢাপৰ দাঁতিয়ে দাঁতিয়ে মাটি-কঁঠাল, অমৃতা আৰু কলগছৰ শাৰী দেখা যায়। অ’ত ত’ত খৰুৱা বেঙেনা, জলকীয়া, হালধি আৰু আদাৰ খেতিও আছে। গছৰ গুৰিয়ে গুৰিয়ে কাঠ, আলু আৰু চীনা মোৱা আলুৰ ভেঁটিৰ পৰা গজালি ওলাই বাঁহৰ সৰাহে দি বগাই গৈ গছত উঠিছে। টাটীত পুৰৈশাক, মাটিত তিহু-ছিৰাল আৰু জেঙত কেৰেলা-ধুন্দুলি বগাইছে। জিকা-ভোলৰ পুলি কেইটামানো টাটীৰ দাঁতিতে আছে; কিন্তু এতিয়াও বগাবৰ হোৱা নাই।

 ঘৰ-দুৱাৰ আৰু বাৰীখন দেখি ঘৰৰ গৰাকীজন চহকী মানুহ বুলি অনুমান হয়।

 দুপৰীয়াৰ অলপ পিচতে তপেশ্বৰ বৰা এই পদূলিয়েদি সোমাই গ’ল। চ’ৰা ঘৰৰ মুখ পাই অলপ থিয় দিলে। তাৰ পিচত মাতিলে, — “কাতিৰাম। অ’ কাতিৰাম! কাতিৰাম ঘৰত আছ নে?”

 “হয় ককাইদেউ, বহক তাতে” — এই বুলি কঁকালত আঠু-মূৰীয়া [ ৭৪ ] চুৰিয়া, কান্ধত পানী-গামোচা আৰু হাতত ধোঁৱাখোৱাটোৰে সৈতে কাতিৰাম ওলাই আহিল।

 তপেশ্বৰ — এতিয়া হে ভাত খাইছ নে কি?

 কাতি — হয় ককাইদেউ, মই পৰহিয়েই পামলৈ গৈছিলোঁ। আজি আহি গাটো ধুই এইমাত্ৰ ভাত খাই উঠিলোঁ।

 তপেশ্বৰ — মই পৰহিয়েই তোক বিচাৰিছিলোঁ, পিচত পামলৈ গ’ল বুলিলত উভতি গলোঁ। আজি আহিলি নে নাই তাৰে বুজ লবলৈ হে আহিলোঁ।

 কাতি — কিয়! কিবা বিশেষ কাম আছে নে কি?

 তপেশ্বৰ — বিশেষ কাম আৰু কি? তই নো কি কৰিব খুজিছ, তাকে শুনিম বুলি আহিছিলোঁ।

 কাতি — মই নো আৰু কি কৰিম! যি কৰিছোঁ দেখিয়েই আছে।

 তপেশ্বৰ — তাকেই তো ভাবিছোঁ। তইনো বাৰু ইমানবোৰ ধন-সম্পত্তিৰ মালিক হৈ সদায় চহা গাৱঁলীয়াটো হৈয়েই থাকিবি নে? আমি হোৱা হলে ডাঙৰ মানুহ যে হলোঁহেঁতেন, চৰকাৰৰ ঘৰৰ খিতাপো ললোঁহেঁতেন।

 কাতি — কেনেকৈ?

 তপেশ্বৰ — মোৰ লগত ওলাই গলে সকলো জানিবি। আহ তেন্তে, বাটে বাটে ওলাই যাওঁ।

 কাতি — এতিয়া দেখোন বৰ ৰ’দ। বহক এটোপা চাহ খাই লোৱা যাওক।

 তপেশ্বৰ — লৰালৰি কৰিলে হে খাব পাৰিম; মই আকৌ কামলৈ যাব লাগিব নহয়।

 কাতিৰাম — এৰা আপোনাৰ কামটোৱেই লেতেৰা; দুয়ো বেলা খাটিব লাগে। [ ৭৫ ]  তপেশ্বৰ — কি কৰিবি! তহঁতৰ নিচিনা অৱস্থা হোৱা হলে দেখিলিহেঁতেন, ইমান দিনে ৰায় বাহাদুৰ হলোঁহেঁতেন।

 “বাৰু মই ভিতৰৰ পৰা আহোঁ” — এই বুলি ধোঁৱাখোৱাটো তপেশ্বৰৰ হাতত দি কাতিৰাম ভিতৰলৈ গ’ল। অলপ পিচতে হাতত তামোলৰ বটাটো লৈ কাতিৰামৰ মাক ওলাই আহিল আৰু তপেশ্বৰক তামোল এখন দি সুধিলে, — “কলৈ নো আহিছিলি বোপাই!

 তপেশ্বৰ — এনেয়ে হে আহিলোঁ। কিয় আহিবলৈ নিদিয়ে জানো?

 কাতিৰ মাক — ঔ আই! কিয়নো আহিবলৈ নিদিম, বোপাই? তই জানো কিবা আমাৰ ভাগৰ ভাত কাঢ়ি খাইছ?

 তপেশ্বৰ — মই ধেমালি হে কৰিছো; বেয়া নাপাব আকৌ। মই আজৰি পালে এনেকৈ ভূ-বতৰা লৈয়েই থাকোঁ।

 কাতিৰ মাক — ভাল কৰ বোপাই। ভায়েকৰ তহঁতেই বুধি-ভৰসা দি নচলালে নো কোনে চলাব! তাৰ নো কি গিয়ান হৈছে!

 তপেশ্বৰ — সেইটো আৰু ক’ব লাগিছে নে?

 এনেতে ভিতৰৰ পৰা তিৰুতাৰ মাত শুনা গল, — “আই, চাহটোপা নিয়কহি।”

 মাক উঠি গ’ল আৰু দুটা বান-বাটিত দুবাটি চাহ-পানী আনি এবাটি তপেশ্বৰক দিলে আৰু এবাটি পুতেকলৈ থলে। এনেতে সাজ-পাৰ পিন্ধি কাতিৰাম ওলাই আহিল। অলপ সময়ৰ ভিতৰতে চাহটোপা খাই তামোল ধঁপাতেৰে মুহুদি কৰি কাতিৰাম তপেশ্বৰৰ লগত ওলাই গ’ল।

 কাতিৰাম ফেকেন্দাই কোচৰ একমাত্ৰ পুত্ৰ। ফেকেন্দাই বৰ পৰিশ্ৰমী আৰু অধ্যৱসায়শীল আছিল; সেই কাৰণেই নিতান্ত নিৰক্ষৰ মানুহ হৈও অক্লান্ত পৰিশ্ৰম আৰু ব্যৱসায়-বুদ্ধিৰ বলত নিঃকিন [ ৭৬ ] অৱস্থাৰ পৰা চহকীৰ লেখত উঠিব পাৰিছিল। তেওঁ যদিও নিজে লিখা-পঢ়া নাজানিছিল, তথাপি পুতেকক কিছু শিক্ষা দিবলৈ তেওঁৰ ইচ্ছা আছিল; সেই দেখিয়েই কাতিৰামক আঠ বছৰমান বয়সত স্কুললৈ পঠাইছিল। কিন্তু কাতিৰামৰ ভাগ্যত কি আছিল ক’ব নোৱাৰো, বিদ্যাদেৱীয়ে তেওঁক মোৰ নুবুলিলে। স্কুলত সাত বছৰ পঢ়ি তেওঁ কোনোমতে ছপা কিতাপ পঢ়িব পৰা হ’ল মাথোন। এনেতে এটা ডেৰগঞা নাচৰ দল ইয়ালৈ আহে। এই দলটোৱে আজি ইয়াত, কালিলৈ তাত, — এইদৰে নাচ-গান পাতি ধন ঘটি ফুৰিছিল। এই দলৰ পাচ লৈ বহুতো স্কুলীয়া লৰাই স্কুল আৰু ঘৰ দুয়োকে এৰিছিল। বাপেকহঁতৰ পোতৰ টকা কিমান চুৰ কৰিলে তাৰো লেখ-জোখ নাই। কাতিৰামো এই দলৰ ভিতৰতে পৰিছিল। ফেকেন্দাইয়ে ছয় কি সাত দিনৰ মূৰত পুতেকক বিচাৰি পাই ধৰি আনিলে আৰু ভালকৈ এজাউৰি দি হাল বাবলৈ লগাই দিলে। সেইদিনাৰ পৰাই তেওঁৰ স্কুলৰ লগত সম্বন্ধ ছিগিল। খেতি-বাতিৰ কামতো কাতিৰাম বৰ পাকৈত নাছিল; মাজে মাজে সমনীয়াৰ লগ পালে দুটুপি-এটুপি ফটিকাতো ধৰিছিল; এইবোৰ দেখি-শুনি বাপেকে সোতৰ বছৰ বয়সতে কাতিৰামক বিয়া কৰাই দিয়ে। এতিয়া তেওঁৰ দুবছৰীয়া লৰা এটিও আছে। বিয়া কৰোৱাৰ পৰা কাতিৰামৰ পুৰণি স্বভাৱৰ ৰাগী কমি গৈছিল।

 ফেকেন্দাই মৰা মুঠেই দুমাহ হৈছে। তেওঁৰ পৰিবাৰত মানুহ এতিয়া তেওঁৰ বিধবা, কাতিৰাম, কাতিৰামৰ ঘৈণীয়েক ললিতা আৰু তেওঁলোকৰ এটি শিশু সন্তান। কাতিৰাম মাৰল ঘৰত আৰু মাক বৰ ঘৰত থাকে। পামলৈ অহা-যোৱা কৰাটোত কাতিৰামে বৰ টান পায়; মাকৰ কেটকেটনিত তত নাপালেহে কেতিয়াবা কেতিয়াবা এদিন দুদিনলৈ যায়। [ ৭৭ ]  যি হওক, এতিয়ালৈকে এই ঘৰখন বৰ সুন্দৰকৈ চলি আহিছে। ধান, চাউল, মাহ, সৰিয়হ, গুৰ-গাখীৰ, শাক-পাচলি, টকা-কড়ি — একোৰে অভাৱ নাই। পামত চাৰিটা হালোৱাই চাৰিখন হাল চলায়েই আছে; খুটিত গৰুৰ সংখ্যা বাঢ়িবই লাগিছে, শাহু-বোৱাৰীৰ ভিতৰত সুন্দৰ মিল আছে। তেনে স্থলত এই সংসাৰ যদি সুখৰ নহয় কেনেকুৱাক নো সুখৰ সংসাৰ বুলিব? অৱশ্যে আগলৈ কি হয় তাক ভগবানৰ বাহিৰে আৰু কোনে জানে!

 পদুলি ওলায়েই কাতিৰামে সুধিলে, — “পিচে ককাইদেউ, আপুনি কিবা কম বুলিছিল নহয়?”

 তপেশ্বৰ — এৰা, কথাটো হৈছে পৰহি বাতৰিকাকতত পঢ়িলোঁ — এজন মানুহ চৰকাৰৰ ঘৰৰ পৰা ৰায় চাহাব খিতাপ পাইছে। মানুহজনক আমি চিনি পাওঁ। তেওঁ লিখা-পঢ়াও ভালকৈ নাজানে, আৰু তোৰ সমান ধন সম্পত্তিও নাই। কোনোমতে খেতি-বাতি চলাই পেট-পোহা মানুহ। অকল বুদ্ধিৰ বলতেই তেওঁ ইমান ডাঙৰ মানুহ হ’ল। এই বাতৰিটো পাবৰে পৰা মই ভাবিব লাগিছোঁ বোলো তেৱেঁই যদি ৰায় চাহাব হ’ল আমাৰ কাতিৰাম নো পৰি থাকিব কিয়? তোৰ অৱস্থা যেনেকুৱা, অলপ বুদ্ধি খটাব জানিলেই ৰায় চাহাব হে নালাগে, ৰায় বাহাদুৰ হবলৈকো একো টান নহয়।

 কাতিৰাম — তেওঁনো কি বুধি খটাইছিল?

 তপেশ্বৰ — তেওঁ ভাল মানুহৰ দৰে সাজ-পাৰ পিন্ধি ডাঙৰ ডাঙৰ মানুহৰ লগত ফুৰিবলৈ ধৰিলে। চৰা ঘৰটো ধুনীয়াকৈ কৰি তাক চাহাবি ধৰণেৰে সজালে, আৰু ডাঙৰ ডাঙৰ মানুহ মাতি ভোজ দিবলৈ ধৰিলে; মাজে মাজে আক তাক ধৰি-মেলি তেওঁৰ সুখ্যাতি বাতৰি-কাকতত ছপোৱালে। অলপ দিনৰ ভিতৰতে তেওঁ অকল আমাৰ সমাজত নহয়, চাহাব-সমাজতো জনাজাত হ’ল। তাৰ ফলত এতিয়া [ ৭৮ ] তেওঁ ৰায় চাহাব। তয়ো যদি তেনে হব খোজ সেই উপায়কেই ধৰিব লাগিব।

 কাতিৰাম — মই এটা লিখা-পঢ়া নজনা গাৱঁলীয়া মানুহ। মই কেনেকৈ ডাঙৰ মানুহৰ লগত মিলিম?

 তপেশ্বৰ — মই নো কলোঁ কি, শুনিলি কি? হাতত ধন থাকিলে ডাঙৰ মানুহ হবলৈ কিমান পৰ লাগে? কৈছেই নহয় বোলে ধনেই ধৰ্ম্মৰ ফল। ধনৰ ওচৰত লিখা-পঢ়াই কিটো কৰিব?

 কাতিৰাম — মই এতিয়াও আপোনাৰ কথা ভালকৈ বুজা নাই।

 তপেশ্বৰ — তোৰ বুধি সিমান চোকা হোৱা হলে জানো এনে হৈ থাক? শুন তেন্তে কি কৰিব লাগিব। — প্ৰথমতে তোৰ নামটো কাতিৰাম কোচ গুচাই কাৰ্ত্তিকচন্দ্ৰ ভূঞা কৰিব লাগিব। ভূঞা হবলৈ তোৰ পূৰা অধিকাৰ আছে; কিয়নো যাৰ ভূঁই আছে সেয়ে ভূঞা। কাৰ্ত্তিকচন্দ্ৰ ভূঞা বুলি তোৰ নামটো শুনিলেই যেয়ে সেয়ে তোক ডাঙৰ মানুহ বুলি ভাবিবই ভাবিব। তাৰ পিচত হৈছে সাজ-পাৰ। তোৰ ভাল ধুতি চোলা আছেই; তাৰ লগতে এজোৰ ভাল জোতা-মোজা, এটা ভাল কামিজ, এটা কলাৰ, এটা পাটৰ ৰঙীন পাগুৰি এটা ঘৰি আৰু এজোৰ বিত-চকু ললেই তোৰ সাজ-পাৰ দেখি কোনে তোক চহা বুলিবলৈ সাহ কৰিব? নাম আৰু সাজ পাৰখিনি ঠিক হলেই ডাঙৰ মানুহৰ লগত মিলিবলৈ একো টান নহয়; সেইটো ভাৰ ময়ে লব পাৰোঁ; মুঠেই প্ৰথমতে টকা গোটাচেৰেক খৰচ কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিবি যেন যেই-সেই ডাঙৰ মানুহৰ লগ লৈ অনাহক টকা খৰচ কৰা নহয়। যাৰ পৰা কাম হ’ব, তেনে মানুহ বাছি ল’ব লাগে। মই দেখাত কমলচন্দ্ৰ ৰাজখোৱা, গকুল উকীল আৰু সৰ্ব্বানন্দক হাতত ললেই হ’ব; তেওঁলোকৰ লগতে যদি তেওঁলোকৰ বন্ধু-বান্ধৱ দুই এজন লগ লাগে, তাতে বিশেষ হানি নাই। [ ৭৯ ] মই এই কেইজন মানুহ কিয় বাছিছোঁ শুন। — এই জিলাৰ ভিতৰত এই তিনিজন মানুহে কৰোঁ বুলিলে কৰিব নোৱৰা কাম নাই। তাৰ উপৰিও উকীল হৈছে লোকেল বোৰ্ডৰ মেম্বৰ আৰু মিউনিচিপেলিটিৰ কমিশ্যনাৰ; চেষ্টা কৰিলে তোকো তেওঁৰ লগৰীয়া কৰি ল’ব পাৰিব। তাৰ পিচত ৰাজখোৱা হৈছে বাতৰি কাকতৰ লিখক; তেওঁ যদি মাজে মাজে তোক প্ৰশংসা কৰি কাকতত লিখে, তেনেহলে অলপ দিনতে তই জমিদাৰ কাৰ্ত্তিকচন্দ্ৰ ভূঞা বুলি জনাজাত হবলৈ অলপো টান নহয়। সেয়ে হলেই তাৰ পিচত দুই এবাৰ চীফ কমিশ্যনাৰৰ লগত দেখা কৰিবি, তেতিয়া চাওঁচোন গৱৰ্ণমেন্টে কেনেকৈ তোক ৰায়-বাহাদুৰ খিতাপ নিদিয়াকৈ থাকে! সৰ্ব্বানন্দকো লগত ৰাখিবলৈ কৈছোঁ এই বাবে যে তেওঁ তোৰ বাপেৰৰ চিনা-জনা মানুহ; নিশ্চয় তেওঁ তোৰ ভালৰ নিমিত্তে চেষ্টা কৰিব আৰু আৱশ্যক হলে টকাকড়িৰ সাহায্যও লোৱা যাব। এতিয়া যদি তই মই কোৱাৰ দৰে কাম কৰ, তেনেহলেই সকলো কাম সিদ্ধি হ’ব। মোৰ ক’ব লগা কথা কলোঁ, এতিয়া তই যি ভাল দেখ কৰি থাক। আমাৰ নো কি লাভ লোকচান আছে! মুঠেই ওচৰচুবুৰীয়া বুলি তহঁতৰ ভাল দেখিলে আমাৰো ভাল লাগে, ৰং পাওঁ। সেই হে ইমানখিনি কথা কলোঁ।

 কাতিৰাম — মই একো নাজানো; আপুনি যি কৰিবলৈ কয় তাকে কৰিম।

 তপেশ্বৰ — তেনেহলে তই মই কোৱাৰ দৰে সাজ-পাৰ পিন্ধি সন্ধ্যা সময়ত ওলাই থাকিবি; মই আজিয়েই তোৰ লগত তেওঁলোকৰ চিনাকি কৰাই দিম।

 কাতিৰাম তপেশ্বৰৰ কথাত মান্তি হ’ল আৰু ৰায় বাহাদুৰ হোৱাৰ স্বপ্ন দেখিবলৈ ধৰিলে। তপেশ্বৰ ৰং মনেৰে কৰ্ম্মক্ষেত্ৰলৈ গ’ল।

[ ৮০ ]

একাদশ অধ্যায়

ষড়যন্ত্ৰ

 সভাৰ পৰা ওলাই দীনবন্ধু জানৰ পাৰলৈ গৈছিল। তাত মৎস্যজীৱী-সকলৰ বাস। তেওঁ পোনেই গাওঁবুঢ়াৰ ঘৰত উপস্থিত হ’ল : গাওঁবুঢ়াই তেওঁক আগবঢ়াই নি বহিবলৈ দিলে।

 দীনবন্ধুৱে ক’লে, — “এতিয়া বহিবলৈ সময় নাই; তোমালোকৰ গাৱঁত কাৰ কাৰ ঘৰত মাউৰ লাগিছে?”

 গাওঁবুঢ়া — মাউৰ! আমাৰ গাৱঁত!

 দীন — এৰা, তোমালোকৰ গাৱঁতে। তুমি তেনেহলে একোকে নাজানা!

 গাওঁবুঢ়াই বিস্ময়-চকুৰে দীনবন্ধুলৈ চাই সুধিলে, — “কেতিয়াৰ পৰা হৈছে?”

 দীন — দুপৰৰে পৰা বোলে দুটা মৰিছে আৰু পাঁচ-ছজনমান পৰি আছে।

 গাওঁবুঢ়া — আপোনাক কোনে এনে খবৰ দিছিল?

 দীন — কিয়?

 গাওঁবুঢ়া — তেনেই মিছা কথা। আমাৰ গাৱঁত এই আধা ঘণ্টা আগলৈকে কোনো বেমাৰ নাছিল বুলি মই থিৰাংকৈ জানো। মই দুপৰীয়া খাই-বৈ উঠিয়েই ঘৰে ঘৰে এখন পৰোৱানা জাৰি কৰি ফুৰিছিলোঁ; আপোনাৰ আগে আগে মাত্ৰ ঘৰ সোমাইছোঁ। এই কামত ঘূৰোঁতেই মই আজি সভালৈকো যাব নোৱাৰিলোঁ। [ ৮১ ]  দীনবন্ধু চিন্তিত হ’ল। এনে মিছা খবৰ দিয়াৰ পৰা কাৰ কি লাভ, তেওঁ স্থিৰ কৰিব নোৱাৰিলে। আকৌ ভাবিলে কিজানি গাওঁবুঢ়াৰেই ভুল হৈছে।

 এনেতে সভাৰ পৰা তেওঁৰ পিচত অহা মানুহ কেইটাও তালৈকে আহিল। সিহঁত লৰি আহিছিল, দীনবন্ধুৰ ওচৰ পাই সিহঁতে একেলগেই সুধিলে, — “দেউতা! কি হ’ল! আপুনি সভা এৰি আমাৰ গাৱঁলৈ অহা দেখি কিবা বিপদ ঘটিল বুলি আমিও লৰি আহিলোঁ। পিচে কি নো হ’ল?”

 দীনবন্ধুৱে সকলো কথা যথাযথ বৰ্ণনা কৰিলে। মানুহকেইটাই কলে, — “ই কোনোবা দুষ্ট মানুহৰ কাম; মিছাকৈযে আপোনাক কষ্ট দিলে। চিঠিত নো কাৰ নাম দিছিল?”

 দীন — নাম কাৰো নাই। অকল তোমালোকৰ গাৱঁৰ ৰাইজ বুলি লিখা আছিল। আগে-পিচেও বহুত গাৱঁৰ মানুহে তেনেকৈয়ে খবৰ দিয়ে; সেই দেখি সন্দেহ কৰিবলৈ নহ’ল। তাতে অলপ সন্দেহ হলেও এনেবোৰ বিষয় অৱহেলা কৰিব নোৱাৰি; কিয়নো সঁচা হলে যে পলম কৰাৰ পৰা বিপদ ঘটিব।

 তেতিয়া সকলোৱে এই অজ্ঞাত দুৰ্জ্জনক শাও-শপনি দি মনৰ খং কিছু মাৰ নিয়ালে। এনেতে সেৱাশ্ৰমৰ পৰা বিলাতী পানীৰ বটল, গন্ধক ধূনাৰ টোপোলা, কৰ্পূৰৰ চিচা ইত্যাদি লৈ চাৰিজন সেৱক উপস্থিত হ’লহি। দীনবন্ধুৱে তেওঁলোকক সকলো কথা কৈ উভতি যাবলৈ ক’লে আৰু ভৱিষ্যতলৈ গাৱঁৰ জনা-শুনা মানুহ এজনৰ চহি নহলে কোনো সংবাদ গ্ৰাহ্য কৰা নহব বুলি গাওঁবিলাকত প্ৰচাৰ কৰি দিবলৈ উপদেশ দিলে। তাৰ পিচত গাওঁবুঢ়া আৰু মানুহ কেইটা লগত লৈ গাৱঁৰ আলি-পদূলি, পুখুৰী, চুৱা-পাতনি আদি চাই য’ত যি সংস্কাৰ কৰিব লাগে সকলোকে বুজাই দিলে। [ ৮২ ]  মানুহকেইটাই ক’লে, — “দেউতাই আমাৰ গাৱঁলৈ চকু দিবৰে পৰা আমাৰ ইয়াত বেমাৰ-আজাৰ কম। আগেয়ে আটাইতকৈ আগেয়ে আমাৰ গাৱঁতে মাউৰ লাগিছি; কিন্তু দেউতাই সেইবাৰ ৰাইজ গোটাই বাট-পদূলি ভাল কৰাই আৰু পুখুৰী খনাই বেৰা দিয়াই; দিয়াৰ পৰা আজি তিনি বছৰ এই বেমাৰটো আমাৰ গাৱঁত সোমোৱা নাই।” দেউতাই যদি সেই বাৰ দিনে ৰাতিয়ে ঘিণ-ভয়, সকলো এৰি নালাগিলহেঁতেন, তেনেহলে সেইবাৰেই এই খন গাওঁ উজাৰ হ’লহেঁতেন।”

 দীন — যোৱা কথা যাওক, সেইবোৰ নালাগে। এতিয়া মই কোৱাৰ দৰে কাম কৰিবলৈ নাপাহৰিবা মাথোন।

 তেতিয়া প্ৰায় সন্ধ্যা হৈছিল। দীনবন্ধুৱে মানুহকেইটাৰ পৰা বিদায় লৈ সোণাৰি গাৱঁৰ ফালে খোজ ল’লে। তাত প্ৰথমতে এখন দোকানত বহি গাৱঁৰ সবিশেষ খবৰ ল’লে আৰু দোকানলৈ অহা মানুহবিলাকক সময়োপযোগী সতৰ্কতা লবলৈ সাৱধান কৰি দিলে। সেই গাৱঁত এখন নৈশ বিদ্যালয় আছিল; তেওঁ দোকানতে অলপ চাহ-জলপান খাই তাত পঢ়াবলৈ গ’ল; প্ৰায় দুঘণ্টা সময় শিক্ষা দিয়াৰ পিচত তেওঁ শিক্ষক কেইজনক কিবাকিবি উপদেশ দি দহমান বজাত ঘৰলৈ উলটিল।

 এঘাৰ বজাৰ সময়ত দীনবন্ধু ঘৰ পালেহি। গঙ্গাই তেতিয়া ভাত পানী ৰান্ধি পদূলি ওলাই বাটলৈ চাই আছিল। দীনবন্ধু বেমাৰীৰ ওচৰলৈ গৈছিল বুলি সি জানিছিল, আৰু সেই বাবেই সিও বৰ উদ্বিগ্ন হৈ আছিল।

 ঘৰ পাই দীনবন্ধুৱে কাপোৰ-কানি সলালে আৰু হাত মুখ ধুই ভাত খালে। খোৱা শেষ হলত মুহুদি কৰি এখন্তক বাহিৰত ইফাল-সিফালকৈ কটাই পাটীত পৰিল; কিন্তু তেওঁৰ ভালকৈ টোপনি নাহিল। [ ৮৩ ] দিনৰ ঘটনাৱলী পুনঃ পুনঃ মনত পৰিবলৈ ধৰিলে; কিন্তু কোনো মতেই তাৰ মীমাংসা হৈ নুঠিল।

 ৰাতিপুৱা সোনকালে তেওঁ শোৱাৰ পৰা উঠিল; তেওঁ যোৱাৰ পিচত সভাত কি হ’ল, তাক জানিবলৈ তেওঁ বৰ উদ্বিগ্ন হৈছিল। তেওঁ প্ৰাতঃকৃত্য শেষ কৰি এবাৰ উমাকান্তক বিচাৰি যাবলৈ ওলাল; এনেতে প্ৰভাৱতীৰ পৰা এখন দীঘলীয়া চিঠি পালে। চিঠিত দীনবন্ধুৱে জানিব খোজা সকলো কথাৰ বিস্তৃত বিবৰণ আছিল আৰু দীনবন্ধুৰ যি কাৰণত সভাৰ পৰা যাব লগা হৈছিল, তাৰ সবিশেষ বাতৰিও সোধা হৈছিল; চিঠিখনত এটা আকুলতাৰ ভাব ব্যক্ত হৈ পৰিছিল। সামৰণিত লিখিছিল, — “আপোনাক মই অন্তৰেৰে সৈতে শ্ৰদ্ধা-ভক্তি কৰোঁ; আপুনিও মোক মৰম কৰে; সেই কাৰণে আপুনি মোক আপুনি বুলি সম্বোধন কৰাত কেনেবা কেনেবা লাগে। যদি আপোনাৰ কোনো আপত্তিৰ কাৰণ নাথাকে, তেনেহলে মোক এতিয়াৰ পৰা তুমি বুলি সম্বোধন কৰিলে সুখী হ’ম।”

 চিঠিখন পঢ়ি সভাৰ শেষ ফল জানিব পাৰি দীনবন্ধুৰ বুজিবলৈ বাকী নাথাকিল — কাৰ ষড়যন্ত্ৰত তেওঁ আঁতৰ হ’ব লগা হৈছিল। বিদ্যালয়ৰ সম্পৰ্কৰ পৰা তেওঁক নিলগাই ৰখাই যে সেই মিছা চিঠিৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যৰ লগত যে ষড়যন্ত্ৰকাৰীদলৰ কিবা নীচ স্বাৰ্থ জড়িত আছে, সেইটো তেওঁ অনুমান নকৰি নোৱাৰিলে। তেওঁ বৰ দুখিত হ’ল। তেওঁক আঁতৰ কৰাৰ বাবে তেওঁৰ বিশেষ অসন্তোষৰ কাৰণ নাছিল; কিন্তু তেনে কৰাৰ পৰা যদি স্কুলৰ উদ্দেশ্য সিদ্ধি নহয়, তেনেহলে যে তেওঁৰ বহুদিনীয়া সাধনা অথলে যাব; ভৱিষ্যতলৈকে ৰাইজৰ কাম কৰাত ব্যাঘাত জন্মিব।

 তেওঁ অলপ সময় চিন্তা কৰি প্ৰভাৱতীলৈ তলত দিয়া চিঠিখন লিখিলে। — [ ৮৪ ]

ওঁ

সুচৰিতে,

 তোমাৰ চিঠি পঢ়ি সকলো কথা বুজিলোঁ আৰু সঁচাকৈয়ে দুখিত হলোঁ। এই বিদ্যালয় স্থাপন সম্বন্ধে যে তলে তলে এটা ষড়যন্ত্ৰ চলিছে, তাক বেচকৈ বুজিব পাৰিছোঁ। এই ষড়যন্ত্ৰকাৰী দলৰ নেতা কোন — তোমাক বোধ কৰোঁ নকলেও হ’ব। কালি জানৰ পাৰত কাৰো একো বেমাৰ হোৱা নাছিল, ষড়যন্ত্ৰকাৰীদলে তেওঁলোকৰ গুপ্ত অভিসন্ধি পূৰ্ণ কৰিবলৈ মোক মিছা বাতৰি দি আঁতৰাই পঠিয়াইছিল। মই কালিৰে পৰা তেনে সন্দেহ কৰিছিলোঁ; আজি তোমাৰ চিঠিৰ পৰা সভাৰ শেহ ছোৱাৰ বিবৰণ পালোঁ, তাৰ পৰা মোৰ সন্দেহ সত্য বুলি বুজিবলৈ আৰু একো বাকী নাথাকিল।

 এই ষড়যন্ত্ৰ তোমাৰ, মোৰ আৰু সৰ্ব্বসাধাৰণৰ অমঙ্গল সাধনৰ নিমিত্তে; কিন্তু আমাৰ নিমিত্তে বিশেষ ভয়ৰ কাৰণ নাই। মোৰ ভয় তোমাৰ নিমিত্তে হে, তুমি সকলো বিষয়তে অতি সাৱধানে চলিবা। আৰু এটা কথা কওঁ — হয় তো তোমাৰ মনোমত নহব; কিন্তু বৰ্ত্তমান সময়ত তোমাৰ মঙ্গলৰ নিমিত্তেই সেই কথা কোৱা মোৰ কৰ্ত্তব্য বুলি ভাবিছোঁ — তুমি যেই সেই পুৰুষৰ লগত ঘনিষ্ঠতা নাৰাখিবা মই যদিও স্ত্ৰী-স্বাধীনতাৰ বিৰোধী নহওঁ, তথাপি বৰ্ত্তমান সময়ত আমাৰ দেশত অসীম স্ত্ৰী-স্বাধীনতা থকাৰ ঘোৰ বিৰোধী। দেশ আৰু পাত্ৰ অনুযায়ী সকলো বিষয়ৰ একোটা নিৰ্দ্ধাৰিত সীমা থাকিব লাগিব। যদিও এই বিষয়ে মই গঠন কৰা নিয়ম কেইটা সভাত গৃহীত নহল, তথাপি তুমি তাক পালন কৰি চলিলে মই সন্তোষ পাম। এই সম্পৰ্কত মোৰ বহুতো ক’ব লগা আছে; কিন্তু সিমানবোৰ কথাৰে চিঠি লিখিবলৈ গলে সি এক প্ৰকাৰ চিঠি নহৈ পুথিত পৰিণত হ’ব। সেই দেখি চিঠি দীঘল নকৰি মোৰ হাতে লিখা “ভাৰতীয় নাৰীৰ [ ৮৫ ] স্বাধীনতা” শীৰ্ষক কিতাপখনকে পঠিয়াই দিলোঁ; পঢ়া হলে ঘূৰাই দিবা। এতিয়া দুটামান শাস্ত্ৰৰ বচন তুলি দিওঁ —

১। ঘৃতকুম্ভসমা নাৰী তপ্তাঙ্গাবসমঃ পুমান্ ।
    তস্মাদ্ ঘৃতঞ্চ বহ্নিঞ্চ নৈকত্ৰ স্থাপয়েদ্ বুধঃ ॥
২। মাত্ৰা স্বস্ৰা দুহিত্ৰা ৱা ন ৱিৱিক্তাসনো ভৱেৎ ।
    বলৱানিন্দ্ৰিয়গ্ৰামো ৱিদ্বাংসমপি কৰ্ষতি ॥

 যি প্ৰকৃত সংযমী, তেনে মানুহৰ পক্ষে ওপৰত দিয়া শ্লোক অনাৱশ্যক হ’ব পাৰে, কিন্তু তেনে সংযমী কেইজন?

 আকৌ অকলৈ ফুৰা-চকাতো মোৰ আপত্তি; তাৰ কাৰণ আমাৰ দেশৰ পুৰুষে এতিয়া তিৰুতাক সম্মান কৰিবলৈ পাহৰিলে আৰু তিৰুতাও আত্মৰক্ষা কৰিবলৈ সমৰ্থ নহয়।

 সামৰণিত ইয়াকে কওঁ যে ষড়যন্ত্ৰকাৰীৰ যেনে উদ্দেশ্যই হওক, তুমি ওপৰত কোৱা নীতি-কেইটা মানি চলিলে সিহঁতে সহজে তোমাৰ একো অপকাৰ কৰিব নোৱাৰে, — এয়ে মোৰ বিশ্বাস। তোমাৰ বিশ্বাস যদি বেলেগ ধৰণৰ হয়, তেন্তে মোৰ কবলৈ একো নাই। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যেন তেওঁ তোমাৰ সৰ্ব্বতোভাবে মঙ্গল বিধান কৰে। ইতি।

তোমাৰ শুভাকাঙ্ক্ষী
শ্ৰীদীনবন্ধু 


[ ৮৬ ]
 

দ্বাদশ অধ্যায়

খেম্‌টাৱালী

 আজি গদাধৰ শৰ্ম্মাৰ মদৰ দোকানত বৰ ধুম-ধাম। তেওঁলোকৰ সান্ধ্যসঙ্গীদলক হেনো কাৰ্ত্তিকচন্দ্ৰ ভূঞাই ভোজ দিব। এই উদ্দেশ্যেই দোকানৰ ভিতৰ ফালে থকা চোতালত এখন চন্দ্ৰাতপ তৰা হৈছে। তাৰ তলত সুন্দৰকৈ দলিচা পৰা। ওপৰত “গেচবন্তি” লগোৱা হৈছে, দাঁতিয়ে দাঁতিয়ে চকি সজাই থোৱা হৈছে। খুঁটাত ফুল-পাত, কুকিত ফুলৰ “তোড়া” আৰু চাৰিওফালে গোলাপজলৰ গোন্ধ মলমলাই আছে। এটা গ্ৰামোফোন আৰু এটা হাৰ্ম্মোনিয়মো আনি থোৱা হৈছে।

 যথাসময়ত দলৰ সকলো গোটখালে; সকলোৱেই আন দিনতকৈ বেছি পৰিপাটীকৈ সাজ-পাৰ পিন্ধি আহিছে। কাৰ্ত্তিকচন্দ্ৰই তপেশ্বৰে কোৱাৰ দৰেই নতুন সাজ-পাৰ কৰাই লৈছে, মাত্ৰ তাৰ লগতে কালিৰ বৈঠকত গকুলচন্দ্ৰ উকীলে দিয়া উপদেশ-মতে কোটটোত আগৰ গুদামৰ সলনিত সোণৰ গুদাম লগাই আহিছে আৰু মুখত ‘পাউডাৰ’ খহি আহিছে। তেওঁক অহা দেখিয়েই কেইজনে কৈ উঠিল, — “এৰা, এতিয়া হে মাণিকী-মাকৰ কঁৰীয়া যেন হৈ শুৱাই পৰিছে; আজি দেখি কওকচোন কোনে পাৰে এওঁক ৰূপে-গুণে সাজে-পাৰে জমিদাৰ নহয় বুলি।”

 এই মন্তব্য শুনি কাৰ্ত্তিকচন্দ্ৰৰ যেন এহাত হিয়াচৰি বাঢ়িল। তেওঁ একো নকৈ মাথোন মিচিক মিচিক হাঁহিবলৈ ধৰিলে।

 তাৰ পিচত তেওঁলোকে পূৰ্ব্বৰ দৰেই সন্ধিয়াৰ পান-ভোজন শেষ কৰিলে আৰু নানা প্ৰকাৰৰ কথা পাতিবলৈ ধৰিলে। এনেতে [ ৮৭ ] জকমকীয়া সাজ পিন্ধা এজনী ৰূপহী গাভৰু অলঙ্কাৰৰ ঝন্‌ঝননি সমজুৱাৰ কাণত পেলাই মণ্ডপত প্ৰবেশ কৰিলে। লগত এটা আদহীয়া মানুহ, হাতত এখন বেহেলা। গাভৰুৰ হাতত এটা ডাঙৰ তামোলৰ টেমা। গদাধৰে তেওঁলোকক আগবঢ়াই আনি দলিচাৰ ওপৰত বহুৱালে; লগে লগে আমাৰ মহাত্মাসকলেও দলিচাৰ ওপৰতে বহি তেওঁলোকক মণ্ডলাকাৰে বেঢ়ি ধৰিলে।

 এই গাভৰু এজনী কলিকতাৰ খেম্‌টাৱালী। কোনোবাই তেওঁক দলে-বলে নিমন্ত্ৰণ কৰি আনিছিল। যি আনিছিল তেওঁলোকৰ কাম হৈ গ’ল; এতিয়া উলটি যোৱাৰ আগতে জিলাৰ কোনো কোনো মানুহৰ নিমন্ত্ৰণ ৰক্ষা কৰি অলপ উপাৰ্জ্জন কৰাৰ আশাত এই কেইদিন অপেক্ষা কৰিছে।

 উপস্থিত ক্ষেত্ৰত গোটেই দলটো নিমন্ত্ৰণ কৰা হোৱা নাই। এওঁলোকে আলোচনা কৰি স্থিৰ কৰিলে যে গোটেই দলটো তাতকৈ অকল ওস্তাদটো আৰু খেম্‌টাৱালী জনীক আনিলেই তেওঁলোকৰ কাম চলিব। সেই দেখি হে আমি দলৰ দুজনক মাথোন দেখিবলৈ পাইছোঁ। তেওঁলোকক ডেৰ কুৰি টকাত ৰাতিটোৰ নিমিত্তে অনা হৈছে।

 গাভৰুৱে সভাসদসকলৰ মাজত আয়মেৰে বহি ওঠত হাঁহিৰ ৰং চৰাই আৰু চকুৰে সমজুৱাসকলক পিৰিক-পাৰাককৈ চাই তামোলৰ টেমাটো মেলিলে। ৰাজখোৱাকে প্ৰমুখ্য কৰি ডাঙ্গৰীয়া সকলে চকুকেইটা যিমান পাৰে ডাঙ্গৰকৈ মেলি শ্ৰীমতীৰ বদন-সৰোজ নিৰীক্ষণ কৰিবলৈ ধৰিলে আৰু কলিকতীয়া ৰূপ-সুধাৰ আস্বাদনত নিজ নিজ অস্তিত্ব পাহৰি গ’ল। শ্ৰীমতীয়ে কিছু বেলি হাতেৰে তামোল ঠুৰিয়াই আৰু চকুৰে মন্মথৰ পুষ্পশৰ হানি শেহত এখন তামোল মুখত সুমুৱালে আৰু নাচোনৰ ভঙ্গীৰে বহাৰ পৰা উঠি অঙ্গ-প্ৰত্যঙ্গৰ [ ৮৮ ] বিবিধ পৰিচালনাৰে প্ৰত্যেকক একোখনকৈ তামোল যাচিলে, তামোলকেইখন সকলোৱে আগ্ৰহেৰে চোবালে। সুন্দৰ হাতৰ তামোল যেতিয়া তাত সোৱাদো বেছি। কাৰ্ত্তিকচন্দ্ৰইতো ক’বই নোৱৰা হ’ল, তেওঁ ক’ত আছে!

 শ্ৰীমতীৰ আগমনৰ পিচতে গদাধৰে এখন ৰূপৰ থালত কিছুমান চিগাৰেট সজাই আগত ধৰিছিল। এতিয়া তেওঁ তাৰে এটি মুখত দি লগাই ল’লে; কেই হোপামান মৰাৰ পিচত সকলোকে একোটাকৈ বিলাই দিলে আৰু জুইশলা মাৰি লগাই দিলে। এইবাৰ কাৰ্ত্তিকচন্দ্ৰ এনে উত্তেজিত হৈছিল যে জোকাৰত জুই চিগাৰেটত নালাগি নতুনকৈ ঠুঁটিওৱা গোঁফ কেইডালতে লাগিবলৈ ধৰিছিল। সি যি হওক, সকলোৰে হাঁহি আৰু শ্ৰীমতীৰ কটাক্ষ-মিহলি ভেঙুচালিৰ মাজত দ্বিতীয় বাৰৰ চেষ্টাত কাৰ্ত্তিকচন্দ্ৰৰ চিগাৰেটত জুই লাগিল।

 অলপ পিচতে ৰাজখোৱাই মাত লগালে, — “এতিয়া এটা গান গোৱা হওক; সম্মুখত মধুভাণ্ড লৈ কোনে উপবাস কৰে!”

 ইয়াৰ উত্তৰত শ্ৰীমতীয়ে এক অদ্ভুত ভঙ্গীৰে গাটো নচুৱাই ক’লে, — “ই-ই-স্!”

 এই ভঙ্গীতেই যে আটাইকেইজনৰ হৃৎপিণ্ড কঁপি গল! গকুলচন্দ্ৰ আগৰ ঠাইৰ পৰা হুঁহকি আহি, শ্ৰীমতীৰ গাত গা লগাই বহিল। শ্ৰীমতীয়ে আকৌ আগৰ দৰে গা-জোকাৰণি কেইটামান মাৰি উকীলৰ চকুলৈ কেৰাহিকৈ চাই গভীৰ ভাবে ক’লে, — “যাওক, মিছা আদৰে বুকু নুজুৰায়।”

 উকীল আৰু ওচৰ চাপি শ্ৰীমতীৰ কান্ধত হাতখন থ’লে আৰু শ্ৰীমতীয়েও পূৰ্ব্বৱৎ অঙ্গ-ভঙ্গীৰে অভিমান সূচনা কৰিলে।

 তাৰ পিচত সকলোৰে অনুৰোধ ৰক্ষা কৰি শ্ৰীমতীয়ে হাৰ্ম্মোনিয়মটো চপাই ল’লে, ওস্তাদে বেহেলাৰ কাণ মুচৰিবলৈ লাগিল। সুৰ বন্ধা [ ৮৯ ] হ’লত শ্ৰীমতীয়ে এটা গীত ধৰিলে, সমজুৱাসকলে ভাবাবিষ্ট হৈ শুনিবলৈ ধৰিলে। তেওঁলোকৰ মুখৰ পৰা কিমান প্ৰশংসা আৰু কামনাসূচক ধ্বনি ওলাল তাৰ পুনৰাবৃত্তি কৰা অসম্ভৱ। গীতটো শেষ হ’লত সকলোৱে আৰু এটা আৰু এটা কৰিবলৈ ধৰিলে। শ্ৰীমতীয়ে কিন্তু ভাগৰত ক্লান্ত হোৱা আৰু টোপনিয়ে ধৰাৰ ভাও ধৰি নীৰৱ হৈ ৰল। সমজুৱাৰ অনুৰোধ, আগ্ৰহ আৰু কৰস্পৰ্শৰ উত্তৰত কিছুমান অঙ্গভঙ্গা দেখুৱালে মাথোন।

 উকীলে বেচিকৈ ওচৰ চাপি ক’লে, — “কি হে, টোপনিয়ে ধৰিলে নে কি?”

 শ্ৰীমতীয়ে উত্তৰত এটা হামি মাৰিলে।

 কৃষ্ণকুমাৰে ক’লে, “মই ভাবিছোঁ এওঁৰ লগত নিলাজী বনৰ সম্বন্ধ আছে নে কি? ছুলেই জঁয পৰে, আকৌ নিলগ হলেই মূৰ তুলি কেৰাহি-কেৰাহিকৈ চায়। নহলে দশৰথে কৈকেয়াৰ ৰোহ ভঙা দি ৰোহ ভাঙিব লাগিব নে কি?”

 ৰাজখোৱাই গদাধৰলৈ চাই ক’লে, — “ইমানতো বুজা নাই নে? টোপনি ভাঙিবলৈ দৰবৰ প্ৰয়োজন।”

 ৰাজখোৱাৰ কথা শুনি শ্ৰীমতীৰ মুখত হাঁহিয়ে দেখা দিলে; মুহূৰ্ত্ততে হুইস্কিৰ বটল আৰু গিলাচ উপস্থিত হ’ল। শ্ৰীমতীয়ে বটলৰ পৰা গিলাচত ঢালি এঢোকা খালে; তাৰ পিচত একো গিলাচ প্ৰত্যেকৰে মুখত গুজিলে। সকলোৱে এই সুৰা-সুন্দৰী আৰু কলিকতীয়া সুন্দৰীৰ যুগল-স্পৰ্শ অনুভৱ কৰি নিজৰ প্ৰকৃত অস্তিত্বকেই যেন পাহৰি গ’ল!

 বটলৰ সুৰাৰ লগত অধৰৰ সুধা কেইজনে মিলালে, তাক কোৱাৰ পৰা লাভ নাই। তপেশ্বৰে হলে এটা বঙ্গলা গানৰ এটা কলিকে গাই পেলালে — “তুমি সকলেৰ বধু, তুমি সকলেৰ শুধু, সকলি তোমাৰ।” [ ৯০ ] ইয়াৰ পিচত কেইবাটাও গান চলিল। সমজুৱা সকলক আৰু প্ৰেমৰ ৰাগীয়ে ভালকৈয়ে পীড়িলে; গীতৰ সুৰে সুৰে গন্ধৰ্ব্ব ৰাজ্যলৈ উৰি গৈ অবাধ প্ৰেমৰ স্বপ্ন দেখিবলৈ লাগিল।

 ভোজনৰ সময় হ’লত সকলো পাতে পাতে বহিল। মাছ, মাংস, আলু, পিয়াজ প্ৰভৃতিৰ কিমান বিধ খাদ্য প্ৰস্তুত হৈছিল, কিমান প্ৰকাৰৰ ফল আৰু মিষ্টান্ন সজ্জিত আছিল, তাক বৰ্ণোৱাৰ প্ৰয়োজন নাই। মুঠতে ইয়াকে কলেই হ’ব যে ভোজন চলিবলৈ ধৰিলে। উত্তেজনাৰ বেগত ইটোৱে সিটোৰ আৰু সিটোৱে ইটোৰ পাতৰ পৰা যি পায় তাকে টনা-আজোৰাকৈ আনি আৰু কোনোৱে খামোচে-খামোচে পোলাও, কট্‌লেট জেপত ভৰাই গোটেইখন সানি-পুটকি জগলীমোহনকৈ পেলালে। ৰান্ধনিয়ে দিবলৈ নৌ পাওঁতেই থপিয়াই কিমান আনিলে, তাৰ ঠিক নাই। এনেকৈয়ে ডেৰ ঘণ্টামানৰ মূৰত ভোজনকাৰ্য্য সমাধা হ’ল।

 তাৰ পিচত আকৌ গানৰ মজলিচ বহিল। ইয়াৰ বৰ্ণনা দিবলৈ গলে পুনৰুক্তি দোষত পৰিব লাগিব, সেই কাৰণে, বেচি কথা নকৈ ইয়াকে কলেই যথেষ্ট হ’ব যে, এইবাৰ উত্তেজনা আৰু বলিয়াৰিৰ জোখ আগতকৈও বেচিকৈ চৰিছিল। কাৰ্ত্তিকচন্দ্ৰই মুখেৰে ‘দেহি পদপল্লৱমুদাৰম্’ বোলা নাছিল যদিও, কাৰ্য্যতঃ শ্ৰীমতীৰ পদপ্ৰান্তত সংজ্ঞাশূন্য হৈ পৰিছিল; উকীল গদাধৰ আৰু তপেশ্বৰৰ মুখৰ পৰা নৱৰসযুক্ত বক্তৃতাৰ অনৰ্গল উদগীৰণ হৈছিল; মাজে মাজে অঙ্গ-ভঙ্গীৰ বীভৎসতাৰ মাজে দি তেওঁলোকৰ কলুষিত অন্তঃকৰণৰ দৃশ্য ফুটি উঠিছিল। কৃষ্ণকুমাৰে সকলোকে ঈৰ্ষাৰ চকুৰে চাই উদ্ভিদ্‌তত্ত্বৰ লগত তেওঁলোকৰ কাৰ্য্যকলাপৰ সামঞ্জস্য উলিয়াই কিবাকিবি বকিছিল আৰু একো একোবাৰ শ্ৰীমতীৰ গাত আশ্ৰয় লৈছিল। সৰ্ব্বানন্দ নীৰৱ দৰ্শক; কেতিয়াবাহে তেওঁৰ মুখত উত্তেজনাসূচক শব্দ শুনা গৈছিল। [ ৯১ ] ৰাজখোৱা কিন্তু সকলো তালতে। তেওঁ উকীল আদিৰ দৰেই ব্যৱহাৰ কৰিছিল, কিন্তু সংযত গবেষণাৰ পৰাও একেবাৰেই বঞ্চিত হোৱা নাছিল।

*  *  *  *

 শ্ৰীমতী আৰু ওস্তাদে তেওঁলোকৰ প্ৰাপ্য টকাকেইটা লৈ শেহ নিশা প্ৰস্থান কৰিলে। তেওঁলোক যোৱাৰ পিচত গদাধৰে ক’লে — “হেৰা, আমাৰ স্কুলৰ নিমিত্তে এনেকুৱা এজনী যোগাৰ কৰিব নোৱাৰি নে?”

 ৰাজখোৱা — এনে এজনী যোগাৰ কৰিলেও শিক্ষয়িত্ৰী হ’ব নোৱাৰিব।

 গকুল — কিয়, কিয়? গান শিকাবতো পাৰিব!

 সৰ্ব্বানন্দ — অকল গান শিকালেই তো নহয়!

 তপেশ্বৰ — গান শিকাব পাৰিলেই লিখা-পঢ়াও জানিব, মুঠেই বোৱা-কটা —

 গকুল — Damned your বোৱা-কটা!

 সৰ্ব্বা — হওঁতে হয়, আমাৰ ছোৱালীয়ে বোৱা-কটা ঘৰতে শিকিব পাৰিব, স্কুলত শিকোৱাৰ প্ৰয়োজন নাই।

 গদা — তেনেহলে এনেকুৱা এজনী বিচাৰ কৰিলেই হয়।

 কৃষ্ণকুমাৰ — মই ভাবিছোঁ, অতি সহজে এনে এজনী হে নালাগে দহ জনীৰ যোগাৰ কৰিব পাৰি!

 সকলোৱে — কেনেকৈ? কেনেকৈ?

 কৃষ্ণ — মই ভাবিছোঁ, স্বৰ্গত যে কল্পতৰু বুলি এজোপা গছ আছে, সি অতি সঁচা। সেই গছতে উৰ্ব্বশী, মেনকা, ৰম্ভা, আৰু তিলোত্তমা লাগিছিল। সেই গছৰ পুলি পোখা নিশ্চয় ক’ৰবাত আছে। তাক [ ৯২ ] বিচাৰি উলিয়াব পাৰিলেই তেনে উৰ্ব্বশী, মেনকা আদি থোপাথোপে ওলমি থকা দেখিবলৈ পোৱা যাব। তেতিয়া যিমান লাগে সিমান ছিঙি আনিলেই হ’ল।

 সৰ্ব্বানন্দ — পিচে পালে হে আনিবা।

 কৃষ্ণ — নাপাম কিয়? মই ভাবিছোঁ, কি জানি ঘাই কল্পতৰুও ইয়াতে আছে, আমাৰ এই ডোখৰেই স্বৰ্গ হ’ব পায়।

 ৰাজখোৱা হাঁহি হাঁহি কলে, — “তোমাৰ সহজ উপায়টো মই দেখাত অসম্ভবত পাৰিলগৈ। যি সি কি নহওক, তেনে আলোচনাৰ পৰা লাভ নাই, কিয়নো স্কুলখন আমাৰ অকলৈ নহয়। আমি যাকে তাকে সুমুৱালে বহুতো বেমেজালি ঘটিব। সেই দেখি যি জনী পোৱা গৈছে, তাইকে আমাৰ মনোমত কৈ গঢ়ি লোৱা উচিত। তেতিয়া দুয়োটা উদ্দেশ্য সিদ্ধি হব।”

 তেতিয়া সকলোৱে সেই মতে যত্ন কৰিবলৈ স্থিৰ কৰিলে।


[ ৯৩ ]

ত্ৰয়োদশ অধ্যায়

প্ৰভাৰ শিক্ষয়িত্ৰী-জীৱন

 প্ৰভাৱতী যিটো ঘৰত আছিল, এতিয়াও তাত আছে, মাত্ৰ তাৰ কেৰেয়া স্কুলৰ ভঁৰালৰ পৰা দিয়াৰ ঠিক হৈছে। ওচৰতে এডোখৰ চৰকাৰী মাটিত স্কুল ঘৰ সাজিবৰ নিমিত্তে জিলাৰ বৰ চাহাবৰ অনুমতিও পোৱা হৈছে; কিন্তু সেই কাম হৈ উঠিবলৈ এতিয়াও পলম আছে। এতিয়া অস্থায়ীভাবে ‘থিয়েটাৰ হলতে’ স্কুল পতা হৈছে, ছাত্ৰীও দিনক দিনে দুই এজনীকৈ বাঢ়ি আহিছে। প্ৰভাৱতীয়ে স্কুল ছুটীৰ পিচত মাজে মাজে ইঘৰ সিঘৰকৈ ফুৰি নানা প্ৰকাৰ বুজনি দি ছোৱালী সংগ্ৰহ কৰাত লাগিছে। মুঠতে ছাত্ৰী সংখ্যালৈ চাই স্কুলৰ ভৱিষ্যত আশাপ্ৰদ।

 বিদ্যালয়-স্থাপন স্থিৰ হোৱাৰ পিচ দিনাই ৰম্ভাৱতী লক্ষ্মীকান্তৰে সৈতে প্ৰভাৱতীৰ ঘৰলৈ গৈছিল। প্ৰভাৱতীয়ে ৰম্ভাৰ নাম আৰু শিক্ষাৰ কথা শুনিছিল মাত্ৰ, তাতকৈ বেচি একো নাজানিছিল; সেই কাৰণে এজনী সমবয়স্কা শিক্ষিতা সঙ্গিনী পাই বৰ আনন্দ পালে আৰু দুয়ো সখী বন্ধাবলৈকো বেচি পৰ নালাগিল। দুয়ো দুয়োৰে সাজ-পাৰ, ঘৰ-দুৱাৰ, শিক্ষা-দীক্ষা আদিৰ বিষয়ে কিমান প্ৰশ্ন কৰিলে তাৰ লেখ দিবলৈ মনত ৰখাই অসম্ভৱ। ৰম্ভাই প্ৰভাৰ ঘৰ-দুৱাৰ কাপোৰ-কানি চাই কি কি ছবি আঁৰিলে ঘৰটো শুৱনি হ’ব, কেনেকুৱা সাজ-পাৰ পিন্ধিলে মানুহে দেখি প্ৰশংসা কৰিব ইত্যাদি বিষয়ে প্ৰভাক বহুত উপদেশ দিলে; ঘাইকৈ দুয়ো গোট খাই এখন ‘ফটো’ তোলালে কেনে বঢ়িয়া হ’ব, সেই কথা বাৰে বাৰে ক’বলৈ পাহৰা নাছিল। [ ৯৪ ]  লক্ষ্মীকান্তৰ লগতে প্ৰভাৰ আলাপ পৰিচয় হ’ল।

 প্ৰভাই ক’লে, — “আপুনি ৰম্ভাৰ ককাইদেৱক যেতিয়া মোৰো ককাইদেউ; আশা কৰোঁ, ভনী বুলি ভাবি মৰম-চেনেহ ৰাখিব; বিশেষকৈ প্ৰৱাসত আছোঁহি, আপোন মানুহৰতো কথাই নাই, ভালকৈ চিনাকি মানুহো কেওঁ নাই; আপোনালোকৰ পৰা যেন টানে-আপদে সাহায্য পাওঁ।”

 লক্ষ্মীকান্ত — সেইটোও আৰু ক’ব লাগিছে নে? টানত পৰিলে যেই সেই মানুহক সাহায্য কৰা উচিত, আপোন মানুহৰতো কথাই নাই। তেনেস্থলত তুমি যদি আমাক আপোন বুলি ভাবা, আমি নো তোমাক আপোন বুলি নাভাবিম কিয়?

 তাৰ পাচত আৰু নানাপ্ৰকাৰ কথা আদব-অভ্যৰ্থনাৰ শেহত ৰম্ভা আৰু লক্ষ্মীকান্তই বিদায় ললে। যাবৰ সময়ত বিশেষ অনুৰোধ কৰি প্ৰভাক তেওঁলোকৰ ঘৰত খাবলৈ নিমন্ত্ৰণ কৰি গ’ল।

 প্ৰভাই লক্ষ্মীকান্তৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। কিন্তু তেওঁলোকৰ ঘৰুৱা চাল-চলন, খোৱা-বোৱাৰ কদৰ্য্যতা প্ৰভৃতি দেখি ভৱিষ্যতলৈ তেনে নিমন্ত্ৰণ ৰক্ষা নকৰোঁ বুলি মনতে স্থিৰ কৰি আহিল।

 সেই দিনাৰ পৰা লক্ষ্মীকান্ত কাছাৰী ভাগিলেই বাজে বাজে প্ৰভাৰ ঘৰলৈ আহে আৰু সন্ধ্যাৰ পিচত হে তাৰ পৰা উঠে। ইয়াৰ পৰা তেওঁৰ আন কিবা লাভ হয় নে নহয় ক’ব নোৱাৰোঁ, কিন্তু সদায় প্ৰভাৰ খৰচত যে আবেলিৰ জলপানটো খাবলৈ পায়, সেইটো সঁচা কথা নহয় বুলিবৰ উপায় নাই।

 ৰম্ভা মাজে মাজে আহি প্ৰভাৰ ঘৰত থাকে, কেতিয়াবা দুই-তিন দিন একেলালীয়ে ঘৰলৈ নাযায়েই।

 লক্ষ্মীকান্তৰ এনে ঘন সমাগম দেখি নানা জনে নানা প্ৰশ্ন সোধে; লক্ষ্মীকান্তই তাৰ উত্তৰত কয়, — ‘কি কৰিবা, সহায়-সাৰথি নোহোৱা [ ৯৫ ] ছোৱালী, মোৰ ওপৰতেই নিৰ্ভৰ কৰি আছে; খবৰ-বাতৰি লৈ নাথাকিলে নো কেনেকৈ?

 যি সকল প্ৰশ্নকাৰকৰ লগত লক্ষ্মীকান্তৰ পৰিচয় আছিল, তেওঁলোকে দেখাদেখিকৈ একো নকলেও এই উত্তৰত যে সন্তুষ্ট হোৱা নাছিল সি নিশ্চয়।

 আন পিনে সন্ধ্যাৰ পান-ভোজনৰ অন্তত প্ৰভাৰ ঘৰলৈ অহা গোকুলচন্দ্ৰৰ দৈনিক কৰ্ত্তব্যৰ ভিতৰত পৰিণত হ’ল। আজি কালি তেওঁ ৰম্ভাক পঢ়াবলৈ যাবলৈকো এৰিলে। উকীলৰ আগমনত প্ৰভা সন্তুষ্ট হৈছিল নে অসন্তুষ্ট হৈছিল ক’ব নোৱাৰোঁ; কিন্তু উকীল হলে দিনৌ আহিছিল আৰু দুই-তিনি ঘণ্টা জোৰাকৈ আলাপ কৰি প্ৰায় সদায় ৰাতি দুপৰত ঢলংপলংকৈ ঘৰলৈ উলটিছিল। তেনেকৈ যাওঁতে কেতিয়াবা চাকৰে বিচাৰি নোপোৱালৈকে আলি-খাৱৈ শুৱনি কৰিব লগাও হৈছিল।

 কোনোৱে ভাবিব পাৰে যে স্কুলখন নতুন কৈ পতাৰ কাৰণে চেক্ৰেটাৰী সদায় ভু লবলৈ আহে আৰু তাৰ উন্নতিৰ নিমিত্তে প্ৰভাৰ লগত আলোচনা কৰোঁতে পলম হয়। কিন্তু তেওঁলোকৰ কথা-বতৰালৈ চাই সেই কথা সম্পূৰ্ণ সঁচা যেন নালাগে। তেওঁলোকৰ এদিনৰ আলোচনাৰ গঢ় দেখিলেই বাকী দিনৰ বিষয়েও এটা অনুমান কৰিবলৈ বোধকৰোঁ চল লাগিব।

 প্ৰথম দিনা চেক্ৰেটাৰী গ’লত প্ৰভাই তেওঁক উলহ-মালহকৈ বহিবলৈ দিলে আৰু স্কুলৰ কথাৰ অৱতাৰণা কৰিলে। চেক্ৰেটাৰীয়ে তাৰ লাগ-বান্ধ নোহোৱা দুটামান উত্তৰ দিলে মাথোন। প্ৰভাই ক’লে, — “ছাত্ৰীৰ সংখ্যা যাতে সৰহ হয়, তাৰ বাবে আপোনালোকে কিছু যত্ন কৰিব।”

 চেক্ৰেটাৰী — যাৰ পঢ়িবৰ মন, আপুনি আহিব নহয়। স্কুল পাতি দিছোঁ, এতিয়া আকৌ পঢ়িবলৈকো কাবৌ কৰিব লাগিল নে? [ ৯৬ ]  প্ৰভা — প্ৰথম অৱস্থাত যেই সেই সজ কাম কৰিবলৈ যত্ন কৰিব লাগে; এবাৰ তৰি ল’ব পাৰিলেহে পিচত নিশ্চিন্ত হ’ব পাৰি।

 চেক্ৰেটাৰী — বাৰু আগেয়ে দেখা যাওকচোন কিনো হয়।

 তাৰ পিচত তেওঁ নীৰৱে প্ৰভালৈ চাই থাকিল। বহুত বেলি তেনেকৈ থকাৰ পিচত ক’লে, — “হেৰা, তোমাৰ সাজপাৰবোৰ চকুত লগা নহয় হে। চেমিজটোৰ ওপৰত ৰিহামেখেলা পিন্ধি তেনেই আপচু কৰিছা; পাতল ৰঙচুৱা শাৰী এখন হোৱা হ’লে কেনে ধুনীয়া দেখা গ’লহেঁতেন। ঘাইকৈ ৰিহাখন নলবা; সেইখন মোৰ চকুত বৰ বেয়া লাগে!”

 প্ৰভা — সাজ-পাৰ কেনে হ’ব লাগে, সেইটো পিন্ধোতাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি মোক সেই বিষয়ে কোনো উপদেশ নিদিয়াই ভাল। স্কুলৰ সম্পৰ্কে উপদেশ হে মই আপোনাৰ পৰা আশা কৰোঁ।

 চেক্ৰেটাৰী — তোমাৰ মুখখন যেনে সুন্দৰ, নামটো যেনে মনমোহা, কথাবোৰো তেনে সোৱাদ লগা; কিন্তু তোমাৰ যেনে স্ফুৰ্ত্তি থকা উচিত আছিল, তেনে নাই; মনটো কিছু মৰা। মোৰ মতে তুমি মাজে-সময়ে দুই-এক ‘পেগ’ হুইস্কি খোৱা উচিত।

 প্ৰভা — আপোনাক এইবোৰ কথা লাগিছে কেলেই? স্কুলৰ কেনেকৈ উন্নতি হ’ব, তাৰ চিন্তা কৰক।

 চেক্ৰেটাৰী — তোমাৰ সাজ-পাৰৰ, হাঁহি-ধেমালিৰ উন্নতি হলেই স্কুলৰো উন্নতি হ’ব।

 “বাৰু তেন্তে, এতিয়া যাওক” — এই বুলি প্ৰভা ভিতৰলৈ যাবলৈ উঠিল। প্ৰভাক উঠা দেখি চেক্ৰেটাৰীও উঠিল আৰু আগ বাঢ়ি ক’লে, — “নাযাবা, এখন্তক বহাঁ, নাযাবা”।

 “মোৰ কাম আছে, ৰন্ধা-বঢ়া কৰিব লাগে” — এই বুলি চেক্ৰেটাৰীৰ অনুৰোধ উপেক্ষা কৰি প্ৰভা ৰান্ধনি ঘৰলৈ গ’ল। [ ৯৭ ]  সিমানতো গকুলচন্দ্ৰ প্ৰায় এঘণ্টা সময় অকলৈ বহি থাকি হে উঠিল।

 ইয়াৰ পিচত তেওঁ সদায় আহিবলৈ ধৰিলে আৰু ওপৰত কোৱাৰ নিচিনা কথা-বাৰ্ত্তাও চলিবলৈ ধৰিলে। দিন যিমানেই যাবলৈ ধৰিলে, সিমানেই প্ৰভাও তেওঁৰ কথা শুনাত অভ্যস্ত হৈ আহিল।

 এই দুজন দৈনিক অভ্যাগতৰ বাহিৰেও মাজে মাজে বহুতো মানুহৰ প্ৰভাৰ ঘৰলৈ সমাগম হৈছিল; তাৰ ভিতৰত কৃষ্ণ-কুমাৰ, কমলচন্দ্ৰ, তপেশ্বৰ আৰু গদাধৰ প্ৰধান। এওঁলোকৰ কথা-বাৰ্ত্তা সিমান অসংযত নহয়; তেওঁলোকে স্কুলসম্বন্ধীয় আলোচনাৰ ভিতৰেদিহে প্ৰভাৰ ৰূপ-যৌৱনৰ কাল্পনিক আস্বাদ গ্ৰহণ কৰে। তেনে হোৱাৰ ঘাই কাৰণ হৈছে — তেওঁলোক প্ৰভাৰ তালৈ আহিলে সান্ধ্য-সম্মিলনৰ আগতে আহে। সেই কাৰণেই কিছু প্ৰকৃতিস্থ দেখা যায়। সৰ্ব্বানন্দৰ গৃহিণীৰ লগত অলপ দিনৰ ভিতৰতে প্ৰভাৰ বন্ধুতা জন্মিল আৰু দুয়ো দুয়োৰে ঘৰলৈ আহি গৈ থাকিবলৈ ধৰিলে। সেই দেখিয়েই হ’ব পায়, সৰ্ব্বানন্দ প্ৰভাৰ ঘৰলৈ নাহিছিল; মাজে-সময়ে তেওঁৰ ঘৰতে কথা-বতৰা পাতিছিল মাথোন।

 আৰু এজন মানুহ প্ৰভাৰ ঘৰলৈ প্ৰায়ে আহিছিল, তেওঁ মহেশ্চন্দ্ৰ। তেওঁৰ ঘৰ বঙ্গদেশত, কিন্তু আজি বহুত বছৰ ইয়াতে বাস কৰিছে। তেওঁৰ বিয়া হোৱা আজি তিনি বছৰমান হৈছে, আৰু ঘৈণীয়েকো লগতে আছে। তেওঁৰ আচল ব্যৱসায় হৈছে ‘ফটোগ্ৰাফি’, তাৰ বাহিৰে সঙ্গীত আৰু চিত্ৰবিদ্যাতো তেওঁৰ হাত আছে। তেৱেঁই ৰম্ভাৰ চিত্ৰ আৰু সঙ্গীত-শিক্ষক। তেওঁ কেনেকৈ প্ৰভাৱতীৰ ওচৰ চাপিল, তাক অলপ বহলাই কোৱাৰ প্ৰয়োজন।

 পূৰ্ব্বেই কোৱা হৈছে যে ৰম্ভাই প্ৰথম দিনাই প্ৰভাৰ ওপৰত [ ৯৮ ] ‘ফটো’ তোলাৰ কথা উত্থাপন কৰিছিল। পিচত এই কথা তেওঁ এদিনো পাহৰা নাছিল। এনেকৈ কওঁতে কওঁতে শেহত প্ৰভা ‘ফটো’ তোলাবলৈ মান্তি হয়। ৰম্ভাই ফটো তুলিবৰ নিমিত্তে মহেশ্চন্দ্ৰক মাতি পঠিয়ায়। ‘ফটো’ স্কুলতে তোলা হৈছিল, — এখন প্ৰভাৰ, এখন ৰম্ভা আৰু প্ৰভাৰ, আৰু এখন ছাত্ৰীৰে সৈতে প্ৰভাৰ।

 ইয়াৰ পিচত আজি ‘ফটো’ৰ আৰ্হি দেখুৱাবলৈ, কালিলৈ কেনে “বৰ্ডাৰ” দিব তাক সুধিবলৈ — এই অনুক্ৰমে মহেশ্চন্দ্ৰ প্ৰভাৰ ঘৰলৈ আহিবলৈ ধৰিলে। শেহত ‘ফটো’ৰ কথা এৰি আন কথা-বতৰা পাতি সময় কটাবলৈকো সুবিধা কৰি ললে। প্ৰথমেই এদিন এনেকৈ আৰম্ভ কৰিলে, — “স্কুলত চিত্ৰ আঁকিবলৈকো শিকাব লাগিব নহয়, আপুনি জানো চিত্ৰাঙ্কণ জানে?”

 প্ৰভা — মই যি অলপ-অচৰপ জানো তাকেই শিকাব লাগিব।

 মহেশ — যদি কেতিয়াবা কিবা টান পায়, মোক জানিবলৈ দিব, মই আপোক সাহায্য কৰিবলৈ পালে সুখী হ’ম।

 প্ৰভা — বাৰু যদি কেতিয়াবা তেনে আৱশ্যক হয় তেতিয়া জনোৱা যাব।

 মহেশ — স্কুলত সঙ্গীতো শিকাব লাগিব নহয়; বোধকৰোঁ আপুনি গান বাজনা ভালকৈ জানে।

 প্ৰভা — ভালকৈ জানো বুলি ক’ব নোৱাৰোঁ; তেও দুই এটা গান আৰু গত শিকাব পাৰিম।

 মহেশ — ইয়াতো আপোনাৰ আৱশ্যক হলে মই সাহায্য কৰিব পাৰিম। চাও বাৰু আপোনাৰ হাৰ্ম্মোনিয়মটো আনকচোন।

 প্ৰভাই হাৰ্ম্মোনিয়মটো আনি দিলে। মহেশে এটা গত বজালে। তাৰ পিচত বাদ্যৰ লগত সুৰ মিলাই গাবলৈ ধৰিলে, — [ ৯৯ ]

মনোমোহিনি! প্ৰাণতোষিণি! অৰূপ-ৰূপিণি!
লোৱাঁ মোৰ প্ৰেমময় প্ৰাণ;
প্ৰাণৰ লগৰী বুলি, প্ৰেমৰ লহৰী তুলি,
গোৱাঁ মধু মিলনৰ গান।
(তুমি) বিজুলী-লগত মিলি মাৰা হাঁহি একোবাৰ
ফুৰা নাচি মলয়াৰ আগে আগে অনিবাৰ,
পুৱাতে উষাৰে খেলা, জিৰোৱা দুপৰ বেলা
নিশা ধৰে জোনায়ে যোগান।
ফুলৰ বুকত শোৱা মউটুপি চুহি খোৱা
নিয়ৰত কৰা নিতে স্নান।
মাধৈমালতী তুমি দেহা কোমলতাময়,
আদৰমালতীজুপি ছুলে পৰি যোৱা ভঁয়,
ৰূপত ফুলৰ হাঁহি, সুৰত কাৰ বাঁহী,
নিশ্বাসত কুসুম সুঘ্ৰাণ।
আচলত নাচে তৰা, হাঁহিত অমিয়া ভৰা,
চাৱনত চকে মোৰ প্ৰাণ।
বুৰাম তোমাক নিতে ঢালি ধাৰা প্ৰণয়ৰ,
দিম দিনে দুগালত দুটি চুমা চেনেহৰ,
কোনেও নজনাক’ই হিয়াৰ আঁৰতে লই
দিম মোৰ যি আছে দান।
হোৱাঁ হৃদয়ৰ ৰাণী, শুনোৱাঁ প্ৰেমৰ বাণী,
হওঁ এটি মিলি দুটি প্ৰাণ।

 গীত শেষ হ’লত মহেশে সুধিলে, — ‘কেনে লাগিল?’

 প্ৰভা — ভাল লাগিছে। সাধাৰণতঃ প্ৰণয়-সঙ্গীত মোৰ সিমান ভাল নালাগে; কিন্তু ইয়াত পাৰ্থিব প্ৰেমৰ গোন্ধ নাই, ই এটা [ ১০০ ] আধ্যাত্মিক প্ৰেমৰ প্ৰবাহ, সেই কাৰণেই বেচি ভাল লাগিছে। গানটো কোনোবা কাকতত পোৱা যেন পাইছিলোঁ। ইয়াৰ ৰচক কোন?

 এই প্ৰশ্নটোত মহেশ বিষণ্ণ হল। প্ৰভাই গায়কক ধন্যবাদ নিদি ৰচকক হে দিলে। তেওঁ অলপ চিন্তা কৰি ক’লে, — “তেহেলেই যেয়ে লিখক, ভালকৈ গাব জানিলে যেই সেই গানেই ভাল লাগে। নহয় জানো?”

 প্ৰভাই ক’লে, — “হওঁতে সেইটো হয়।”

 মহেশ — অনুগ্ৰহ কৰি আপোনাৰ গান এটা শুনাব জানো?

 প্ৰভা — এতিয়া সময় নাই আৰু মই ভালকৈ নাজানোও; সেই কাৰণে ক্ষমা কৰিব।

 মহেশ — বুজিছোঁ, আপুনি মোৰ আগত গান গাবলৈ লাজ কৰিছে; কিন্তু আপোনাৰ নিচিনা শিক্ষিতা মহিলাৰ এনে দুৰ্ব্বলতা থকা নিতান্ত অনুচিত। যাৰ মন পবিত্ৰ, সি সকলোতে পবিত্ৰতা দেখিবলৈ পায়।

 প্ৰভাই সঁচাকৈয়ে গান গাবলৈ লাজ কৰিছিল; কিন্তু মহেশৰ কথা শুনি দুৰ্ব্বলতা প্ৰকাশ হোৱাৰ ভয়ত অগত্যা হাৰ্ম্মোনিয়মটো লৈ গীত ধৰিলে :—

অনিত্য জীৱন, অনিত্য যৌৱন,
 মায়াৰ মোহিনী ছলনা।
ত্যাগ অমৰত্ব, মানৱ-মহত্ত্ব,
 ত্যাগতে স্বৰগ-সাধনা।
 নাৰকী গুৰুৰ শুনি ফুচুলনি,
 তেও ডুবে জীৱ ভৱিষ্য নুগুণি;
ভব-জলধিত মজে বান্ধি লই
 গলত বিষয়-বাসনা।

[ ১০১ ]

 কৃপা কৰি প্ৰভু, জ্ঞান-জ্যোতি ঢালি,
 মোহ-অমানিশা গুচোৱাঁ সমূলি,
তুমি কৃপাময়, কৰাঁ জ্যোতিৰ্ম্ময়,
 জগৎ তোমাৰে ৰচনা।

 গীত শেষ হ’লত মহেশে ক’লে — “বেচ সুন্দৰ হৈছে। আপোনাৰ সুৰ বাদ্যৰ লগত সুন্দৰকৈ খাপ খাইছে। কিন্তু গানটোৰ ভাব ভাল নহয়, ই সংসাৰী মানুহৰ উপযোগী নহয়, সন্ন্যাসীৰ হে উপযুক্ত। বাৰু এতিয়া থাকক, মই আপোনাক কেইটামান অতি সুন্দৰ গান গাব আৰু বজাবলৈ শিকাম।”

 মহেশে তেতিয়া সেই দিনাৰ নিমিত্তে বিদায় ল’লে; কিন্তু সেই দিনাৰ পৰা দিনৌ আহিবলৈ ধৰিলে।

 এওঁলোকৰ বাহিৰেও মাজে মাজে বহুতো মতা আৰু তিৰুতা মানুহ প্ৰভাৰ ঘৰলৈ আহি গৈ আছিল। মুঠতে নগৰৰ এচুকত থকা এই প্ৰায় নিৰ্জ্জন ঠাই ডোখৰ প্ৰভাৱতী অহাৰ অলপ দিনৰ পিচতে ভয়ানক জনপূৰ্ণ হৈ উঠিল।


[ ১০২ ]

চতুৰ্দ্দশ অধ্যায়

দীনবন্ধুৰ আহুকাল


 দিন যিমানেই যাবলৈ ধৰিলে, দীনবন্ধুৰ আহুকালাে সিমান বাঢ়িবলৈ ধৰিলে। প্ৰথমতে প্রভাৰ ঘৰলৈ মানুহৰ ঘন সমাগম দেখি, বিশেষকৈ তাৰ ভিতৰৰে সকলােৱে জনা-শুনা চৰিত্ৰহীন কেইজনমানৰ প্ৰখৰ গতি দেখি দীনবন্ধু চিন্তিত হ’ল। পঞ্চচক্ৰত ভগবানাে ভূত হয় বুলি তেওঁ বিশ্বাস কৰিছিল ; সেইবাবে এনে মানুহৰ সংস্পৰ্শত যদি প্রভাৰ মতি-গতিৰ পৰিবৰ্ত্তন হয়, তেন্তে তেওঁৰ অশেষ সাধনাৰ ফল বিদ্যালয়খনি শিক্ষাশ্রম নহৈ পাপাশ্ৰমত পৰিণত হব বুলি তেওঁৰ আশঙ্কা হৈছিল। এই অৱস্থাত কি কৰা উচিত বহুত ভাবিও তেওঁ স্থিৰ কৰিব নােৱাৰিলে। একেটা মাত্র সংস্কাৰৰ উপায় আছিল—পুনৰায় এখন সভা আহ্বান কৰি, নিয়ম-প্রণালীৰ সালসলনি ঘটাই তেওঁ নিজে চেক্রেটাৰীৰ বাৰ লােৱা; কিন্তু তেনে কৰিবলৈ তেওঁৰ ইচ্ছা নাই। কিয়নাে এই সংস্কাৰৰ আৱশ্যকতা দেখুৱাব খুজিলেই বৰ্ত্তমান চালকসকলৰ কাৰ্য্যত দোষ উলিয়াব লাগিব, কিন্তু পৰৰ দোষ খুচৰি উলিওৱা তেওঁৰ স্বভাৱ নহয়। আকৌ তেওঁ নিজে চেক্রেটাৰী হলে, এদল ক্ষমতাপন্ন মানুহ তেওঁৰ বিৰুদ্ধে থিয় দিয়াৰ সম্ভৱ। তেতিয়াও স্কুলৰ ভৱিষ্যৎ উজ্জ্বল হ’ব নােৱাৰিব। ব্যক্তিগত কাৰ্য্যত আনৰ মতামতলৈ অপেক্ষা কৰা যদিও দীনবন্ধুৰ স্বভাৱ নহয়, তথাপি এনে ৰাজহুৱা কাৰ্য্য গাৰ বলেৰে কৰিবলৈ তেওঁ ইচ্ছা নকৰে। এইবােৰ ভাবি-চিন্তি তেওঁ বিমােৰ হৈ পৰিল।

 দ্বিতীয়তে তেওঁৰ আহুকালৰ কাৰণ হ'ল আলহী। আজিকালি [ ১০৩ ] তেওঁৰ ঘৰলৈ ইমান মানুহ আহে যে তেওঁ ঘৰত থকা সময়ত একোকে কৰিব নােৱাৰে। যেতিয়াই তেওঁ ঘৰলৈ আহে, তেতিয়াই দেখে তেওঁৰ চ'ৰাত মানুহ আছেই। এই মানুহবিলাকৰ বেচি ভাগেই কলেজ এৰি আহি ঘৰত বহি থকা ডেকা আৰু কেইজনমান পৈতৃক সম্পত্তিৰ ওপৰত খাই সময় কটাবলৈ উপায় বিচৰা অল্পশিক্ষিত ডেকা-ডাঙৰীয়া। এওঁলােকৰ কেইজনমানৰ লগত দীনবন্ধুৰ আগেয়ে আলাপ-পৰিচয় পৰ্য্যন্ত নাছিল ; কিন্তু এতিয়া তেওঁলােকে দীনবন্ধুৰ ঘৰ খােৱা আৰু শােৱাৰ সময়তহে এৰে। সকলাে সময়তে তেওঁলােকৰ আলােচ্য বিষয় প্ৰভাৱতী ; লগে লগে চেক্রেটাৰী আৰু আন যি সকলৰ শুভাগমন হয় তেওঁলােকৰ বিষয়ে বিবিধ ৰসৰ বিবিধ কাহিনী। দীনবন্ধুৱে প্ৰথমতে এওঁলােকক সাদৰেৰে অভ্যর্থনা কৰিছিল; কিন্তু শেহত তেওঁলােকৰ মতিগতি দেখি তেওঁ অত্যন্ত বিৰক্ত হৈ উঠিল। এদিন তেওঁ স্পষ্টভাৱেই ক'লে,-“ডাঙৰীয়াসকল, আজি মই আপােনালােকক একেষাৰ কথা ক’ব লগাত পৰিলো ; আশা কৰোঁ, তাৰ বাবে মােক খং কৰি বা গালি পাৰিয়েই ক্ষান্ত নহৈ আপােনালােকে অলপ গভীৰভাবে চিন্তা কৰি চাব। আপােনালােকৰ কাৰ্য্যৰ পৰা স্পষ্টকৈ বুজা গৈছে যে খােৱা আৰু শােৱাৰ বাহিৰে আপােনালােকৰ নিৰ্দিষ্ট কৰ্ত্তব্য আৰু একো নাই ; সেই কাৰণেই বাকী সময়খিনি কটাবলৈ উপায় বিচাৰি ফুৰিব লগা হৈছে। নিস্কৰ্ম্মাৰ অন্তৰ পাপ চিন্তাৰে মলিন বুলি আপােনালােকে সদায় শুনি আহিছে। হয় নে নহয় ভাবি চাওক। ইমান দিনে আপােনালােকৰ মুখৰ পৰা পাপকাহিনী আৰু কুৎসিত পৰামৰ্শৰ বাহিৰে এটিমানো পুণ্য কথা, সজ পৰামর্শ ওলাইছে নে? আপােনালােকৰ যথেষ্ট সময় আছে, অথচ কৰিবলৈ কাম নাই। সেই সময় সজ কাৰ্য্য, সজ আলােচনাত নলগায় কিয় ? আজিকালি গাৱেঁ-ভূয়ে কিমান [ ১০৪ ] বেমাৰ-উমাৰ হৈছে। আপোনালোকে আন কৰিব নোৱাৰে, অন্ততঃ ফুৰাৰ লগতে দুই এখন গাৱঁত বেমাৰৰ সময়ত কেনে সতৰ্কতা ল’ব লাগে, তাৰ বিষয়ে মানুহক দুটা উপদেশ দিব পাৰে; স্বাস্থ্যৰক্ষা সম্পৰ্কে দুই-চাৰি কথা বুজাই দিব পাৰে। তাৰ পৰা আপোনালোকৰ কোনো ক্ষতি নহয়, অথচ বহুত মানুহৰ উপকাৰ হ’ব। তাকে নকৰি কাৰ ঘৰলৈ কোন, গল, কোনে কাৰ কাণত ফুচফুচালে, কোনে গান গালে,—এইবোৰ কথাৰ আলোচনা কৰি আপোনালোকে নিজৰেই হওক বা পৰৰেই হওক, কাৰ কি উপকাৰ কৰিবলৈ গৈছে? সেই কাৰণে আপোনালোকক কওঁ – যদি কিবা সজ পৰামৰ্শ, সজ চৰ্চা কৰিবলৈ ঠাই লাগে, তেন্তে মোৰ ঘৰ সদায় মুকলি পাব; কিন্তু কোনোমতেই মোৰ ঘৰক পাপ-উপাসনাৰ ঠাই কৰিবলৈ দিব নোৱাৰোঁ। তদুপৰি মোৰ শাসনত কেইবাটাও ছাত্ৰ আছে; আপোনালোকৰ আদৰ্শই সিহঁতক লক্ষ্যভ্ৰষ্ট কৰাৰ সম্ভাৱনা।

 দীনবন্ধুৰ কথাত বেজাৰ পাই আলহীদল সেই দিনা সোনকালে উঠিল আৰু বাটে বাটে দীনবন্ধুৰ বিৰুদ্ধে বহুত কথা আলচি গ'ল, কিন্তু এজন কি দুজনৰ বাহিৰে বাকীকেইজন পিচদিনাৰ পৰাই আকৌ আহিবলৈ ধৰিলে। আলোচনাও আগৰ দৰেই চলিয়েই থাকিল।

 তৃতীয় আহুকালটো বৰ ডাঙৰ, তাৰ প্ৰকৃত অৱস্থাটো দীনবন্ধুৱে নিজেও ভালকৈ বুজা নাছিল।

 দীনবন্ধু কেতিয়াও পাৰ্থিব প্ৰেমত পৰা নাছিল। তেওঁ কত ঠাইত ফুৰিছে, কত যুৱতীৰ লগত সাক্ষাৎ কৰিছে, কত জনে নিজ নিজ কন্যাৰ 'ফটো’ পঠিয়াই দি বিবাহ প্ৰস্তাৱ কৰিছে, তাৰ সীমা নাই; কিন্তু তেওঁ আজিলৈকে কাৰৰ মুখলৈ মুগ্ধনেত্ৰে চোৱা নাই, কাৰো মুখ দেখি তেওঁৰ অন্তৰত সাঁচ বহা নাই, হৃদয় আলোড়িত হোৱা নাই, কাৰো মুখ এবাৰ দেখাৰ পিচত দ্বিতীয়বাৰ দেখিবলৈ তেওঁৰ আগ্ৰহ জন্মা নাই। বিবাহৰ [ ১০৫ ] বিষয়ে তেওঁৰ মত উমাকান্তৰ লগত আলাপত প্ৰকাশ পাইছে। তেওঁৰ মত আছিল—স্বামী-ভাৰ্যাৰ অস্তিত্ব বেলেগ দেখা গলেও প্ৰকৃততে এক অৱয়বৰেই ভাগ মাথােন। তেওঁলােক য’তে থাকক, পৰস্পৰৰ প্ৰতি অজ্ঞাতভাৱেই এটা আকর্ষণ অন্তর্নিহিত থাকে। যেতিয়ালৈকে ইটিয়ে সিটিক শৰীৰী অৱস্থাত দেখা নাপায়, তেতিয়ালৈকে কল্পনাৰাজ্যত বিচাৰি লয় আৰু সেই মানস-প্রতিমাকে প্রেম বিলাই নিজৰ পূর্ণতা অনুভৱ কৰে। তাৰ পিচত যেতিয়া তেওঁলােকৰ সশৰীৰে সাক্ষাৎ ঘটে, তেতিয়া মুহূৰ্ত্তৰ ভিতৰতে দুয়ােখনি হৃদয় কঁপি উঠে; কল্পনাৰ চিত্ৰ দিঠকত পাই সুপ্ত আকর্ষণ সজাগ হৈ উভয়কে একত পৰিণত কৰে। কেতিয়াবা ঘটনাচক্ৰৰ প্রবল ঠেলাত দুয়ােৰৰ দৈহিক মিলন ঘটাত বাধা জন্মিব পাৰে; কিন্তু আধ্যাত্মিক মিলনে কোনাে বাধা-বিঘিনিলৈ ভয় নকৰে।

 যিদিনা প্ৰভাৱতীৰ লগত দীনবন্ধুৰ প্রথম সাক্ষাৎ ঘটে, সেইদিনা তেওঁৰ প্ৰাণত এটা নতুন ধৰণৰ স্পন্দন হৈছিল; সেই মুখ আকৌ চাবলৈ তেওঁৰ আগ্ৰহ জন্মিছিল, কিন্তু কিয় তেনে হৈছিল, কিয় তেওঁৰ চিৰকলীয়া অভ্যাসৰ পৰিবৰ্ত্তন ঘটিছিল, তেৱোঁ তাক সঠিককৈ বুজা নাছিল। কিন্তু তেওঁৰ অন্তৰত যে সেই দিন কিবা এটা অস্বাভাৱিক আলােড়ন হৈছিল, সেইটো তেওঁ বোধকৰোঁ, অনুমান কৰিছিল। সেইদিনা তেওঁ এই কবিতাটো লিখিলে:—

অতিথি
আজি বসন্তৰ প্ৰথম পুৱাতে

  কিশলয়–কোমল হাতেৰে;
কোনে যেন পৰশিলে দেহা,
  সাৰ পাই উঠিলোঁ ৰঙেৰে

[ ১০৬ ]

সজাগত জুৰালে নয়ন
  দিঠকৰ ৰূপৰ পােহৰে ;
প্রাণ-মন নিলে মােৰ কাঢ়ি,
হলোঁ থৰ পুতলাৰ দৰে!


আহি ধীৰে নবীন অতিথি,
  হৃদয়ৰ মেলিলে কপাট ;
অন্তৰৰ নিভৃত কোণত
  প্রবেশিল,—নীৰৱ নিমাত


ব্যক্ত হ’ল চকুৰ ঠাৰত
  ভাবময়ী প্রাণৰ কাহিনী ;
নিশ্বাসত বাজিল ৰিণিকি
  কি যে আহা ললিত ৰাগিনী !


খেদিবৰ নৰল শকতি,
  নিঝৰ্ৰিণী বলে আবেগৰ ;
চিৰকাল ৰাখিম যতনে
  নৱাগত অতিথি প্ৰাণৰ ।।

 কিন্তু ইমানতেই শেষ নহয়। যদিও তেওঁ কাৰো আগত একো কোৱা নাছিল, যদিও প্রভাক কোনাে প্ৰকাৰ সঙ্কেত দিয়া নাছিল, আন কি, প্রভাৰ লগত তেওঁৰ ঘৰতো সাক্ষাৎ কৰিবলৈ আপত্তি কৰিছিল, তথাপি প্ৰভাৱতীৰ যাতে মঙ্গল হয়, তাৰ নিমিত্তে তেওঁ সকলাে সময়তে চিন্তা কৰিছিল। যদিও প্রাণীমাত্ৰৰেই মঙ্গল চিন্তা [ ১০৭ ] কৰা দীনবন্ধুৰ স্বভাৱ, তথাপি প্রভাৰ বিষয়ে চিন্তাত যেন কিবা অলপ বিশেষত্ব আছিল।

 প্রভাক তেওঁৰ আদৰ্শমতে গঢ়ি তুলিবলৈ তেওঁ যি আশা ৰাখিছিল, হৈ যােৱা ঘটনা তাৰ মাজত সােমােৱাত সেই আশা ক্রমশঃ ক্ষীণ হৈ আহিল। তথাপি কেনেকৈ প্ৰভাক প্রলােভনৰ হাতৰ পৰা ৰক্ষা কৰিব, কেনেকৈ ষড়যন্ত্রৰ হাত এৰুৱাই, প্রভাক অবাটে নােযােৱাকৈ ৰাখিব, তাৰ উপায় উলিয়াবলৈ তেওঁ চিন্তা কৰিবলৈ ধৰিলে। প্রভাক সতর্ক কৰি দিবৰ মনেৰেই তেওঁ সেইদিনা “ভাৰতীয় নাৰীৰ স্বাধীনতা” শীর্ষক কিতাপখন পঠিয়াই দিছিল।

 এমাহমানৰ মূৰত প্ৰভাই কিতাপখন ঘূৰাই দিলে আৰু লগতে এখন চিঠিও পঠিয়ালে। চিঠিখন পঢ়ি দীনবন্ধুৱে এটা হুমুনিয়াহ কাঢ়িলে। চিঠিখন তেওঁৰ কিতাপৰ সমালােচনা মাত্র। দীনবন্ধুৱে ভাবিলে,—প্রভাৰ ঘৰলৈ যােৱা মানুহবিলাকৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ এই চিঠি লিখিছে। চিঠিখনত যিবােৰ কথা আছিল, তাৰ ভিতৰত এই কেইটা প্রধান :—

 (১) “আপুনি স্ত্রী-স্বাধীনতাৰ সীমাটো যিমান ঠেকাই ধৰিছে সি কেতিয়াও যথেষ্ট হ’ব নােৱাৰে। লকলােৱে লগত মাক বাপেক বা ককায়েকক লৈ ফুৰাব নােৱাৰে; তেনেহলে আপােনাৰ মতে তেনে তিৰুতা ঘৰতে সােমাই থাকিব লাগিব নে কি? তাই শিক্ষালাভ কৰিবলৈ নাইবা নিলগত কাম কাজ কৰিবলৈ অনুপযুক্ত নে? যদি নহয়, তেন্তে তেনে তিৰুতা অকলৈ নুফুৰিলে উপায় কি? বিলাতত মত তিৰু সকলাে সমান, তাৰ তিৰু আটাইবােৰ চৰিত্রহীনা নে?

 (২) “বিবাহ সম্পর্কে আপুনি তিতাক যিমানখিনি স্বাধীনতা দিছে, আৰু যিমানখিনি অভিভাবকলৈ থৈছে, সিও মােৰ মতে ঠিক [ ১০৮ ] নহয়। অভিভাবকৰ মত নহলেও শিক্ষিতা ডেকা-গাভৰুৰ বিয়া হবলৈ দিয়া উচিত; বিলাততে তেনে হয়।”

 (৩) “যি মতা মানুহৰ লগত নির্ভীকভাবে কথা পাতিব পাৰে, তেনে তিৰুতাৰ যদি মতাৰ লগত নিভৃত স্থানতাে আলাপ হয়, তথাপি কিবা দোষ ঘটিব পাৰে বুলি মই ভাবিব নােৱাৰোঁ।”

 সামৰণিত লিখিছিল —ঃ“আপােনাৰ পবিত্ৰ চৰিত্ৰ, নিঃস্বার্থ দেশভক্তি প্রভৃতিৰ বাবে সকলােৱে ভক্তি কৰে, ভাল পায়। ময়ো আপােনাক অন্তৰৰে সৈতে ভাল পাওঁ, ভক্তি কৰোঁ। সেই দেখি হে মােৰ মনােভাব স্পষ্টকৈ ব্যক্ত কৰিবলৈ সাহ কৰিছোঁ। যদি তাত কিবা দোষ হৈছে ক্ষমা কৰিব।”

 প্ৰভাৱতীৰ প্ৰথম চিঠি পঢ়ি দীনবন্ধুৱে তেওঁৰ বিষয়ে যেনেকৈ ভাবিছিল, এই চিঠি পঢ়ি তাতকৈ বহুতাে বেলেগ দেখিলে। তেওঁ ভাবিলে নিশ্চয় প্রভাক গকুলচন্দ্র প্রভৃতি ষড়যন্ত্রকাৰীদলে জালত পেলাবলৈ যত্ন কৰিছে; তেওঁলােকৰ বুজনিতেই প্রভাই তেওঁৰ মতৰ বিৰুদ্ধে চলিবলৈ স্থিৰ কৰিছে। কিন্তু প্রভাক তেনেকৈ চলিবলৈ এৰি দিলে হয়তাে তেওঁৰ কিবা অমঙ্গল ঘটিব পাৰে,—পতন হ'ব পাৰে। আন যি হওক, দীনবন্ধুৱে প্ৰভাক ৰক্ষা কৰিবলৈ যত্ন কৰাটো তেওঁৰ কৰ্ত্তব্য বুলি স্থিৰ কৰিলে। প্রভাৰ পত্ৰৰ উত্তৰ স্বৰূপে তেওঁ এই চিঠিখন লেখিলে:—


ওঁ

সুচৰিতে,

 তােমাৰ চিঠি পঢ়ি মােৰ বিশ্বাস হৈছে—তুমি মােৰ কিতাপখন ভালকৈ পঢ়ি চোৱা নাই; ওপৰে ওপৰে অ'ত ত'ত চাইছা মাত্র। [ ১০৯ ] নহলে তুমি এতিয়া কৰা প্ৰশ্ন কেইটা কৰিব নালাগিলহেঁতেন। সেই আটাই কেইটা প্ৰশ্নৰ উত্তৰ তাতে আছে।

 তোমাৰ প্ৰথম আপত্তি—স্বাধীনতাৰ সীমা বৰ ঠেক হৈছে। দেশ, কাল, পাত্ৰ অনুযায়ী যে সেই সীমা ঠেক বা বহল হোৱা উচিত, তাক মই আগৰ চিঠিতে দেখুৱাইছোঁ। তুমি বিলাতৰ স্ত্ৰী-স্বাধীনতাৰ কথা কৈছা, কিন্তু আমাৰ দেশ যে বিলাত নহয়, সইটো পাহৰা কিয়? তাত কেঁচুৱাৰ পৰা বুঢ়ালৈকে সকলো মতা-তিৰুতা একেলগে ফুৰিব পাৰে; যাৰে তাৰে লগত কথা- বতৰা পাতিব পাৰে। সেইকাৰণে তাত একো নতুনত্ব নাই, সি এটা দেশীয় প্ৰথা মাথোন। কিন্তু আমাৰ দেশত মতা-তিৰুতা সদায় বেলেগে থকা, বেলেগে ফুৰা-চকাই নিয়ম; সেইকাৰণে হঠাৎ তাত ব্যতিক্ৰম ঘটিলে সি সকলোৰে চকুত পৰে, আৰু আন পিনে মতা-তিৰুতাৰ তেনে সমাগমৰ প্ৰচলন নথকাত যেয়ে সেয়ে আত্মসংযম কৰিব নোৱাৰে। আকৌ তোমাৰ কথাৰ পৰা যেনে বুজা গৈছে, তুমি বিলাতী স্ত্ৰী-স্বাধীনতাক ঠিক উদঙীয়া গৰুৰ স্বাধীনতাৰ শাৰীত ধৰিছা, আচলতে কিন্তু তেনে স্বাধীনতা কোনো সভা সমাজত নাই। বিলাতৰ ভাল মানুহৰ তিৰুতাই নিজৰ স্বামী বা আত্মীয় মানুহ, নাইবা দাস-দাসী অথবা শৰীৰ–ৰক্ষী লগত নোলোৱাকৈ কেতিয়াও দেশ বিদেশত মুফুৰে। আমাৰ দেশতো যিসকল ব্ৰহ্মবাদিনীয়ে পূৰ্বকালত সভা-সমিতিত যোগ দিছিল, তেওঁলোকেও নিজৰ স্বামী বা আপোন মানুহ লগত লৈহে তেনে কৰিছিল। ইয়াৰ লগতে আৰু এটা কথা মনত ৰখা উচিত যে আমাৰ মানুহ এতিয়া আগৰ দৰে শিক্ষিত নহয়, তিৰুতা দেখিলে সম্মান দেখুওৱা দূৰৰ কথা, যাকে তাকে সকাম দৃষ্টিপাত কৰাহে দেখা যায়। তুমি বিলাতৰ কথা কৈছা, কিন্তু তাৰ অশিক্ষিত [ ১১০ ] নাইবা অসংযত দলৰ স্বাধীনতাৰ পৰা কি কুফল ফলিছে তাক জানা নে? উদঙীয়া গৰুৰ স্বাধীনতাৰ নিচিনা স্বাধীনতা এইদলৰ ভিতৰত আছে আৰু তাৰ লগৰীয়া পাপ-ব্যভিচাৰৰ বিষাক্ত ফলেই বিলাতত অসংখ্য জাৰজাশ্ৰমৰ সৃষ্টি কৰিছে। আমাৰ পুণ্যভূমি ভাৰতক এনে পাপ-পুৰীত পৰিণত কৰিবলৈ কোনো বিজ্ঞলোকে ইচ্ছা কৰিব নোৱাৰে। সেই কাৰণেই মই কৈছঁো, বৰ্ত্তমান সময়ত অন্ততঃ আমাৰ দেশত স্বাধীনভাবাপন্ন মহিলায়ো নিজৰ আত্মীয়-স্বজনৰ অনুপস্থিতিত যেই সেই মানুহৰ লগত ঘনিষ্ঠতা ৰাখি চলা উচিত নহয়। তুমি কৈছা অভিভাবকক লগত লৈ ফুৰোৱা সকলোৰে পক্ষে সম্ভৱ নহয়, কিন্তু তেতিয়া হলেও আত্মৰক্ষাৰ উপযোগী নিয়ম-কাৰণৰ বশবৰ্ত্তিনী হৈ আবুৰ ৰাখি চলিব পাৰি। তুমিও যদি মই বান্ধি দিয়া নিয়মৰ তলতীয়া হৈ চলা, তেনেহলে সেই নিয়ম-বোৰেই তোমাৰ অভিভাবকৰ কাৰ্য্য কৰিব।

 বিবাহ সম্পৰ্কেও মই আগেয়ে কোৱা কথাকে আকৌ কওঁ। বিলাতত বিবাহ বৰ-কন্যাৰ বাছনিমতে বেচিকৈ হয় সঁচা, কিন্তু তাৰ ফলতেই যে বিবাহবিচ্ছেদ আদালত স্থাপিত হৈছে, সিও সঁচা। তাৰ কাৰণ ডেকা-গাভৰুৰ নিৰ্বাচনৰ সময়ত অকল ভোগ-লিপ্সা —ৰূপ-যৌৱনৰ আকৰ্ষণেই আন সকলে দোষ ঢাকি পেলায়। সেই দেখিয়েই বহুত ক্ষেত্ৰত ভোগ-তৃষ্ণাৰ প্ৰথম উত্তেজনা মাৰ যোৱাৰ লগতেই আগেয়ে লুকাই থকা দোষবিলাক জল জল কৰে ওলাই পৰে, আৰু তাৰ ফলতেই আদালতৰ আশ্ৰয় লৈ এৰাএৰি হব লগা হয়। কিন্তু হিন্দু বিবাহ তেনে দুদিনীয়া বান্ধোন নহয়। এবাৰ বিবাহ মন্ত্ৰ পঢ়ি চোৱাঁ সি কিমান উচ্চ! কিমান মহৎ! এই বিবাহে দুটি আত্মাৰ সুকীয়া অস্তিত্ব এক কৰে। সেই কাৰণেই [ ১১১ ] অকল ৰূপ-যৌৱনৰ উন্মাদনাৰ দ্বাৰা পৰিচালিত হৈ বিয়া কৰোৱা উচিত নহয়। এইবোৰ কাৰণতে মই কৈছিলো যে আত্মতৃপ্তি- পৰিচালিত যুৱক-যুৱতীৰ নিৰ্ব্বাচনৰ ওপৰত সংসাৰৰ অভিজ্ঞতা থকা অভিভাবকৰ অনুমোদন অতীব আৱশ্যকীয়। প্ৰকৃত শিক্ষিত আৰু জিতেন্দ্ৰিয় নহলে, নাইবা আধ্যাত্মিক প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত নহলে যুৱক-যুৱতীৰ পাৰ্থিব প্ৰেম বহুতো অনৰ্থৰ মূল নহৈ নোৱাৰে।

 আজি আৰু বেচি কথা নিলিখোঁ। আশা কৰোঁ, মোৰ কথাখিনি তুমি স্থিৰভাবে এবাৰ ভাবি চাবা। ইতি।

তোমাৰ শুভাকাক্ষী
 শ্ৰীদীনবন্ধু।

[ ১১২ ]

পঞ্চদশ অধ্যায়
প্ৰতাৰণা

 দীনবন্ধুৰ চিঠি পঢ়ি প্ৰভাৱতীৰ মনত নানা চিন্তা হবলৈ ধৰিলে; তেওঁ ৰৈ ৰৈ চিঠিখন কেইবাবাৰে পঢ়িলে। কথাবোৰ তেওঁৰ মনত যুক্তিযুক্ত যেন বোধ হয়।

  সেইদিনা দেওবাৰ আছিল। যদিও গকুলচন্দ্ৰ সাধাৰণতঃ সন্ধ্যাৰ পিচত হে প্ৰভাৰ ঘৰলৈ আহে, তথাপি দেওবাৰৰ দিনা কেতিয়াবা পুৱা বেলাও এবাৰ আহে। পুৱা বেলা আহিলে তেওঁক প্ৰায়েই প্ৰকৃতিস্থ দেখা যায়।

  প্ৰভাৱতীয়ে তেতিয়া চিঠিৰ কথা ভাবি আছিল। তেওঁৰ চিন্তা ইমান গভীৰ আছিল যে কেতিয়া গকুলচন্দ্ৰ আহি সোমাল, তেওঁ তাৰ গমকে নাপালে। প্ৰভাক তেনে অৱস্থাত দেখি উকীলে মাত লগালে,-“কি হে? দেখোন তপস্যাত মগ্ন। কাৰ, নিমিত্তে এই তপস্যা?”

  প্ৰভা চক্ খাই উঠি উকীলক বহিবলৈ ক'লে। উকীলে বহাৰ লগে লগে সুধিলে,-“হাতত সেইখন কি?”

 প্ৰভা—কিনো হব! দেখিছেই নহয়, সেইখন চিঠি।

 উকীল—কোনে দিছে?

 প্ৰভা—যেয়ে দিয়ক আপোনাৰ তাত প্ৰয়োজন কি?

 উকীল—তোমাৰেই বা কবলৈ আপত্তি কি?

 প্ৰভা—আপত্তি এয়ে যে এজনৰ চিঠি লৈ আনৰ লগত

আলোচনা কৰা ভদ্ৰতা বিৰুদ্ধ।

[ ১১৩ ]  উকীল—কোনে শিকালে তোমাক এনেবোৰ কথা! নিশ্চয় সেই দীনবন্ধুৱে। সি নিজে ভদ্ৰতাৰ নাম-গোন্ধ নাজানে, আকৌ লোকক ভদ্ৰতা শিকাবলৈ যায়!

 প্ৰভাই বিৰক্তিৰ সুৰেৰে ক'লে,—“আপুনি যে মিছামিছিকৈ লোকক দোষাৰোপ কৰে, ইনো কোন দেশীয় ভদ্ৰতা?”

 উকীল—মিছামিছিকৈ। সেইখন দীনবন্ধুৰ চিঠি নহয় নে? উস্! ইমান দিন তপস্বীৰ ভাও দি, এতিয়া প্ৰেমপত্ৰত ধৰিছে। এনে এটা ভয়ানক মানুহ মই দেখা নাই।

 প্ৰভা—যাৰ মন যেনে সি আনকো তেনে দেখে।

 উকীল—তুমি মোৰ ওচৰত লুকঢুক কৰিবলৈ চেষ্টা কৰিছা কিয়? হাতে হাতে ধৰা পৰিছা, তথাপি ফাঁকি!

  প্ৰভাৰ পেটে-পেটে খং উঠিল। শেহত আত্মসংবৰণ কৰি ক'লে, —“যদিও লোকৰ চিঠি দেখুওৱা ভদ্ৰতা-বিৰুদ্ধ, তথাপি যেতিয়া আপোনাৰ এনে কুৎসিৎ সন্দেহ হৈছে, চাওক এইখন দীনবন্ধুৰ প্ৰেমপত্ৰ।”

 উকীলে চিঠিখন লৈ পঢ়িলে। তাৰ পিচত নীৰৱে চিন্তা কৰিবলৈ ধৰিলে।

 প্ৰভাই ক'লে—“পিচে, প্ৰেমপত্ৰ পঢ়া হ’ল নে?”

 উকীল আগৰ দৰেই চিন্তামগ্ন হৈ থাকিল।

 প্ৰভা-নামাতে দেখোন! কিনো ভাবিছে?

 উকীল-দীনবন্ধুৰ উদ্দেশ্য কি তাকেই ভাবিছোঁ?

 প্ৰভা—চিঠিত নো কি বুজিব নোৱৰা উদ্দেশ্য ওলাল?

 উকীল-দীনবন্ধুৰ নিশ্চয় এটা অসৎ উদ্দেশ্য আছে; নইলে এইদৰে যুক্তিহীন মিছা কথা নিলিখিলেহেঁতন।

 প্ৰভা- মিছা কথা! কোনবোৰ?

[ ১১৪ ]  উকীল—তেওঁ কৈছে উদঙীয়া গৰুৰ স্বাধীনতাৰ নিচিনা স্ত্ৰী- স্বাধীনতাৰ বাবে বিলাতত জাৰজাশ্ৰম থাকিব লগা হৈছে; কিন্তু সেইটো মিছা। আমাৰ দেশত তেনে স্বাধীনতা নোহোৱাতো জাৰজ নোহাৱাকৈ আছে নে? ইফালে যে আমাৰ দেশত ভ্ৰূণহত্যা বেচিকৈ হয়, সেইটো হিচাব কৰকচোন। তেতিয়া হে ধৰা পৰিব ব্যাভিচাৰ ক’ত বেচি। আকৌ বিলাতত যুৱক-যুৱতীৰ নিৰ্ব্বাচন-মতে বিয়া হোৱাৰ পৰা এৰাএৰি হয় বুলিছে; কিন্তু আমাৰ দেশত অভিভাবকৰ বাছনিমতে বিয়া হৈও বহুতৰ ঘৰ গুচি বাঁহতল হৈছে। এৰাএৰি হবৰ সুবিধা হোৱা হ'লে, এইবোৰ মানুহ জানো একেলগে থাকিলহেঁতেন? মুঠতে বিলাতী নিয়মহে সংসাৰৰ উপযোগী। তেওঁ কৈছে যুৱক- যুৱতীয়ে ভৱিষ্যৎ নাভাবি অকল ভোগ-লিপ্সাৰ দ্বাৰা পৰিচালিত হৈ বিয়া কৰিহে পিচত এনেকৈ এৰাএৰি হয় : মই কওঁ সিও ভাল। সংসাৰী মানুহৰ উদ্দেশ্যই হৈছে সুখভোগ। যেনেকুৱা ভোগত যেতিয়া সুখ হয়, তেতিয়া তাকেই সাবটি ধৰা উচিত, আৰু আমনি লাগিলেই এৰি দি নতুন সুখৰ সন্ধান কৰা কৰ্ত্তব্য। একে বিধ আহাৰ সদায় খাই থাকিলে সি আমুৱায়; সেই দেখি ৰুচি বঢ়াবলৈ মাজে মাজে তাৰ সাল-সলনি ঘটাই থাকিলেহে স্বাস্থ্য ভালে থাকে। এই কথাটো আন বিষয়ত প্ৰয়োগ কৰি বিবাহত নকৰাটোৱেই আমাৰ সমাজত ভুল। সেই দেখিয়েই বিলাতৰ মানুহ সুখী, আমাৰ মানুহ সদায় অসুখী আৰু দেখাতেই আধামৰা আধাজীয়া। দীনবন্ধুৰ কথা শুনিলে তুমিও সংসাৰ-মুখৰ পৰা বঞ্চিত হৈ বাঁৰী-বামুণীৰ দৰে জীৱন নিয়াব পাৰিবা মাথোন। মোৰ মতে তেনে জীৱনতকৈ মৰণেই ভাল।

 উকীলৰ কথাত প্ৰভাৱতীৰ পূৰ্ব্ব ভাবৰ কিছু পৰিবৰ্ত্তন হ’ল; তেওঁ কোনো উত্তৰ নিদি মৌন হৈ থাকিল।

 উকীলে আকৌ ক'বলৈ ধৰিলে,-“দীনবন্ধুৰ লগত তুমি কোনো [ ১১৫ ] সম্পৰ্ক নৰখাই ভাল; নহলে বিপদত পৰিবা। তাৰ নিচিনা এটা বক-ধাৰ্ম্মিক দেশখনতে নাই।”

 প্ৰভা-ক’তা মই দেখোন আজিলৈকে তাৰ কোনো চিন পোৱা নাই।

 উকীল—পাবা কেনেকৈ? তোমাৰ চকুত ধূলি দিছে।

 প্ৰভা—মই আপোনাৰ কথা একো বুজা নাই।

 উকীল—তোমাৰ আমাৰ সম্পৰ্কে যে বহুত বেয়া কথা মানুহে কাণাকাণি কৰিছে, সেইকথাতো জানা?

 প্ৰভা—অলপ অলপ শুনিছোঁ।

 উকীল—এইবোৰ কথা কাৰ পৰা ওলাইছে গম পাইছা জানো?

 প্ৰভা—মই কেনেকৈ গম পাম?

 উকীল—মই অনুসন্ধান কৰি জানিব পাৰিছোঁ, এই সকলো কথা দীনবন্ধুৰ পৰা ওলাইছে। সি তাৰ ঘৰত দল গোটাই কিবা এটা ষড়যন্ত্ৰ পাতি এইবোৰ কথা চাৰিওফালে প্ৰচাৰ কৰোৱাইছে।

 প্ৰভা—মোৰ বিশ্বাস নহয়।

 উকীল—তোমাৰ বিশ্বাস নহব পাৰে, কিন্তু কথাটো হলে সঁচা।

 প্ৰভা—তাৰপৰা তেওঁৰ লাভ কি?

 উকীল-লাভ কি কেনেকৈ কম? কিন্তু এইটো হ'লে ক’ব পাৰোঁ যে আমি ইয়ালৈ অহাৰ পৰা তাৰ কিবা এটা স্বাৰ্থত ব্যাঘাত জন্মিছে; সেই কাৰণে সি আমাক আঁতৰাবলৈ নানা উপায় অৱলম্বন কৰিছে। বাহিৰত মিছা কলঙ্ক প্ৰচাৰ কৰি সি আমাক খেদাৰৰ চেষ্টা কৰিছিল, কিন্তু তেনেকৈ তাৰ মনোৰথ-সিদ্ধি কৰিব নোৱাৰি, এতিয়া আকৌ বন্ধুভাবে নানা প্ৰকাৰ মিছা যুক্তি দেখুৱাই আমাক দূৰ কৰিবলৈ উপদেশ দিছে।

 প্ৰভা—বাহিৰত ওলোৱা কথাবোৰ তেওঁ প্ৰচাৰ কৰিছে বুলি

মোৰ মনে নধৰে।

[ ১১৬ ]  উকীল—নধৰিব পাৰে; কাৰণ তুমি বোধকৰোঁ দীনবন্ধুৰ প্ৰেমত পৰিছা; সেই দেখি ওলাই থকা কথাও নেদেখা হৈছা। কিন্তু আমি প্ৰমাণ পোৱা কথা মিছা বুলিম কেনেকৈ?

 উকীলৰ কথা শুনি প্ৰভাই একো নামাতিলে; তেওঁৰ মনত নানা চিন্তা হবলৈ ধৰিলে। সঁচাকৈয়ে দীনবন্ধুৱে এনে কাম কৰিছে নে? চিঠিত তেওঁ যেনে উপদেশ দিছে, তেনে ভাবেই সকলো কথা তেওঁক ভাঙি কোৱা হে উচিত আছিল। যদি তেওঁৰ মনত কিবা সন্দেহ জন্মিছিল, তেনেহলেও সেই সন্দেহৰ কথা স্পষ্টকৈ কৈ তেওঁৰ মতামত প্ৰকাশ কৰা হ'লে হে প্ৰকৃত বন্ধুৰ কাম হলহেঁতেন। তাকে নকৰি তেওঁ এনে নীচ উপায় অৱবলম্বন কৰিছে কিয়? প্ৰভাই কোনটো সঁচা, কোনটো মিছা একোকে স্থিৰ কৰিব নোৱাৰিলে।

 প্ৰভাৰ ঘৰৰ পৰা গৈ উকীলে মহেশ আৰু লক্ষ্মীকান্তৰ লগত কিবা পৰামৰ্শ কৰিলে।

 সেইদিনা মহেশ আৰু লক্ষ্মীকান্তৰ লগতে প্ৰভাৰ সেই একে বিষয়ৰ আলোচনা হ’ল। দুয়োজনে উকীলৰ কথা সম্পূৰ্ণ সমৰ্থন কৰিলে। লগে লগে এনে কিছুমান কথা সাজি-পাৰি প্ৰভাক শুনালে যে প্ৰভাই তেওঁলোকৰ কথা কিছু পৰিমাণে বিশ্বাস নকৰাকৈ থাকিব নোৱাৰিলে। দীনবন্ধুৰ ওপৰত প্ৰভাৰ এটা অভিমান হ’ল; তেওঁ দীনবন্ধুক কিছু টান কথা শুনাই এখন চিঠি লিখিবলৈ ঠিক কৰিলে; কিন্তু মহেশ আৰু লক্ষ্মীকান্তই তেওঁক তেনে কৰিবলৈ মানা কৰিলে। তেওঁলোকে ক'লে যে দীনবন্ধুৰ ষড়যন্ত্ৰৰ কথা প্ৰভাই গম নোপোৱাৰ ভাও ধৰি মনে মনে থকাই ভাল; ধৰা-পৰা যেন দেখিলে দীনবন্ধুৱে হয়তো এনে কিবা ভীষণ উপায় অৱলম্বন কৰিব যে তেতিয়া কাৰো নিস্তাৰৰ উপায় নাথাকিব। মহেশ আৰু লক্ষ্মীকান্তৰ উপদেশ শুনি প্ৰভাই দীনবন্ধুলৈ কোনো চিঠিপত্ৰ নিলিখাকে স্থিৰ কৰিলে।

[ ১১৭ ]


ষোড়শ অধ্যায়
প্ৰত্যাখ্যান

 বালিকা-স্কুল স্থাপন হোৱাৰ পৰা দুমাহমান গ'ল। ইয়াৰ ভিতৰতে বহুত সাল-সলনিৰ আগন্তুক হৈছে।

 ৰম্ভাক এখন বিদ্যালয় পাতি দিবৰ মনেৰে গকুল উকীল, কমল ৰাজখোৱা প্ৰভৃতিয়ে গৱৰ্ণমেণ্টৰ সাহায্য ভিক্ষা কৰি ইতিপূৰ্ব্বেই এবাৰ আবেদন কৰিছিল; কিন্তু গৱৰ্ণমেন্ট ৰাইজৰ আগ্ৰহ নেদেখিলে তেনে সাহায্য কৰিব নোখোজে বুলি উত্তৰ দিলে। লগতে ইয়াকো ক’লে সে ৰাইজে যদি কিছু টকা উঠাই স্কুলখন ভৰিব পাৰে, তেনেহলে গৱৰ্ণমেন্টে আনন্দেৰে সৈতে, যথাযোগ্য দান আগ বঢ়াব। এই উত্তৰ পাই আবেদনকাৰীসকলে এখন ৰাজহুৱা সভা পাতি স্কুলস্থাপনৰ সম্পৰ্কে আয়োজন কৰিবলৈ স্থিৰ কৰিছিল; কিন্তু কৃত- কাৰ্য্য হ’ব নোৱাৰিলে।

 দীনবন্ধুৰ মতেই বেলেগ। চলিত বালিকা বিদ্যালয়ৰ শিক্ষাপ্ৰণালী তেওঁ সমূলি সমৰ্থন নকৰে; সেই দেখিয়েই তেওঁ গৱৰ্ণমেণ্টৰ সাহায্য লবলৈ অনিচ্ছুক। ৰাইজৰ বৰঙনি আৰু স্কুলৰ উৎপন্নৰ ওপৰত নিৰ্ভৰ কৰি চলাব পৰাকৈ বিদ্যালয় পতা হে তেওঁৰ উদ্দেশ্য আছিল; সেই দেখিয়েই তেওঁ তেতিয়া গকুল উকীল প্ৰভৃতিৰ লগত যোগ দিয়া নাছিল। এতিয়া আয়োজন কৰোঁতেও তেওঁ নিজৰ আদৰ্শমতে স্কুলে চলাব পাৰিব বুলিহে তাক হাতত লৈছিল; কিন্তু কাৰ দুৰ্ভাগ্যৰ গুণে ক’ব নোৱাৰোঁ স্কুলৰ লগত তেওঁৰ সম্পৰ্কই নৰ'ল।

 স্কুলৰ কাৰ্যনিৰ্ব্বাহক সমিতি নিৰ্দ্দেশ মতে ৰাইজৰ পৰা উঠা [ ১১৮ ] টকাৰ উল্লেখ কৰি চেক্ৰেটাৰীয়ে আকৌ গৱৰ্ণমেণ্টলৈ আবেদন কৰিলে আৰু পূৰ্ব্বৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দিলে। এই আবেদন পাই এটা স্থায়ী ঘৰ সাজিবলৈ গৱৰ্ণমেন্টে ৫০০০ টান দান কৰিলে আৰু প্ৰভাৰ ঘৰৰ আগত থকা চৰকাৰী মাটি ডোখৰতে স্কুল সাজিবলৈ অনুমতি দিলে। অকল সেয়ে নহয়, প্ৰভা থকা ঘৰটো যি মাটিত আছিল, সেই মাটিখিনিও পট্টাদাৰক মূল্য দি চৰকাৰী কৰি দিলে; ঘৰটো স্কুলৰ ধনেৰে কিনি লোৱা হ'ল। লোকেলবোৰ্ড আৰু মিউনিচিপেলিটিয়েও কিছু কিছু টকা মঞ্জুৰ কৰিলে আৰু মাহেকীয়া সাহায্যৰো প্ৰতিশ্ৰুতি দিলে।

 এতিয়া নিৰ্দিষ্ট ঠাইত ঘৰ সজাৰ যো-যা চলিব লাগিছে। স্কুল আগৰ নিয়মেই চলি আছে, মাত্ৰ কমিটিত স্কুলৰ ডেপুটি ইন্স্‌পেক্টৰক সভ্য ল’ব লগা হোৱাত তপেশ্বৰৰ নাম বাদ পৰিল আৰু জিলাৰ বৰ চাহাব সমিতিৰ সভাপতি নিযুক্ত হল।

 এইবোৰ দেখি শুনি দীনবন্ধু নীৰৱে থাকিল আৰু তেওঁ দলৰ বাহিৰত থকাৰ বাবে অসন্তোষ প্ৰকাশ নকৰি সন্তুষ্টহে হ'ল; আৰু সুবিধা কৰিব পাৰিলেই তেওঁৰ আদৰ্শমতে এখন শিক্ষাশ্ৰম পাতি- বলৈ মনে মনে সঙ্কল্প কৰিলে।

 প্ৰভাৰ ঘৰত মানুহৰ সমাগত পূৰ্ব্বৰ দৰেই। এই বিষয়ে বাহিৰত নানাপ্ৰকাৰ কলঙ্ক-কাহিনী যে প্ৰচাৰ হৈছে, তাত কোন সন্দেহ নাই; কিন্তু দীনবন্ধুৰ লগত সেই প্ৰচাৰকাৰ্য্যৰ অলপো সম্পৰ্ক নাই। চেক্ৰেটাৰী আদিয়ে নিজ নিজ স্বাৰ্থৰ কাৰণে মিছা কথা সাজি কৈছিল। তেওঁলোকৰ উপদেশ মতেই প্ৰভাই সেই দিনাৰে পৰা দীনবন্ধুক একো সোধা নাই।

 এই ঘটনাৰ কিছুদিন পিচত এদিন মহেশচন্দ্ৰ চেক্ৰেটাৰী অহাৰ পিচত প্ৰায় ৰাতি দুপৰত প্ৰভাৱতীৰ ঘৰলৈ গ'ল। প্ৰভাই তেতিয়া [ ১১৯ ] ভাত-পানী খাই শুবলৈ কাৰবাৰ কৰিছিল। হঠাৎ দুৱাৰত শব্দ শুনি তেওঁ দুৱাৰ মেলি দিলে; লগে লগে মহেশচন্দ্ৰ ভিতৰত সোমাই আহিল আৰু প্ৰভাৰ মুখলৈ চাই মিচিকি মিচিকি হাঁহি চকি এখনত বহিত; প্ৰভা ওচৰতে থিয় হৈ থাকিল। অলপ বেলিৰ মূৰত মহেশে ক'লে,-“মই হঠাৎ অহা দেখি বেয়া পালা নে কি?”

  প্ৰভা—বেয়া পোৱা নহয়, কিন্তু অলপ পলম হোৱা হলে মোক লগ নাপালেহেঁতেন; মই শুবলৈ ধৰিছিলোঁৱেই।

 মহেশ—শুবৰ সময়ত আমনি কৰাৰ বাবে ক্ষমা কৰিব। এটা বিশেষ কাৰণত এতিয়াই লগ নধৰিলে নহয় দেখিহে আহিলোঁ।

 প্ৰভা—সি নো কি?

 মহেশ—নতুন কথা বিশেষ একো নহয়। দীনবন্ধুহঁতে আমাৰ বিৰুদ্ধে কি কৰিছে শুনিয়েই আছা।

 প্ৰভা—সেইটো আপোনালোকৰ পৰাই শুনিছোঁ; সেই কাৰণে আপোনালোক যেতিয়াই তেতিয়াই নাহিলেহে মঙ্গল।

  মহেশ—এতিয়া অহা নহা একে কথাই। কথা যিমান ওলাব পাৰে ওলাই গৈছে, বৰং এতিয়া অহা যোৱা বন্ধ কৰিলে মানুহৰ বিশ্বাস বেচি হে হ’ব।

 প্ৰভা—যদি প্ৰতিকাৰৰ কোনো উপায়েই নাই, তেন্তে তাৰ আলোচনাৰ পৰা লাভ কি?

 মহেশ—মোৰ এটা কথা কব লগা আছে।

 প্ৰভা—কি কথা?

 মহেশ—কথাটো হৈছে—মই তোক প্ৰাণ ভৰি ভাল পাওঁ, তুমিও মোক তেনেকৈয়ে ভাল পোৱা; অথচ লোকনিন্দাৰ ভয়ত নিচেই ওচৰত হৈও আঁতৰত থাকিব লগা হৈছে। কিন্তু যিবোৰ কলঙ্ক-কাহিনী মানুহৰ মুখে মুখে হৈছে, তাতকৈ, বেচি আৰু কি [ ১২০ ] লোকনিন্দা হ’ব পাৰে! জাতো যাব, পেটো নভৰিব, ইয়াতকৈ দুখৰ কথা আৰু কিবা আছে নে? সেই কাৰণে মই ভাবিছোঁ বোলো কলঙ্ক যেতিয়া প্ৰচাৰ হৈছে সঁচাকৈয়ে হওক।

 প্ৰভা—আপুনি এইবোৰ কি কৈছে?

 মহেশ—তুমি মোৰ কথা বুজা নাই নে? চোৱাঁ তুমি মই এক; ইমান দিন লোকৰ ভয়ত বেলেগ হৈ আছিলোঁ। কিন্তু এতিয়া লোকেই যেতিয়া লগলগাই দিছে আৰু বেলেগ হৈ থাকোঁ কিয়?

 এইদৰে কৈয়েই মহেশে প্ৰভাৰ হাতত থাপ মাৰি ধৰিলে। প্ৰভাৰ তেতিয়া মুখৰ বৰণ সলনি হ’ল,চকুৰ পৰা ফিৰিঙটি উফৰিবলৈ ধৰিলে। প্ৰভাই এছাৰ মাৰি মহেশৰ হাতটো এৰুৱাই বিজুলী বেগেৰে ভিতৰৰ খোটালিত সোমাল আৰু মাজৰ দুৱাৰ বন্ধ কৰি দিলে। তাৰ পিচত ক’লে,-“আপুনি এই মুহূৰ্ত্ততে ইয়াৰ পৰা আঁতৰ হওক; ভৱিষ্যতলৈ কেতিয়াও এই ঘৰত ভৰি নিদিব। নহলে ফল ভাল নহ'ব।”

  সেই দিনা ৰাতি প্ৰভাৱতীৰ টোপনি নাহিল; নানা চিন্তাত তেওঁ আকুল হৈ পৰিল। বাহিৰত কলঙ্ক, ভিতৰত এই নীচতা। ইয়াৰ ভিতৰত তেওঁৰ প্ৰকৃত পথ কোনটো? একোবাৰ ভাবে যদি ভালে থাকিলেও এনে বদনামৰ হাত সাৰিব নোৱাৰি, তেনেহলে বেয়া হোৱাতেই বা হানি কি? আকৌ ভাবে, পৰে দোষী বুলিলেও মই যদি নিজে দোষ নকৰোঁ, তেনেহলে অন্ততঃ নিজক সান্ত্বনা দিবলৈ বাট থাকিব। এই চিন্তাৰ লগে লগে পুনঃ পুনঃ দীনবন্ধুৰ কথা তেওঁৰ মনত পৰিবলৈ ধৰিলে। দীনবন্ধুও তেওঁৰ শত্ৰু। যি তেওঁৰ আশা ভৰসাৰ স্থল, যাক পুৰুষ-ৰত্ন, বিপন্নৰ বন্ধু বুলি প্ৰভাই দেৱতাৰ শাৰীত ঠাই দিছিল, তেৱোঁ যদি পৰৰ নিন্দা কুৎসা আদি ৰটনাত [ ১২১ ] ব্যস্ত, তেন্তে কাকনো তেওঁ বিশ্বাস কৰিব! দীনবন্ধুৱেই যদি এনে সঙ্কীৰ্ণমনা, তেন্তে আন কোনে তেওঁৰ নিৰ্দ্দোষিতা স্বীকাৰ কৰিব! প্ৰভাই এবাৰ দীনবন্ধুলৈ সকলো কাহিনী বৰ্ণাই এখন চিঠি লিখিব খুজিছিল আৰু তেওঁনো কিয় এনে অসত্য কথা অন্যায়ৰূপে প্ৰচাৰ কৰিছে, তাক সুধিবলৈকো স্থিৰ কৰিছিল। কিন্তু ইমান দিন চিঠি পত্ৰ বন্ধ কৰাৰ পিচত, এতিয়া লিখিবলৈ লাজ লাগিল। অকল সেয়ে নহয়, এই চিন্তাৰ লগে লগে এটা অজ্ঞাত অভিমান ভাবো তেওঁৰ মনলৈ আহিল। প্ৰভাৰ চকুত চকুলো ওলাল। পাটীত পৰি বহুত পৰলৈকে উচুপি উচুপি কান্দিবলৈ ধৰিলে।

[ ১২২ ]

সপ্তদশ অধ্যায়

গােপন পৰামর্শ

গদাধৰ শৰ্ম্মাৰ দোকানত সান্ধ্য সম্মিলন আগৰ দৰেই চলি আছে। কার্ত্তিকচন্দ্ৰক লগ লগােৱাৰ পৰা খৰচৰ বাবেও বিশেষ চিন্তা কৰিব লগা হােৱা নাই। গদাধৰৰ খাতাত কাৰ্ত্তিকৰ নামেই বেচি ভাগ হিচাপ ৰখা হৈছে। বালিকা বিদ্যালয় স্থাপন হবৰে পৰা গকুলচন্দ্র এই মজলিছত অতি অলপ সময় হে থাকে। কমল- চন্দ্ৰ, সর্ব্ব্বনন্দ আৰু কৃষ্ণকুমাৰ গকুলচন্দ্ৰৰ ব্যৱহাৰত অসন্তুষ্ট ; গকুল- চন্দ্ৰয়াে তাৰ গম নােপােৱাকৈ থকা নাই।

 ওপৰত কৈ অহা ঘটনাৰ পিচত এদিন পান-ভােজনৰ শেহত কমলচন্দ্ৰ আৰু কৃষ্ণকুমাৰ সর্ব্ব্বানন্দৰ ঘৰলৈ আহিল। তাৰ পিচত তিনিওজনে আলােচনা কৰিবলৈ ধৰিলে।

 কমলচন্দ্র-পিচে স্কুলখনৰ বিষয়ে কি কৰা যায় ?

 কৃষ্ণ—এৰা, তাকেইতো ভাবিছোঁ।

 সর্ব্বা—কিবা এটা নকৰিলে নহয়; মানুহৰ কথা শুনি আমনি লাগিছে।

 কমল—গকুল উকীলৰ কাণ্ড দেখিছ। তাক ইমান যত্ন কৰি চেক্রেটাৰী পাতিলোঁ, এতিয়া সি আমাৰ খবৰকে নােলােৱাত পৰিল।

 সর্ব্বা—তুমিয়েই হে সকলাে অনর্থৰ মূল। তুমি যদি সেই দিনা ফাকি-ফুক দি তাক চেক্রেটাৰী নাপাতিলাহেঁতেন, তেনেহলে তাৰ কি সাধ্য চেক্রেটাৰী হয়। মই তুমি নিজেই চেক্রেটাৰী হ’বা বুলি ভাবিছিলোঁ; পিচত তাক পতা দেখি অবাক হলো।

 কৃষ্ণ—মই ভাবিছো তেতিয়াই এটা ডাঙৰ ভুল হয়। শাস্ত্রমতে [ ১২৩ ] “লেখনী-পুস্তিকা-কান্তাঃ পৰহস্তগতা গতাঃ।” এতিয়াও স্কুলৰ ভাৰ পৰৰ হাতত দিয়াৰ পৰাই সকলো সুবিধা গ’ল। শহনিত এবাৰ গৰু চৰিবলৈ এৰি দিলে, কেতিয়াবা জানাে ভাল ফল পায়! সেই দেখি সকলো দোষ তােমাৰ গাত।

 কমল—মই জানাে পৰাত তাক চেক্রেটাৰী পাতিছিলো? ৰাইজে দীনবন্ধুৰ নিমিত্তে যেনেকৈ ধৰিছিল, আকৌ আমাৰ ভিতৰতে খােৱা-কামােৰা লগা হ'লে সকলো পণ্ড হ’লহেঁতেন। সেই দেখিহে বােলাে একেবাৰেই হাতৰ পৰা এৰাই যােৱাতকৈ যেনে-তেনে আমাৰ দলতে ৰাখোঁ।

 সৰ্ব্বা—সেইটো যি হ’ল হ’ল ; পিচে এতিয়া কৰা যায় কি ?

 কমল—অইন আৰু কি কৰিম ; যেনে তেনে উকীলক চেক্রেটাৰী ভাঙিব লাগে।

 সৰ্ব্বা—কেনেকৈ ?

 কৃষ্ণ—মই ভাবিছোঁ অতি সহজে সেইটো কাম সিদ্ধি কৰিব পাৰি। পুৰাতত্ব আলােচনা কৰিলে পােৱা যায়, দুৰ্য্যোধনে ভীমক দূৰ কৰিব নােৱাৰি বিহ খুৱাই দিছিল। এতিয়া উকীলৰ মদত বিহ মিহলাই দিলেই সকলো ঠিক হব। শেহত মদ খাই মৰিল বুলি প্ৰমাণ হৈ যাব।

 কমল—সিমান ভয়ঙ্কৰ উপায় নিবিচাৰিলেও হ’ব। আজি কালি প্রায় সকলাে মানুহৰ মুখতে প্ৰভাৱতী, উকীল, মহেশ আৰু লক্ষ্মীকান্তৰ কথা। সেইবােৰ কথাৰ নিয়মমতে বিচাৰ কৰিব লাগে। সৰ্ব্বা—কিন্তু প্রমাণ কৰিব নােৱাৰিলে, তেনে কথা উলিওৱা নিৰাপদ নহয়।

 কৃষ্ণ—মই আৰু এটা উপায় ভাবিছোঁ। পুৰাতত্বমতে দেৱতা সকলে সুন্দৰ-উপসুন্দৰক বলে নােৱাৰি তিলােত্তমাক পঠিয়াই দিছিল। তেওঁক দেখি দুয়াে যুদ্ধ কৰি মৰি থাকিল; তেতিয়া বিনাযুদ্ধে দেৱতাৰ [ ১২৪ ] জয় হ’ল। এতিয়া উকীল আমাৰ যেনে শত্ৰু দীনবন্ধু তাতকৈ চৰা হলেও কম নহয়; তিলােত্তমাৰূপিণী প্ৰভাৱতী আছেই। দুয়ােটাক লগাই দিব পাৰিলেই আমি বহি থাকিয়েই কাৰ্য্য-সিদ্ধি কৰিব পাৰিম।

 কমল—এইবাৰ হলে তােমাৰ বুদ্ধিটো নশলাগি নােৱাৰিলোঁ। ঠিক, এয়েই আটাইতকৈ প্রশস্ত উপায়।

 কৃষ্ণ—মই ভাবিছোঁ, ই তেনে নহৈ নােৱাৰে। শাস্ত্রমতে ইয়াকে বােলে শ্বা-বৰাহ নীতি।

 সৰ্ব্বা—বুদ্ধিটো দেখাত ভাল হলেও কামত লগােৱা উজু নহয়। দীনবন্ধুক সহজে কোনেও বশ কৰিব নােৱাৰে।

 কমল—সেই ময়াে জানাে। সেই দেখিয়েই আমি এতিয়া অলপ বেঁকা বাট বাচি ল’ব লাগিব।

 সৰ্ব্বা—মই এতিয়াও তােমাৰ কথা বুজা নাই।

 কমল-শুনা তেন্তে। মানুহৰ মুখত যিবােৰ কথা শুনা গৈছে সেইবােৰ সঁচা বুলি প্ৰমাণ কৰিব লাগিব। দীনবন্ধুৰ মনত বিশ্বাস জন্মাই দিব পাৰিলেই, তেওঁ তাৰ প্ৰতিকাৰৰ উপায় কৰিব।


 সৰ্ব্বা—কিন্তু বিশ্বাস জন্মাকৈ প্ৰমাণ জানাে কোনােবাই দিব পাৰিব ?

 কমল—মােৰ বিশ্বাস, পৰা যাব। তুমি জানা নহয় স্কুল পাতিবৰ দিনাৰে পৰা ভূতনাথৰ লগুৱাটো তাৰ চকিদাৰ আছিল। পিচে, তাৰপৰা নিয়ম মতে কাম নচলে বুলি কালি চেক্রেটাৰীয়ে খেদাই দি তাৰ সলনি এজনী তিৰুতা ৰাখিছে। ভূতনাথে স্কুলৰ দৰমহাতে এটা লগুৱা পাই আহিছিল; এতিয়া তাক খেদোৱাত তেওঁ বৰ বেজাৰ পাইছে। সেই দেখি তেওঁ গকুল আৰু প্ৰভাৰ কেনেকৈ অপকাৰ কৰিব, তাকে ভাবিব লাগিছে। কালি তেওঁ মােৰ ঘৰলৈ গৈ চেক্রেটাৰী প্রভৃতিৰ বহুতাে বদনাম ক’লে আৰু [ ১২৫ ] এই বিষয়ে বিচাৰ হ'লে তেওঁৰ লগুৱাৰ হতুৱাই যেনেকৈ লাগে তেনেকৈ সাক্ষী দিয়াবলৈ গাত লৈছে।

 সৰ্ব্বা-তেনেহলে ভাল কথাই। আৰু এটা কথা,লক্ষ্মীকান্তক হাতত লব নোৱাৰি নে? তাক যদি কোৱা যায় যে সি আমাৰ শিকনিমতে কাম কৰিলে তাৰ বিৰুদ্ধে ওলোৱা কথা এৰি দিয়া যাব, আৰু শিক্ষয়িত্ৰীৰে সৈতে চেক্ৰেটাৰীৰ দোষ সাব্যস্ত হলে তাৰ ভনীয়েককে কামটো দিয়া যাব, তেতিয়া নিশ্চয় সি আমাৰ কথা শুনিব।

 কমল—ঠিক ধৰিছা, তাৰ পৰা বহুতো কাম হ'ব পাৰে। এতিয়া আমি সিহঁতৰ হতুৱাই কিছুমান কথা সিহঁতে নিজ চকুৰে দেখা বুলি দীনবন্ধুৰ আগত কোৱাব লাগিব।

 কৃষ্ণ—মই ভাবিছোঁ আৰু এটা কাম কৰিব লাগিব। এই সকলোবোৰ বৰ্ণাই এখন বেনামী চিঠি বৰ চাহাবলৈ পঠিওৱা উচিত। যিমান উপায় আটাইবোৰতে হাত দিলেহে এটা নহয় এটাই কাম কৰিব। উদ্ভিদতত্ত্ব মতেও বহুবিধ খেতি কৰিলে এবিধ নহয় এবিধ ভাল হবই। একেবিধ খেতি কৰিলে হল যদি হ’ল,নহল যদি তেনেয়েই গ'ল।

 সৰ্ব্বা—হয়, ময়ো এই কথা সমৰ্থন কৰোঁ। ৰাজখোৱাই এখন চিঠি ভালকৈ লিখি আনিব; মোৰ “টাইপ ৰাইটাৰ” আছে, তাতে “টাইপ” কৰি পঠাব লাগে।

 কমল—বাৰু তেন্তে মই কালিলৈ সেইখন লিখি লৈ আহিম; লগতে সাক্ষীকেইটাৰ হতুৱাই কি কোৱালে ভাল হ’ব তাকো ভাবি-চিন্তি আহিম; তোমালোকেও সেই বিষয়ে ভালকৈ ভাবিবা।

 ইয়াৰ পিচত কমলচন্দ্ৰ আৰু কৃষ্ণকুমাৰ ঘৰঘৰি গ'ল।

সৰ্ব্বানন্দও ভিতৰ সোমাল।


[ ১২৬ ]

অষ্টাদশ অধ্যায়
ভীষণ প্ৰতিজ্ঞা

 বালিকাস্কুলৰ শিক্ষয়িত্ৰীৰ সম্পৰ্কে নানাপ্ৰকাৰ কেলেঙ্কাৰীৰ কথা গোটেই জিলাতে ৰাষ্ট্ৰ হ’ল।

 গকুলচন্দ্ৰই বহুত ভাবি-চিন্তিও কি কৰা উচিত একো স্থিৰ কৰিব নোৱাৰিলে। প্ৰভাৰ তালৈ অহা-যোৱাত যে তেওঁৰ উদ্দেশ্য সাধু আছিল এনে হয়। তেওঁৰ অসংখ্য কুৎসিৎ প্ৰেমৰ কাহিনী নজনা মানুহ কোনো নাই। মোকৰ্দ্দমা লগা তিৰুতাৰ পৰা শিক্ষিত মহিলালৈকে সকলোৱে তেওঁৰ চৰিত্ৰৰ আভাস পাইছে। তেনে স্থলত ইমান দিনৰ সমাগমৰ পিচত প্ৰভাৱতীক পবিত্ৰ কৰি ৰাখিছে বুলি কোনেও বিশ্বাস কৰিব নোৱাৰিছিল।

 কিন্তু যেয়ে যি অনুমান কৰক, চেক্ৰেটাৰীয়ে প্ৰভাৰ বিশেষ অন্যায় একো কৰিব পৰা নাছিল; দিনৌ প্ৰভাৰ বদন দৰ্শন আৰু বাক্যালাপ শ্ৰবণ কৰি আনন্দ লাভ কৰিছিল মাথোন। বহুত দিন অসংযতভাবে আলাপ কৰিছিল সচাঁ, কিন্তু প্ৰভাক স্পৰ্শ কৰিবলৈ সাহ কৰা নাই; প্ৰভাক তেওঁৰ ভোগৰ সামগ্ৰী কৰিবলৈ চেষ্টা কৰিছিল যদিও, কৃতকাৰ্য্য হ’ব পৰা নাই। উকীলৰ মনত সদায় খেলাইছিল যে প্ৰভা বিবাহিতা হোৱা হলে কি জানি তেওঁৰ উদ্দেশ্য সিদ্ধি হোৱা ইমান কঠিন নহ'ল- হেঁতেন। কিবা ঘটনা ঘটি লোক চক্ষুত পৰিলে এতিয়া ঢাকিবলৈ উপায় নাই দেখিহে প্ৰভাই তেওঁক ইমান দিনেও আত্মসমৰ্পণ কৰা নাই। তেওঁ মনে মনে ভাবিলে যদি প্ৰভাৰ এনে কোনোবা [ ১২৭ ] মানুহৰ লগত বিয়া হয়, যি সদায় একে ঠাইতে থাকিব নোৱাৰে, অথচ প্ৰভাই ইয়াতে থাকি স্কুলত কাম কৰাত হকাবাধা নকৰে, তেনেহলেই সকলো সিদ্ধি হ’ব। এফালে কলঙ্কৰ প্ৰচাৰ বন্ধ হব আৰু আনফালে তেওঁৰ মনোৰথ পূৰ্ণ কৰিবলৈকো চল লাগিব। কেনেকৈ এই কাৰ্য্য হৈ উঠিব তাক তেওঁ একেৰাহে চিন্তা কৰিবলৈ ধৰিলে।

  আজি কেইদিনমান ৰাজহুৱা পাঠাগাৰলৈ উকীলৰ সমাগম হৈছে। যদিও সাধাৰণতঃ তেওঁ বাতৰি-কাকত নপঢ়ে আৰু নলয়ো, তথাপি এই কেইদিন ৰাজহুৱা পুথি ভঁড়ালৰ আটাইকেইখন বাতৰি কাকতকে ওলটপালটকৈ চোৱা দেখিবলৈ পোৱা গৈছে। এইদৰে চাই থাকোঁতেই এদিন এখন কাকতত তেওঁ কিবা এটা পালে; তেওঁৰ মুখত আনন্দৰ জেউতি দেখা গ'ল। লাইব্ৰেৰিয়ানক কৈ তেওঁ কাকতখন হাতত ললে আৰু পোনে-পোনেই প্ৰভাৰ ঘৰলৈ আহিল।

  উকীলে বহিয়েই মাত লগালে,—“পিচে তোমাৰ কথা চাৰিওফালে কেনেকৈ বিয়পিছে, শুনিছা নহয়?”

  প্ৰভা—শুনিছোঁ।

  উকীল—মই অনুসন্ধান কৰি নিভুলকৈ জানিছোঁ, এই সকলোবোৰ সেই ভণ্ড-তপস্বী দীনবন্ধুৰ কাম।

  প্ৰভাই একো নামাতিলে, যেন তেওঁৰ অন্তৰত হাজাৰ হাজাৰ বৃশ্চিকে দংশন কৰিছিল।

  উকীলে ক'লে,—“পিচে এতিয়া কি কৰা যায়?”

  প্ৰভা—কিনো কৰিম!

  উকীল—মই ভাবি চিন্তি এটা উপায় পাইছে।'

  প্ৰভা—কি? [ ১২৮ ]  উকীল—কাৰবাৰ লগত তোমাৰ বিয়া হোৱাৰ বাহিৰে আন উপায় নাই।

  প্ৰভা—বিবাহৰ নিমিত্তে মোৰ ইচ্ছা নাই।

 উকীল—ইচ্ছা নহলেও ইচ্ছা কৰিব লাগিব। আৰু মনোমত পাত্ৰ পালে, তোমাৰ তেনে অনিচ্ছাৰ কাৰণো নেদেখোঁ। উপযুক্ত মানুহৰ লগত বিয়া হ'লে তুমিও সুখী হ’বা, আৰু এই কেলেঙ্কাৰী- বোৰ দূৰ হ’ব। নহলে আৰু আন উপায় নাই। দীনবন্ধুৱে যেতিয়া তোমাৰ অপকাৰ কৰিম বুলি লাগিছে, ইয়াৰ বাহিৰে আন কোনো উপায়েৰে তোমাক ৰক্ষা কৰিব নোৱাৰোঁ।

 আকৌ প্ৰভাৰ মুখত এটা বিষাদৰ জ্বালাময় চিন বিৰিঙি পৰিল; অলপ পৰ নীৰৱে চিন্তা কৰি ক'লে,—“বাৰু বিয়া কৰাবলৈ মান্তিয়েই হ'লোঁ, কিন্তু মনোমত পাত্ৰ যে পোৱা যাব, তাৰ স্থিৰতা কি?”

 “এইখন চোৱাঁ” বুলি উকীলে হাতত লৈ অহা বাতৰিকাকতখন মেলি তাত থকা জাননী এখন দেখুৱালে। জাননীখন ইংৰাজীত লিখা, অসমীয়াত সি এনেকুৱা হ'ব—

পাত্ৰী আৱশ্যক

 “পাত্ৰ—লণ্ডনৰ ইনাৰ টেম্পোলৰ পৰা চনন্দ পোৱা বেৰিষ্টাৰ, অলপতে বিলাতৰ পৰা ঘূৰি আহিছে। কুলত কায়স্থ, ধৰ্ম্মত হিন্দু, কিন্তু তেওঁ জাতি বিভাগ নামানে; এক ঈশ্বৰ ভিন্ন কোনো দেৱ- দেৱীক বিশ্বাস নকৰে। আৰ্থিক অৱস্থা ভাল; পৈতৃক জমিদাৰীও আছে।

 “পাত্ৰী—স্বাধীনভাবাপন্না, শিক্ষিতা আৰু সুন্দৰী হ'ব লাগিব, সঙ্গীতত বিশেষ ব্যুৎপত্তি থাকিব লাগিব। ধৰ্ম্মত হিন্দু হলে যেই সেই জাতৰ হ'লেই হ’ব। [ ১২৯ ]  “পুঃ—বিবাহৰ পিচত বৰ আমেৰিকালৈ যাবৰ কথা আছে। বিলাতী চাল-চলন ভালকৈ জনা থাকিলে তেওঁকো লৈ যোৱা হ'ব, নহলে যতে তেওঁ থাকিবলৈ ইচ্ছা কৰে, তাতে ৰাখি সুশিক্ষাৰ বন্দৱস্ত কৰা হ’ব। পাত্ৰ আমেৰিকাৰ পৰা ঘূৰি আহোঁতে এবছৰমান লাগিব।

শ্ৰীৰমণীমোহন দত্ত, বাৰ্-এট্‌ল।
কলুটোলা স্ট্ৰীট, কলিকতা।”

 জাননীখন পঢ়ি প্ৰভাই বহুত পৰ ভাবিলে; কিন্তু কি কৰিব একো ঠিক কৰিব নোৱাৰি ক'লে—“আপুনি মোক কি কৰিবলৈ কয়?”

 উকীল—মই কওঁ—তুমি বিবাহ কৰিবলৈ ইচ্ছুক বুলি তেওঁলৈ এখন চিঠি লিখাঁ। তাত তোমাৰ সবিশেষ বিবৰণ দিবা, আৰু বিয়া হৈ যোৱাৰ পিচতে ইয়াতে স্কুল চলাব খোজা বুলি লিখিবা। তাৰ লগতে ইয়াকো লিখিবা যে তেওঁ আমেৰিকালৈ গলে ইয়াতে তোমাৰ শিক্ষাৰ বন্দৱস্ত কৰি দিব লাগিব। যদি তোমাৰ কথাত তেওঁ মান্তি হয়, তেনেহলে তেওঁ আহিব, তেতিয়া দেখি শুনি যি ভাল লাগে কৰি থাকিবা।

 প্ৰভাৱতীয়ে ভাবি চিন্তি চাই যি হয় কৰিম বুলি কৈছিল; কিন্তু উকীল নানা প্ৰকাৰ বুজনিত বিলম্বত কাৰ্য্য়নাশ বুলি বুজি তেতিয়াই লিখোঁ নিলিখোঁকৈ লিখি দিলে। ময়ে ডাকত দি যাম বুলি উকীলে চিঠিখন জেপত ভৰাই লৈ বাহিৰ ওলাল। যাবৰ সময়ত কৈ গ'ল, —“যদিহে এই মতে কাম হয়, তেতিয়া দেখিম ভণ্ড-তপস্বীৰ মায়াজাল কলৈ যায়!”

 উকীল গ’লত প্ৰভাৰ মনটো অতি অস্থিৰ হৈ পৰিল। তেওঁ [ ১৩০ ] কামটো ভাল কৰিলে নে বেয়া কৰিলে নিজেই একো নুবুজিলে। বিশেষকৈ শিক্ষালাভৰ নিমিত্তে একান্ত আগ্ৰহ থাকিলেও সেই অচিনাকি মানুহজনৰ পত্নী হবলৈ তেওঁৰ সমূলি ইচ্ছা জন্মা নাই। তেওঁৰ তেতিয়া চিঠিখন ঘূৰাই আনিবলৈ মন গৈছিল; চিঠিখন উকীলে লৈ নোযোৱা হ'লে তেওঁ তাক ডাকত নিদিলেহেঁতেন। ভাবনাত তেওঁৰ কপালৰ ঘাম বৈ গ'ল; তেওঁ ঘাম মচি মচি বাৰাণ্ডালৈ ওলাই আহিল। বাৰাণ্ডাৰ পৰা দেখা পালে সেই ধীৰ, উজ্জ্বল, প্ৰশান্ত দীনবন্ধুৰ মূৰ্ত্তি। তেওঁৰ চকুলো ওলাল; কিবা এটা আবেগত তেওঁ কঁপিবলৈ ধৰিলে; থিয় হৈ থাকিব নোৱাৰি মাটিতে বহি খুটাত আঁউজি ৰ'ল।

 ইয়াৰ অলপ পিচতে লক্ষ্মীকান্ত আহিল আৰু প্ৰভাক তেনে অৱস্থাত দেখি সুধিলে,—“প্ৰভা, কি হৈছে তোমাৰ?”

 প্ৰভা—একো হোৱা নাই।

 লক্ষ্মী—নিশ্চয় কিবা এটা হৈছে। তুমি মোৰ ওচৰত লুকুওৱা। নে প্ৰভা? মই যে তোমাৰ নিমিত্তে সদায় চিন্তা কৰি আহিছোঁ, তুমিওতো ইমান দিন মোক আপোন বুলি বুদ্ধি-ভৰসা লৈ আহিছা। আজি কিয় মোক নিলগ কৰিছা প্ৰভা? তোমাৰ দুখ-সুখৰ কথা মোৰ পৰাও গোপনীয় নে?

 প্ৰভাই তেতিয়া সেই দিনাৰ সকলো কথা ভাঙি-ছিঙি ক'লে। শুনি থাকি লক্ষ্মীকান্তৰ মুখ বিবৰ্ণ হ’ল, উশাহ ঘন হৈ আহিল। কৰুণ সুৰেৰে ক'লে,-“তেনেহলে তুমি সেই বঙালীটোলৈ যাবলৈ স্থিৰ কৰিলা?”

 প্ৰভা—নাই কৰা।

 লক্ষ্মী—তেনেহলে চিঠি লিখিলা কিয়?

[ ১৩১ ]  প্ৰভা—উকীলেও ক'লে, ময়ো মানুহৰ অন্যায় অত্যাচাৰ দেখি খং আৰু বেজাৰত লিখি পেলালোঁ।

 লক্ষ্মী—যদি সেই মানুহটো বিয়া কৰাবলৈ আগ বাঢ়ে?

 প্ৰভা—তেতিয়া বহুতো উপায় ওলাব। চিঠিতো আৰু বিয়া নহয়, মানুহ দেখা শুনাৰ পিচত হে কথা। সময়ত তাৰ দিহা হ’ব। আকৌ যদি তেওঁ আন ঠাইত ঠিক কৰে, তেনেহলে ভাবিবই নালাগে।

 লক্ষ্মী—সঁচাকৈয়ে তুমি তাক গ্ৰহণ নকৰা নহয়? সঁচাকৈয়ে কোৱাঁ প্ৰভা, মোক ফাঁকি নিদিবাঁ।

 প্ৰভা-কাৰ্য্যত কি হয় দেখা পাবই; এতিয়া ব্যস্ত হব প্ৰয়োজন কি?

 লক্ষ্মী—তোমাৰ প্ৰয়োজন নাথাকিব পাৰে, কিন্তু মোৰ বিশেষ প্ৰয়োজন আছে।

 প্ৰভা—কি?

 লক্ষ্মী—কি প্ৰয়োজন তুমি এতিয়াও সুধিছা। মই থকাত তুমি চকু মুদি থাকা নে? হায়! তুমি মোক এতিয়াও নুবুজিলা। তুমি যে মোৰ হৃদয়ৰ মণি, জীৱনৰ আলো প্ৰভা। যিদিনা তোমাৰ সেই মনোহৰ মুখখনি দেখিছোঁ, সেইদিনাৰ পৰাই তোমাৰ দুৱাৰত পৰি আছোঁ, তোমাৰ মধুময় নামটি মোৰ জপৰ মন্ত্ৰ হৈছে। তেনেস্থলত তুমি মোক নিলগাই থৈ এক নিচিনা নজনা বঙালৰ ওচৰত আত্মসমৰ্পণ কৰিলে মই প্ৰাণ ধৰি থাকিব পাৰোঁ নে প্ৰভা?

 প্ৰভা—তুমি এনে কুৎসিত ভাব মনত লৈ মোক তোমাৰ ভনীয়েৰাৰ শাৰীত ঠাই দিছিলা। এয়ে নেকি তোমাৰ ভনীয়ে- ৰাৰ প্ৰতি ব্যৱহাৰ?

 লক্ষ্মী—তুমিতো মোৰ ভনী নোহোৱা। তোমাৰ লগত যেতিয়া

মোৰ কোনো তেজৰ সম্পৰ্ক নাই, আমাৰ মিলনত বাধা কি?

[ ১৩২ ]  প্ৰভা—তোমাৰ পত্নী বৰ্ত্তমান থাকোতে তোমাৰ এনে কথা। শুনিবলৈকে আপচু হৈছে।

 লক্ষ্মী—পুৰুষৰ একাধিক বিবাহ আমাৰ দেশত সদায় চলি আহিছে, ইয়াত কোনো নিন্দাৰ কথা নাই। তাতে মই মোৰ তিৰুতাৰ পৰা সুখ পোৱা নাই।

  প্ৰভা—আৰু মই শুনিছো, তোমাৰ তিৰুতা এতিয়া পাটী এৰিব নোৱৰা অৱস্থাত। খোৱা-লোৱাৰ দুখত, তোমাৰ অত্যাচাৰ- উৎপীড়নত তেওঁৰ এই অৱস্থা।

  লক্ষ্মী—কিন্তু তুমি জানানে প্ৰভা, এই সকলোৰে মূল কোন? তোমাৰ নিমিত্তেই তাইৰ এই অবস্থা। তাই তোমাৰ মোৰ মিলনৰ বাটত কাঁইট হৈ থিয় দিব বুলিয়েই তাইক আঁতৰাবৰ চেষ্টা কৰিছোঁ। প্ৰভা, জগতত মোৰ এনে কোনো প্ৰিয় বস্তু নাই, যাক তোমাৰ নিমিত্তে বিসৰ্জ্জন দিব নোৱাৰোঁ।

 প্ৰভা—ছিঃ, ছিঃ! কি ঘৃণা! এনে কথা উচ্চাৰণ কৰোঁতেও তোমাৰ জিভা আড়ষ্ট হোৱা নাই। তুমি তোমাৰ নীচ প্ৰবৃত্তি চৰিতাৰ্থ কৰিবৰ নিমিত্তে বিবাহিতা পত্নীক হত্যা কৰিব খুজিছা। ইয়াতকৈ আৰু পৈশাচিক কাম কি হ’ব পাৰে।

 লক্ষ্মী—তুমি এতিয়াও মোৰ অন্তৰ নুবুজিলা! তাত যে, তোমাৰ নামৰ বাহিৰে আৰু একো নাই। তুমি মোক দয়া কৰা প্ৰভা!

 প্ৰভা।—তুমি যদি এতিয়াই গৈ তোমাৰ পত্নীৰ ওচৰত সকলো কথা কৈ ক্ষমা প্ৰাৰ্থনা কৰা, তেন্তে তোমাক আগৰ দৰেই চিৰকাল জ্যেষ্ঠ ভ্ৰাতাৰ শাৰীত ৰাখিম। যদি নকৰা, তেন্তে আজিৰ পৰা মোৰ

ঘৰত ভৰি নিদিবা—এয়ে মোৰ শেষ কথা।

[ ১৩৩ ]  লক্ষ্মী—কিয় তুমি ইমান নিষ্ঠুৰা হৈছা প্ৰভা? মই তোমাৰ ভৰিত পৰিছোঁ, মোক দয়া কৰাঁ, নহলে মোক হত্যা কৰাঁ।

 প্ৰভা—এনে পাপীক হত্যা কৰাই হওঁতে উচিত; কিন্তু নকৰোঁ, ইয়াকে মাথোন কওঁ—যেন সেই পাপ-মুখ আকৌ মই দেখা নাপাওঁ।

 লক্ষ্মী—প্ৰভা, এতিয়াও সময় আছে, এতিয়াও তোমাৰ কথা উঠাই লোৱাঁ। নহলে—মনত ৰাখিবা ইয়াৰ পৰিণাম অতি ভয়ানক হ’ব। তুমি জানানে মই ইচ্ছা কৰিলে কি ভয়ঙ্কৰ হ’ব পাৰোঁ?

 প্ৰভা—তাৰ নিমিত্তে প্ৰভাৱতীয়ে ভয় নকৰে।

 তৎক্ষণাৎ ভীষণ মূৰ্তি ধৰি লক্ষ্মীকান্তই প্ৰভাৱতীৰ গালৈ চোঁচা ল’লে। প্ৰভাৱতী থিয় হ’ল; কিন্তু অলপো লৰচৰ নকৰি দীপ্তা সিংহীৰ দৰে গর্জ্জি উঠিল,—“সাৱধান! আৰু এখোজো আগ নাবাঢ়িবি। মোৰ চুলিৰ আগ ছুবলৈকো তোৰ শক্তি নাই। তোৰ পাপ মুখত পদাঘাত কৰি ধৰ্ম্মৰক্ষা কৰিবৰ শক্তি প্ৰভাৱতীৰ আছে।

  প্ৰভাৱতীৰ মূৰ্ত্তি দেখি লক্ষ্মীকান্ত থমক খাই ৰ'ল, আৰু কিবা এটা ভাবি ততালিকে ঘৰৰ পৰা ওলাই গ'ল। যাবৰ সময়ত কৈ গ’ল,—“প্ৰভাৱতী, মনত ৰাখিবি মই লক্ষ্মীকান্ত। আজিলৈকে তোৰ পৰম মিত্ৰ আছিলোঁ, আজিৰ পৰা তোৰ পৰম শত্ৰু বুলি জানিবি। মই যদি তোৰ সৰ্ব্বনাশ কৰিব নোৱাৰোঁ তেন্তে মই আইৰ জহুৰা

পুতেক। চাওঁ বাৰু, কোনে তোক ৰক্ষা কৰিব পাৰে!


[ ১৩৪ ]


ঊনবিংশ অধ্যায়
সফল স্বপ্ন

 আজি-কালি গকুলচন্দ্ৰ ৰম্ভাক পঢ়াবলৈ নাযায়, কেতিয়াবা কেতিয়াবা ফুৰিবলৈ গৈ দুই এঘণ্টা আলাপ-প্ৰলাপত কটায় মাথোন। মহেশ কিন্তু আগৰ দৰেই সদায় নিয়ম মতেই যায়। আজি-কালি আৰু এজন ডেকাক ৰম্ভাৰ লগত দেখা যায়, তেওঁ দিনে-ৰাতিয়ে লক্ষ্মীকান্তৰ ঘৰতে থাকে। শুনা যায়—এওঁৰ লগত ৰম্ভাৰ বিয়া হ’ব।

 ডেকাজনৰ নাম ইন্দ্ৰনাথ দাস। তেওঁৰ বাপেকৰ নাম কৃষ্ণচন্দ্ৰ। কৃষ্ণচন্দ্ৰৰ বয়স যেতিয়া প্ৰায় দুকুৰি তেতিয়া তেওঁৰ ভাৰ্য্যাই এটি পুত্ৰ আৰু এটি কন্যা থৈ ইহলীলা সম্বৰণ কৰে। লৰাটোৰ নাম ভূতনাথ আৰু ছোৱালীজনীৰ নাম সুমিত্ৰা। তেওঁৰ পৰিয়ালত এজনী গাভৰু লিগিৰী আছিল; সন্তান দুটিৰ পালনৰ ভাৰ তেতিয়া তাইৰ ওপৰতে পৰিল। পত্নীহীন কৃষ্ণচন্দ্ৰৰ সংসাৰৰ সকলো ভাৰ এই দাসীয়ে মূৰ পাতি ল'লে, আৰু তাৰ ফলতেই কিছু কালৰ পিচত তাই এটি সন্তানৰ জননী হ’ল। এই সন্তানটিয়েই ওপৰত নাম লোৱা ইন্দ্ৰনাথ।

 কৃষ্ণকান্ত আৰু সেই দাসীৰ মৃত্যুকাল পর্য্যন্ত ইন্দ্ৰনাথ ককায়েকৰ লগতে আছিল; কিন্তু তেওঁলোকৰ মৃত্যুৰ পিচত ককায়েকে তেওঁৰ ঘৰৰ পৰা খেদাই দিয়ে। তাৰ কাৰণ কেইবাটাও—প্ৰথমতে ইন্দ্ৰনাথৰ চৰিত্ৰ সৰুৰে পৰা ইমান জঘন্য হৈ উঠিছিল যে তাৰ পৰাই গোটেই ঘৰোৱাহৰ অশান্তি হৈছিল; দ্বিতীয়তে ইন্দ্ৰনাথ লগত থাকিলে আগৰ

কথাবোৰো সজীৱ হৈ থাকিব।

[ ১৩৫ ]  ইন্দ্রনাথে ডেৰকুৰি টকা দৰমহাত লােকেল বােৰ্ডৰ মহৰীৰ কাম কৰিছিল। তেওঁৰ ধুন-পেচ আহাৰ-বিহাৰাদি এনে আছিল যে সেই কেইটা টকা কেনি উৰি যায়, তেওঁ ক’বই নােৱাৰে। ঘৰৰ খৰচ সম্পূৰ্ণৰূপে ককায়েকেই চলাব লগাত পৰিছিল । এতিয়া খেদা খাই তেওঁৰ না-জল না-থল হ’ল; ইফালে হাতততা পইচা নাই।

 ইন্দ্ৰনাথৰ লগত ৰম্ভাৰ বহুতদিনীয়া চিনাকি। স্কুলত পঢ়োঁতেই দুয়ােৰে চিঠিৰ চলাচল আছিল; এবাৰ দুয়াে গােট খাই পলাইছিলাে। বহুত বিচৰাৰ পিচতহে ধৰা পৰে। তেতিয়াৰে পৰা ইন্দ্ৰনাথে ৰম্ভাৰ লগত গােপনহে সাক্ষাৎ কৰিছিল।

 যিদিনা লক্ষ্মীকান্ত প্ৰভাৱতীৰ ওচৰত অপমানিত হৈ ঘৰলৈ গৈছিল, সেই দিনা ইন্দ্ৰনাথাে অলপ আগতে ৰম্ভাৰ ওচৰলৈ গৈছিল। দুয়াে আলাপ কৰি বহি থাকোতেই লক্ষ্মীকান্ত গৈ ঘৰ সােমাল।' সাধাৰণতঃ লক্ষ্মীকান্ত সিমান সােনকালে ঘৰলৈ নাযায়, আজি হঠাৎ গৈ ধৰা পেলােৱা দেখি দুয়াে সশঙ্কিত হৈ উঠিল। ইন্দ্রনাথ যাবলৈ উঠিল ; এনেতে লক্ষ্মী- কান্তই ক'লে,-“ইন্দ্রনাথ, তােমাৰ লগত মােৰ বহুতাে কথা আছে।”

  ইন্দ্র—কি কথা?

 লক্ষ্মীকান্তৰ ইঙ্গিতমতে ৰম্ভা ভিতৰলৈ গ'ল । ইন্দ্রনাথে কি কৰিব স্থিৰ কৰিব নােৱাৰি থিয়তে ৰ'ল, আৰু লক্ষ্মীকান্তই যদি আক্ৰমণ কৰে, তেন্তে কি কৰিব তাৰ নানা উপায় মনতে জুকিয়াবলৈ ধৰিলে। এনেতে লক্ষ্মীকান্তই ক'লে—“মই যিমান দূৰ বুজিছোঁ এনেকে লুকাই লুকাই দেখা কৰাত তােমালােকৰ উদ্দেশ্য শুভ নহয়।”

 ইন্দ্রনাথ নীৰৱ। তেওঁ লক্ষ্মীকান্তৰ উদ্দেশ্য একো বুজা নাছিল।

 লক্ষ্মী—মই এতিয়া জানিব খােজোঁ, তােমাৰ উদ্দেশ্য কি? তুমি ৰম্ভাক বিয়া কৰাব খােজা নে মাজে মাজে শুকাই চুৰকৈ লগ পাব খােজা। [ ১৩৬ ]  ইন্দ্র—বিয়া কৰাবলৈ মই ৰাজি আছোঁ; তােমালােকৰ আপত্তি নাথাকিলে মােৰ কোনাে আপত্তি নাই।

 লক্ষ্মী—ভাল কথা সেয়ে হওক। লুকঢুক কৰি চলাতকৈ দেখাকৈ লগ লােৱাই ভাল।

 ইন্দ্রই ইমানতাে লক্ষ্মীকান্তৰ কথাখিনি প্রকৃত নে ব্যঙ্গসূচক ভালকৈ বুজিব নােৱাৰিলে। তথাপি বুজা নুবুজাৰ মাজতে ক'লে,-“সেই বিষয়ে মােৰ কবলৈ একো নাই, সকলো তােমালােকৰ ওপৰতে নিৰ্ভৰ কৰে।”

 লক্ষ্মী—কিন্তু এটা কথা। বিয়া হ'লেওতো থাকিবলৈ ঘৰ, আৰু খাবলৈ ভাত লাগিব। তুমি দৰমহা পােৱা ডেৰকুৰি, তাৰে দুটা মানুহ কেৰেয়া ঘৰত থাকি কেতিয়াও চলিব নােৱাৰা ; সেই দেখি অলপ চিন্তা কৰাৰ প্রয়ােজন। ৰম্ভা শিক্ষিতা ছােৱালী, এঠাইত এখন স্কুলত শিক্ষয়িত্রী হ’ব পাৰিলেই নিজৰ খৰচ নিজে উলিয়াব পাৰিব। মই এটা কথা ভাবিছো,যদি কিবা উপায় কৰি প্ৰভাৱতীক খেদাব পৰা যায়, তেনেহলে সেইটো কামকে ৰম্ভাক দিয়াব পৰা যাব আৰু থাকিবলৈকো এটা ভাল ঘৰ পােৱা যাব।

 ইন্দ্র—কিন্তু তাকে কৰা যায় কেনেকৈ? মইতাে একো কৰিব নােৱাৰোঁ। হওঁতে এটা উপায় আছে। আমাৰ ঘৰৰ চাকৰটোৱে স্কুলত চকিদাৰৰ কামাে কৰিছিল। আমি মাথােন তাক খাবলৈ দিছিলোঁ, দৰমহা স্কুলৰ পৰা পাইছিল। পিচে কেতিয়াবা ঘৰৰ কামত লাগি থাকোঁতে স্কুললৈ যােৱাত পলম হয়। এই অপৰাধতে তাক সিদিনা কামৰ পৰা বৰ্খাস্ত কৰিলে। তাক হাতত ল’ব পাৰিলে মােৰ মনেৰে বহুতাে কাম হ'ব।

 লক্ষ্মী—মােৰ বিশ্বাস তুমি তাক যিহকে কৰিবলৈ কোৱা তাকে কৰিব। [ ১৩৭ ]  ইন্দ্ৰ—কিন্তু ককাইদেউৰ পৰা মই এতিয়া বেলেগ; সেই কাৰণে মই তাৰ হতুৱাই একো কৰোৱাব নোৱাৰিম। তুমি ক'লে ককাইদেৱেই যি কৰিব লাগে কৰিব। চাকৰটো খেদাবৰ পৰা তেওঁ চেক্ৰেটাৰী আৰু প্ৰভাৱতীক কেনেকৈ খেদাব, তাৰ চেষ্টাতেই ঘুৰিব লাগিছে।

 লক্ষ্মী—হয়নে? তেনেহলে কোনো চিন্তা নাই। সেই কাৰ্য্যৰ ভাৰ ময়েই ললোঁ। কিন্তু তুমি আন এটা কাম কৰিব লাগিব।

 ইন্দ্ৰ—কি?

 লক্ষ্মী—উকীল আৰু প্ৰভাৰ নামে কিছুমান বিজ্ঞাপন প্ৰচাৰ কৰিব লাগিব। লিখোঁতে বিশেষ সাৱধান হোৱা আৱশ্যক যাতে আখৰ দেখি কোনেও লেখকক চিনিব নোৱাৰে। জাননী ওলালে বহুতে মোক সন্দেহ কৰিব পাৰে; সেই দেখি তাত মোৰ হাতৰ আখৰ থকা উচিত নহয়।

 ইন্দ্ৰ—সেইটো সহজে কৰিব পাৰি; কিন্তু মই ইয়াত থাকিব নোৱাৰিম। কালিলৈ কোনোবা এফালে যাম বুলি ভাবিছোঁ।

 লক্ষ্মী—কিয়?

 ইন্দ্ৰ—ককায়ে বেলেগাই দিয়াৰ পৰা মোৰ থকা-মেলাৰ বৰ অসুবিধা হৈছে; সেই কাৰণে এমাহৰ ছুটী লৈ এবাৰ ঘূৰি আহিব খুজিছোঁ; কি জানি ক'ৰবাত কিবা সুবিধা কৰিব পাৰোঁ।

  লক্ষ্মী—তাৰ কোনো আৱশ্যক নাই। এটা সিদ্ধান্ত হৈ নুঠে মানে তুমি ইয়াতে থাকি কাম কৰিব পাৰিবা।

  ইন্দ্ৰনাথৰ আনন্দৰ সীমা নোহোৱা হ'ল। ইমান সহজে যে তেওঁৰ অভিলাষ পূৰ্ণ হ’ব, তাক তেওঁ সপোনতো ভাবিব পৰা নাছিল। তেওঁ ভাবিলে বিয়া হওক বা নহওক, সম্প্ৰতি থাকিবলৈ ঠাই পোৱা, তাকে আকৌ ৰম্ভাৰ লগত পোৱাতকৈ তেওঁ কি বেচি সৌভাগ্য কল্পনা কৰিব পাৰে। তেওঁৰ মনত এটা হেন্দোলনি উঠিল; এক মুহূৰ্ত্তৰ আগেয়ে [ ১৩৮ ] জড়বৎ নিশ্চল হোৱা প্ৰবৃত্তিবিলাক আকৌ সজীব হৈ উঠিল। তেওঁ অন্তৰেৰে সৈতে লক্ষ্মীকান্তৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে।

 সেই দিনাৰ পৰা ইন্দ্ৰনাথ লক্ষ্মীকান্তৰ ঘৰতে আছে, ৰম্ভাৰে সৈতে প্ৰেমৰ সফল স্বপ্ন দেখি অতীত-ভৱিষৎ পাহৰি গৈছে। আজি যেন তেওঁৰ দৰে সুখী কোনো নাই; তেওঁৰ মনোৰথ সিদ্ধিৰ মিত্তেই যেন সকলে ব্যস্ত—সকলো সম্মিলিত। ৰম্ভাৰ মনত আনন্দৰ সীমা নাই।

[ ১৩৯ ]
 

সাধনা
দ্বিতীয় খণ্ড

[ ১৪১ ]
সাধনা
দ্বিতীয় খণ্ড

প্ৰথম অধ্যায়
দুৰ্গা-পূজা

 আমি এবাৰ আগেয়ে কতিৰাম ওৰফে, কাৰ্ত্তিকচন্দ্ৰৰ ঘৰ দেখি আহিছে; এতিয়া আকৌ এবাৰ তেওঁৰ ঘৰৰ ফালে ফুৰি অহাৰ আৱশ্যক হৈছে। এইবাৰ যাবলৈকো সুবিধা আছে, কাৰণ তেওঁৰ ঘৰত দুৰ্গা-পূজা পাতিছে।

 কাৰ্তিকচন্দ্ৰৰ মূৰত দুৰ্গা-পূজাৰ বায়ু কেনেকৈ সোমাল, তাৰ বুৰঞ্জীটোও এই খিনিতেই কৈ থোৱাই ভাল। বঙালীবিলাকে বাৰোৱাৰী পূজাৰ নিমিত্তে য’ৰে তৰে পৰা বৰঙনি তুলিছিল আৰু ঢাকা নে কলিকতাৰ পৰা এজনী “বাই” আনিবলৈ ঠিক কৰিছিল। তাকে দেখি ৰাজখোৱাকে আদি কৰি ডাঙৰীয়াসকলে আনক বৰঙনি দিয়াতকৈ তেওঁলোকৰ ভিতৰতে এজনী “বাই”ৰ বন্দৱস্ত কৰা উচিত বুলি বিবেচনা কৰিলে। কাৰ্ত্তিকচন্দ্ৰই ক'লে,—“ঠিক তাহানিৰ সেই জনী, নহলেও তেনেকুৱা এজনী হ'ব লাগিব, তেতিয়া যি খৰচ পৰে মই অকলৈ দিম।”

 কাৰ্ত্তিকৰ কথাত সকলোৰে আনন্দৰ পাৰ নোহোৱা হ'ল। [ ১৪২ ] বাজখােৱাই কলে,—“তুমি মনেৰে সেই জনীৰ বাহিৰে আৰু কাকো দেখা নাই; সেই হে তাইকে শলাগিছা। এইবাৰ এনে এজনী আনিম, আগৰ জনী যাৰ ভৰি এটাৰাে যোগ্য নহয়। আমি ঢাকা বা কলিকতাৰ পৰা নানাে ; একেবাৰেই লক্ষৌৰ পৰা আনিম। তুমি ঠিক খৰচ দিবা নহয় ?”

 কাৰ্ত্তিক—কৈছো নহয় দিম বুলি।

 ৰাজখােৱা—কিন্তু খৰচ বােধ কৰো এহেজাৰৰ কম নহ'ব।

 সৰ্ব্বা যিমান লাগে তেওঁ দিম বুলিছে নহয়।

 কাৰ্ত্তিকচন্দ্ৰই বৰ বেচি হ’লে এশমান টকা খৰচ হ’ব বুলি ভাবিছিল ; এতিয়া ইমান সৰহীয়া টকাৰ কথা শুনি মূৰ খজুৱাই খজুৱাই ক'লে,— “এহেজাৰ টকা!”

 গকুল—কলিকতাৰ পৰা আনিলেই লাগে হেজাৰ টকা। লক্ষ্ণৌৰ ‘বাই’ হেজাৰ টকাত পালে সস্তাহে বুলিব লাগিব।

 তপেশ্বৰে কলে—“আমাৰ কাৰ্ত্তিকচন্দ্ৰ সিমান পৰি মৰা মানুহ নহয়।”

 গদাধৰ—ইতাে আৰু সদায় কৰিবলগীয়া খৰচ নহয়; এবাৰ কৰিলেই শেষ হৈ গ'ল।

 কৃষ্ণকুমাৰ—মই ভাবিছোঁ উৰ্বশীক পাবৰ নিমিত্তে দণ্ডীৰজাই ৰাজ্যৰ আশা পৰ্যন্ত এৰিছিল ; তেনেস্থলত এহেজাৰ টকানাে কি বস্তু!

 সৰ্ব্বা—তােমালােক ইমানবােৰ কথা লাগিছে কেলেই। তেওঁ দেখােন কেতিয়াবাই দিবলৈ গাত লৈছে।

 কাৰ্ত্তিকচন্দ্ৰই আগৰ দৰেই মূৰ খজুৱাই খজুৱাই ক'লে,-“কিনো কম? দিব লাগিব আৰু।”

 বাজখােৱা—কিন্তু অকল বাই-গানকে পাতিলে দহে দহ কথা শুনাৰ, সেই কাৰণে চুৰ্চ্চুৰীয়াকৈ পূজা এভাগাে কৰি থ'ব পাৰিলে ভাল। [ ১৪৩ ]  গকুল—তাত জানাে খৰচ নলগাকৈ থাকিব?

 ৰাজখােৱা—বেচি আৰু কি খৰচ লাগিব! যিমান কম দামত পাৰি প্ৰতিমা এখন আনি পূজা কৰিবলৈ বামুণ এটাক দহ-পােন্ধ টকামানত ঠিকা দি দিলেই হ’ল। পূজা যেনেকৈ হওক, তাত আমাৰ লাভ-লােকচান নাই। সেইটো মাথােন আমাৰ বাই’ পুজাৰ ঢাকোন।

 কাৰ্ত্তিক—বলি লাগিব নে নালাগে ?

 সৰ্ব্বা—গােসাঁনীক লাগক বা নালাগক আমাকতো লাগিব। দিনৌ অন্ততঃ একোটা পাঠা নহ'লে ক’ত চলিব ?

 তপেশ্বৰ—সেয়েই ভাল। আমাৰো ভােজ হ’ব, বলিৰো নাম হ'ব।

 গােকুল—“বাই”ৰ খৰচ ভূঞাই দিব, পূজাৰ খৰচটো তেনেহলে বৰঙনি তুলি গােটোৱা যাক।

 কৃষ্ণ—মই ভাবিছো বাৰীৰ ভিতৰত যিমান ভাল শস্য নাথাকক ঢাপটোহে আগেয়ে মানুহৰ চকুত পৰে। এতিয়াও "বাইজীৰ" খৰচ যেয়ে দিয়ক, পূজা পাতোঁতাৰ হে নামটো হ'ব।

 ৰাজখােৱা—ময়াে তাকেই ভাবিছে। আমি বৰঙনি তুলি পূজা পাতিলে ভূঞাৰ প্রতি অন্যায় কৰা হ'ব। তেওঁ এহেজাৰকৈ টকা দিব, অথচ অলপীয়া টকাতে আমাৰ নামটো হ'ব। ধৰিবলৈ গ'লে পূজাতনাে কেইটা টকা খৰচ পৰিব!

 গদা—তেনেহলে পূজা ভাগাে ভূঞায়েই পাতক।

 ৰাজখােৱা—মই সেই বিষয়ে একো নকওঁ; সেইটো ভূঞাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ যদি কয় বােলে এনেয়েও খৰচ কৰিম, তেনেয়েও খৰচ কৰিম, সাপ মাৰি নেগুৰত বিষ থওঁ কিয়, তেনেহলে আমি জোৰ নকৰোঁ। হওঁতে আমাৰ নিজৰ সুবিধালৈ চালে, বৰঙনি তুলি পূজা পতাহে ভাল। [ ১৪৪ ]  সৰ্ব্বা—এৰা হয়, কি কোৱা ভূঞা? পিচত আকৌ ক’বা বোলে সিহঁতে কেইটামান টকা দিয়েই মোৰ নামটো লুকুৱালে।

 তপেশ্বৰ-মই দেখাত তেৱেঁই পূজাটো পতাহে ভাল, তেতিয়া হ’লে গাৱেঁ–ভূঁয়ে তেওঁৰ নাম ৰৈ—বৈ যাব।

 কাৰ্ত্তিক—পূজাতনো কিমান খৰচ পৰিব?

 ৰাজখোৱা -বেচি আৰু কি পৰিব! দুকুৰি কি তিনিকুৰ হ'লেই হৈ যাব।

 কাৰ্ত্তিক—তেনেহলে ময়েই সেইখিনিও দিম। এহেজাৰ দিব পাৰিলে, সেই কেইটা টকা দিব নোৱাৰিম নে?

 এনেকৈয়ে কাৰ্তিকচন্দ্ৰ দুৰ্গা-পূজা পাতিবলৈ সম্মত হ’ল আৰু নিয়মমতে সকলো আয়োজন চলিবলৈ ধৰিলে।

 কিছু দিনৰ পিচত সকলোৱেই শুনিলে—এইবাৰ পূজাত এখন প্ৰতিমা বেচি হ’ব, কাৰ্ত্তিকচন্দ্ৰয়ো দুৰ্গা-পূজা পাতিছে।

 পাঠক, আপুনি পূজা চোৱা মানুহৰ লগত গৈ থাকিলেই কাৰ্ত্তিকচন্দ্ৰৰ ঘৰত ওলাব পাৰিব, কিন্তু আপুনি আগৰ বাৰ তেওঁৰ ঘৰৰ যি দৃশ্য দেখিছিল, এতিয়াও ঠিক সেই দৃশ্যকে দেখিবলৈ পাব বুলি আশা নকৰিব।

 এতিয়া পদূলিত ভৰি দিয়েই আগেয়ে নেদেখা এটা চাৰি চলীয়া চ’ৰা ঘৰ দেখিবলৈ পোৱা যাব। ঘৰটো সজা বেচি দিন হোৱা নাই। ঘৰৰ ভেঁটি আৰু বেৰৰ আধাখিনিলৈকে পকা। সম্মুখত বাৰাণ্ডা আছে। দুৱাৰ-খিৰিকী মুঠতে এঘাৰখন; তাত ফুলাম কাপোৰৰ আঁৰ কাপোৰ আঁৰা। ভিতৰত এটা আলমাৰীত বহুতো লাহ-বিলাহৰ বস্তু, গ্ৰামোফোন, ঢোলোক, তবলা, বেহালা আদি এখন দীঘলীয়া মেজৰ ওপৰত শৃঙ্খলা লগাই সজোৱা। লগতে তাচ, পাশা আৰু দবা খেলৰ সঁজুলি। ওচৰতে এটা “টেব্‌ল্‌ হ্যাৰ্ম্মোনিয়ম্”। [ ১৪৫ ] বেৰত নানা প্ৰকাৰ কামনা-উদ্দীপক চিত্ৰ; মাজে মাজে কাগজৰ ৰংচঙীয়া ফুল-লতা। সোঁ মাজতে এখন ঘূৰণীয়া মেজ আৰু চাৰিও- ফালে নানা গঢ়ৰ মাচিয়া। ওপৰত এটা ঝাৰ; এটা খুটাত এটা ডাঙৰ ঘৰি।

 এই ঘৰটোৰ সন্মুখতে বিচিত্ৰ চন্দ্ৰাতাপেৰে সভা সজোৱা হৈছে। খুঁটাবোৰত ৰঙীন কাগজ আৰু চালু কাপোৰ মেৰিওৱা, তাৰ ওপৰত আকৌ জকমকীয়াকৈ ফুল-পাত বন্ধা! সোমোৱা বাটটো অতি বিতোপনকৈ সজোৱা হৈছে। মাটিত কাৰ্পেট পৰা। এই ৰভাৰ উত্তৰ ফালে এটা টিনৰ এচলীয়া অস্থায়ী ঘৰত প্ৰতিমা ৰখা হৈছে।

 এইখিনি পৰিবৰ্ত্তনৰ বাহিৰে বাকীবোৰ ঘৰ-দুৱাৰৰ বিশেষ পৰিবৰ্ত্তন হোৱা নাই। মাথোন বেৰ আৰু পিৰালিবিলাক জীৰ্ণ-শীৰ্ণ হৈ মাজে মাজে ভাগিছে। বাৰীচুকৰ শস্যৰ ঠাই হাবিয়ে অধিকাৰ কৰিছে আৰু ভেটা ভাগি যোৱাত গৰু-ম’হে দখলী-স্বত্বৰ দাবি কৰিছে।

 পূজাৰ কাৰ্য্য সুকলমেই সমাধা হ’ল। দেৱীৰ ভাগত নৈৱেদ্য কিঞ্চিৎ হলেও একেবাৰেই তেওঁ বঞ্চিত হোৱা নাছিল। মানুহৰ নিমিত্তে হ'লে আয়োজন সম্পূৰ্ণ ষোল অনা হৈছিল।

 নিমন্ত্ৰিতৰ সংখ্যা বৰ বেচি নাছিল। কাৰ্ত্তিকচন্দ্ৰই তেওঁৰ দলৰ স্থায়ী সভ্য কেইজনক আৰু অস্থায়ীভাবে লগলগা লগৰীয়া জনচেৰেকক মাথোন নিমন্ত্ৰণ কৰিছিল। মাকহঁতে দুই চাৰিজন লগাভগা মানুহক মাতিছিল আৰু তেওঁলোকৰ অভ্যৰ্থনাৰ আয়োজন সুকীয়াকৈ কৰিব লগা হৈছিল।

 পূজাৰ আটাইকেইদিন কাৰ্ত্তিকচন্দ্ৰই তেওঁৰ বন্ধুদলক ভোজ দিছিল; মদ-মাংসৰ আয়োজন যথেষ্ট হৈছিল। নানা প্ৰকাৰ মিঠাই আৰু সুমিষ্ট ফল বেলেগ বেলেগ ঠাইৰ পৰা সংগৃহীত হৈছিল। পোলাও, কালীয়া, কোৰ্ম্মা, চুৰুহা আদিৰ পলাণ্ডুমিশ্ৰিত গোদ্ধে বাটৰ [ ১৪৬ ] বাটৰুৱাকে বিহ্বল কৰি তুলিছিল। সকলােৱেই পান-ভােজন কৰি কার্ত্তিকচন্দ্ৰক ধন্য ধন্যকৈ শলাগিছিল।

 পূৰ্ব্বৰ বন্দৱস্ত মতেই লক্ষ্ণৌৰ পৰা বাইজী অনা হৈছিল। বাইজীৰ গানত কার্ত্তিকচন্দ্ৰই নিজকে পাহৰি গৈছিল; তেওঁৰ সঙ্গীদলৰো সমবেদনা বা সমউত্তেজনা যে হােৱা নাছিল, তাকেই বা কোনে শপত খাই কয় । মুঠতে পূজাৰ কেইদিনত পার্থিবভাবে পঞ্চমকাৰ সাধনাত তেওঁলােকৰ সম্পূর্ণ সিদ্ধিলাভ ঘটিছিল।

 দশমীৰ দিনা দেৱীয়ে বিদায় ললে, কিন্তু বাইজীৰ বিদায় একাদশীৰ দিনা হে হ’ল। এই পূজাৰ পৰা কাৰবাৰ কিবা ঐহিক, পাৰত্রিক উন্নতি হ’ল নে নহ’ল ক’ব নােৱাৰোঁ; কিন্তু কার্ত্তিকচন্দ্ৰৰ যে প্রায় দুহেজাৰ টকা চিৰদিনৰ নিমিত্তে গ’ল, তাক হ'লে নিঃসন্দেহে কৰ

পাৰোঁ।

[ ১৪৭ ]

দ্বিতীয় অধ্যায়

আৰ্জ্জি

 বিজয়া দশমী পাৰ হােৱা আজি দুদিন হৈছে। দীনবন্ধু খাই-বই উঠি কৰবালৈ যাবলৈ ওলাইছে। তেওঁ নঙলাৰ পৰা কেইখােজমান আগ বাঢ়িছে মাথােন, এনেতে দেখিলে কমলচন্দ্র, কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দ তেওঁৰ ঘৰৰ ফাললৈকে আহিছে। তেওঁলােক যে বিনা কাৰণত তেওঁৰ ঘৰলৈ আহিব, সেইটো দীনবন্ধুৱে বিশ্বাস কৰিব নােৱাৰিছিল; সেই কাৰণে আগধৰি সতর্ক হৈ তেওঁ লাহে লাহে গৈ থাকিবলৈ ধৰিলে। অলপ পিচতে তেওঁলােক ওচৰ চাপিল। পােনেই ৰাজখােৱাই মাত লগালে,—“কিহে, তুমি দেখােন ওলায়েই আহিলা, আমি তােমাকেই বিচাৰি আহিছিলোঁ।”

 দীন—মােক বিচাৰি আহিছে ! কিয় ?

 ৰাজখােৱা—এটা কথা আলােচনা কৰিব লগা হৈছে।

 দীন—কি কথা?

 সৰ্ব্বা—এই বালিকা স্কুলখনৰ সম্পর্কে।

 দীন—বালিকা স্কুলৰ লগত মােৰ কোনাে সম্পর্ক নাই; আন কি, মােৰ লগা ভগা কোনাে ছােৱালীয়েও নপঢ়ে।

 ৰাজখােৱা—সেইটো কোনাে কথাৰ কথা নহয়। লােকেল বাের্ড আৰু মিউনিচিপেলিটিয়ে সাহায্য কৰে যেতিয়া, ইয়াত গােটেই জিলাৰ মানুহৰ সম্পর্ক আছে।

 দীন—তেনে সম্পর্ক অৱশ্যে ৰাখিলে আছে, নাৰাখিলে নাই। পিচে আচল কথাটো কি ? [ ১৪৮ ]  কৃষ্ণ—মই ভাবিছোঁ, তুমি কথাটো গম পাইছা। শহনি বন গজিলে তুলি পেলাব লাগে। স্কুলখন ভাল কৰিব খুজিলেও কাৰ্য্য- কাৰক সলাব লাগিব।

 ৰাজখােৱা—তােমাক বােধকৰোঁ নকলেও হ’ব বর্তমান স্কুলখন কেনে কেলেঙ্কাৰীৰ বাহ হৈছে ; চাৰিওফালে ইয়াৰেই হে আলােচনা।

 দীন—সেইবােৰ ময়াে শুনিছোঁ; কিন্তু প্রকাশ্যে আলােচনা কৰিবৰ জোখাৰে প্রমাণ নাই।

 ৰাজখােৱা—প্রমাণ যথেষ্ট আছে। ভূতনাথৰ লগুৱাটোৱে বহুত দিন চেক্ৰেটাৰী আৰু মহেশক ধৰা পেলাইছে। সিহঁতে তাক কাবৌ- কোকালি কৰি ধৰাত সি বৰকৈ বাহিৰত উলিওৱা নাছিল। তাৰ উপৰি তাৰ হতুৱাই প্ৰভাৱতীয়ে বহুত দিন মদ অনাইছে ; গদাধৰ তাৰ সাক্ষী। লক্ষ্মীকান্তয়াে সিহঁতক ধৰা পেলাইছে ; আন কি, প্ৰভাৱতীক ভাল বাটলৈ আনিব নােৱাৰি আজি কালি তেওঁ প্ৰভাৰ ঘৰত ভৰিকে নিদিয়া হৈছে। তুমিও বােধকৰে৷ এইবােৰ কথা জানা।

 দীন—মাফ কৰিব, মই সেইবােৰ একো নাজানাে। জনাৰ ভিতৰত ইমানেই হে যে মতা-তিৰুতা বহুতে প্রভাৰ ঘৰলৈ আহে। তাৰ ভিতৰত চেক্রেটাৰী, মহেশ আৰু লক্ষ্মীকান্তৰ সমাগম বেচি। তাৰ পিচত এতিয়া আপুনি কোৱা কথাখিনি ভূতনাথৰ লগুৱাটো আৰু লক্ষ্মীকান্তই সিদিনা মােৰ আগত কৈছিল। ইয়াৰ বাহিৰেও মােৰ ঘৰলৈ অহা ডেকাদলে সেই একে বিষয়কে সদায় আলােচনা কৰা শুনিছিলোঁ; সেই আলােচনাত লক্ষ্মীকান্তও বাদ পৰা নাছিল। সিদিনা নিতান্ত বিৰক্ত হৈ সিহঁতক যেতিয়াই তেতিয়াই আহিবলৈ মানা কৰি দিছোঁ। লগতে পুৱা আঠ বজাৰ পৰা ন বজালৈ আৰু আবেলি পাঁচ বজাৰ পৰা ছয় বজালৈ মাথােন অভ্যাগতক অভ্যর্থনা কৰা যাব বুলি নিয়ম কৰিবলৈ বাধ্য হৈছোঁ। [ ১৪৯ ]  ৰাজখােৱা—বাৰু, এইখিনি ক'লেই যথেষ্ট হ’ব। তুমি সভা বহিলে এই কথা ক'ব লাগিব।

 দীন—এইখিনি কথা ক’বলৈ আপত্তি নাই, কিন্তু তেতিয়া আৰু কেই আষাৰমান কথা ক’ব লগা হ'ব।

 সৰ্ব্বা—সিনাে আকৌ কি ?

 দীন—সি এই,—প্রথমতে ভূতনাথৰ লগুৱাই কামৰ পৰা খেদা- খােৱাৰ আগতে এইবােৰ কথাৰ শুংসুত্রও উলিওৱা নাছিল ; গতিকে খেদা-খােৱাৰ পিচত সি মিছাকৈয়ে উলিওৱাৰ সম্ভাৱনাই বেচি। সেই কাৰণে তাৰ কথাৰ ওপৰত আমি নিৰ্ভৰ কৰিব নােৱাৰোঁ। আকৌ সি গদাধৰৰ দোকানৰ পৰা মদ আনিব পাৰে, কিন্তু প্ৰভাৱতীলৈ বা প্ৰভাৱতীৰ ঘৰলৈকে যে আনিছিল, তাৰ প্ৰমাণৰ অভাৱ। মােৰ তাত গল্প কৰা ডেকাদলৰ কথা বাহিৰৰ জনৰৱ আৰু তেওঁলােকৰ কল্পনাৰ বাহিৰে আন একোৱে প্ৰমাণ কৰিব নােৱাৰে। আকৌ মানুহৰ সমাগম দেখিয়েই এটা কুৎসিৎ ঘটনা অনুমান কৰিবলৈ মই অপাৰগ। স্কুলসম্বন্ধীয় সভা পাতিবৰ দিনা মােৰো প্ৰভাৱতীৰ লগত সাক্ষাৎ হৈছিল; সেই বাবে তেনেহলে মই মােৰ নিজৰ ওপৰতো দোষাৰােপ কৰিব লাগিল। লক্ষ্মীকান্ত সাক্ষ্যৰ কথা যদিও আপােনালােকে উল্লেখ কৰিছে, মই দেখাত তাৰ পৰা একোৱেই প্রমাণ নহয়। যদি চেক্রেটাৰী আৰু মহেশ তেনে চৰিত্ৰহীন হয়, তেনেহলে লক্ষ্মীকান্তই কেনেকৈ তেওঁ লােকৰ হতুৱাই নির্জ্জন ঘৰত ৰাতি ভনীয়েকক শিক্ষা দিয়াইছিল ? অকল সেয়ে নহয়, জনৰৱত চেক্রেটাৰী আদিৰ লগতে তেওঁৰ নামাে পােৱা যায়। এতিয়া আনৰ গাত দোষ পেলাই তেওঁ নিজে ৰক্ষা পৰিব খােজে বা আন কিবা স্বার্থসিদ্ধি কৰিব খােজে বুলিহে মােৰ অনুমান হয়।

 কৃষ্ণ—মই ভাবিছোঁ এইবােৰ হৈছে তৰ্কৰ কথা। আচলতে কোৱাঁচোন বাৰু ইহঁতৰ গতিবিধি দেখি সন্দেহ নহয় নে ? [ ১৫০ ]  দীন—নিশ্চয় হয়। ইহঁতৰ অতীত কাহিনীলৈ মন কৰিলে আৰু বর্ত্তমান গতিবিধিলৈ লক্ষ্য ৰাখিলে, ইহঁতৰ উদ্দেশ্য যে সাধু নহয়, সেইটো বঢ়িয়াকৈ বুজা যায়। কিন্তু লগতে ইয়াকো কোৱা উচিত যে সিহঁতৰ উদ্দেশ্য অসৎ হলেও, সেই উদ্দেশ্য সিদ্ধি হােৱাৰ প্ৰমাণ নাই।

 কৃষ্ণ—মই আৰু এটা কথা ভাবিছোঁ—উদ্ভিদ্‌তত্ত্বৰ মতে যেই সেই গছৰ আশ্রয় নাপালে লতা তিষ্ঠিব নােৱাৰে। পুৰাতত্ত্বমতে তিৰুতাক আশ্রয় লবলৈ পুৰুষ এজন লাগিবই। বালী মৰিলতে তাৰাই সুগ্রীৱক ল'লে আৰু ৰাৱণৰ মৃত্যু হলত মন্দোদৰীয়ে বিভীষণ বৰিলে। প্ৰভাৱতীয়েও এজনেই হওক, বা বহুতেই হওক, পুৰুষৰ আশ্রয় নােলােৱাকৈ থকা নাই বুলি ডাঠি ক’ব পাৰোঁ।

 সৰ্ব্বা—ময়াে তাকে কওঁ। প্ৰভাৰ নিচিনা অকলশৰীয়া যুৱতী আৰু সিহঁতৰ নিচিনা চৰিত্ৰহীন মানুহ যেতিয়া লগ খাইছে ; সিহঁতৰ অসৎ উদ্দেশ্য পূর্ণ হবলৈ কেতিয়াও বাকী থকা নাই।

 দীন—এটা কথা কওঁ, বেয়া নাপাব। মানুহে যেতিয়া বিনা প্রমাণে কোনাে কথা বিশ্বাস কৰে, তেতিয়া সেই বিশ্বাসৰ মাজেদিয়েই তেওঁৰ চৰিত্ৰ ফুটি উঠে। তেওঁ নিজৰ স্বভাৱৰ সাহায্যেৰে বিচাৰ কৰাতহে তেনে বিশ্বাস ওপজে,তেনে অৱস্থাত তেওঁ যি কৰিলেহেঁতেন আনকো তেনে কৰা বুলি ভাবে।

 সৰ্ব্বানন্দৰ মুখ গহীন হ’ল ; তেওঁ একে উত্তৰ নিদিলে। কমলচন্দ্ৰই ঠাইতে মুখ পাতি ধৰি ক'লে,-“বাৰু সেইবােৰ যাওক ; এতিয়া স্কুলৰ উন্নতি আৰু ভৱিষ্যৎ মঙ্গলৰ নিমিত্তে ইয়াৰ বৰ্ত্তমান কাৰ্য্য আৰু নিয়ম-প্রণালীৰ সংস্কাৰ হােৱা উচিত বুলি ভাবা নেভাবা?”

 দীন—আপােনালােকে স্কুলখন যেনে জাতীয়তাশূন্য প্রাণহীন কৰি পেলালে, তালৈ চাই মই তাত সম্পর্ক নৰখাই ভাল। তাৰ পৰা আমাৰ যে বিশেষ কিবা উপকাৰ হ’ব, মই তেনে আশা নকৰোঁ।

[ ১৫১ ] তথাপি যদি নাই মোমাইতকৈ কণা মোমায়েই ভাল বুলি তাক ৰাখিব লগা হয়, তেনেহলে যি অলপ সম্ভৱ, ৰাইজৰ উপকাৰ হোৱাকৈ চলাবলৈ যত্ন কৰা উচিত। মই যি কেইটা নিয়ম বান্ধি দিছিলোঁ, সেই মতে চলা হ'লে আজি তাৰ পৰা কিছু প্ৰকৃত শিক্ষা হ'লহেঁতেন আৰু এনে কলঙ্ক প্ৰচাৰ হবলৈ নাপালেহেঁতেন।

 কমল—সেইটো সঁচা। এতিয়াও তেনে সংস্কাৰ কৰাই আমাৰ উদ্দেশ্য। এইবোৰ নিয়ম-প্ৰণালীৰ সম্পৰ্কে আকৌ নকৈ সিদ্ধান্ত হোৱা উচিত।

 দীন—মোৰ সিদ্ধান্ত মই গঠন কৰা নিয়মখিনিতে আছে, তাৰ পৰা অলপো ইফাল সিফাল কৰিবলৈ মই সাজু নহওঁ।

 কমল—অকল থাকিলেই নহয়, আকৌ এখন সভা পাতি তাৰ মীমাংসা কৰিব লাগে। তেনে এখন সৰ্ব্বসাধাৰণৰ সভা পাতিবৰ নিমিত্তে আমি সকলো গণ্য-মান্য মানুহৰ স্বাক্ষৰেৰে সৈতে চেক্ৰেটাৰীলৈ এখন আৰ্জ্জি দিব খুজিছোঁ। বোধকৰো তাত চহী দিবলৈ তোমাৰ আপত্তি নহ'ব?

 দীন—আৰ্জ্জিখন দেখিলে হে ক'ব পাৰোঁ।

 ৰাজখোৱাই তেতিয়া আৰ্জ্জিখন দেখুৱালে। আৰ্জ্জিখন ইংৰাজীৰে লিখা আৰু ‘টাইপ’ কৰা, অসমীয়ালৈ অনুবাদ কৰিলে সি এনে হয়।

শ্ৰীযুক্ত বালিকা বিদ্যালয়ৰ চেক্ৰেটাৰী মহাশয়ৰ

সমীপেষু। 

চন ১৯১০, তাং ১৪ অক্টোবৰ

মহাশয়,

 স্থানীয় ৰাইজৰ হৈ আমি স্বাক্ষৰকাৰীসকলে আপোনাক জনাওঁ [ ১৫২ ] যে বালিকা-বিদ্যালয়ৰ উন্নতিৰ বিষয়ে আলোচনা কৰিবলৈ অতি শীঘ্ৰে আপুনি এখন সৰ্ব্বসাধাৰণৰ সভা আহ্বান কৰিব লাগে।

বশংবদ


শ্ৰী•••••••••••••
শ্ৰীসৰ্ব্বানন্দ দত্ত।
কমলচন্দ্ৰ ৰাজখোৱা
গদাধৰ শৰ্ম্মা।
শ্ৰীকৃষ্ণকুমাৰ কাকতী।
ক্ৰীতপেশ্বৰ বৰা।
শ্ৰীভূতনাথ দাস।
শ্ৰীলক্ষ্মীকান্ত দাস।
শ্ৰীকাৰ্ত্তিকচন্দ্ৰ ভূঞা।

 দীন—ইয়াত চহী দিবলৈ মোৰ আপত্তি নাই; কিন্তু ইমানবোৰ নকৰি তেওঁক মুখেৰেই দেখোন ক'ব পাৰিলেহেঁতেন।

 সৰ্ব্বা—মুখেৰে কত বাৰ কৈছোঁ। তেওঁ কাণ নকৰা দেখিহে এনে উপায় কৰিব লগা হৈছে।

 দীনবন্ধুৱে তেতিয়া ৰাজখোৱা আদিৰ অনুৰোধ মতে খালিকৈ ৰখা প্ৰথম ঘৰতে তেওঁৰ স্বাক্ষৰ কৰি বেগাবেগিকৈ তেওঁৰ লক্ষ্য স্থানলৈ গতি কৰিলে।

 দীনবন্ধু গ'লত সৰ্ব্বানন্দই ৰাজখোৱালৈ চাই ক'লে,—“পিচে কি কৰিলা! কথাৰ সোঁত দেখোন কেনিবাহে ব’লে! তুমিও আকৌ দীনবন্ধুৰ কথাতে হয় দিলা।

 কমল—তেনে নকৰা হলে দীনবন্ধুৱে চহীকে নিদিলেহেঁতেন।

 কৃষ্ণকুমাৰ—মই ভাবিছোঁ আছে গৰু নবয় হাল, তাৰ সলনি [ ১৫৩ ] নোহোৱাই ভাল। মতা অমিতাৰে বাৰী ভৰি থাকিলেও জানো অমিতা খাবলৈ পায়!

 সৰ্ব্বা—ময়ো তাকেই ভাবিছোঁ। দীনবন্ধুৱে যদি আমাৰ কথাত হয় নিদিয়ে, তেনেহলে তেওঁৰ চহীটোৰ পৰা আমাৰ কি লাভ হ'ব? মোৰ মতে লোকচান হোৱাৰ হে ভয়।

 কমল—কি লাভ হব বুজা নাই নে? আমাৰ আৰ্জ্জিত অকল স্কুলৰ উন্নতিৰ বিষয়ে আলোচনা হ'ব লাগে বুলি লিখা হৈছে। এতিয়া আমি যাৰে ওচৰলৈ যাওঁ, সেয়ে ভাঙি-পাতি সুধিব; তেতিয়া সকলো কেলেঙ্কাৰীৰ কথা ভাঙি-পাতি কম। দীনবন্ধুৰ চহীটো প্ৰথমতে লোৱা হৈছে, তাকেই দেখুৱাই এই আন্দোলনৰ মূল দীনবন্ধু বুলি কম। সকলো ৰাইজে জানে যে দীনবন্ধুৱে প্ৰমাণ নাপালে শত্ৰুৰ বিৰুদ্ধেও কোনো কথা নকয়; সেই দেখি দীনবন্ধুৰ চহীটো দেখুৱায়েই আমাৰ কথাবোৰ সকলো মানুহৰ মনত সুমুৱাই দিব পাৰিম।

 সৰ্ব্বা—কিন্তু পিচত দীনবন্ধুৱে সেইবোৰ মিছা কথা বুলি কয়?

 কমল—পিচৰ কথা পিচত ভাবিম; ৰোগ চাই ঔষধ দিব লাগিব। এতিয়া আহাঁ, দুই এদিনতে আমাৰ কাম শেষ কৰি আৰ্জ্জিখন পঠিয়াব লাগে। [ ১৫৪ ]


তৃতীয় অধ্যায়

হাবিৰ মাজত

 তেতিয়া কাতি মাহৰ দুদিন কি চাৰি দিন মাত্ৰ গৈছিল। দুৰ্গা- পূজাৰ আনন্দৰ ঢৌ মাৰ যোৱা তেতিয়াও বৰ বেচিদিন হোৱা নাই। যদিও এই পূজা আদিতে বঙালীৰহে জাতীয় উৎসৱ আছিল, তথাপি যিবোৰ ঠাইত বঙালী সোমাইছে, সেই সেই ঠাইৰ অধিবাসীৰ মাজতো সি ঠায়ে ঠায়ে শিপাই পেলাইছে। ষোড়শ শতিকাৰ শেষ ভাগত চুখামখা স্বৰ্গদেৱৰ দিনত এই পূজা পোন প্ৰথমতে অসমত সোমায়। [১] তেতিয়া এই পূজা ৰজাঘৰীয়া আন আন আমোদজনক উৎসৱৰ দৰেই এটা উৎসৱ আছিল মাথোন। বঙালী পৰ্ব্বতীয়া গোসাঁইৰ আগমনৰ পিচৰ পৰা হে ই ধৰ্ম্মৰ অঙ্গ হৈ পৰে। তেতিয়াৰ পৰা অসমত ইয়াৰ অৱস্থিতি। পিচত ইংৰাজ-ৰাজত্বৰ সময়ত বঙালীৰ বিস্তাৰৰ লগে লগে এই পূজাও বিস্তৃত হৈ পৰিছে। প্ৰথমতে অসম-প্ৰবাসী কোনো কোন বঙালীয়ে এই পূজা ইয়াত পাতিবলৈ ধৰে আৰু আনবিলাকে স্থানীয় মানুহৰ সাহায্যেৰে বাৰোৱাৰী পূজাৰ আয়োজন কৰে। তাৰ পাচত ধনীয়ে নিজৰ জাকজমক দেখুৱাবলৈ, শুঁড়ীয়ে মদ বেচিবলৈ, ডেকা- ডঙুৱাই বাই-নাচন যোগাৰ কৰিবলৈ এই পূজাৰ আয়োজনত লাগি যায়। এই অনুক্ৰমে সি এতিয়া প্ৰায় গোটেই অসমত বিয়পি পৰিছে। পূজাৰ কেইদিনত সকলো ঠাই আনন্দ-মহোৎসৱত মতলীয়া হয়, যাত্ৰ- থিয়েটাৰ, বাই-নাচ আদিৰ কোঢ়ালে নগৰত খলক লগায়। শুঁড়ীৰ


[ ১৫৫ ] দোকানৰ ওচৰত নাইবা আলিৰ দাঁতিত বাগিচাৰ কুলিয়ে বগৰা-বাগৰি আৰু মৰামৰিৰ অপূৰ্ব্ব অভিনয় দেখুৱায়। বাৰোৱাৰী পূজালৈ ভোলা ধনৰ সৰহ ভাগ ঢাকাঞা বা কলিকতীয়া বাইজী-দেৱীসকলৰ উপাসনাতেই ব্যয় হয়; পূজাপ্ৰায়ে পালমৰা বিধৰ হয়। এনে ধৰণৰ পূজাই

আধ্যাত্মিক উন্নতি কাৰ কিমান কৰে জানিবৰ উপায় নাই, কিন্তু এই পূজাৰ প্ৰৱেশৰ পিচে পিচে অসমৰ ওপৰত শনিৰ দৃষ্টি পৰা যেন দেখা যায়। মোৱামৰীয়া বিদ্ৰোহ আৰু বিদ্ৰোহীৰ হাতত আহোম ৰাজ- শক্তিৰ পৰাজয়ৰ বাবে ফুলেশ্বৰী কুৱঁৰীৰ দুৰ্গা-পূজা নিতান্ত কম দায়ী নহয়। এই বিদ্ৰোহৰ ফলতেই অসম শক্তিহীন হয়, অসমলৈ বটিচ-সৈন্যৰ আগমন হয়, আৰু তাৰ লগে লগে অসমবাসীৰ ৰক্তশোষক কানিৰ প্ৰচলন আৰম্ভ হয়। আজিকালিও ই যাত্ৰা-থিয়েটাৰৰ পৰা আৰম্ভ কৰি খাবলৈ নোপোৱা দুখীয়ালৈকে সকলোকে ৰংচঙীয়া বিদেশী সাজ-পাৰ পিন্ধাই লাখ লাখ টকা চিৰকালৰ নিমিত্তে বিদেশীৰ হাতত তুলি দিয়ে, ধনীৰ পোতৰ টকাত হাত দিয়ায়, দুখীয়াৰ ধাৰৰ জোখ বঢ়ায়, শুঁড়ীক ধনী কৰে, আৰু বাইজীহঁতৰ কেইবামাহৰ খোৰাকি যোগায়। গৱৰ্ণমেণ্টৰ কৰ্ম্মচাৰীসকলেও এই পূজাৰ বাবে বহুত দিনৰ দৰমহা কাম নকৰাকৈ খাবলৈ পায়। যিবিলাক নিলগৰ পৰা আহি নগৰত কাম- কাজ কৰি থাকে, সেইবিলাকেও এই চলতে এবাৰ নিজ নিজ ঘৰত কেইদিনমান থাকি আহিব পাৰে।

 এইবাৰ পূজা কিছু আগতীয়া। আহিনৰ কুৰি দিন যোৱাতে দেৱীৰ আগমন হয়, সেইকাৰণে কাতিৰ প্ৰথম সপ্তাহতে ঘৰলৈ যোৱা কৰ্ম্ম চাৰী- সকল কৰ্ম্মক্ষেত্ৰলৈ ঘূৰি আহিব লগাত পৰে। ৰেল-জাহাজত মহা ভিৰ; নিতান্ত সৰল মানুহৰ পক্ষে ঠাই পোৱাই কঠিন। যিবোৰ ঠাইলৈ ৰেল-জাহাজ নচলে, তাত গৰুৰ গাড়ীয়েই মাত্ৰ অৱলম্বন।

 কাতিৰ দুদিনমান যোৱাতে এদিন এখন গৰুৰ গাড়ী সোণাপুৰ [ ১৫৬ ] গাৱঁৰ পৰা নগৰৰ ফাললৈ আহিছিল। বাট বৰ দীঘল—ডেৰ-কুৰি মাইল; গাড়ীখন প্ৰায় গৰু-মেলামান পৰত ৰাওনা হৈছিল। গাড়ী- খনৰ ওপৰত চৈ আৰু দুয়ো মূৰে আঁৰ-কাপোৰ বন্ধা। ভিতৰত এজনী গাভৰু আৰু এটি সৰু ল'ৰা। গাড়োৱানটো এটা হৃষ্ট-পুষ্ট হিন্দুস্থানী মানুহ। গৰু-হাল শকত আৱত।

 গাৰোৱানটোৱে গাড়ী বৰ বেগেৰে চলাইছিল। দিনৰ দিনটো গাড়ীখন অবিশ্ৰাম আহি প্ৰায় সন্ধ্যা সময়ত এখন নৈ পালেহি। মাৰ নাৱত নৈখন পাৰ হ’ল। তাৰ পিচত গাড়ীখন ৰাখি গাড়োৱানটোৱে গৰুকেইটা সোলোকাই কিছু ‘দানা’ দিলে আৰু পানী খুৱালে। আৰোহী কেইজনেও নৈৰ পাৰতে অলপ আহাৰ কৰি এখন্তেক বিশ্ৰাম ল’লে।

 আধা ঘণ্টামান সময়ৰ পিচত গাড়ী আকৌ চলিল। তেতিয়া ৰাতি হৈছিল, কৃষ্ণপক্ষৰ পঞ্চমীৰ চন্দ্ৰ তেতিয়াও উদয় হোৱা নাই; তৰাৰ ঢিমিকঢামাক পোহৰে হাবিৰ মাজৰ বাট অলপো পোহৰাব পৰা নাই। মাথোন গাড়ীৰ তলত বান্ধি দিয়া লেম্পটোৰ পোহৰে সম্মুখৰ বাটডোখৰ দেখুৱাই গৈছে।

 বাটৰ দুয়ো কাষে হাবি। প্ৰায় দুমাইলমানৰ ভিতৰত কোনো ঘৰ নাই। এই হাবিত কেতিয়াবা বাঘ, ভালুক আদি হিংস্ৰ জন্তুও ওলায়। গাড়োৱানটোৱে বিশেষ সাৱধানতাৰে সৈতে গাড়ী চলাবলৈ ধৰিলে। হঠাৎ পাচফালৰ পৰা এটা উজ্জ্বল পোহৰ আহি গাড়ীত পৰিল। দেখা গ'ল কোনোবা দুজন “বাইচাইকেলত” উঠি আহিছে। গাড়োৱানে মনত ৰং পালে।

 এই আগন্তুক দুজন দুয়ো ডাঢ়ীয়া। তেওঁলোক ক’ৰ পৰা আহিছে আৰু কলৈ যায়,তাক জানিবৰ উপায় নাই। গাড়ীৰ ওচৰ পাই এনে গাড়োৱানক সুধিলে—“কাহাঁ যাতা?” [ ১৫৭ ]  “জিলা মে যাতা।”

 “গাড়ীমে কোন হ্যায়?”

 “আউৰত হ্যায়।”

 মানুহ দুজনে আৰু অপেক্ষা নকৰি বেগাই চাইক্ল্‌‌ চলাই দিলে। এজনে ইজনক ক'লে,—“ঠিক এইখনেই।”

 “নহ'ব কিয়? গাড়ীতে মুঠেই এখন পাৰ হৈছে বুলি ঘাটৈয়েই দেখোন কৈছিল।”

 “এতিয়া একেবাৰেই নিঃসন্দেহ হলোঁ।”

 তেতিয়া দুয়ো বেগেৰে চাইকেল্‌ চলাই মুহূৰ্ত্ততে অদৃশ্য হৈ গ'ল। গাড়োৱানেও আগৰ দৰেই গাড়ী চলাবলৈ ধৰিলে।

 অলপ সময় মাথোন এনেকৈ গৈ আছে এনেতে সম্মুখৰ ফালৰ পৰা কিচকিচ কৰে ক’লা কিবা এটা আহি গাড়ীৰ আগত থিয় দিলে। গাড়োৱানটো বুকু ডাঠ মানুহ; তথাপি এই দৃশ্য দেখি কিছু ভয় খালে; কি কৰা উচিত একো ঠিক কৰিব নোৱাৰিলে। এনেতে গাড়ীখন মূৰ্ত্তিটোৰ ওচৰ পালে; গৰু হাল চক খাই উঠিল। মূৰ্ত্তিটোৱে থাপ মাৰি যুৱলিত ধৰি গাড়ীখন ৰাখিলে। তাকে দেখি চাবুল ওপৰলৈ তুলি গাছোৱানে প্ৰশ্ন কৰিলে,-“তোম কৌন্ হ্য়ায়?”

 মূৰ্ত্তি নিমাত।

 গাড়োৱান—কাহে চুপ্‌ ৰহতা হ্যায়? কৌন তোম্? ক্যা ম্যাঙ্‌তা—

 কিন্তু কোনো উত্তৰ নাই।

 গাড়োৱানে চাবুকৰে সৈতে সাৰোপ কৰে একোব মাৰিলে। মূৰ্ত্তিটো সাউৎ কৰে এফলীয়া হৈ কোব নোখোৱাকৈ সাৰিল, আৰু গাড়োৱানে সময় নৌ পাওঁতেই যুৱলিখন গৰুৰ ডিঙিৰ পৰা পেলাই দিলে। গাড়োৱান জাঁপ মাৰি মাটিত পৰিল; যুৱতী আৰু লৰাটে [ ১৫৮ ] কোনােমতেহে পৰি নেযােৱাকৈ ৰ’ল। গাড়ােৱানটো নমা দেখিয়েই মূৰ্ত্তিটো লৰ মাৰিলে; গাড়ােৱানে মুখেৰে গালি পাৰি পাৰি আকৌ গাড়ীখন যুঁটিলে। কিন্তু গাড়ীখন দুই নলমান যাওঁতেই আকৌ মূৰ্ত্তিটো আহি গাড়ীৰ আগত থিয় দিলে আৰু আগৰ দৰেই যুঁৱলিত ধৰিলে। এইবাৰ গাড়ােৱানৰ ধৈৰ্য্য কেনিবা গল; “জান লেগা শালা” এই বুলি চাবুকডাল ভাঙি গাড়ীৰ পৰা জঁপিয়াই পৰিল। মূৰ্ত্তিটোৱে লৰ দিলে, গাৱােনেও পাচে পাচে খেদি নিলে। সেই আন্ধাৰ নিশা অলপ পিচতে দুয়াে অদৃশ্য হৈ পৰিল।

 এই ঘটনাত যুৱতী ভয়ত ব্যাকুল হৈ পৰিল; লৰাটোও ভয়তে চেপেটা লাগিছিল। আন কি, তেওঁলােকে গাড়ীৰ পৰা মুখ উলিয়াবলৈকো সাহ কৰা নাছিল ; গাড়োৱানটো আঁতৰ হােৱাত সেই ভয় আৰু বাঢ়িছিল।

 হঠাৎ ওচৰৰ গছডালৰ পৰা আৰু এক মূর্ত্তি বাহিৰ হ’ল আৰু গাড়ীখনৰ ওপৰ চাপি গৰু-হাল সােলােকাই দিলে। তাৰ পিচত গাড়ীৰ ভিতৰত সােমাবলৈ গ’ল। যুৱতী এতিয়ালৈকে জড়ৱৎ হৈ আছিল ; আত্মৰক্ষাৰ যে কোনাে উপায় নাই। অস্ত্র-শস্ত্ৰৰ ভিতৰত এজোৰ চটি জোতা মাত্র সম্বল আছিল । এতিয়া আন উপায় নেদেখি দুয়াে দুপাত লৈ যেনি পাই তেনি কোবাই কানি-মুনি দিবলৈ ধৰিলে। মূৰ্ত্তিটোৱে দুই চাৰি বাৰ জোৰ কোব খােৱাৰ পিচত লৰাটো ধৰি উলিয়াই নিলে, লৰাটোৱে চিঞৰিবলৈ ধৰিলে। সি তেতিয়া লৰাটোক এনে এটা ঠেলা মাৰিলে যে সি ধুম কৰে মাটিত বাগৰি পৰিল। এই অৱসৰতে যুৱতী গাড়ীৰ পাচফালে দি নামি তাৰ তলত সােমাল। লৰাটোক পেলাই দি মূৰ্ত্তিটো বেগেৰে গাড়ীৰ ভিতৰলৈ সােমাই গ’ল; যুৱতীয়ে অলপো বিলম্ব নকৰি, সি ভিতৰত কি আছে চাবলৈ সময় পােৱাৰ আগতে, গাড়ীৰ আগটো তলফালৰ [ ১৫৯ ] পৰা ওপৰলৈ ঠেলা মাৰি ডাঙি দিলে। পিচ মুহূৰ্ত্ততে সেই মূৰ্ত্তি গাড়ীৰ পাচফালে দি সৰকি তিনি টেলেঙনি খাই গুৰি কঁঠাল পৰা দি পৰিল।

 যুৱতীয়ে লৰাটোৰ সাহায্যেৰে তৎক্ষণাৎ গাড়ীখন যুঁটিলে আৰু নিজে গাড়োৱান হৈ গাড়ী চলাবলৈ ধৰিলে। লৰাটো ভিতৰত বহিল। যুৱতীয়ে মনে মনে ক'লে,—“সুভদ্ৰাই ৰণক্ষেত্ৰত ৰথ চলাইছিল মই এই সামান্য ৰণক্ষেত্ৰত গৰুৰ গাড়ীও চলাব নোৱাৰিলে চলিব কেনেকৈ?” [ ১৬০ ]

চতুর্থ অধ্যায়

নৈশ-মিলন

 যি সময়ত আলিৰ মাজত ওপৰত কোৱা ঘটনা ঘটিছিল, ঠিক সেই সময়তে এটা মানুহ লক্ষ্মীকান্তৰ ঘৰৰ নঙলা পাৰ হৈছিল। মানুহটো মুছলমান আৰু এখন ডাঙৰ দোকানৰ গােমস্তা। নাম আব্দুল গনি; সাজ-পাৰত জকমকীয়া আৰু এচেন্সৰ গােন্ধেৰে মলমলােৱা।

 আব্দুল গনি লাহে লাহে জুপি জুপি ৰম্ভাই পঢ়া-শুনা কৰা খােটালিটোৰ ওচৰলৈ গ'ল, কিন্তু তাত কাৰো একো গম নাপালে। তেতিয়া লাহে লাহে ৰম্ভাৰ শােৱনি ঘৰৰ ওচৰ চাপিল। সকলো নীৰৱ, দুৱাৰ বন্ধ। তেওঁ অলপ অলপকৈ দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে।

 অলপ পিচতে দুৱাৰ মেলি ৰম্ভা ওলাই আহিল আৰু “তুমি আহিছা?” বুলিয়েই আব্দুলৰ ডিঙিত সাবটি ধৰিলে। আব্দুলেও তেনেকৈয়ে সাবটি ধৰিলে ; দুয়ােৰে ভিতৰত চুম্বন দান প্রতিদান হ’ল। তাৰ পিচত দুয়াে ভিতৰ সােমাই দুৱাৰ বন্ধ কৰি শয্যাৰ ওপৰতে আসন গ্ৰহণ কৰিলে।

 প্রথমেই আব্দুলে প্রশ্ন কৰিলে,-“ককাইদেৱৰ নাই নে কি ? তােমাৰ চিঠিৰ পৰা মই ভালকৈ একোকে নুবুজিলোঁ। মাত্র কথাৰ গঢ় দেখি তেনে অনুমান কৰিছিলোঁ।

 ৰম্ভা—এৰা তেওঁ নাই; আজি ৰাতিৰ ভিতৰত তেওঁ ঘৰি অহাৰ সম্ভাৱনা কম।

 আব্দুল—ইন্দ্রনাথ কলৈ গ'ল ? [ ১৬১ ]

নৈশ-মিলন

 ৰম্ভা—তেৱোঁ ককাইদেউৰ লগতে গৈছে ।

 আব্দুল—এনেকৈ যােৱাৰ কাৰণ কি?

 ৰম্ভা—মই কেনেকৈ কওঁ!

 আব্দুল—মােৰ বােধেৰে কিবা এটা ডাঙৰ উদ্দেশ্য আছে। বাৰু থাকক যি থাকে। মােৰ তােমাৰ লগত এটা ডাঙৰ বিষয়ৰ পৰামর্শ কৰিব লগা আছে।

 ৰম্ভা— কি?

 আব্দুল—মই শুনিছোঁ—তােমাৰ বােলে ইন্দ্ৰনাথৰ লগত বিয়া হােৱাৰ কথা হৈছে ?

  ৰম্ভা—কোনে ক'লে তােমাক এনে কথা ?

 আব্দুল—সকলােৱে কৈছে আৰু তাৰ প্রমাণস্বৰূপে ইন্দ্রনাথ তােমালােকৰ ঘৰত আছেই।

 ৰম্ভা—কিবা কাৰণত ককাইদেৱে তেওঁক ৰাখিছে। মােৰ তাত সম্পর্ক কিহৰ ?

 আব্দুল—তেওঁনাে তেন্তে ইয়াত আছেহি কিয়?

 ৰম্ভা—মই কেনেকৈ ক’ম ?

 আব্দুল—বাৰু যদি তােমাৰ ককাইদেৱৰহঁতে তেওঁৰ লগত তােমাৰ বিয়া দিব খােজে, তেতিয়া কি কৰিবা ?

 ৰম্ভা—মােৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ ককাইদেৱেই হওক বা আন কোনােবাই হওক, কাৰো সাধ্য নাই ; তুমি মােক এতিয়াও বিশ্বাস নকৰা নে ? মই যে তােমাৰেই; তােমাৰ বাহিৰে আন কাৰাে হ’ব নােৱাৰোঁ।

 আব্দুলে এটি চুম্বনেৰে তাৰ উত্তৰ দিলে। তাৰ পিচত ক'লে,— “এতিয়া মই এটা ডাঙৰ লেঠাত পৰিছোঁ। বােধকৰোঁ আৰু বেচি দিন মই ইয়াত থাকিব নােৱাৰিম।” [ ১৬২ ]  ৰম্ভা—কিয়?

 আব্দুল—তুমিতাে জানা দোকানখন মােৰ নহয়। মহাজন ঘৰুৱা জঞ্জালৰ কাৰণে দেশলৈ গৈ আহিব পৰা নাছিল ; সেই দেখি আজি ছমাহ ময়েই মহাজনৰ নামে দোকান চলাই আছিলোঁ। সিদিনা তেওঁৰ পৰা চিঠি পাইছোঁ, তেওঁ হেনাে আৰু দুসপ্তাহৰ মূৰত আহিব। তেওঁ আহিলেই মই পলাব লাগিব।

 ৰম্ভা—কিয়? কিয় ?

 আব্দুল—তােমাক বােধকৰোঁ নকলেও হ'ব যে মই ধনী মানুহ নহওঁ। চকি, মেজ, কাপােৰ-কানি, এচেন্স, তেল, ঘৰি, হাৰ্ম্মোনিয়ম প্রভৃতি যিবােৰ বস্তু মই তােমাক দিছো সেই আটাইবােৰ মহাজনৰ খৰচত। তাৰ উপৰি তােমাৰ হাতত যি পাঁচশ টকা জমা দিছোঁ, সিও দোকানৰ টকা। সেই কথা তােমাক আগেয়েই কৈছিলোঁ। এতিয়া মহাজন আহি হিচাপ ল'লেই সকলাে ধৰা পৰিব। সেই দেখি তেওঁ অহা দিনাই ইয়াৰ পৰা আঁতৰিব লাগিব। তুমি তােমাৰ পূৰ্বৰ প্রতিজ্ঞামতে মােৰ লগত যাবলৈ সাজু হ'ব লাগিব।

 ৰম্ভা—নিশ্চয়। তুমি নাথাকিলে মই যে ইয়াত এদিন থাকিব নােৱাৰোঁ। কিন্তু মুঠেই পাঁচ শ টকাৰে চলা যে বৰ টান হ’ব!

 আব্দুল—সেইটোৰ এটা দিহা হ’ব । মই এই কেই দিনত আৰু পাঁচশ মান টকা হাত কৰিম। তেতিয়া এক ৰকম চলিব। এঠাইত এখন সৰুসুৰা দোকান দি বহিলেও দুটা মানুহৰ খােৰাকি ওলাব। কিন্তু এটা কথা—তুমি এতিয়াৰে পৰা এনে ভাবে সাজু থাকিব লাগিব, যাতে যেতিয়াই যাব লগা হয়, তেতিয়াই যাব পাৰোঁ।

 ৰম্ভা—তাৰ নিমিত্তে কোনাে চিন্তাকে নকৰিবা।

 আব্দুল—ঘৰত যদি কোনােবাই আপত্তি কৰে?

 ৰম্ভা–মােৰ ইচ্ছাৰ বিৰুদ্ধে কাৰৰ আপত্তি নাখাটে। [ ১৬৩ ]  আব্দুল- আৰু তােমাৰ বস্তু বাহানিবােৰ ।

 ৰম্ভা—সেইবােৰ মােৰ লগত লৈ যাম। তাৰ বাবে কোনেও এক পইচাও ভঙা নাই। তেনেস্থলত সেইবােৰ লৈ যােৱাত কোনে বাধা দিব পাৰে!

 আব্দুল-তেন্তে এতিয়া মই নিশ্চিন্ত হ'ব পাৰোঁ।

 ৰম্ভা-নিশ্চয় পাৰা।

 তাৰ পিচত আৰু কিবা-কিবি আলােচনা কৰি আব্দুল সেই ৰাতি তাতে থাকিল।


[ ১৬৪ ]

পঞ্চম অধ্যায়

প্রকৃত সাধু

 সেই অৰণ্যৰ মাজত অপৰিচিত মূৰ্ত্তিৰ পাচে পাচে খেদি গাড়ােৱানটো প্রায় এটা ৰিঙিৰ বাট গ’ল; ইমান দূৰলৈ খেদিবলৈ গাড়ােৱানৰ ইচ্ছা নাছিল, কিন্তু সেই মূৰ্ত্তিয়ে তেনে কৰিবলৈ তাক বাধ্য কৰিছিল ; সেই অদ্ভুত মূৰ্ত্তি টো গাড়ােৱানে খেদি গলেই লৰ মাৰে, আৰু উভতি অহা দেখিলে পাচতে আহে। শেহত নিতান্ত অসহ্য হৈ উঠাত গাড়ােৱানে তাক ধৰিবৰ নিমিত্তে খেদা দিলে। প্রায় এটা ৰিঙিৰ বাট লৰাৰ পাচত গাড়ােৱানে তাক ধৰা পেলালে। ধৰিয়েই তাক ভালকৈ জোকাৰ এটা মাৰি সুধিলে,—

 “শালা, অব কাহাঁ যায় গা ? তুমকো আজ মাৰকৰ ইস্‌ জঙ্গল মে ফেঁক দুঁগা। হাম্‌কো চিনা নহি। ভূত বন্‌কে হামকো ডৰৱানে আয়া থা! দেখা যায় গা তুম কৈসা ভূত হে।”

 মূর্ত্তি—তােমাক ভাই বুলিছোঁ। মই ডকাইত নহওঁ, আৰু তােমাৰ অপকাৰ কৰিবলৈকো অহা নাই। তােমাৰ লগত বহুতো গােপনীয় কথা আছে।

 গাড়ােৱানেও এইবাৰ অসমীয়াতে ক’লে,-“তেনেহলে তই আগেয়ে কথা নকৈছিলি কিয়?”

 মূর্ত্তি—কৈছোঁ নহয়, মােৰ কথা গােপনীয়। সেই দেখি তাত কব নােৱাৰি তােমাক এই দৰে আঁতৰাই আনিছিলো।

 গাড়াে–কি কথা আছে এতিয়া নকৱ কিয়?

 সেই ছদ্মবেশী মানুহটোৱে তেতিয়া দহ টকা ৰূপ উলিয়াই গাড়ােৱানক দেখুৱাই ক'লে,—“এই টকা কেইটা তােমাৰ?” [ ১৬৫ ]  গাড়োৱানে একো বুজিব নোৱাৰি সুধিলে,-“তাৰ মানে কি?”

 মানুহ—তাৰ গাড়ীখন ঘূৰাই নিব লাগে।

 গাড়ো—ইমান বাট অহাৰ পিচত গাড়ী ঘূৰাই নিম কিয়? আৰু গাড়ী ঘূৰাই নিয়াৰ পৰা তোমাৰ লাভ কি?

 মানুহ—মোৰ লাভ পিচত বুজিবা। অ’ মোৰ কথাটো বুজা তোমাৰ ভুল হৈছে বোধকৰোঁ। গাড়ী মানে শুদা গাড়ীখন হে ওভতাই নিব লাগিব।

 গাড়ো—কেতিয়াও নহয়।

 মানুহ—কুৰি টকা লোৱাঁ।

 গাড়ো—লাখ টকা দিলেও নহয়।

 মানুহ—বাৰু ওলোটাই নিব নালাগে। তোমাকো এই কুৰিটা টকা দিলোঁ, তুমি এতিয়া ইয়াকে লোৱাঁ। আৰু যে সৌ বাইচাইকল্ দুখন দেখিছা, তাকো তোমাৰ জিম্মাত ৰাখিলোঁ। তুমি ইয়াতে থাকাঁ, যেতিয়া তোমাৰ গাড়ী পাবা, তেতিয়া চাইকেল্ ঘূৰাই দিবা, তেতিয়া আৰু অলপ বক্চিচ্ পাবা। তুমি গাড়ীৰ কেৰেয়া বৰ বেচিকৈ পোৱা যদি পাঁচ টকা পাবা, কিন্তু মোৰ কথা শুনিলে একে ৰাতিয়ে কুৰি টকা লাভ হ'ব।

 গাড়ো—আৰু তাৰ বাবে ছোৱালীজনীৰ সৰ্ব্বনাশ কৰিবলৈ এৰি দিম। দলিয়াই পেলা তোৰ টকা। আমি হিন্দুস্থানী মানুহ, তহঁতৰ নিচিনা নিমক-হাৰাম নহওঁ। জান দিম, তথাপি এনে কাম হবলৈ নিদিও।

 মানুহ—আৰু পাঁচ টকা লোৱাঁ।

 গাড়ো—খবৰদাৰ! আৰু এনে কথা নকবি। ইমানতে ভালে ভালে আঁতৰ হ; নহলে শেষত পস্তাবি।

 হঠাৎ গাড়োৱানৰ মনত খেলালে যে বাইচাইকেল্ যেতিয়া দুখন [ ১৬৬ ] মানুহো নিশ্চয় দুটা হব, আৰু বাটত লগ পোৱা মানুহ দুটায়েই যে এই দুটা তাত সন্দেহ নাই। তেন্তে ইটো ক’লৈ গ'ল! হয়তো সি পাচত থাকি গাড়ী আক্ৰমণ কৰিছে বা! এই কথা মনত খেলালতে গাড়োৱান তৎক্ষণাৎ গাড়ীৰ ফালে যাবলৈ ওলাল। মানুহটোৱে কাপোৰৰ তলৰ পৰা এখন খুকুৰি উলিয়াই লৈ ক'লে—“মোৰ হাতত কি দেখিছ? ক, তই টকা লবি নে নলৱ?”

 গাড়োৱানে তাৰ কথাৰ উত্তৰ নিদি একে জাঁপেই এহাতে মানুহটোব ডিঙিত চেঁপা মাৰি ধৰি ইহাতেৰে খুকুৰিখন কাঢ়ি লৈ হাবিৰ মাজলৈ দলিয়াই পেলালে। তাৰ পিচত গাড়োৱানে মানুহটোক মাটিত বগৰাই পেলাই তাৰ গাৰ কাপোৰেৰেই হাত-ভৰি বান্ধি পেলালে। মানুহটোক বান্ধি আৰু এক মুহূৰ্ত্তও বিলম্ব নকৰি গাড়োৱানে গাড়ীৰ ফাললৈ লৰ দিলে। অলপ যাওঁতেই গাড়ী অহা দেখি গাড়োৱানৰ মনত আনন্দ মিলিল আৰু ততালিকে যুৱতীক ভালকৈ বহিবলৈ কৈ বেগেৰে গাড়ী চলাবলৈ ধৰিলে। কিছুমান বেলি একেৰাহে গৰু লৰুৱাই চলোৱাৰ পিচত গাড়ী হাবিৰ পৰা বাহিৰ ওলাল আৰু ওচৰত মানুহ থকা ঠাই পালে। তেতিয়া পঞ্চমীৰ চন্দ্ৰই পূব আকাশত দেখা দিছিল আৰু লগে লগে বাট-পথ সকলো পোহৰ হৈ উঠিছিল। গাড়োৱানে তেতিয়া নিৰ্ভয় হৈ গাড়ী লাহে লাহে চলাবলৈ ধৰিলে; গাড়োৱান আৰু যুৱতীৰ পৰস্পৰৰ কথাও পৰম্পৰে শুনিলে। এই অশিক্ষিত গাড়োৱানটোৰ ন্যায়পৰায়ণতা আৰু কৰ্ত্তব্যনিষ্ঠা দেখি যুৱতী স্তম্ভিত হ’ল, আৰু পুনঃ পুনঃ কৃতজ্ঞতা জনাই ঈশ্বৰক ধন্যবাদ দিলে। মনে মনে ক'লে,—“যদি সাধুতা কৰবাত আছে তেন্তে এই মলিয়ন সাজপাৰত হে, এই হজুৱা মানুহবিলাকৰ গাত; ভদ্ৰলোক নামধাৰী মানুহৰ ৰংচঙীয়া সাজপাৰৰ ভিতৰত এনে সাধুতাৰ নাম-গোন্ধো নাই। তেনে মানুহ ঠিক বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী। সিহতৰ বাহিৰ [ ১৬৭ ] চাফচিকণ; কিন্তু অন্তৰ চল-চক্ৰান্ত, আৰু পাপ-ব্যাভিচাৰৰ চিন্তাৰে মলিন।”

 ৰাতিপুৱা ন-মান বজাত গাড়ীখন বালিকা-স্কুলৰ শিক্ষয়িত্ৰীৰ ঘৰৰ মুখত ৰ’ল। যুৱতী আৰু লৰাটো গাড়ীৰ ভিতৰৰ পৰা ওলাল। দিনৰ পোহৰত স্পষ্টকৈ দেখা গল, যুৱতী প্ৰভাৱতীৰ বাহিৰে আন কোনো নহয়। লৰাটো তেওঁৰ ভায়েক। দুয়ো পূজাৰ বন্ধত ঘৰলৈ গৈছিল।

 গাড়ীৰ পৰা নামি প্ৰভাৱতীয়ে নিৰ্দিষ্ট বন্দৱস্ত মতে গাড়োৱানক তাৰ প্ৰাপ্যখিনি দিলে। তাৰ পিচত নিজ হাতে বোৱা গুণাৰ ফুল দিয়া খনীয়া কাপোৰ এখন দি ক'লে,—“তুমি মোৰ যি উপকাৰ কৰিলা তাৰ জোখায় পুৰস্কাৰ দিবলৈ মোৰ শক্তি নাই। তথাপি কৃতজ্ঞতাৰ চিন-স্বৰূপে এই কাপোৰডোখৰ দিলোঁ। ইয়াকে যেন বহুত বুলি লোৱা।”

 গাড়ো—বন্দৱস্ত মতে টকা পালোঁ যেতিয়া মই একো কবলৈ নাই, আৰু মই যি কৰিছিলোঁ তাক মই কৰিবলৈ বাধ্য। কিয়নো আপোনাক ঈয়াত থৈ যাম বুলি যি বন্দৱস্ত কৰিছিলো, সেইমতে কাম নকৰা হলে ঈশ্বৰে মোক দণ্ডিলেহেঁতেন। তথাপি দুখীয়াক দয়া কৰি যে কাপোৰ- ডোখৰ দিছে, সেইটো আপোনাৰ অনুগ্ৰহ। মই ইয়াক আনন্দেৰে ললোঁ। ইয়েই মোক কালিৰ ঘটনাটো সেঁৱৰাই থাকিব, আৰু এনে কামত জীৱন দিবলৈ বল দিব।

 তাৰ পিচত টকা আৰু কাপোৰ লৈ প্ৰভাৱতীক সেৱা জনাই লৰাটোকো মাত লগাই গাড়োৱানে বিদায় ল'লে। প্ৰভাৱতীয়ে অলপ পৰ নীৰৱে চাই থাকি ক'লে,—“শিক্ষিত নামধাৰী নগৰীয়া মানুহৰ অন্তঃকৰণ যদি এই নিৰক্ষৰ গাড়োৱানটোৰ সমান উচ্চ হ’লহেঁতেন।”

[ ১৬৮ ]

ষষ্ঠ অধ্যায়

ষড়যন্ত্ৰকাৰীৰ নেতা

 প্ৰভাৱতী ঘৰৰ পৰা আহিয়েই শুনিলে, পূজাৰ ভিতৰত তেওঁৰ আৰু চেক্ৰেটাৰীৰ নামে গোটেইখন নগৰতে জঘন্য বিজ্ঞাপন ওলাইছিল। ডাঙৰ গছ, লেম্প-পোষ্ট, পকা ঘৰৰ বেৰ, পূজাৰ ঘৰ, দোকান আদি সৰ্ব্বসাধাৰণৰ চকুত পৰা সকলো ঠাইতে এই জাননী দেখা গৈছিল। এই জাননীৰ মূল ক’ত তাক পাঠকসকলৰ জানিবলৈ বাকী নাই। ইয়াৰ প্ৰত্যেকটো শব্দৰে আধা ইন্দ্ৰনাথৰ, আধা ৰম্ভাৰ লিখা, নৱমীৰ দিনা ৰাতি পূজা চোৱা মানুহৰ লগত মিলি ইন্দ্ৰনাথ আৰু লক্ষ্মীকান্তই ইয়াক সকলো ঠাইতে লগাই আহিছিল। চেক্ৰেটাৰীয়ে তেওঁৰ ঘৰৰ মুখত এখন পাই এৰুৱাই নি থৈ দিছিল, প্ৰভাৱতী আহিবৰ দিনাই সেইখন তেওঁৰ হাতত দি ক’লে,—“দেখিছা, ভণ্ড-তপস্বী দীনবন্ধুৰ কাম। সি মুখেৰে নানা কথা কৈ বলে নোৱাৰি তোমালৈ চিঠি লিখিলে। এতিয়া উদ্দেশ্য পূৰ নোহোৱা দেখি এইখন কৰিছে। সিদিনা সি এইবোৰ কথা বৰ চাহাবলৈকো লিখিছে। বৰ চাহাবে মোক মাতি নি সুধিছিল।”

 প্ৰভা—দীনবন্ধুৱে লিখা বুলি আপুনি কেনেকৈ জানিলে? তাত জানো লিখকৰ নাম দিছে?

 চেক্ৰেটাৰী—নাম দিলে যে জেইলত সোমাব লাগিব সেইটো জানো নাজানে, সেই দেখি বেনামীকৈ দিছে। তাকো কেনেবাকৈ আখৰত ধৰা পৰে বুলি ‘টাইপ্’ কৰি দিছে।

 প্ৰভা—আপুনি তেন্তে দীনবন্ধুৱে লিখা বুলি কেনেকৈ ক'লে?

[ ১৬৯ ]  চেক্ৰটাৰী—নহলে এনেবোৰ কথা লৈ কাৰ মূৰ কামোৰণি ধৰিব?

 প্ৰভা—তেনেহলে আপুনি কেৱল অনুমানৰ ওপৰতহে তেনেকৈ কৈছে?

 চেক্ৰেটাৰী—অনুমান হলেও সঁচা অনুমান। দীনবন্ধুৱে তোমালৈ লিখা চিঠিয়েই তাৰ প্ৰমাণ।

 প্ৰভা—মোৰ কিন্তু সন্দেহ হয়; তেওঁ এনে নীচকাৰ্য্য কৰিব পাৰে বুলি মোৰ মনে নধৰে। আৰু যদি তেওঁৰ তেনে ইচ্ছা থাকিলহেঁতেন তেনেহলে মোলৈ একো নিলিখিলেহেঁতেন।

 চেক্ৰে—তোমাৰ কথাত মোৰ তোমাৰ ওপৰতো অবিশ্বাস জন্মিছে, মোৰ আগৰ সন্দেহ দৃঢ় হৈছে। তুমি নিশ্চয় দীনবন্ধুৰ প্ৰেমত পৰিছা, নহলে এনে জল-জল কথাটোও নেদেখাৰ কোনো কাৰণ নাই।

 প্ৰভাই ব্যঙ্গৰ সুৰেৰে ক'লে,-“এৰা মই দীনবন্ধুৰ প্ৰেমত পৰিছোঁ!”

 চেক্ৰেটাৰীয়ে মাথোন ক'লে,—“বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ চেক্ৰেটাৰী ভাঙে। তাক যদি মই বগা ঘৰত ভাত খুৱাব নোৱাৰোঁ, মোৰ নাম গকুলচন্দ্ৰই নহয়।”

 এইবুলি চেক্ৰেটাৰী তাৰ পৰা গুচি গ'ল। প্ৰভাই জাননী-খনকে উৰাই-ঘূৰাই চাবলৈ ধৰিলে।

 জাননীখন পঢ়ি প্ৰভাৰ মনত নানা চিন্তা হবলৈ ধৰিলে। সঁচাকৈয়ে এইবোৰ দীনবন্ধুৰ কাম নে? সঁচা যদি তেওঁৰ তাত লাভ কি। বিশেষকৈ তেওঁৰ কাম ইমান বেচি যে তেওঁ এনে নিৰৰ্থক কামত সময় কটাবলৈ আজৰি পাব কেনেকৈ? কিন্তু যেয়ে এইবোৰ কাৰ্য্য় নকৰক, ঘটনাচক্ৰ যে ক্ৰমশঃ বিষম হৈ উঠিছে তাত কোন সন্দেহ নাই। তেনেহলে তেওঁ আত্মৰক্ষাৰ নিমিত্তেই বিয়াৰ বান্ধোনত সোমাব লাগিব [ ১৭০ ] নেকি? কিন্তু বিয়া হলেও জানো তেওঁ সুখী হব পাৰিব! সঁচাকৈয়ে দীনবন্ধুৱে তেওঁৰ অহিত চিন্তিছেনে-তেওঁক ঘিণ কৰেনে? কোনে ক’ব।

  তেওঁ একেৰাহে এইবোৰ কথাকে ভাবি আছে, এনেতে পিয়নে আহি কিছুমান চিঠি-পত্ৰ দি গ'ল। প্ৰভাৱতী ঘৰলৈ যোৱাৰ পৰা তেওঁৰ সকলো চিঠি পত্ৰ ডাক-ঘৰতে জমা আছিল। চিষ্ঠিবোৰ এখন এখন কৈ পঢ়ি যাওঁতে এখন চিঠি তেওঁৰ হাতত পৰিল; দেখিলে চিঠিখন কলিকতাৰ পৰা আহিছে। মেলি লৈ লিখকৰ নাম ভয়ে ভয়ে পঢ়িলে,—ৰমণীমোহন দত্ত।

 এইখন প্ৰভাৰ বিবাহ-সম্পৰ্কে লিখা চিঠি! এই চিঠিত মণীমোহনে লিখিছে যে তেওঁ প্ৰভাক চাবলৈ, আৰু মন মিলিলে বিয়াৰ বন্দৱস্ত কৰিবলৈ কাতিৰ প্ৰথম সপ্তাহতে আহিব। চিঠিখন পঢ়ি তেওঁ বৰ অস্থিৰ হ’ল, তেওঁ কি কৰা উচিত ঠিক কৰিব নোৱাৰিলে। কাৰ উপদেশ লব! কাক সুধিব? কোন তেওঁৰ হিতাকাঙ্ক্ষা আছে যি তেওঁক এই সমস্যাত বন্ধু হৈ সাহায্য কৰিব? তেওঁৰ গোটই দিনটো এই চিন্তাতেই গ’ল। নানা প্ৰকাৰ কাৰ্য্যৰ মাজতো এই চিন্তা তেওঁ এখন্তেকলৈকো পাহৰিব নোৱাৰিলে।

 সন্ধ্যা সময়ত চেক্ৰেটাৰী আহিল; আজি কেইদিনমান তেওঁ গদাধৰৰ দোকানলৈ যোৱা নাই। আহিয়েই ক’লে,-“কিহে, তোমাৰ দীনবন্ধুৰ কথা আৰু শুনিবা নে।”

  প্ৰভা—মোৰ দীনবন্ধু! বাৰু, মোৰেই দীনবন্ধু; পিচে কি শুনিব লাগে?

 চেক্ৰেটাৰী—দীনবন্ধুৱেই যে এই সকলো কৰিছে সেই কথা।

 প্ৰভা—যেতিয়ালৈকে ভাল প্ৰমাণ নাপাওঁ, তেতিয়ালৈকে মই তাক সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰোঁ।


[ ১৭১ ]  চেক্ৰেটাৰী—প্ৰমাণ লাগে? তুমি দীনবন্ধুৰ চহী চিনি পোৱা নহয়? চোৱাচোন এইটো কাৰ চহী?

 প্ৰভা—চিনি পাওঁ। হয়, এইটো দীনবন্ধুৰেই চহী।

 চেক্ৰেটাৰী—এতিয়া বোধকৰোঁ মোৰ কথা পতিয়াবা। ইমান দিন সি লুকাই শৰ কৰিছিল, এতিয়া দেখা-দেখিকৈ ওলাইছে। এই খন পঢ়ি চোৱাঁ।

 এই বুলি চেক্ৰেটাৰীয়ে কমলচন্দ্ৰ প্ৰভৃতিয়ে দিয়া আৰ্জ্জিখন প্ৰভাক পঢ়িবলৈ দিলে। প্ৰভাৱতীয়ে আৰ্জ্জিখন পঢ়ি ক'লে,—“ক’তা? ইয়াততো কোনো কলঙ্কৰ কথা নাই। স্কুলৰ উন্নতি মানে পৰনিন্দা- চৰ্চ্চা হয় কেনেকৈ?”

 চেক্ৰেটাৰী—আজি কালি দিনত সকলো হয়। ইয়াত নাম দিছে দেখি দোষত পেলাব নোৱৰাকৈ স্কুলৰ উন্নতি বুলি লিখিছে, কিন্তু আচল উদ্দেশ্য সেই জাননী আৰু বেনামী চিঠিত যি লিখিছে সেয়ে।

 প্ৰভা—আপুনি কেনেকৈ জানিলে?

 চেক্ৰেটাৰী–মই ইয়াত নাম দিয়া কেইজনমান মানুহক লগ ধৰি তেওঁলোকৰ উদ্দেশ্য কি সুধিছিলোঁ; তেওঁলোকে সেই কেলেঙ্কাৰীৰ কথাকে ক'লে।

 প্ৰভা—তেওঁলোকে তাৰ কি প্ৰমাণ দিব পাৰে নুসুধিলে কিয়?

 চেক্ৰেটাৰী—মই নোসোধাকৈ থকা নাই; কিন্তু তেওঁলোকে ক'লে, বোলে দীনবন্ধুৰ সাক্ষ্যৰ ওপৰত তেওঁলোকে আন প্ৰমাণ নিবিচাৰে। দীনবন্ধুৱে প্ৰমাণ নোপোৱাকৈ এনে কাৰ্য্য হাতত লৈছে বুলি তেওঁলোকে বিশ্বাস নকৰে। এতিয়া দেখিলা তোমাৰ দীনবন্ধু কি ভীষণ প্ৰকৃতি মানুহ।

 এই কথা শুনি প্ৰভাৰ হৃদয় শতধা বিদীৰ্ণ হৈ গ'ল। উঃ! দীনবন্ধুও ইমান নীচ। তেন্তে জগতত কাক বিশ্বাস কৰিব! সংসাৰ [ ১৭২ ] যদি এনে পিশাচৰ লীলাস্থলী তেন্তে ইয়াত কোনো সাধু-সাধ্বী থকা উচিত নহয়।

 বহুত বেলি নীৰৱে চিন্তা কৰাৰ পিচত প্ৰভাই সুধিলে,—“পিচে আপুনি নো কি কৰিম বুলি ভাবিছে?

 চেক্ৰেটাৰী—মই কি কৰিম? সভা নাপাতো। সিহঁতে কি আলোচনা কৰিব খোজে সভাপতিৰ হতুৱাই বেলেগে বেলেগে সোধাম। সিহঁতে এতিয়া যিহকে কওক, গাইগোট ভাবে কোনেও এইবোৰ কথা কবলৈ সাহ নকৰে।

 প্ৰভাই আৰু একো নক’লে; তেওঁৰ মনত অসংখ্য ভাবনাই তোলপাৰ লগালে। তেওঁক তেনে কাতৰ হোৱা দেখি চেক্ৰেটাৰীয়ে ক'লে,-“কাতৰ হৈছা কেলেই? ভয় নকৰিবা, সিহঁতে তোমাৰ একো কৰিব নোৱাৰে।”

 প্ৰভাই ক'লে,—“আজি মোৰ মন-গা একো ভাল লগা নাই। আপোনাক এতিয়া বিদায় হে দিলে।”

  চেক্ৰেটাৰী ইচ্ছা নাছিল যদিও প্ৰভাৰ অনুৰোধ ৰাখি উঠি গ’ল। প্ৰভা ভিতৰ সোমাই পাটীত পৰিল। বহুত বেলি কিবা-কিবি ভাবি ছটফটাই কটালে, তাৰ পিচত উঠি আহি মেজৰ ওচৰত বহিল আৰু চিঠি এখন লিখি তেতিয়াই দীনবন্ধুলৈ পঠিয়াই দিলে।

⸻⸻

[ ১৭৩ ]


সপ্তম অধ্যায়

চিঠিৰ উত্তৰ

 আজি কেইবাদিনো দীনবন্ধুৰ গাত বহুত কামৰ ভিৰ পৰিছে; আন কি, তেওঁ নিয়ম-মতে খাব-শুবলৈকো সময় পোৱা নাই। প্ৰভাৱতীয়ে যেতিয়া চিঠিখন পঠিয়াইছিল, তেতিয়া তেওঁ ঘৰ সোমাইছিল মাত্ৰ। চিঠিখন পাই তেওঁ লেম্পটোৰ ওচৰলৈ গৈ থিয়ৈ থিয়ে পঢ়িবলৈ ধৰিলেঃ—

ওঁ

মানবৰেষু,

 আজি বহুতদিনৰ মূৰত বাধ্য হৈ আপোনাক দুটামান কথা সুধিব লগাত পৰিলোঁ, যেন উত্তৰ দি বাধিত কৰে।

 আপুনি এদল মানুহৰ নেতা হৈ স্কুলৰ উন্নতি কৰিবলৈ কিবা সভা পাতিব লাগে বুলি চেক্ৰেটাৰীক জনাইছে; কিন্তু স্কুলৰ উন্নতিৰ যেনে আলোচনা কৰিবলৈ ওলাইছে বুলি শুনিছোঁ, তাৰ দ্বাৰা স্কুল কিমান ওপৰলৈ উঠিব তাক আপুনি আৰু আপোনাৰ দলৰ লোকেইহে জানে। সঁচাকৈয়ে যদি সজ আলোচনা কৰাই আপোনাৰ উদ্দেশ্য হলহেঁতেন, তেনেহলে বেনামী চিঠি আৰু বিজ্ঞাপন প্ৰচাৰ নকৰিলেহেঁতেন। আপুনিয়েই যত্ন কৰি মোক স্কুল পাতি দিছিল। এতিয়া তিনটা মাহ পূৰ নৌহওঁতেই মোৰ গাত এনেকৈ পোক লাগিল নে যে কি এটা বদনাম দি নেখেদালেই নহয়!

 পুৰুষ জাতিটোৰ প্ৰতি সাধাৰণতঃ মোৰ, শ্ৰদ্ধা নাথাকিলেও আপোনাৰ প্ৰতি আছিল। আপোনাক আনতকৈ বেলেগ বুলি [ ১৭৪ ] ধৰিছিলোঁ, দেৱতা বুলি ভাবিছিলোঁ। কিন্তু আপোনাৰ কাৰ্য্য দেখি মোৰ সেই বিশ্বাস ৰাখিব নোৱৰাত পৰিছোঁ। আপুনিও এনে হব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ। এতিয়াও যে মাজে মাজে মোৰ চকুকাণকে অবিশ্বাস কৰিবৰ মন গৈছে। হয় মোৰ ধাৰণা ভুল, নহয় আপুনিয়েই ভুল কৰি মিছাকে সঁচা বুলি ভাবিছে। যি হউক, কি উদ্দেশ্যে আপুনি এইবোৰ কাৰ্য্যত হাত দিছে, মই তাৰ সমূলি তত ধৰিব পৰা নাই। যদি সেই ঘৃণিত কাহিনীবিলাক আলোচনা কৰাই আপোনা উদ্দেশ্য, তেন্তে কি প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি আপুনি তেনে কৰিবলৈ ওলাইছে, জানিবলৈ দিবনে? ইতি।

বিনীতা
প্ৰভাৱতী।

 চিঠিখন পঢ়ি দীনবন্ধু অলপ বিষন্ন হ’ল, তেওঁৰ কপালত এটা চিন্তাৰ ৰেখা জিলিকি পৰিল। তেওঁ সাজ-পাৰ নসলোৱাকৈয়ে মেজৰ ওচৰত বহি কাপ-কাকত চপাই ললে। চিঠিখনৰ উত্তৰ লিখিবলৈ দোৱাতত কলমটো সুমুৱাইছে মাথোন, এনেতে এটা লৰা ল’ৰি আহি তেওঁৰ ওচৰত উপস্থিত। তেওঁ মূৰ ডাঙি চালতে ল’ৰাটোৱে কলে,—“পদ্মই কানি খাই মৰিবলৈ ধৰিছে।”

 নগৰৰ বাহিৰত কেইটামান সামান্য ঘৰত জনচেৰেক ছাত্ৰ থাকে। তেওঁলোকৰ ঘৰ চহৰৰ পৰা বহুত দূৰত, অথচ কেইজনমানে বোৰ্ডিঙৰ খৰচ বহন কৰিবও নোৱাৰে। বাকী কেইজনৰ ধনৰ অভাৱ নাই, কিন্তু বৰ্ত্তমান জাতিবিভাগৰ কঠোৰ শাসন মানি তেওঁলোকৰ জাতৰ ল'ৰা বোৰ্ডিঙত থকা সহজ নহয়। যাৰ তত্ত্বাৱধানত এওঁলোক থাকে, তেওঁ এজন চহা মানুহ; সেই দেখিয়েই দীনবন্ধুৱে এওঁলোকলৈ চকু ৰাখে আৰু টানে-আপদে সাহায্য কৰে। ছাত্ৰকেইজনেও দীনবন্ধুক ভয় আৰু ভক্তি কৰে। পদ্ম এই ছাত্ৰ কেইজনৰে এজন।

[ ১৭৫ ]  ল'ৰাটোৰ কথা শুনি দীনবন্ধুৱে ক'লে,—“কানি খালে! কেতিয়া?”

 ল’ৰা—কব নোৱাৰোঁ।

 দীন—কানি খালে বুলি জানিলি কেনেকৈ?

 ল’ৰা—সি নিজে কৈছে।

 দীন—এতিয়া সি কি কৰিছে?

 ল’ৰা—শুই আছে।

 দীন-তেনেহলে সৰ্ব্বনাশ! তই লৰ মাৰ। তাক অলপো শুব বা বহিবলৈ নিদিবি, মাথোন খোজ কঢ়াই লৈ ফুৰাবি। সি যদি খোজ নাকাঢ়ি বহিব বা শুব খোজে, তেনেহলে লাগিলে কোবাই দিবি। মনত ৰাখিবি শুবলৈ দিলেই মৰিব। মই যাব লাগিছোঁ, তই লৰ মাৰ। অ, আৰু এটা কথা। তাক লোণ মিহলাই অলপ তপত পানী খাবলৈ দি থাকিবি। তেতিয়া তাৰ বাতি আহিব।

 ল’ৰাটো তেতিয়া লৰ মাৰিলে, দীনবন্ধুৱে চিঠি লিখিবলৈ আকৌ কলমটো দোৱাতত সুমুৱাইছে, এনেতে এটা মানুহ উধাতু খাই লৰি আহি তেওঁৰ ওচৰত ওলাল। দীনবন্ধুৱে দেখিলে তেওঁ অলপ আগতে যাৰ ওচৰৰ পৰা আহিছিল সেই পগলা বামুণৰ ওচৰ চুবুৰীয়া মানুহ এটা। তেওঁ কোনো কথা কবলৈ নৌ পাওঁতেই মানুহটোৱে কবলৈ ধৰিলে,—“সৰ্ব্বনাশ হ’ল দেউতা, বেগাই আহক, নহলে বামুণে আজি কাকো নথয়।”

 দীন—তহঁতে দেখিছোঁ মোক পগলা কৰিহে এৰিবি। মই আহি ভালকৈ বহিবলৈকে পোৱা নাই, পালিহি পাচতে খেদা। কিয়, মই থাকোঁতে দেখোন ভালেই আছিল।

 মানুহ—আপুনি থাকোঁতে সদায় ভালে থাকে; আপুনি আহিলে হে সি পগলা হয়। আজিও আপুনি অহাৰ পিচত সি [ ১৭৬ ] হাতুৰী এডাল লৈ ঘৰত যিমান বাটি-কাঁহী আছিল সোপাকে গুড়ি কৰিলে। যিবিলাক মানুহে হাক দিছিল সেইবিলাককো ফৰ্ম্মুটিয়াই খেদি নিলে। মোকো ঘৰত জুই দিম বুলি ডবিয়াইছে। এতিয়া আকৌ ঘৈণীয়েকজনীক ধৰি আনি চ’ৰা ঘৰৰ মুখত থিয়কৈ থৈছে; ইফালে হাতত দা এখন লৈ কৈ আছে বোলে লৰচৰ কৰিলেই কাটিম। কোনো মানুহেই ওচৰ চাপিবলৈ সাহ কৰা নাই। আপুনি নগলে আজি কিবা দুৰ্ঘটনা ঘটিব। এতিয়াই বা কি হৈছে!

 দীন—তহঁত একেবাৰেই অকামিলা। মই আৰু সদায় পগলাৰ গাতে ধৰি ফুৰিলেই হ’ব নে? আজি এসপ্তাহত কিমান কাম লোকচান হৈছে! মই থাকিলে দেখোন একো উম-ঘামেই নাই। এখোজ আঁতৰি আহিলেই হয় এইখন!

 মানুহ—আপুনি যি কয় তাকে শুনে। আমি কিবা কলেই একেবাৰে যমদগ্নি মূৰ্ত্তি ধৰি আহে।

 দীন—বাৰু তই এতিয়া যা, মই যাব লাগিছোঁ।

 মানুহ—পলম হলে জানোচা বিপদ ঘটে!

 দীন—একো বিপদ নহয়। তই মুঠেই মই গৈছোঁ বুলি কবি। বামুণ হৈছে ধৰ্ম্মৰ পগলা, তাক ধৰ্ম্মৰ কথা কৈ চলাব লাগে। মই তাক কিবা এটা মুখস্থ কৰিবলৈ দি আহিছোঁ, আৰু কালিলৈ পৰীক্ষা কৰিম বুলি কৈছোঁ। মই এতিয়া নাযাওঁ বুলিয়েই সি, তেনে কৰিছে। তই মুঠেই মই যাব লাগিছোঁ বুলি কগৈ সি এতিয়াই ভাল হৈ পঢ়িবলৈ লাগিব।

 মানুহ—বাৰু মই যাওঁ, আপুনি পলম নকৰিব।

 দীন—মই অলপ পলম কৰিবই লাগিব, তাতকৈও ডাঙৰ বিপদৰ ভয় আছে। তই ভয় নকৰিবি; মই কোৱাৰ দৰে কবি, আৰু সকলোকে সাৱধান হৈ থাকিবলৈ দিবি। সি একো নকৰে। [ ১৭৭ ]  মানুহটো গ’লত দীনবন্ধুৱে গঙ্গাক মাতিলে,—“গঙ্গা, গাখীৰ লৈ আহ; এচকল ৰুটিও আনিবি।”

 গঙ্গাই গাখীৰ আৰু ৰুটি আনি দিলে, দীনবন্ধুৱে খোৱাৰ লগে লগে চিঠিখন শেষ কৰিলে। চিঠিখন চুটি, তাত এই কেইটা কথা আছিল।—

ওঁ

সুচৰিতে,

 মই আহি ঘৰ সোমোৱাৰ লগে লগে তোমাৰ চিঠিখন পালোঁ। কিন্তু মই এনে কেইটামান কামৰ লেঠাত পৰিছোঁ যে তাক আস্তে- সুস্থে পঢ়ি উত্তৰ দিবলৈ মোৰ সময়ৰ নিতান্ত অভাৱ। তোমাৰ চিঠি পঢ়ি মোৰ বিশ্বাস হৈছে তুমি কিবা মিছা সংবাদৰ ওপৰত নিৰ্ভৰ কৰি এই চিঠি লিখিছা। সেই বিষয়ে সৰহ কথা কবলৈ মোৰ সময় নাই। মোৰ সম্পৰ্কে ইয়াকে মাথোন কওঁ যে মোৰ দ্বাৰা সত্যৰ অপলাপ কৰা নাইবা অসত্যক প্ৰশ্ৰয় দিয়া কেতিয়াও নহয়। মোৰ অতি আপোন মানুহ, পিতা-মাতা নাইবা মই নিজে বিপন্ন হলেও মই সত্য গোপন কৰিব বা অসত্যৰ আশ্ৰয় ল’ব নোৱাৰোঁ। তুমি যদি নিজক নিৰ্দ্দোষ বুলি জানা, এনেকৈ ধৈৰ্য হেৰুৱাইছা কিয়? মই স্কুলৰ কি উন্নতি কৰিবলৈ ওলাইছোঁ, তাক কাৰ্য্যত দেখিবা, এতিয়া মোৰ কথাৰে বা তোমাৰ অনুমানেৰে তাক বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। ইতি

তোমাৰ শুভাকাঙক্ষী
শ্ৰীদীনবন্ধু।

 দীনবন্ধুৱে চিঠিখন সামৰি তেতিয়াই প্ৰভাৱতীক দিবৰ নিমিত্তে গঙ্গাৰ হাতত দিলে। দীনবন্ধুৰ মুখত ব্যস্ততাৰ চিন দেখি গঙ্গাই সুধিলে,—“দেউতাই ভাত নোখোৱাকৈয়ে যাব খুজিছে নে কি?” [ ১৭৮ ]  দীন—এৰা, মই আৰু পলম কৰিব নোৱাৰোঁ। ইয়াৰ ভিতৰতে কোন ক’ত মৰিছে ঠিক নাই। তই মোলৈ বাট চাব নালাগে। মই যদি আহিব পাৰোঁ কৰ্কৰা ভাতকে খাম, আহিব নোৱাৰিলে খোৱা নহবই।

 গঙ্গাই কন্দনামুৱা হৈ ক'লে,-“আজি দহ-বাৰদিনৰ পৰা দেউতাই খোৱা-বোৱাও এৰিলে। এনেকৈ ভোকে–লঘোনে কাম কৰিলে শৰীৰ থাকিব কেইদিন? এতিয়াই বেমাৰী মানুহৰ নিচিনা দেখা হৈছে।

 দীন-দুখীয়া মানুহৰ দুই-এসাজ ঘোন হৈয়েই থাকে; তাৰ পৰা একো নহয়।

 এই বুলি দীনবন্ধুৱে গঙ্গাৰ পিঠিত চপৰিয়াই তাক সান্ত্বনা দি যাবলৈ ওলাল।

⸻⸻

[ ১৭৯ ]

অষ্টম অধ্যায়

বিবাহ প্ৰাৰ্থী।


 যদিও চেক্ৰেটাৰী-আদিৰ মুখে প্ৰভাই সকলে অসৎ চেষ্টাৰ মূলত দীনবন্ধু বুলি শুনিছিল, তথাপি তেওঁ তাক সম্পূৰ্ণ বিশ্বাস কৰা নাছিল। কিন্তু উকীললৈ দিয়া আৰ্জিখনত তেওঁৰ চহী দেখিবৰে পৰা দীনবন্ধু কিবা এটা ষড়যন্ত্ৰত লিপ্ত আছে বুলি তেওঁৰ সন্দেহ হ’ল, আৰু সেই সন্দেহ ক্ৰমে পূৰ্ণ বিশ্বাসত পৰিণত হ'ল। তথাপি কিজানি তাত কিবা সজ উদ্দেশ্য আছে এই বুলি মাজে মাজে বিৰুদ্ধ ভাবনায়ো তেওঁৰ মনত ঠাই পাইছিল। সেই দেখিয়েই তেওঁ দীনবন্ধুলৈ সেই চিঠিখন লিখিছিল। তেওঁ ভাবিছিল—যদি দীনবন্ধুৰ উদ্দেশ্য সঁচাকৈয়ে অসৎ নহয়, তেন্তে তেওঁ তেওঁৰ উদ্দেশ্য জানিবলৈ দিব, আৰু যদি সেই সম্পৰ্কে কোনো উত্তৰ নিদিয়ে, তেন্তে বুজিব লাগিব—চেক্ৰেটাৰীৰ কথা মিছা নহয়,—দীনবন্ধুও তেওঁৰ দলৰ আন মানুহতকৈ উচ্চমনা নহয়। এতিয়া দীনবন্ধুৰ চিঠি পাই তেওঁৰ মন আৰু উত্ৰাৱল হ’ল। তেনেহলে দীনবন্ধুৱেই এই সকলো ষড়যন্ত্ৰৰ মূল। নহলে তেওঁ তাৰ বিষয়ে একেষাৰ কথাও নকৈ সময় নাই বুলি গা সৰুৱাব খুজিছে কিয়? তেওঁ যে এইবোৰ ষড়যন্ত্ৰ প্ৰচাৰত লিপ্ত তেওঁৰ এই বিষয়ে মৌনৱলম্বনেই তাৰ প্ৰমাণ নহয়নে? প্ৰভাৰ মনত এইবোৰ চিন্তা হোৱাৰ লগে লগে দীনবন্ধুৰ প্ৰতি তেওঁৰ ৰোষ আৰু অভিমান সম্পূৰ্ণ হৈ উঠিল। দীনবন্ধুৰ চিঠিৰ অৰ্থ তেওঁ এই দৰে বুজিলে যে তেওঁৰ বিৰুদ্ধে ওলোৱা কথাবোৰ দীনবন্ধুৱে সত্য বুলি জানিছে, আৰু সেই সত্য গোপন কৰিব নোখোজে দেখি এই [ ১৮০ ] আন্দোলন হাতত লৈছে। কিন্তু যদি এই কথা সঁচা তেন্তে তাৰ বিচাৰ দেখা-দেখিকৈ নকৰি এনে নীচ উপায় অৱলম্বন কৰিছে কিয়? প্ৰভাই নিজে নিজে ক'লে,-উঃ! দীনবন্ধুৰৰ এনে নীচতা আছে বুলি যে কল্পনাকে কৰিব নোৱাৰিছিলোঁ! প্ৰভো, জগদীশ্বৰ, মোক কৰ্ত্তব্য স্থিৰ কৰিবলৈ শক্তি দিয়াঁ।”

 সেই ৰাতি প্ৰভাৱতীৰ টোপনি নাহিল, আগগুৰি নোহোৱা চিন্তাত তেওঁৰ মূৰ ঘূৰিবলৈ ধৰিলে। একোবাৰ কৈ উঠিল,—“মই অবলা ৰমণী, মোক শক্তি দিয়, জগদীশ্বৰ। আকৌ একোবাৰ ক'লে,—দীনবন্ধু, তুমিয়েইনে সেই পৰৰ নিমিত্তে প্ৰাণ দিওঁতা প্ৰভাৱতীৰ আদৰ্শ দেৱতা দীনবন্ধু? উঃ! তুমিও আজি পিশাচৰ লগত পৰি পিশাচ হ’লা! ”  এইদৰেই সেই ৰাতি অতিবাহিত হ'ল।

 ৰাতিপুৱা শুই উঠাৰ পিচত প্ৰভাৱতীয়ে এখন টেলিগ্ৰাম পালে; জানিব পাৰিলে- ৰমণীমোহন দত্ত কলিকতাৰ পৰা আহিছে; সেই দিনাই প্ৰভাৱতীৰ ঘৰ পাবহি।

  টেলিগ্ৰাম পাই প্ৰভাৱতীৰ আৰু চিন্তা হ’ল। তেওঁৰ যে সঁচাকৈয়ে এই মানুহটোক স্বামীৰূপে বৰণ কৰিবলৈ ইচ্ছা নাই। অথচ ঘটনাচক্ৰ যেনে হৈ উঠিছে অকলশৰীয়াকৈ তেওঁ তাৰ লগত কিমান যুঁজিব! তেওঁৰ যে কলঙ্ক-কাহিনী অন্ত পৰাৰ আৰু সম্ভাৱনা নাই! তেনেহলে বিয়াখন পাতি এটা দিহা লগোৱাই উচিত হব নেকি! বাৰু, বিয়া যেনিবা হ’লেই, তেওঁতে জীৱনত শান্তি নাপাব। তেওঁ যে ৰমণীমোহনক ভাল পাব নোৱাৰে! দীনবন্ধুৱেও যেতিয়া ষড়যন্ত্ৰত যোগ দিলে, তেওঁ এনেভাবে থাকিব পৰাৰেই বা আশা ক’ত। তেওঁ কাতৰ কণ্ঠেৰে ক'লে,—দীনবন্ধু, এই অভাগিনীক চিৰদুখিনী কৰাই তোমাৰ ইচ্ছানে?”

 প্ৰভাৱতীয়ে আপোন মনতে বহুতো কিবাকিবি সাজিলে, বহুতো [ ১৮১ ] ভাঙিলে, কিন্তু একোকেই সিদ্ধান্ত কৰিব নোৱাৰিলে। এই দৰে থাকোঁতেই জাহাজৰ উকি শুনা গল, প্ৰভাৱতীৰ বুকু কঁপি উঠিল; কি কৰিব, কি নকৰিব একোকেই ভাবি স্থিৰ কৰিব নোৱাৰিলে। তেওঁ বৰ অস্থিৰ হৈ পৰিল। হঠাৎ তেওঁৰ মনত কিবা এটা খেলালে; তেওঁ যেন অলপ আশ্বস্ত হ’ল।

 অলপ পিচতেই এখন ঘোঁড়াৰ গাড়ী প্ৰভাৰ ঘৰৰ মুখ পালেহি। গাড়ীৰ পৰা এজন চাহাবী সাজ-পাৰ পিন্ধা মানুহ বাহিৰ ওলাল। তেওঁ ৰমণীমোহন দত্ত বেৰিষ্টাৰ বুলি আত্মপৰিচয় দিলে। প্ৰভাৱতীয়ে যথাযোগ্য সম্ৰমেৰে তেওঁক অভ্যৰ্থনা কৰিলে। ৰমণীমোহনে তেওঁৰ বয়-বস্তুখিনি গাড়ীৰ পৰা নমোৱাই, গাড়ীৰ ভাৰা এটকাৰ ঠাইত দুটকা দি তেওঁৰ বদান্যতা আৰু অৰ্থ প্ৰাচুৰ্য্যৰ পৰিচয় দিলে।

 ৰমণীমোহন সাজ-পাৰত যদিও চাহাব, তেওঁৰ স্বাভাৱিক বৰণ আৰু শাৰীৰিক গঠনে তেওঁক বঙালী বুলি পৰিচয় নিদিয়াকৈ নাথাকে। মুখত যদিও ‘পাউডাৰ’ ঘঁহিছে, তথাপি তাৰ মাজে দিয়েই তেওঁৰ স্বাভাৱিক কৃষ্ণবৰ্ণ জিলিকি উঠিছে। তেওঁ সোমালতে গোটেইখন ঘৰ এচেন্সৰ গোন্ধেৰে মলমলাই গ'ল।

 নিয়মমতে চাহ-জলপান খোৱাৰ পিচত দুয়োৰে আলাপ-পৰিচয় হবলৈ ধৰিলে।

প্ৰভা—মই আপুনি আহিব বুলি কালিহে বাতৰি পাইছোঁ; পূজাৰ

বন্ধত ঘৰলৈ গৈছিলোঁ, কালিহে ঘূৰি আহিছোঁ।

ৰমণী—আৰু টেলিগ্ৰাম পোৱা নাই নে?
প্ৰভা—এই অলপ সময়ৰ আগতে পাইছো।
ৰমণী—এৰা, ময়ো উত্তৰলৈ বাট নাচাই একেবাৰেই অহাটোকে

উচিত ভাবিলোঁ, কাৰণ এনেবোৰ কাম নিলগত ঠিক কৰা কথা নহয়। [ ১৮২ ] মই এমাহমান ইয়াতে থাকি যি হয় এটা মীমাংসা কৰি যাম বুলি আহিছোঁ।

 প্ৰভা—কিন্তু এই বিষয়ে যে মই কোনো এটা খাটাং কথা সোনকালে দিব পাৰিম, তেনে আশা নাই। আন নালাগে, এই কথা ভাবিবলৈকো মই যথেষ্ট সময় পোৱা নাই।

 ৰমণী—মইনো কৈছোঁ কি? আমি এতিয়া দুয়ো দুইৰো বিষয়ে অনভিজ্ঞ; সেই দেখি চিঠি পত্ৰেৰে মতামত জনোৱা নিৰৰ্থক। বিলাত আদি ঠাইত সেই কাৰণে বৰ-কন্যা বহুদিন লগ বান্ধি দুয়ো দুয়োৰে কাৰ্য্যকলাপ চায়, দুয়ো দুয়োকো বুজি লয়। তাৰ পিচত যদি সকলো বিষয়তে দুয়োৰে মত মিলে তেতিয়াহে বিবাহ হয়। এনে বিবাহত বৰ-কন্যা সুখী নহৈ নোৱাৰে। কিন্তু চিঠি-পত্ৰৰে নাইবা ঘৰপতা মানুহৰ কথাৰে বিয়াৰ বন্দৱস্ত কৰিলে শেহত অমিল ওলাই পৰে, আৰু তেনে মানুহৰ ঘৰ গুচি বাঁহতল হয়। সেই দেখি দৰা কন্যাৰ বাছনি মতে বিয়া হোৱাই সভ্য সমাজৰ নিয়ম।

 প্ৰভা—সেইটো হ’ব পাৰে, কিন্তু নিজৰ আত্মীয় মানুহৰ দ্বাৰাও তেনে নিৰ্ব্বাচন হোৱা অসম্ভৱ নহয়।

 ৰমণী—সম্পূৰ্ণ অসম্ভৱ। আত্মীয় মানুহে বিশেষ ভাবে চেষ্টা কৰিলে শিক্ষা-দীক্ষা আৰু সাধাৰণ ভাবে স্বভাৱ চৰিত্ৰ বুজিব পাৰে; তাতকৈ বেচি একো কৰিব নোৱাৰে।

 প্ৰভা—নিজে নিজেই বা তাতকৈ বেচি কি জানিব?

 ৰমণী—বহুত জানিব। যিবোৰ আনে জানিবৰ উপায় নাই সেইবোৰ জানিব। দুয়ো জনৰ খোৱা-মেলাৰ, আমোদ-প্ৰমোদৰ, ইচ্ছা-অভিলাষৰ মিল অমিল বুজিব পাৰিব। এইবোৰ আনে বুজিবৰ উপায় নাই। সেই কাৰণে মই ইয়াত দুই এমাহ থাকিম বুলি [ ১৮৩ ] ভাবিছোঁ। এইখিনি দিন একেলগে থাকিলে তুমিও মোক বাহিৰে ভিতৰে চিনিব পাৰিবা, ময়ো তোমাক চিনিব পাৰিম।

 প্ৰভা—সেই বিষয়ে আপত্তি কেইবাটাও আছে। প্ৰথমতে যদিও মই আপোনালৈ চিঠি লিখিছিলোঁ তথাপি বিয়াৰ বিষয়ে বিশেষ ভাবি- চিন্তি স্থিৰ কৰা নাছিলোঁ। তাৰ পিচত মোৰ চিঠিৰ উত্তৰ পালে ভাবি-চিন্তি এটা ঠিক কৰিম বুলি ভাবিছিলোঁ, কিন্তু কাৰ্য্যত যেনে হ’ল মই তেনে কৰিবলৈ সময় নাপালোঁ।

 ৰমণী—মই দেখোন কৈছোঁৱেই আগেয়ে সময় পোৱা হলেও একো লাভ নহলহেঁতেন। এতিয়া দেখি-শুনি স্থিৰ কৰিবলৈ সুবিধাহে হ'ব।

 প্ৰভা—মই আমাৰ বিবাহ স্থিৰ কৰাৰ কথা কোৱা নাই। মোৰ বিয়া কাৰবাৰ লগত হ'ব নে নহয় তাকেই স্থিৰ কৰা নাই।

 ৰমণী—তুমি যদি কুমাৰী হৈয়েই থাকিব খোজা তেনেহলে মোলৈ চিঠি লিখাৰ প্ৰয়োজন আছিল কি?

 প্ৰভা—মই তেনেকৈ একো ঠিক কৰা নাই, কিন্তু সি এতিয়াও চিন্তাৰ বিষয় হৈ আছে।

 ৰমণী—তাৰ সিদ্ধান্তৰ নিমিত্তে কেইদিন লাগিব?

 প্ৰভা—অন্ততঃ দুমাহ।

 প্ৰভাই দুমাহ সময় লোৱাৰ মানে এয়ে যে তাৰ ভিতৰতে স্কুল- সম্বন্ধীয় আলোচনাৰ শেষ হ’ব। যদি সেই আলোচনাৰ পিচতে তেওঁ অকলৈ থকা নিৰাপদ যেন দেখে, তেন্তে বিবাহত মত নিদিয়ে। যদিহে তেনে সুবিধাজনক সিদ্ধান্ত নহয়, তেনেহলে মনৰ ঘোৰ অশান্তি আৰু প্ৰাণৰ যন্ত্ৰণা লৈ বিবাহ অগ্নিত জাপ দিবলৈ সাজু হ’ব।

 ৰমণীমোহনে ক'লে,—“বৰ দীঘল সময়; মই বোধকৰোঁ সিমান দিন অপেক্ষা কৰিব নোৱাৰিম।”

 প্ৰভা—তেনেহলে মই তাৰ আগেয়ে একো ক’ব নোৱাৰোঁ।

[ ১৮৪ ]  ইয়াৰ পিচত আৰু দুই এটা সাধাৰণ কথা পাতি প্ৰভা ৰন্ধা-বঢ়াত লাগিল, আৰু ৰমণীমোহনে গা-পা ধুই বিশ্ৰাম ল'লে।

 ভোজনৰ অন্তত আকৌ বিবাহৰ কথা উঠিল। ৰমণীমোহনে য়ুৰোপ আমেৰিকা আদি ঠাইৰ বিবাহ-পদ্ধতিৰ কথা ৰহণ সানি সানি কবলৈ ধৰিলে। প্ৰভাৱতীয়ে নাজানে যেতিয়া সেইবোৰ কথা মিছাকৈ ক’লেও তেওঁক ধৰা পেলায় কোনে? প্ৰভাৱতীয়ে তেতিয়াও আগেয়ে কোৱা কথাকে ক’লে।

 ৰমণীমোহন কলে,—“তুমি যেতিয়াই সিদ্ধান্ত কৰা, মোৰ মতে চিৰকুমাৰী হৈ থাকিবলৈ স্থিৰ কৰিলে মহা ভুল হ’ব। ঈশ্বৰে তোমাক এনে অতুলনীয় ৰূপ-যৌৱন অবমাননা কৰিবলৈ দিয়া নাই, তাৰ যথাযোগ্য ব্যৱহাৰ কৰিবলৈ হে দিছে। যেনেকৈ কৃপণৰ ধন কোনো কামত নালাগে, কৰবাৰ মাটিৰ তলত পুতি থওঁতেই ঢুকায়, সেইদৰে ব্যৱহাৰত নলগোৱা ৰূপ-যৌৱন অনাহকত নষ্ট পায় মাথোন। ব্যৱসায়ত খটোৱা ধনৰ দৰে সম্ভোগত হে মানুহৰ ৰূপ যৌৱন বৃদ্ধি পায়। সেই কাৰণে মই কওঁ, তুমি তোমাৰ ৰূপ-যৌৱনৰ সদ্ব্যৱহাৰ কৰাঁ, সংসাৰ সুখৰ হৈ উঠিব। অনাহকত নিজক সংসাৰ সুখৰ পৰা বঞ্চিত কৰি যন্ত্ৰণা ভোগ কৰা কিয়?”

 প্ৰভাই ৰমণীৰ কথাৰ কোনো উত্তৰ নিদিলে। ৰমণীয়ে আকৌ ক’লে,—বাৰু তেন্তে, মই এই দুমাহ আলহী স্বৰূপেই নিজৰ খৰচত তোমাৰ ঘৰত থাকোঁ। তাৰ পিচত যি হয় স্থিৰ কৰিলে এটা মীমাংসা কৰিম।”

  প্ৰভাই ক’লে—“সেইটো একেবাৰেই অসম্ভৱ। এই ঘৰ মোৰ নহয়; ইয়াত কোনো মতা মানুহ ৰাখিবলৈ মোৰ অধিকাৰ নাই। দুমাহ নালাগে এৰাতিৰ নিমিত্তেও মই আপোনাক ইয়াত ঠাই দিব

নোৱাৰিম।”

[ ১৮৫ ]  ৰমণীয়ে তেতিয়া তেনে নিয়মৰ বিৰুদ্ধে বহুতো যুক্তি দেখুৱাই ক’লে,—“মোৰ মতে এনে নিয়ম পালন কৰাত নিজৰ হীনতা প্ৰকাশ কৰা হয়। যদি স্কুলৰ নিয়ম এনেকুৱাই হয়, তেন্তে তুমি ইয়াত আৰু এক মুহূৰ্ত্তও থকা উচিত নহয়। স্কুলৰ কাৰ্য্যত স্কুলৰ নিয়ম মানিব পাৰি, কিন্তু ঘৰুৱা জীৱনত নিজৰ স্বাধীনতাৰ ওপৰত হাত দিবলৈ দিয়াতকৈ হীনতা স্বীকাৰ আৰু একোতে হ’ব নোৱাৰে। মই তোমাক এদিনলৈকো এনে শাসনৰ তলতীয়া হৈ থাকিবলৈ দিব নোৱাৰোঁ। তুমি মোৰ লগতে কলিকতালৈ ওলোৱাঁ, মই সকলো খৰচ দিম। মোৰ লগত তোমাৰ বিয়া হওক বা নহওক, তোমাক এনে সমাজৰ হাতৰ পৰা ৰক্ষা কৰা মোৰ কৰ্ত্তব্য বুলি ভাবোঁ। এই লোৱাঁ তোমাৰ খৰচৰ বাবে ৫০০্‌ টকা দিলোঁ। ইয়াৰ পিচত যেতিয়াই যি আৱশ্যক হয়, মোৰ পৰা পাই থাকিবা। আন কি, যদি তোমাৰ আনৰ লগতো বিয়া হয়, তেনেহলেও তুমি নালাগে বুলি নোকোৱালৈকে তোমাৰ সকলো খৰচ যোগাবলৈ গাত ললোঁ।” এই বুলি কৈ ৰমণীয়ে পাঁচ-শ টকাৰ নোট প্ৰভাৱতীলৈ আগ বঢ়াই ধৰিলে।

 প্ৰভাৱতী টকা লবলৈ অসম্মত হ’ল। তেওঁ ধীৰে ধীৰে ক’লে, —“কোনো কাৰণ বশতঃ মই দুমাহৰ ভিতৰত তেনে একো কৰিব নোখোজোঁ। যদি তাৰ পিচত কিবা কৰিব লগা হয়, জানিবলৈ দিম।

 প্ৰভাৱতীক কোনোমতে সম্মত কৰাব নোৱাৰি ৰমণীয়ে ক’ল, —“বাৰু তোমাৰ যি ইচ্ছা তাকে কৰা, কিন্তু মই আজিৰ ৰাতিটো ইয়াতে নাথাকিলে ক’লৈ যাম? কালিলৈহে জাহাজ পোৱা যাব।”

 প্ৰভা—মই যে আপোনাক এটা ৰাতিৰ নিমিত্তেও ঠাই দিব

নোৱাৰোঁ, সেই বাবে লজ্জিত হৈছোঁ; কিন্তু কি কৰিম। স্কুলত [ ১৮৬ ]

সাধনা।

থাকোঁ মানে তাৰ নিয়ম-প্ৰণালী মানি চলিবলৈ বাধ্য। সেই বাবে আপুনি অসন্তোষ নকৰিব।

 ঠিক এনে সময়তে চেক্ৰেটাৰী আহি ওলাল। ৰমণীমোহনে আত্ম-পৰিচয় দি চেক্ৰেটাৰীৰ লগত বহুত ইংলণ্ডীয় কথা পাতিলে। চেক্ৰেটাৰীয়ে নিজে ইংলণ্ড দেখা নাই; গতিকে সেইবোৰ কথা আগ্ৰহেৰে শুনিলে।' কথাৰ মূৰত ৰমণীয়ে প্ৰভাৰ মতামতৰ চমু আভাস দি সেই ৰাতিৰ নিমিত্তে তাতে থাকিবলৈ চেক্ৰেটাৰীক অনুমতি খুজিলে। চেক্ৰেটাৰীয়ে ক'লে,-“মোৰ একো কথা নাই; প্ৰভাৰ আপত্তি নাথাকিলে আপুনি আজিৰ ৰাতিটো অনায়াসে ইয়াত থাকিব পাৰে।”

 প্ৰভাই ক'লে—“পিচত জানোচা কথা শুনিব লাগে?”

 চেক্ৰেটাৰী—দূৰণিবটীয়া মানুহ ছোৱালী ধৰিবলৈ আহিলে ৰাতি থাকিব লাগেই; সেইটো দেশৰ দস্তুৰ; তাত কোনে কি ক’ব পাৰে।

 চেক্ৰেটাৰীৰ কথাত প্ৰভাই আৰু একো নকলে। ৰমণীমোহন

সেই ৰাতিৰ নিমিত্তে তাতে আলহী ৰ’ল।


⸻⸺

[ ১৮৭ ]

নৱম অধ্যায়

দীনবন্ধুৰ ভালপোৱা

 সেই দিনা ৰাতি দীনবন্ধুৰ আৰু ঘৰলৈ অহা নহ’ল। প্ৰথমেই কানি খাই মৰিবলৈ ধৰা লৰাটোক চাবলৈ গ’ল। কেইবা বাৰৰ লোণ-পানী খোৱাৰ পিচত তাৰ বাতি আহিল আৰু কানিৰ এভাগ বাহিৰ ওলাল। দীনবন্ধুৱে তাক গোটেই নিশাটো খোজ কঢ়াই লৈ ফুৰাবলৈ লৰাবোক সময় ঠিক কৰি দি লাগতিয়াল উপদেশ দিলে। তাৰ পিচত ভয়ৰ বিশেষ কাৰণ একো নেদেখি তাক এৰি পগলাৰ ওচৰলৈ গ’ল। পগলাই তেতিয়া চিঞৰি চিঞৰি পুৰুষ-সূক্ত আওৰাই আছিল। দীনবন্ধুৱে পগলাৰ ওচৰ চাপি ক'লে,-“বেদৰ মন্ত এনেকৈ চিঞৰি গালে পাপ হয়, তাক সুৰ লগাই গাব লাগে।”

 পগলা—আপুনি তেন্তে এবাৰ সুৰটো শিকাই দিয়ক।

 দীন—এতিয়া বহুত ৰাতি হৈছে। ৰাত্ৰি-জাগৰণ শাস্ত্ৰমতে দোষৰ কথা। সেই কাৰণে এতিয়া আপুনি শোৱক। ৰাতিপুৱা ব্ৰহ্ম মুহুৰ্ততে শিকাই দিম।

 পগলা তেতিয়া পাটীত পৰিল আৰু এখন্তেক মনে মনে থাকিল। দীনবন্ধুৱে অলপমান মধ্যম-নাৰায়ণ তেল মূৰত ভালকৈ ঘঁহি দিলে আৰু বিচনী এখন লৈ লাহে লাহে বিচিবলৈ ধৰিলে। এনেকৈ দুঘণ্টামান কৰাৰ পিচত পগলাৰ টোপনি আহিল। পগলাৰ টোপনি আহিলত চুবুৰীয়া মানুহ দুটামানক ৰখীয়া দি আকৌ কানি খোৱা লৰাটোৰ তালৈ গ'ল। গৈ দেখিলে লৰাহঁতে তেওঁ উপদেশ [ ১৮৮ ] মতেই কাম কৰিছে; লৰাটোৰ অৱস্থাও ক্ৰমশঃ ভাল হৈ আহিছে। এঘণ্টামান সময় লৰাটোৰ পাচে পাচে ফুৰি আগৰ দৰেই উপদেশ দি আকৌ তেওঁ পগলাৰ ওচৰলৈ আহিল। পগলা তেতিয়াও টোপনিতে। দীনবন্ধুৱে পাটী এখন পাৰি ওচৰতে শুলে।

 ৰাতি-পুৱা পগলাৰ অৱস্থা বহুতো ভাল দেখা গ'ল। দীনবন্ধুৱে তেওঁক নানা উপায়েৰে ব্ৰহ্মপুত্ৰলৈ লৈ গৈ কেনেকৈ মুখ ধুব লাগে, গা ধোওঁতে কি মন্ত্ৰ মাতিব লাগে ইত্যাদি প্ৰশ্নৰ ছলেৰে গা ধুৱালে। গা ধোৱা হ’লত ৰাতিৰ কথা মতে বেদ-স্তোত্ৰ পাঠ কৰিবলৈ শিকালে। তাৰ পিচত ঘৰলৈ লৈ আহি অলপ আহাৰ কৰালে, আৰু স্তোত্ৰটো ভালকৈ শিকিবলৈ কৈ প্ৰায় ডেৰ পৰমান সময়ত ঘৰলৈ উলটিল। আহিবৰ সময়ত তাত থকা মানুহবিলাকক সাৱধানে থাকিবলৈ কৈ আহিল, আৰু বলিয়ালি কৰিলে কি কৰিব তাৰো কিবাকিবি বুদ্ধি শিকাই আহিল।

 দীনবন্ধুৱে ঘৰলৈ আহি সোনকালে স্নানাহাৰ সমাপ্ত কৰিলে। যদিও সাধাৰণতে তেওঁ দিনত নোশোৱে তথাপি সেই দিনা তেওঁ এখন্তেকৰ নিমিত্তে পাটীত পৰিল। আজি কেইবাদিনো তেওঁ খেতি পথাৰৰ পিনে ভুমুকিকে মাৰিব পৰা নাই। সেইদেখি এঘণ্টামান বিশ্ৰাম লোৱাৰ পাচত তেওঁ পাটীৰ পৰা উঠিল, আৰু চাহ-পানী এটোপা খাই পথাৰৰ ফাললৈ খোজ ল'লে।

 দীনবন্ধু বাহিৰ ওলাওঁতেই প্ৰভাৱতীৰ ৰান্ধনি ঘৰৰ খিৰিকীত তেওঁৰ চকু পৰিল। তেওঁ ঘৰৰ ভিতৰত এটা আগে-পিচে নেদেখা মানুহক দেখা পালে আৰু তেওঁক প্ৰভাৰ কোনোবা সম্বন্ধীয় মানুহ বুলি অনুমান কৰি নিশ্চিন্ত মনেৰে গন্তব্য স্থানলৈ গতি কৰিলে।

 খেতি-বাতি চাই হালোৱাক উপদেশ দি ঘূৰি আহোঁতে দীনবন্ধুৰ ৰাতি হ'ল। আহোঁতে বাটত তেওঁক বহুতে সুধিলে,—“হয়নে বোলে [ ১৮৯ ] কোনােবা কলিকতীয়া বঙালী এটা প্ৰভাৱতীক বিয়া কৰাবলৈ আহিছে, আৰু আজি কেইবাদিনাে তেওঁৰ ঘৰতে আছে ?”

 দীন—ক’ব নােৱাৰোঁ। আজি কেইবাদিনাে মই ঘৰতে থাকিবলৈ পােৱা নাই। আজি আবেলি আগেয়ে নেদেখা ডেকা মানুহ এটা প্রভাৰ ঘৰত দেখিছিলোঁ, কিন্তু ক’ৰ মানুহ, কিয় আহিছে, একোকে শুনা নাই। যদি সেইটোৱেই হয় কব নােৱাৰোঁ।

  দীনবন্ধুৱে এঠাই দুঠাইকৈ বহুত ঠাইত এই কথা শুনিলে। তেওঁ কথাটো সঁচা নে মিছা একো ঠিক কৰিব নােৱাৰিলে। মনে মনে ভাবিলে যদি সঁচা, তেন্তে সেই মানুহটোৱেই হব পায়। কিন্তু কলিকতীয়া মানুহে ইয়াত ছােৱালী ধৰিবলৈ পালেহি কেনেকৈ ? কোনাে ঠগ নহয়তাে! যি হওক, প্রভাক সতর্ক কৰি দিয়া তেওঁ কর্ত্তব্য বিবেচনা কৰিলে।

 ঘৰলৈ আহিয়েই দীনবন্ধুৱে প্ৰভাৱতীলৈ এখন চিঠি লিখিলে। চিঠিখন এইঃ—

ওঁ

সুচৰিতে,

 কালি তােমাৰ চিঠিখন পাই ইমান লৰালৰিকৈ উত্তৰ দিব লগাত পৰিলোঁ যে, কি লিখিলোঁ সিও এতিয়া মােৰ মনত নাই। সি যি হওক, তুমি কৰা প্ৰশ্নৰ উত্তৰ সােনকালে শুনিবলৈ পাৱা ; সেই দেখি এতিয়া বহলাই কোৱাৰ প্ৰয়ােজন নাই। মুঠতে মােৰ পৰা অন্যায়ৰূপে তােমাৰেই হওক বা আনৰেই হওক, কোনাে হানি হ’ব নােৱাৰে। বেয়া নােপােৱা যদি মই আৰু দুষাৰমান কথা ক’ব খােজোঁ।-বর্ত্তমান যেনে আন্দোলন-আলােচনা হৈছে, তুমি সকলাে বিষয়তে সতর্ক হৈ চলা উচিত। মই আগেয়ে কোৱা কথাবােৰ আকৌ এবাৰ মনত পেলাই দিব খােজোঁ। সংসাৰ [ ১৯০ ] প্রলােভনৰ ঠাই; সেই কাৰণে ঘাইকৈ তােমাৰ নিচিন অৱস্থাত মনক সবল কৰিবলৈ—সংযত হৈ চলিবলৈ একান্ত সাধনাৰ প্ৰয়ােজন। বহুত সময়ত সংযমী মানুহৰো প্রলােভনৰ পিছল বাটত পদস্খলন হয়; সেইদেখি কওঁ—সাৱধানে চলিব ;-মাছ ধৰিবলৈ গৈ যেন সাপৰ গাঁতত হাত নভৰােৱা। যেই সেই কাৰ্য্যৰ আগতে গভীৰভাবে ভাবি চাবা, ফলাফলৰ শুভাশুভ চাই কৰ্তব্য নির্ণয় কৰিবা। তেতিয়া নিশ্চয় ভগবানে তােমাৰ মঙ্গল কৰিব । মই কিয় এই কথা কৈছো, বােধকৰোঁ নকলেও বুজিব পাৰিছা। ইতি।

তােমাৰ শুভাকাঙ্ক্ষী
শ্রীদীনবন্ধু। 

 চিঠিখন লিখা হ’লত তেওঁ তাক তেতিয়াই পঠিয়াই দিব খুজিছিল, কিন্তু হঠাৎ তেওঁৰ মনত খেলালে যে প্রভাৰ লগত তেওঁৰ বিবাহপ্রার্থী এজন থাকেঁতে ৰাতি এনেকৈ চিঠি দিয়া দেখিলে তেওঁৰ সন্দেহ জন্মিব পাৰে, হয়তাে তাৰ পৰা প্ৰভাৰ অপকাৰো হ’ব পাৰে। এনেকৈ ভাবি চিন্তি শেষত তেওঁ চিঠিখন নপঠিওৱাকে স্থিৰ কৰিলে।

 ৰাতিপুৱা শােৱাৰ পৰা উঠিলেই দীনবন্ধুৱে সদায় প্রভাক বাৰাণ্ডাত দেখা পায়, কিন্তু ওপৰত কোৱা ঘটনাৰ পিচ দিনা তেওঁক দেখা নাপালে। বহুত বেলিৰ মূৰত যেতিয়া দেখা পালে, তেতিয়া তেওঁৰ মুখ মলিন, যেন নৰিয়াৰ পৰাহে উঠি আহিছে। দীনবন্ধুকে দেখা মাত্রেই তেওঁ লৰালৰিকৈ আঁতৰি গ’ল। দীনবন্ধুৱে এই পৰিবৰ্ত্তনৰ কাৰণ ভালকৈ একো নুবুজিলে, তেওঁ চিন্তাকুল চিত্তেৰে চিঠিখন পঠিয়াই দিলে। চিঠি পাই প্রভাই তাৰ উত্তৰত মাথােন ইয়াকে লিখিলে,—“আপােনা চিঠি পালো, কিন্তু তাৰ উত্তৰ জানোঁ দিও নে নিদিওঁ।”

[ ১৯১ ] প্ৰভাৱতীৰ উত্তৰত দীনবন্ধু যেন অলপ বিচলিত হ’ল। প্ৰভাই এনে ধৰণৰ উত্তৰ ইমান দিনে দিয়া নাছিল। তেওঁ ভাবি স্থিৰ কৰিলে—সম্ভৱতঃ সেই বঙালীজনৰ লগত বিবাহ স্থিৰ হৈছে, সেই দেখি কিবা সন্দেহ কৰে বুলি দীনবন্ধুলৈ চিঠি লিখিবলৈকো তেওঁ ভয় কৰিছে। তেওঁ বহুত বেলি নিজৰ মনতে কিবা-কিবি ভাবিলে, তাৰ পিচত তেওঁৰ কবিতাৰ বহি খন উলিয়াই তাতে এই কবিতাটো লিখিলেঃ–

ভাবিছা হবলা তুমি  নিলগাবা মোক
 থাকি মোৰ চকুৰ আঁৰত;
নেদেখাত পাহৰণি  ঘটিব আপুনি
নিজে নিজে কালৰ সোঁতত?
মিছা কথা, জীৱনত  নোৱাৰে ঢুকাব,
ভালপোৱা একেৰাহে বোৱা ,
অনন্ত আত্মাৰস’তে  একেলগে গঁথা,
অন্ত তাৰ কদাপি নোপোৱা।
যদিও আঁতৰি থাকা ঘিণ   কৰি মোক,
অপৰক বিলোৱা প্ৰণয়;
পাৰিবা নে নিলগাব   ভালপোৱা মোৰ
কৰি মোৰ হিয়া মৰুময়?
নোৱাৰিবা কদাচিতো;   ভালপোৱা মোৰ
আছে হৈ প্ৰাণে-স’তে লয়;
ভাল পাওঁ,—ভাল পাই  ভাল লাগে মোৰ,
পণ মোৰ নহয় প্ৰণয়।
থাকা যদি নিলগত  আপোন মনেৰে,
কেতিয়াও নকৰোঁ আমনি;

[ ১৯২ ]

তোমাৰ ছবিটি মোৰ  বাহিৰে ভিতৰে,
 তাতে মই লভিম জুৰণি।
কেতিয়াবা কু-পথত  দিয়া যদি ভৰি
 কৰ-যোৰে বিভুক খাটিম;
তোমাৰ পবিত্ৰ সেই  পুৰণি ছবিটি
 চিৰকাল নতুনে ৰাখিম।
য’তে থাকা, যেনে ভাবে,  যিহকে নকৰা,
 তথাপিও তোমাকেই চাম;
নাযাওঁ যিমান দিন  নিজকে পাহৰি
 তোমাকেই মাথোঁ ভাল পাম।

[ ১৯৩ ]


দশম অধ্যায়

গুপ্ত চিঠি

 দিনটোৰ অক্লান্ত ভ্ৰমণৰ পিচত দিনমণিয়ে পশ্চিম সাগৰত সুশীতল শয্যা গ্ৰহণ কৰাৰ পৰা প্ৰায় একঘণ্টামান হৈছে। চন্দ্ৰহীন আকাশত নক্ষত্ৰৰ ক্ষীণ ৰশ্মি আৰু তলত জোনাকীৰ সাময়িক জ্যোতিয়ে পৃথিবীৰ বুকুত চকা-চমকা পোহৰ ছটিয়াই দিছে। গাঁৱৰ বাটত যদিও মানুহৰ সমাগম কম, নগৰৰ ভিতৰত এতিয়াও তাৰ অন্ত পৰা নাই। বুঢ়া- ডেকা সকলোৱে তেওঁলোকৰ আড্ডাই আড্ডাই হয় তাচ-পাশা খেলিছে, নহয় পৰনিন্দা চৰ্চ্চা কৰিছে। এনে সময়ত এজন ডেকা মানুহ লক্ষ্মীকান্তৰ ঘৰলৈ সোমাল। তেওঁৰ সাজপাৰ সম্পূৰ্ণ ইংৰাজৰ পৰা ধাৰ কৰা; কিন্তু বহুত যত্নেৰেও গাৰ বৰণটো ধাৰ কৰিব পৰা নাই। পাউডাৰৰ গুণত ৰাতিৰ আন্ধাৰত ইংৰাজ বুলি পৰিচয় দিব পাৰে, কিন্তু দিনৰ ভিতৰত “নেটিভ নিগাৰ” আখ্যা নলবৰ কোনো উপায় নাই।

 বুট জোতাৰ শব্দেৰে লক্ষ্মীকান্তৰ চমক ভাঙি তেওঁ ভিতৰলৈ সোমাই গ'ল। লক্ষ্মীকান্ত যদিও সাধাৰণতঃ এনে সময়ত ঘৰত নাথাকে, তথাপি আজি তেওঁ কলৈকো যোৱা নাছিল, বোধকৰোঁ এই মানুহজন- লৈকে অপেক্ষা কৰিছিল। লক্ষ্মীকান্তই যথানিয়মে এই অভ্যাগতক অভ্যৰ্থনা কৰিলে; তাৰ পিচত সুধিলে, “খবৰ কি?”

“খবৰ মুঠতে ভাল নহয়।”
“কিয়? কিবা সন্দেহ কৰিলে নেকি?”
“সন্দেহ বোধকৰো কৰা নাই।”
“তেনেহলে ভাল নোহোৱাৰ কাৰণ কি?”
“তেওঁ কয়, যদিও তেওঁ সেই বিষয়ে লিখিছিল, তথাপি ভাবিচিন্তি [ ১৯৪ ] স্থিৰ কৰা নাছিল; সেই দেখি যথেষ্ট সময় নাপালে কোনো মত দিব

নোৱাৰে।”

 কথাৰ ভঙ্গিৰ পৰাই পাঠকসকলে নিশ্চয় এওঁক চিনি পাইছে। প্ৰভাৱতীৰ ঘৰত এওঁৰ লগত সাক্ষাৎ হৈছিল আৰু ৰমণীমোহন নামেৰে এওঁ পৰিচয় দিছিল।

 লক্ষ্মীকান্তই সুধিলে,—“পিচে, কেইদিনমানৰ মূৰত উত্তৰ দিব খুজিছে?”

 ৰমণী—দুমাহৰ মূৰত।

 লক্ষ্মী—তুমি সিমান দিন অপেক্ষা কৰিব নোৱাৰোঁ বুলি নকলা কিয়?

 ৰমণী—মই ক’বলৈ একো বাকী থোৱা নাই, তথাপিও তেওঁৰ সেই একে উত্তৰ।

 লক্ষ্মী—তুমি কলিকতালৈ নিবলৈ যত্ন নকৰিলা কিয়?

 ৰমণী—মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ, কিন্তু কোনো মতেই মত সলোৱাব নোৱাৰিলোঁ। অকল মুখৰ কথাৰেই নহয়, আগ ধৰি পাঁচশ টকাও দিছিলোঁ, কিন্তু একোৱেই একো কৰিব নোৱাৰিলে৷

 লক্ষ্মী—তেন্তে এটা ডাঙৰ আশা মাটি হ’ল। সি যি হওক,“তুমি চিঠি-পত্ৰ লিখিবলৈ আৰু মাজে সময়ে উপহাৰ পঠিয়াবলৈ নেৰিব। আমি যিমান পাৰোঁ আহুকাল কৰি থাকিম। তেতিয়া বোধকৰোঁ তোমাৰ প্ৰস্তাৱত মান্তি হ’বলৈ বাধ্য হ’ব।

 ৰমণী—মই যিমান উপায় অৱলম্বন কৰিব পাৰি তাৰ এটা ও বাদ নিদিওঁ, তোমালোকে মাথোন চেষ্টা কৰিবলৈ নেৰিবা।

 লক্ষ্মী—সেইটো আৰু কব লাগিছে নে? স্বাৰ্থ কাৰ বেচি।

 ৰমণী—মই আজিয়েই ইয়াৰ পৰা গলোঁহেঁতেন, কিন্তু দিনত আহিলে মানুহে সন্দেহ কৰিব পাৰে, ইফালে আকৌ তোমাক লগ [ ১৯৫ ] নাপালেও নহয়, সেই হে আজি থাকিব লগাত পৰিলোঁ। বস্তু-বাহানি জাহাজৰ কেৰাণীৰ জিম্মাত থৈ আহিছোঁ।

 লক্ষ্মী—আজি ৰাতি তেন্তে ইয়াতে থাকিবা?

 ৰমণী—নিশ্চয়, নহলে আৰু বাঁহ-তলত থাকিম নে?

 ঠিক এনে সময়তে ৰম্ভাৱতীয়ে অতি পৰিপাটীকৈ সাজপাৰ পিন্ধি থিয়েটাৰৰ নৰ্ত্তকীৰ দৰে তাত প্ৰৱেশ কৰিলে। ৰমণীয়ে একেৰাহে কিছুপৰ তেওঁলৈ চাই থাকি লক্ষ্মীকান্তক সুধিলে,-“এওঁ কোন?”

 লক্ষ্মী-মোৰ ভনী ৰম্ভাৱতী।

 ৰমণী—তোমাৰ ভনীয়েৰা? ইমান শকত-আৱত হ’ল কেতিয়া? বাঃ! সাজে-পাৰে গঢ়ে-গতিয়ে ঠিক যেন ‘পৰী’ হে। তোমাৰ যে এনে এজনী ভনী আছে সেই বাবে তুমি গৰ্ব্বিত হোৱা উচিত। পিচে শিক্ষা কিমান?

 লক্ষ্মী—শিক্ষাত ছাত্ৰবৃত্তি পাচ। বেজিৰ কাম আৰু সঙ্গীতত ভাল জ্ঞান আছে। ইংৰাজীও অলপ জানে।

ৰণী-Excellent! অতি উত্তম। একেবাৰেই যেন হ’ব লাগে তেনে; up to date.

 লক্ষ্মী—মই স্ত্ৰী-স্বাধীনতাৰ পক্ষপাতী, সেই কাৰণে মতা-মাইকী সকলোৰে আগত ওলোৱা সোমোৱাত আৰু আলাপ-পৰিচয় হোৱাত আপত্তি নকৰোঁ।

  ৰমণী—বেচ্‌ কথা। মোৰ মতে পৰ্দ্দা মানে সেইবোৰ যিবোৰৰ ৰূপ যৌৱন নাই, আৰু সমাজত ওলালে ছেই ছেই কৰাৰ সম্ভাৱনা। যাৰ ৰূপ আছে, যৌৱন আছে, শিক্ষা আছে, আৰু প্ৰশংসা-কৰোঁতা আছে, তেওঁৰ লুকাই থাকিবৰ কোন প্ৰয়োজন নাই।

  ৰমণীৰ কথা শুনি ৰম্ভাৰ হৃদয় আনন্দ আৰু গৰ্ব্বত স্ফীত হৈ উঠিল; অলপ লাজেৰে মিহলি মিচিকিয়া হাঁহিয়ে ওঁঠত নাচিবলৈ [ ১৯৬ ] ধৰিলে। ৰমণীয়ে ক'লে,—“পিচে তােমাৰ বিদ্যাৰ পৰিচয় আমাকো দিবা জানাে ?”

 ৰম্ভা—মইনো কি জানো যে আপােনালােকৰ ওচৰত পৰিচয় দিম?

 ৰমণী—এই বিনয়ে তােমাৰ সৌন্দৰ্য্য দুগুণে বঢ়াইছে। সঁচাকৈয়ে মই তােমাৰ কথাত মুগ্ধ হৈছোঁ। তােমাৰ গীত চাগৈ কেনে মৌবৰষা হব। এটা শুনাবা জানাে? ইয়াততো কোনাে আপত্তিৰ কাৰণ থাকিব নােৱাৰে। গানৰ দৰে পবিত্র বিষয়ৰ চৰ্চ্চাত সঙ্কুচিত হােৱা ভুল।

 লক্ষ্মী-শুনিব খুজিছে নাগাৱনাে কিয় এটা?

  ৰম্ভাই হাৰ্ম্মোনিয়মটো আনি বজাবলৈ আৰু লগে লগে গাবলৈ ধৰিলেঃ—

আজি কেনে ধৰে শশাভা যমুনা-বেলা।
কদম-তলত নাচে ব্ৰজৰ কোমলা বালা।
ৰুণুক-জুমুক বাজে নেপুৰ,
খহে আঁচল উঠন বুকুৰ,
লাজে সানে ৰহণ মধুৰ,
   গতি চঞ্চলা।
বৃন্দাবনত চৰায় ধেনু,
ৰাধা বুলি বজায় বেণু,
সুৰত উৰে ফুলৰ বেণু
   কানু পগলা।

 গীত শেষ হ’লত ৰমণীয়ে ক'লে,—“বঢ়িয়া হৈছে। গানটোও বেচ, সুৰটোও ভাল, তাৰ লগতে তােমাৰ এই কিন্নৰ-কণ্ঠ। ইয়াতকৈ সুন্দৰ আৰু কি হ'ব পাৰে! ইয়াতকৈ মধুৰ গীত কোনে গাব পাৰে! মই তােমাক অন্তৰেৰে সৈতে ধন্যবাদ দিছোঁ।” [ ১৯৭ ]  ৰম্ভা, আনন্দ আৰু গৰ্ব্বত উৎফুল্ল হৈ উঠিল, আৰু বিনা অনু- ৰোধেই আকৌ এটা গীত ধৰিলেঃ—

হৃদি-কুঞ্জ-কানন  কৰিছো সুসজ্জিত,
সুৰভিত ধূপ-দীপ গন্ধ।
পাতিছোঁ যতনে  কুসুম সিংহাসন,
বিচিছে মলয়ে মন্দ মন্দ।
চিৰ মধুঋতু,—  হাঁহিছে শশধৰ,
বেঢি নাচে নক্ষত্রবৃন্দ।
জৰিছে সঘনে  সুললিত ঝঙ্কাৰে
সঙ্গীত সুধা মধু-চ্ছন্দ।
স্বাগত আজি  হে চিৰবাঞ্ছিত,
লােৱাঁ এই বাহু যুগ-বন্ধ।
চিৰসখা তুমি   লােৱাঁ অর্ঘ্য সাদৰি,
পিওৱাঁ প্রণয়-মকৰন্দ।

 গীত অন্ত পৰিল। ৰমণী যেন গীতৰ সুৰতে গলি গ'ল। পুনঃ পুনঃ ৰম্ভাক ধন্যবাদ দিবলৈ ধৰিলে। শেহত ক'লে,-“তােমাৰ এই বিদ্যা, এই ৰূপ, এই গলা, এই মােহন সুৰ লৈ যদি তুমি কলিকতাত থাকিলাহেঁতেন, তেনেহলে তােমাৰ এটা গানৰ মূল্য হাজাৰ টকা হ'লহেঁতেন। তােমাৰ এটা গান শুনিবলৈ কত ৰজা, কত জমিদাৰ বলিয়া হ'লহেঁতেন তাৰ ঠিক নাই।”

 ৰম্ভাই মনতে ভাবিলে—“তেনেহলে এবাৰ কলিকতাত ফুৰিয়েই বা নাহোঁ কিয়? আব্দুলে ভাবিছে তাৰ লগত যাম, ইন্দ্রনাথে ভাবিছে তাৰ লগত যাম, ইন্দ্ৰনাথ ভাবিছে তাৰ লগত বিয়া হ’ব, মহেশৰ ইচ্ছা, মই যেন চিৰদিন তেওঁৰ হৈয়েই থাকিম, কিন্তু নিতে নতুন খাদ্যৰ যােগাৰ হলে কোন মুৰ্খই বাহী বস্তুত তৃপ্তি পাব [ ১৯৮ ] খুজিব? সিহঁতৰ পৰা ধন-বস্তু উপহাৰ লৈছোঁ সঁচা, কিন্তু সেই সামান্য উপহাৰৰ মূল্য মােৰ গােটেই জীৱন কেতিয়াও নহয়। সিহঁতে দানৰ যােগ্য প্রতিদান পাইছে, এতিয়া সিহঁতক বঞ্চিৎ কৰিলেও মােৰ দোষ হ’ব নােৱাৰে।”

 ইয়াৰ পিচত ৰমণীমােহন তাতে থাকিল। পিচ দিনা লক্ষ্মীকান্তৰ লগত গােপনে কিবা পৰামৰ্শ কৰি বিদায় ল’লে।

 জাহাজত টিকট কিনিবলৈ পয়চা উলিয়াবৰ নিমিত্তে জেপত হাত সুমুৱাই ৰমণীমােহনে এখন আগেয়ে নেদেখা চিঠি পালে, ক’ৰ পৰা চিঠিখন আহিল তেওঁ তাৰ একো উৱাদিহ নেপালে। যি হওক তেওঁ চিঠিখন আকৌ জেপতে থৈ টিকট কিনি লৈ মাল-বস্তুৱে সৈতে জাহাজত উঠিল। তাৰ পিচত বস্তু বাহানি দিহা লগাই থৈ চিঠিখন উলিয়াই পঢ়িবলৈ ধৰিলে। যেনে—

প্রিয়তম,

 যদিও তােমাৰ লগত এদিনৰ হে দেখা, তথাপি সেই অলপ সময়ৰ ভিতৰতে তুমি মােৰ জীৱন-যৌৱন কাঢ়ি নিলা। যােৱা ৰাতিৰ সেই আনন্দ মই জীৱনৰ ভিতৰত পাহৰিব নােৱাৰোঁ। তােমাৰ মনত থাকিবনে? সঁচাকৈয়ে তুমি মােক ভাল পােৱানে? যদি পােৱা তেন্তে তাৰ চিন-স্বৰূপে মােলৈ এটা গ্রামােফোন লৈ আহিবা। এই চিঠিত মােৰ এখন সৰু ফটো পঠিয়ালোঁ; সলনিত তােমাৰ ফটো এখন পঠিয়াই সুখী কৰিবানে? তেতিয়া তুমি ওচৰত নাথাকিলেও সেই ছবিতে তােমাক দেখি শান্তি পাব পাৰিম। ইতি

তােমাৰেই প্রণয়িণী

ৰম্ভাৱতী

[ ১৯৯ ]

একাদশ অধ্যায়

দীনবন্ধুৰ মত

 গকুলচন্দ্ৰ কমলচন্দ্ৰ প্ৰভৃতিৰ চহিৰে দিয়া আৰ্জ্জিখন লৈ বৰচাহাবৰ ওচৰলৈ গ'ল, আৰু বেনামী চিঠি বিজ্ঞাপন আদিৰ কথা কৈ তাৰ উদ্দেশ্য কেনে হব পাৰে চাহবক জনালে। কাৰ্য্যৰ গতি দেখি চাহাবৰ মনত বিশ্বাস জন্মিল যে এইবোৰ কাৰ্য্যত কাৰবাৰ কিবা স্বাৰ্থ আছে, নহলে এনে কুৎসিৎ পন্থা অৱলম্বন কৰিব কিয়? বহুত বেলি আলোচনা কৰাৰ পিচত এয়ে স্থিৰ হ’ল যে গকুলচন্দ্ৰই বৰচাহাবৰ চহিৰে সৈতে প্ৰত্যেক স্বাক্ষৰকাৰীলৈ তেওঁৰ উদ্দেশ্য বিশেষভাবে আৰু বিশদৰূপে বৰ্ণাই লিখিবলৈ অনুৰোধ কৰি পত্ৰ লিখিব। তাৰ উত্তৰ পোন্ধৰ নবেম্বৰৰ ভিতৰতে সভাপতিৰ হাত পাবহি লাগিব। ষোল নবেম্বৰৰ দিনা স্বাক্ষৰকাৰী- সকল, চেক্ৰেটাৰী আৰু সভাপতিৰ ভিতৰত এখন ভিতৰুৱা সভা পাতি তাৰ আলোচনা কৰা হ'ব।

 চেক্ৰেটাৰীয়ে তেতিয়া সেই মতেই সকলোলৈকে একোখন চিঠি দিলে। এই চিঠি পাই কমলচন্দ্ৰ, কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দ বিমোৰ হ’ল। যদি দীনবন্ধু আৰু তেওঁৰ লগতে আন দুই এজনে তেওঁলোকৰ নিজামত লিখি দিয়ে, তেন্তে তেওঁলোকৰ সকলো চেষ্টা, সকলো কৌশল পণ্ড হ’ব। সেই কাৰণে তেওঁলোকে সেই দিনাই ঘৰে ঘৰে ঘূৰি সকলোকে ক'লে,—“বোধকৰো, আপোনালোকে স্কুলৰ চেক্ৰেটাৰীৰ পৰা কিবাকিবি সুধি লিখা কাকত এখন পাইছে, আপোনালোকে যেন গাই-গোটাভাবে তাৰ কোনো উত্তৰ নিদিয়ে। [ ২০০ ] ১লা নবেম্বৰৰ দিনা আমি সকলোটি সৰ্ব্বানন্দৰ চ’ৰাতে গোট খাম। তাতে সকলোৱে মীমাংসা কৰি কি উত্তৰ দিয়া হ’ব, ঠিক কৰিম।”

 স্বাক্ষৰকাৰীসকলো তেনে কৰিবলৈ স্বীকৃত হ’ল।

 পহিলা নবেম্বৰৰ দিনা সন্ধ্যাৰ এঘণ্টামান আগতে দীনবন্ধু তেওঁৰ চ’ৰাত বহি বাতৰিকাকত এখন পঢ়ি আছে। পঢ়াৰ ললে লগে যেন তেওঁৰ মনত নানা চিন্তা, নানা ভাবনাৰ উদয় হৈছে। এতেনে দহজনমান ভদ্ৰলোক আহি তেওঁৰ ওচৰত উপস্থিত হ’ল। তেওঁলোক সকলোৱেই আৰ্জ্জিত স্বাক্ষৰ দিছিল। দীনবন্ধুৱে তেওঁলোকক বহিবলৈ দি আগমনৰ কাৰণ সুধিলে; তেওঁলোকে স্কুল সম্পৰ্কীয় চেক্ৰেটাৰীৰ প্ৰশ্নৰ উত্তৰ ঠিক কৰিবলৈ আহিছে বুলি ক’লে।

 দীনবন্ধুৱে ক'লে, — “পিচে আপোনালোকেনো কি উত্তৰ দিব খুজিছে?”

 তেওঁলোকৰ এজনে উত্তৰ দিলে, — “আপুনি যি উত্তৰ দিয়ে আমিও তাকেই দিম। আপুনিনো কি উত্তৰ ঠিক কৰিছে?”

 দীন — মই প্ৰথমতে যি বুলি স্বাক্ষৰ দিছিলো, এতিয়াও তাকেই ক’ম৷

 প্ৰথম — সেইবোৰ কথা জানো লিখি দিয়া ভাল হ’ব? যদি প্ৰমাণ নহয়, বিপদ ঘটিব পাৰে।

 দ্বিতীয় — আমিতো একোকে নাজানো। আপুনি নিজে সকলো জানি শুনি বিচাৰ কৰিব খুজিছে বোলাতহে আমি চহি দিছিলোঁ।

 তৃতীয় — সেইদেখিয়েইহে আমি আগ ধৰি আপোনাৰ লগত পৰামৰ্শ কৰিবলৈ আহিছোঁ।

 দীন — আপোনালোকে কি হৈছে মই ভালকৈ বুজিবকে পৰা নাই। [ ২০১ ]  প্ৰথম — কিয়, গকুলচন্দ্ৰ আৰু প্ৰভাৱতীৰ কেলেঙ্কাৰীৰ কথা বিচাৰ কৰাই জানো আপোনাৰ উদ্দেশ্য নহয়?

 দীন — কোনে ক’লে আপোনালোকক তেনে কথা ?

 দ্বিতীয় — ৰাজখোৱাহঁতে সেই বুলিয়েইতো আমাৰ চহি আনিছিল।

 চতুৰ্থ — আৰু কৈছিল বোলে আপুনি নিজ চকুৰে তেনে ঘটনা দেখা পাইছিল। আন কি, ৰাতি দুই তিনি বজাতো মানুহ অহা-যোৱা কৰা আৰু সিহঁতৰ জঘন্য উদ্দেশ্য ব্যক্ত কৰা আপুনি অলপো সন্দেহ নথকাকৈ জানিব পাৰিছিল।

 দীন — আৰু আপোনালোকে সেইবোৰ কথাকে বিশ্বাস কৰিছিল? কি আচৰিত! আপোনালোকে যে এইবোৰ কথা সঁচা বুলি ভাবিছিল, সঁচাকৈয়ে মোক চোৰাংচোৱা বুলি বিশ্বাস কৰিছিলনে? মোৰ কাৰ্য্য সদায় দেখি আছে, কেতিয়াবা চোৰাংচোৱাৰ কাম কৰা শুনিছিল জানো?মোক আপোনালোকে ইমান অকৰ্ম্মণ্য বুলি ভাবে নে যে মই সময় নিয়াবলৈ উপায় নাপাই সিন্ধিখনা চোৰৰ দৰে সদায় পৰৰ পিৰালিত জোপ লৈ ফুৰোঁ?

 এটা খং আৰু বেজাৰৰ চিন তেওঁৰ গোটেই মুখত বিয়পি পৰিল। ভদ্ৰলোক কেইজনে ক’লে,— “আমাক ৰাজখোৱাহতে ক'লে বোলে আপুনি এইবোৰ নিজ চকুৰে দেখিছে, আৰু সকলো প্ৰমাণ যোগাৰ ৰাখি তাৰ বিচাৰৰ নিমিত্তে এই আৰ্জ্জি লিখিছে। মাথোন আপোনাৰ সময় নোহোৱাতহে আপোনাৰ অনুৰোধ মতে তেওঁলোকে আমাৰ স্বাক্ষৰ সংগ্ৰহ কৰিছিল। আম তেতিয়া বিশেষভাবে একো ভাবিবলৈ নহ’ল৷ আপোনাৰ স্বাক্ষৰ প্ৰথমতে দেখিয়ে তেওঁলোকৰ কথা বিশ্বাস কৰি পেলালো।

 দীনবন্ধুৱে তেতিয়া কেনে অৱস্থাত আৰু কি উদ্দেশ্যত আৰ্জ্জিত স্বাক্ষৰ দিছিল, তাক ভাঙিপাতি ক’লে; মানুহকেইজনে শুনি আচৰিত [ ২০২ ] মানিলে। তেওঁলোকে বুজিলে ইয়াৰ ভিতৰত কমলচন্দ্ৰ, কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দৰ কিবা এটা কুৎসিৎ স্বাৰ্থ আছে।

 এইদৰে আলাপ হোৱাৰ পিচত সকলোটি সৰ্ব্বানন্দৰ ঘৰলৈ গ’ল। কমলচন্দ্ৰ প্ৰভৃতি দহজনমান আগৰে পৰা তাতে বহি কিবা-কিবি আলোচনা কৰি আছিল। এতিয়া দীনবন্ধু আৰু তেওঁৰ লগৰীয়া কেইজন গ’লত নিয়ম মতে আলোচনাত বহিল।

 কমলচন্দ্ৰই ক’লে,– “আজি আপোনালোক কিয় গোট খাইছে, সেইটো জানে। এতিয়া প্ৰশ্ন হৈছে কি উত্তৰ দিয়া যায়? আমি ঠিক কৰিছোঁ গাইপতি কোনো উত্তৰ নিদিওঁ; সেই কাৰণে সকলোৰে হৈ এইখন উত্তৰকে দিম বুলি স্থিৰ কৰিছোঁ।”

 এই বুলি কৈ এখন ‘টাইপ্’ কৰা কাকত হাতত লৈ কমলচন্দ্ৰই পঢ়িবলৈ ধৰিলে। তাৰ মানে এইঃ—


 শ্ৰীযুক্ত বালিকা-স্কুল কমিটিৰ সভাপতি মহাশয় সমীপেষু।

  চন ১৯১০, তাং পহিলা নবেম্বৰ।

মহাশয়,

 আপোনাৰ ১৫৷১০৷১০ তাৰিখৰ চিঠিৰ উত্তৰত জনাওঁ যে আমি গাইপতি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আৱশ্যকতা বোধ নকৰোঁ। তাৰ আৱশ্যকীয় উত্তৰ দিবলৈ শ্ৰীযুক্ত সৰ্ব্বানন্দ দত্ত আৰু শ্ৰীযুক্ত কৃষ্ণকুমাৰ কাকতীক আমাৰ প্ৰতিনিধি নিযুক্ত কৰিলোঁ। তেওঁলোকে ১৫ নবেম্বৰৰ দিনা আপোনাৰ বঙলালৈ গৈ আৱশ্যকীয়া সকলো কথা জনাব। তেওঁলোকে যি কয় সেয়ে আমাৰ সকলোৰে মত বুলি জানিব। ইতি৷

 কমলচন্দ্ৰ বৰ-চাহাবৰ ওচৰলৈ যাবলৈ নোপোৱা দেখি বহুতে [ ২০৩ ] আচৰিত মানিব পাৰে, কিন্তু তেনে কৰাত তেওঁৰ বিশেষ উদ্দেশ্য আছিল। তেওঁ ভাবিছিল গকুলচন্দ্ৰক ভাবিব পাৰিলে তেওঁ চেক্ৰেটাৰী হ’ব। সেই দেখি তেওঁ এই আন্দোলনত আগৰণুৱা হৈ বৰ চাহাবক দেখা নিদিয়াই ভাল; নহ’লে পিচত তেওঁ চেক্ৰেটাৰী হ’লে স্বাৰ্থৰ কাৰণে আগৰ চেক্ৰেটাৰীৰ বিৰুদ্ধে কৈছিল বুলি চাহাবে সন্দেহ কৰিব পাৰে। কৃষ্ণকুমাৰ আৰু সৰ্ব্বানন্দক পঠিয়ালে তেওঁৰ দুয়োটা উদ্দেশ্য ৰক্ষা পৰে।

 চিঠিখন পঢ়া হ’লত চহি কৰিবৰ নিমিত্তে হাতে হাতে দিলে। দুজন কি তিনি জনৰ মাথোন চহি হৈছে, এনেতে দীনবন্ধু উঠি ক’বলৈ ধৰিলেঃ – “আপোনালোকৰ ই কেনে ধৰণৰ আলোচনা মই বুজিব নোৱাৰিলোঁ। সেই খনত যে চহি বিচাৰিছে তাৰ আগেয়ে তাত সকলোৰে মত আছে নে নাই সেইটো সোধাহে উচিত আছিল। কাৰবাৰ হয়তো তাত আপত্তি থাকিব পাৰে।”

 সৰ্ব্বা – ইয়াতনো কাৰ কি আপত্তি থাকিব ?

 দীন – ক’ব নোৱাৰোঁ আন কাৰবাৰ কিবা আপত্তি আছে নে নাই, কিন্তু মোৰ হ’লে যথেষ্ট আপত্তিৰ কাৰণ আছে।

 কৃষ্ণ – তোমাৰ কিমান অভিজ্ঞতা আছেহে, তুমি যে আমাৰ নিচিনা প্ৰবীন মানুহৰ কথাত আপত্তি কৰা? আমাক আপত্তি নালাগে, চহিহে লাগে।

 দীন — কিন্তু মই তাত চহি দিব নোৱাৰো। আপোনালোকৰ কাৰ্য্য নিলিখা কাকতত দস্তখত লোৱাৰ দৰে হৈছে।

 কমলচন্দ্ৰ — কেনেকৈ?

 দীন — আপোনালোকে কি কব গৈ তাক এতিয়াও আমি জানিব পৰা নাই। তেনেস্থলত আপোনালোকৰ কথাকে আমাৰো কথা বুলি কওঁ কেনেকৈ? আপোনালোকে কি ক’ব পাৰিব তাক আলোচনা কৰি [ ২০৪ ] সকলোৱে ঠিক কৰক, আৰু আপোনালোকেও মাথোন তাকে হে ক’ম বুলি প্ৰতিশ্ৰুতি দিয়ক, তেতিয়াহে আপোনালোক আমাৰ প্ৰতিনিধি বুলি স্বীকাৰ কৰিম, নতুবা নহয়।

 ভূতনাথ — যদি প্ৰতিনিধি কৰিবলৈকে ভাল হ’ল, তেনেহলে তেওঁলোকৰ ওপৰত বিশ্বাসস্থাপন কৰিবলৈ ভাল নহয় কিয়?

 দীন — তাৰ কাৰণ আছে। যেতিয়া আৰ্জ্জিখন লৈ তেওঁলোক মোৰ ওচৰলৈ যায়, মই তেওঁলোকৰ কিম্ভুত কিমাকাৰ উদ্দেশ্য শুনি প্ৰথমে চহিকে নিদিওঁ বুজিছিলোঁ। পিচত তেওঁলোকে মোৰ মতলৈ ঘূৰি অহা দেখি হে স্বাক্ষৰ দিলোঁ।

 এইখিনিতে দীনবন্ধুৱে কেনে অৱস্থাত আৰু কি উদ্দেশ্যত চহি দিছিল তাক হুবহু বৰ্ণনা কৰিলে৷ ৰাজখোৱাই যদিও তাত বাধা জন্মাবলৈ যত্ন কৰিছিল, তথাপি দীনবন্ধুৱে তালৈ কাণ নিদি সকলো কথা ক’লে। তাৰ পিচত ক’লে, - “কিন্তু এতিয়া স্বাক্ষৰকাৰীসকলৰ বহুতৰ পৰা শুনিছোঁ তেওঁলোকে হেনো তেওঁলোকৰ স্বকপোল-কল্পিত ঘৃণিত কাহিনীবোৰ মই প্ৰচাৰ কৰিছোঁ আৰু তাৰ বিচাৰ কৰিবলৈকো ময়ে এই আন্দোলন হাতত লৈছোঁ বুলি কৈ ৰাইজৰ মনত বিশ্বাস জন্মাই চহি আনিছে। মোক চোৰাংচোৱা বুলি বাহিৰত অন্যায়কৈ প্ৰচাৰ কৰিছে। এনে মিছা কথাৰ জাল পাতি যি কৰ্ম্মক্ষেত্ৰত ভৰি দিয়ে, তেনে মানুহক বিশ্বাস কৰা বিপদজনক। মোৰ এতিয়া সম্পূৰ্ণ বিশ্বাস হৈছে, —এই আন্দোলন স্কুলৰ উন্নতিৰ নিমিত্তে নহয়, আন্দোলনকাৰীকেইজনৰ কিবা নাৰকীয় নীচ স্বাৰ্থ সাধনৰ নিমিত্তে হে। যদি নহয়, কিয় তেওঁলোকে এনেকৈ অসত্যৰ আশ্ৰয় লৈছে?”

 ভূতনাথ - প্ৰচাৰ যেনেকৈয়ে হওক, অন্ততঃ কথাবোৰ মূলতে জানো সঁচা নহয়? তুমিও দেখোন সেইবোৰ জানা।

 দীন - মই কি জানো? আপুনি আৰু আপোনাৰ লগুৱাই কোৱা [ ২০৫ ] কথাবোৰ শুনাৰ বাবেই মই জনা হলোঁ কেনেকৈ? আপোনালোকৰ যে তাত স্বাৰ্থ নাই সেই কথা মই বিশ্বাস কৰিব নোৱাৰোঁ ৷

 ৰাজখোৱা, সৰ্ব্বানন্দ, কৃষ্ণকুমাৰ আৰু ভূতনাথ তেতিয়া একেবাৰেই বিবৰ্ণ হৈছিল। তেওঁলোকৰ মুখৰ মাত পৰ্য্যন্ত হৰিল। বহুত চেষ্টাৰ পিচত ৰাজখোৱাই ক’লে,— “বহুতো মানুহৰ বহুত কথাৰ কেতিয়াবা এনেকৈ খেলি-মেলি লাগে যে ক’বৰ সময়ত কোনটো কাৰ পৰা শুনিছিলোঁ সঠিকলৈ কোৱা কঠিন হৈ পৰে। মিছা কবৰ মনেৰে যে তেনে কৰা হয় সেইটো নহয়।

 জনচেৰেক সমজুৱাই তেতিয়া দীনবন্ধুক সুধিলে,— “পিচে আপুনিনো কি কৰিব?”

 দীন — মই কাকো প্ৰতিনিধি বুলি নামানো, কাৰণ হৈ যোৱা ঘটনাৰ পৰা বুজিছোঁ, কাকো সম্পূৰ্ণ বিশ্বাস কৰা উচিত নহয়। মই স্কুলৰ উন্নতিৰ যি অৰ্থ ম–নত ৰাখিছিলোঁ তাকে লিখি পঠিয়াম।

 সমজুৱা — কি লিখিব ভাঙি ক’লে সকলোলৈকে সুবিধা হয়।

 দীন — মই চহি দিওঁতে যি কৈছিলোঁ, আৰু পিচত ভাবোতে যি মনত খেলাইছিল তাকে লিখিম। সি এইঃ—

 (১) বৰ্তমান যেনে কুৎসিৎ বিজ্ঞাপন আদিৰ প্ৰচাৰ হৈছে ভবিষ্যতলৈ যাতে তেনে নঘটে, তাৰ বাবে স্কুলৰ কাৰ্য্যকাৰক সকলক কিছুমান বিশেষ নিয়মৰ তলতীয়া কৰিব লাগিব।

 (২) অতি শীঘ্ৰে স্কুল-ঘৰটোৰ সজা শেষ কৰিব লাগিব।

 (৩) ছাত্ৰী-সংখ্যালৈ চাই আৰু এজনী শিক্ষয়িত্ৰী নিযুক্ত কৰিব লাগিব।

 (৪) স্কুলত বোৱা-কটাৰ প্ৰচলন সোনকালে কৰিব লাগিব।

 (৫) স্কুলখন ছাত্ৰবৃত্তি স্কুলত পৰিণত কৰিবলৈ যথা-সম্ভৱ চেষ্টা কৰিব লাগিব। [ ২০৬ ]  দীনবন্ধুৰ কথা শুনি ৰাজখোৱা, কৃষ্ণকুমাৰ, আৰু সৰ্ব্বানন্দই একে আষাৰে কৈ উঠিল,- “সেইবোৰ পিচ কথা। প্ৰথমে গকুলচন্দ্ৰক চেক্ৰেটাৰী নাভাঙিলে আমি আমাৰ ছোৱালী পঢ়িবলৈ নিদিওঁ, আৰু আন মানুহকো ছোৱালী পঠিয়াবলৈ হাক দিম।

 ভূতনাথ — মোৰো সৈয়ে কথা। গকুল উকাল চেক্ৰেটাৰী থাকিলে মই সেই স্কুল ভাঙিহে এৰিম৷ কালিলৈকে মই প্ৰত্যেক ছোৱালীৰ অভিভাৱকৰ ওচৰলৈ গৈ সকলোকে ক’ম বোলো সেই স্কুলত ছোৱালী পঢ়িবলৈ দিলে নষ্ট কৰা হ’ব মাথোন। মুঠতে যি উপায়েৰে হওক গাঁৱৰ ছোৱালী অহা বন্ধ কৰিম।

 দীন — সেইবোৰ কথা মোক কোৱাৰ প্ৰয়োজন নাই। আপোনালোকৰ যেনে ইচ্ছা তেনে কৰক। মই যি ভাল বুজিছো তাকে কৰিম। আজিয়েই মই মোৰ মত জনাই চিঠি লিখিম। আপোনালোকক মাত্ৰ ইয়াকে কওঁ যে মোক চোৰাংচোৱা পাতি, পৰহিংসক পাতি, আপোনালোকৰ স্বাৰ্থসিদ্ধি কৰিবলৈ আগলৈ আৰু মই কোনো সুবিধা দিব নোৱাৰোঁ। আপোনালোকেও মনত ৰাখিব এইখন পিশাচৰ ৰাজ্য নহয়। আকৌ যদি আপোনালোকে নিৰ্দ্দোষ মানুহৰ গাত কলঙ্ক সানি আপোনালোকৰ নীচতাৰ পৰিচয় দিয়ে, তেন্তে দীনবন্ধুক আপোনালোকৰ বিৰুদ্ধে থিয় দিয়া দেখিবলৈ পাব।

 এইদৰে কৈয়েই দীনবন্ধু মেলৰ পৰা উঠি গুচি আহিল, লগে লগে আৰু কেইবাজনো উঠিল। তেওঁলোক ওলাই আহিলত ৰাজখোৱাই ক’লে,-“উঃ! এই কম তিৰুতা নহয়। দীনবন্ধুকো যেতিয়া হাত কৰিলে, অইন আৰু কোন কুটা ! নহলে বাৰু দীনবন্ধুৱে আগেয়ে নিজে গুৰিয়াল হৈ কাম কৰি, এতিয়া লোকৰ গাত দোষ দি টুপাই বুৰ মাৰে নে?

 কৃষ্ণকুমাৰ — যিমানেই ধাৰ্ম্মিক হওক, ডঙুৱা মানুহক বিশ্বাস কৰিব নোৱাৰি৷ [ ২০৭ ]  ৰাজখোৱা — তাতে আকৌ যদি ঘটনাৰ মেৰত গাভৰু ছোৱালী থাকে, তেনেহলেতো কথাই নাই।

 ভূতনাথ — মোৰ মতে আচল কথা সেয়ে। দীনবন্ধু নিজে দোষী; সেই দেখি আনৰ দোষ ধৰিবলৈ ভয় খাইছে।

 সৰ্ব্বানন্দৰ ঘৰত আগৰে পৰা বহি থকা কেইজনৰ ভিতৰত লক্ষ্মীকান্তও আছিল। তেওঁ ইমান বেলি একো কোৱা নাছিল। এতিয়া ভূতনাথৰ কথাৰ মূৰত ক’লে,— “সেয়ে আচল কথা। মই সিহঁতৰ কত ৰহস্য জানো; পিচত আপোনালোকক ক’লে আপোনালোকে আকৌ মোক হে মিছলীয়া পাতে! এতিয়া চিনি পাব পায় কোন মিছলীয়া, কোন সত্যবাদী !”

 ৰাজখোৱা — এৰা, বোলে ৰাম ভাল, ৰাম ভাল, ৰাম নহয়, যমকাল। এতিয়াহে বুজিলোঁ কোন কেনে।

 তাত থকা মানুহবোৰে এইবোৰ কথা বিশ্বাস কৰিছিল নে নাই ক’ব নোৱাৰোঁ; কিন্তু এইটো হ’লে ভালকৈ জানিছিল যে দীনবন্ধুৰ বিৰুদ্ধে চলিলে, আন কি অপকাৰ কৰিলেও, তেওঁ কাৰো অপকাৰ নকৰে; কিন্তু ৰাজখোৱা আদিৰ বিৰুদ্ধে চলিলে এদিন নহয় এদিন বিপদত পেলাবই পেলাব। সেই দেখি ইচ্ছা থকা আৰু ইচ্ছা নথকা সকলোৱেই ৰাজখোৱাৰ উত্তৰত চহি দিলে।

___

[ ২০৮ ]
 

দ্বাদশ অধ্যায়

বিয়াৰ বিষয়ে

 সৰ্ব্বানন্দৰ ঘৰৰ পৰা দীনবন্ধু পোনেই ঘৰলৈ আহিল। তেওঁৰ মোমায়েকে তেতিয়া চ’ৰা ঘৰতে বহি তেওঁলৈ বাট চাই আছিল। দীনবন্ধুৰ মোমায়েকৰ ঘৰ বৰ বেচি দূৰত নহয়, নগৰৰ পৰা মুঠেই ছমাইলমান হ’ব; তেওঁৰ বয়স তিনি কুৰিৰ ওচৰা-উচৰি। মানুহজন বৰ নৈষ্ঠিক, গা নোধোৱাকৈ তামোল এখনো মুখত নিদিয়ে। দীনবন্ধুৰ ঘৰলৈ আহিলেও একো নাখায়; নিতান্ত খাব লগাত পৰিলেও নিজে ব্ৰহ্মপুত্ৰৰ পৰা পানী আনি টৌ-খুটি মাৰি খাব লগাত পৰে। দীনবন্ধু তেওঁৰ ঘৰলৈ গলেও তেওঁ পিন্ধি যোৱা কাপোৰ-কানি সলাই গা-পা ধূলেহে জলপান এটাকে খাব পাৰে। সেই দেখিয়েই যেতিয়া তেতিয়াই দীনবন্ধু তেওঁৰ ঘৰলৈ নাযায়। আজি মোমায়েকক হঠাৎ অহা দেখি কিবা বিশেষ প্ৰয়োজন আছে বুলি তেওঁ অনুমান কৰিলে। ওচৰ পায়েই তেওঁ সুধিলে, — “পিচে মোমাইদেউ দেখোন? কেতিয়াবাই আহিল নেকি?”

 মোমাই — কেতিয়াবাই নহয়, এই অলপতেহে আহিছোঁ।

 দীন — পিচে দেখোন অসময়ত আহিল, আজি জানো ইয়াতে থাকিব ?

 মোমাই — এৰা, নাথাকিমনো কেলেই ! ঘৰত ভাতে কান্দক। আৰু মই ইয়াত লঘোন দি কান্দো !

 দীন — তেনেহলে ৰাতিকৈ আহিল কিয়?

 মোমাই — দিনত আহিলে আকৌ তোক লগ পালেহে হৈছে। [ ২০৯ ]  দীন—এৰা, হওঁতে সেই পিনেও মোৰ গাতে দোষ পৰে। মই দেখোন ঘৰত থাকিবলৈ আজৰিকে উলিয়াব নোৱাৰোঁ। পিচে এই ৰাতিখন কি সকামতনো আহিল?

 মোমাই — সকাম আৰু কি! বজাৰৰ পৰা কিবা-কিবি কিনিবলৈ আহিছিলোঁ। তাকে কিনি-কুটি দি এবাৰ তোৰ তাত সোমাই যাওঁ বুলি ভাবিলোঁ। তই দেখোন আজি-কালি আমাৰ ঘৰলৈ যাবলৈকে এৰিলি! মাইদেৱেৰে সদায় তোৰ কথাকে কৈ থাকে।

 দীন — এৰা মোমাইদেউ, মই যাওঁ বুলিও আজি বহুত দিন সময় কৰিব পৰা নাই। বিহুত নিশ্চয় যাম।

 মোমাই — বিহুত! এতিয়াও দেখোন বিহুলৈ দুই তিনি মাহ আছে। এই দুখোজ বাট যাবলৈকো তোক ইমান দিন লাগিব নে?

 দীন — নহয় মই গোৱালপাৰালৈ যাম বুলি ভাবিছোঁ; যদি যাওঁ, কেতিয়া ঘূৰোঁ ঠিক নাই।

 মোমাই — এৰা, আগ-গুৰি নোহোৱাকৈ সংসাৰ গোটেইখন ভ্ৰমি ফুৰ মুঠেই। অঘৰীৰ নিচিনাকৈ দিন কেইটা নিয়াব পাৰিলেই হ’ল। ঘৰ-দুৱাৰনো তোক কেলেই লাগিছে?

 দীন — কাম থাকিলে নগলেনো কেনেকৈ?

 মোমাই — সদায় দেখোন তোৰ কামেই নুগুচে। পিচে ইমানকৈ কাম কৰি কিটোনো কৰিছ? লোকৰ বাঁৰী তিৰোতাৰ লৰায়ো বিয়া-বাৰু কৰাই গৃহস্থি চলাই খাইছে; তই আজিলৈকে বিয়াখনকে পাতিব পৰা নাই। এনেকৈ থাকিলেই আৰু নহয়। এইবাৰ যেনেকৈ হওক বিয়াখন পাতিবই লাগিব মই তাকে কবলৈকে আহিছোঁ।

 দীন — নহয় মোমাইদেউ, মই এইবাৰ কোনোমতেই বিয়া কৰাব নোৱাৰোঁ। এইবাৰ মোৰ বহুত জঞ্জাল আছে। তাতে মোৰ [ ২১০ ] অৱস্থাটোও দেখিছে নহয়। মোৰ নিচিনা দুখীয়া মানুহৰ বিয়া নোহোৱাই ভাল।

 মোমাই — হেৰ, মনে মনে থাক, মোৰ ওচৰত বলিয়ালি নকৰিবি। তোৰ অৱস্থা বেয়া বুলি তই বিয়া কৰাব নোৱাৰ, পিচে তোতকৈ হীন অৱস্থাৰ মানুহকো তিনি-চাৰি জনীলৈকে বিয়া কৰোৱা দেখিছোঁ।

 দীন — সেইবিলাক মানুহৰ জীৱন কেনে আহুকলীয়া-তালৈ এবাৰ চকু দিলে মোৰ কথা বুজিব।

 মোমাই — সেইবিলাকৰ জীৱন আহুকলীয়া আৰু তোৰটোহে বৰ সুখৰ। অন্ততঃ সিহঁতে ঘৰলৈ আহি মেলা দুৱাৰখন পায়, তোৰ সিওঁ নাই। মই দেখাত তই পঢ়ি-শুনি পণ্ডিত হ’ব পাৰ, কিন্তু কেনেকৈ চলিলে সংসাৰত মানুহ বোলাই খাব পাৰি, দহ জনৰ মান-সৎকাৰ পাব পাৰি, তাৰ বুজ আজিলৈকে নহ’ল।

 দীন — মানুহে নিজৰ অৱস্থা চাই সকলো ব্যৱস্থা কৰিব লাগে। ময়ো মোৰ অৱস্থা যেনেকুৱা তেনেকৈয়ে চলিব লাগিব।

 মোমাই — সেইটো তোৰ বুদ্ধিৰ দোষ। সিবেলি কমিছনাৰ চাহাবে নিজে তোক ছব-ডেপুটিৰ কামটো যাচি দিলে, তই নালাগে বুলি এৰিলি। মই তোক কিমান বুজালোঁ, তই মোৰ বুঢ়াৰ কথা দলিয়াই পেলাই খেতি কৰিবলৈ ওলালি। ছব্‌ডেপুটিৰ কামত কিমান লাভ সৌ আনন্দলৈ নাচাৱ কিয়। দুদিনতে কেনেকৈ ঘৰে-দুৱাৰে জিলিকাই পেলালে। দৰমহা তো আছেই, তাৰ উপৰি ভাৰ-ভেঁটীত দৰমহাৰ তিনি গুণ পায়৷ একঠা মাটিৰ গোলমাল লাগক মুঠেই, নাই নাই বুলি তেও ভাৰ এখন খাবই। এনেটো কাম লোকে খুজিও নাপায়; তই যাচি দিওঁতেও এৰি দিয়াটো চাচোন কিমান ডাঙৰ ভুল ৷

 দীন — তেনেকুৱা মানুহ যিমানেই জিলিকক, সিহঁত পশুৰ তুল্য আৰু [ ২১১ ] দেশৰ শত্ৰু। মই কাম কৰা হলেও তেনে উপায়েৰে ধন ঘটিবলৈ ঘিণ লাগিলহেঁতেন।

 মোমাই — যি মানুহে নিজৰ সুখ-দুখ নুবুজে, নিজৰ অৱস্থা কেনেকৈ ভাল কৰিব লাগে তাৰ কথাও ভাবিব নোৱাৰে, সিও আকৌ মানুহ !

 দীন — পৰক ঠগি খোৱা নাইবা লোকৰ গোলামি কৰি খোৱাতকৈ নিজ হাতে উপাৰ্জ্জন কৰি খোৱা এশ গুণে শ্ৰেয়ঃ ।

 মোমাই — বাৰু, সেয়ে হ’ল; পিছে তাকেনো কৰিছ ক’তা ? তোৰ পামৰ খেতিবাতিত নাই নাই বুলিও ডেৰ হাজাৰ দুহাজাৰ টকা বছেৰেকত আয় হয়; আকৌ কিতাপ-পত্ৰবোৰতো দুপইচা পাৱ। পিচে আজি পাঁচ বছৰত জমা কৰিহ কিমান? খোৱা-লোৱাততো সন্ন্যাসীৰ বৃত্তিকে ধৰিছ।

 দীন — জমা কৰিব যদিও পৰা নাই, আনৰ দৰে অনাহঁকতো খৰচ কৰা নাই !

 মোমাই — অনাহতক কৰা নাইনো কিহত কৰিছ ? এই যে সেৱাশ্ৰমখন পাতি তোৰ টকাবোৰ পানী কৰিছ, কচোন তাৰ পৰা তোৰ কি লাভ হৈছে? সেইখিনি টকা যদি নেপালীক ধাৰে দিলিহেঁতেন, তেনেহলে সি এতিয়া কিমান পোৱালী পাৰিলেহেঁতেন ! নাইবা সেই টকাৰে কৰোঁ বোলা হ’লে তোৰ ঘৰ দুৱাৰবোৰ জাকজমককৈ কৰি ল’ব নোৱাৰিলিহেঁতেন জানো?

 দীন — পাৰিলোঁহেঁতেন, কিন্তু তাত এটা কথা আছে। মানুহে সংসাৰত সদায় সুখেৰে দিন নিয়াবলৈ বিচাৰে, আৰু বেলেগ বেলেগ মানুহৰ মুখৰ আৰ্হিও বেলেগ। মোৰ চকুৰ আগত খাবলৈ নাপাই বা বেমাৰত পৰি যাৰ অভাৱত জাকে জাকে মানুহ মৰিব, মই সিহঁতলৈ কেৰাহিকৈ নাচাই, নিজৰ ঘৰ দুৱাৰ খোৱা-লোৱাৰ সুবিধা [ ২১২ ] কৰি লৈ স্ফূৰ্তি কৰি থাকিব নোৱাৰোঁ৷ সি মোলৈ সুখ নহৈ যমৰ যাতনাহে হ’ব।

 মোমাই — তোতকৈ বহুত ধনী মানুহ আছে, সিহঁতে খৰচ নকৰে কিয়?

 দীন — কৈছোঁ নহয়, সকলোৱে একেদৰে চলি সুখ নাপায়; সিহঁতে যেনেকৈ চলি সুখ পায় তেনেকৈ চলিছে; ময়ো যেনেকৈ চলি সুখী হও তেনেকৈ চলিম।

 মোমাই — আৰু এই যে লৰাবোৰ পঢ়াইছ, সিহঁত তোৰ কি হয়? বামুণ সজ্জনৰ লৰা পঢ়ালিহেঁতেন যদি পুণ্য হ’লহেঁতেন; পিচে মই দেখিছোঁ তেনে লৰা দুই এটাহে আছে। বাকীবোৰ নীহ কুলীয়া লৰা। আন নালাগে, টানে-আপদে সিহঁতৰ হাতে পানী এটোপাও খাব নোৱাৰি। ইহঁতক পঢ়াৱাৰ পৰা মই দেখিছোঁ লাভ নহৈ লোকচানহে হ’ব।’ দুটামানে শিকি-বুজি ডাঙৰ মানুহ হ’লে তেতিয়া আমাক নমনাতেই পৰিব। এতিয়া সিহঁতক ছুলে গা ধোওঁ, তেতিয়া ৰান্ধনি হ’বলৈ আহিব। ইফালে কাম-বন কৰাবলৈকো মানুহ নাইকিয়া হ’ব।

 দীন — মোমাইদেউ, ঈশ্বৰে কাৰ কপালত নীহকুলীয়া বুলি ছাব মাৰি দিয়া নাই। মানুহে যেনে কাম কৰে তেনে ফল পায়। ইহঁতে যদি ভাল কাম কৰে, ইহঁতৰ কুলো ভাল হৈ পৰিব। আকৌ ইহঁতে যদি শিক্ষা পাই নিজৰ সমাজক নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ শিকায়, সি মঙ্গলৰ কথা। মই এই লৰাবোৰক সাহায্য কৰোতে জাত-কুল বিচৰা নাই, অৱস্থাৰ মাথোন বিচাৰ কৰিছোঁ; বামুণ-সজ্জনৰ অৱস্থা ভাল, সেই দেখিহে তেনে লৰাৰ সংখ্যা কম দেখিছে।

 মোমাই — হৈছে, হৈছে, আৰু ক’ব নালাগে। তোৰ লগত কত দিন এইবোৰ কথা লৈ তৰ্ক কৰিছোঁ, তথাপি তোৰ বলিয়ালি নগ’ল । [ ২১৩ ] এতিয়া তৰ্ক কৰিলে কি হ’ব! সেইবোৰ আজিলৈ থাওক, মোৰো পলম হ’ল। মই যি কাৰণত আহিছিলোঁ তাৰ কথা কওঁ। কথাটো হৈছে — মই তোৰ বিয়াৰ ঠিক কৰিছোঁ। অহা আঘোণ নাইবা ফাগুনত বিয়াখন হৈ যাব লাগিব। তই তাত একো হকা-বধা নকৰিবি।

 দীন — মই আপোনাৰ ভৰিত ধৰি মাতিছোঁ, আপুনি সম্প্ৰতিকে তেনে কোনো বন্দৱস্ত নকৰিব। অন্ততঃ আৰু এবছৰৰ ভিতৰত মই কোনো মতেই বিয়াৰ কথা ভাবিব নোৱাৰোঁ ।

 মোমাই — তোৰ সেই কথা পাঁচবছৰ শুনি আহিছোঁ। অৱস্থা ভাল হ’লে বিয়া কৰাম কৰামকৈ ইমান দিন নিয়ালি; পিচে ক’তা, মই দেখোন অৱস্থাৰ একো পৰিবৰ্ত্তন দেখা নাই। আগেয়ে যি আছিলি, এতিয়াও সেয়ে। সেই দেখি আৰু বিলম্ব কৰাৰ কোনো প্ৰয়োজন নাই। শুভ কাৰ্য্য সোনকালে শেষ হোৱাই মঙ্গল। আকৌ তোৰ অৱস্থা খুব ভাল নোহোৱাৰ বাবেও একো লেঠা নাই; বিয়া কৰাবলৈ আগ বাঢ়িলে দুই-চাৰি হাজাৰ টকা দিবলৈ গাত লোৱা মানুহৰ অভাৱ নাই।

 দীন — টকা লৈ কৰোৱা প্ৰথাটো অতি ঘিণ লগা, ই আগেয়ে বঙ্গদেশত আছিল, এতিয়া সুৰ সুৰ কৰে আসামতো সোমাইছেহি। ইয়াক প্ৰশ্ৰয় নিদি যিমান বেগাই পাৰি আঁতৰাবলৈ যত্ন কৰা উচিত৷ মই কেতিয়াবা বিয়া কৰালেও ছেৱোলীৰ উপযুক্ততাহে চাম, ধনৰ মোনালৈ নাচাওঁ। উপযুক্ত হ’লে লাগে ভিকহুৰ ছোৱালীয়েই হওক, তথাপি ধনী ডাঙৰীয়াৰ বিলাসিনী কন্যাতকৈ সহস্ৰগুণে ভাল হ’ব।

 মোমাই — তেনেহলে ভাল কথা, তোৰ ইচ্ছামতেই কাম হওক। মহেশ্বৰৰ ছোৱালীটীকে বিয়া কৰা। তোৰ লগত সকলো বিষয়তে মিলি যাব। তেৱোঁ আজি তিনি বছৰ তোলৈকে আশা কৰি বাট চাই আছে। মই কালিলৈকে সকলো ঠিক কৰি দিম [ ২১৪ ]  দীন — মোৰ কথা মই আগেয়ে কৈছোঁ। আপুনি একো ঠিক নকৰিব। কৰিলে পিচত মোৰ ওপৰত অসন্তোষ কৰিব পাৰিব মাথোন।

 মোমাই — কিন্তু ঠিক নকৰিলে যে নহয়। তেওঁ ইমান দিন বাট চালে, এতিয়াও একো আশা নাপালে আৰু কিমান দিন অপেক্ষা কৰিব?

 দীন — মই এতিয়া একো কব নোখোজাঁ; তেওঁ যি ভাল দেখে তাকে কৰক।

 মোমাই — কিন্তু তেওঁ যে বৰ বিমোৰত পৰিছে। ছোৱালীজনী বহুতে ধৰিছে, কিন্তু তাই হেনো কালৈকো যাব নোখোজে। এতিয়া বোলে কোনোবা ডাঙৰ মানুহৰ লৰা এটালৈ বৰকৈ ধৰিছে। লৰাটো বোলে সকলো পিনেই ভাল; কিন্তু তোক লৈয়েই তেওঁলোক বিমোৰ। তোৰ আশাও এৰিব পৰা নাই; সিফালে তই যদি শেষত বিয়া নকৰাৱ, তেনেহলে পোৱা লৰা এৰি দি ইকুলো হেৰাব, সিকুলো হেৰাব। সিদিনা মহেশ্বৰ মোৰ ঘৰলৈ আহিছিল, এই আটাইবোৰ কথা কৈ তেওঁ কান্দি পেলালে। তেওঁক কন্দা দেখি মোৰো চকুৰ পানী ওলাল। মই তোক সুধি যি হয় এটা কৰিম বুলি বৰাই-বুজাই পঠিয়াই দিলোঁ। এতিয়া মই কবৰ হ’লে তই ইবোৰ সিবোৰ নকৰিবি। বিয়াখন পতা হওক।

 দীন — নহয় মোমাইদেউ, মোক সেই বিষয়ে নক’ব, এই বছৰত মই কিবা এটা কাম কৰিম বুলি ভাবিছোঁ। যদি কামটো হৈ উঠে, তেন্তে মোৰ মতত চলিব পৰা ছোৱালী পালে বিয়া কৰালেও কৰাব পাৰোঁ। যদি নহয়, তেন্তে মোৰ বিয়াৰ ভাবনাটোও পিচুৱাই নিব লাগিব।

 মোমাই — সেইদৰে হ’লে তোৰ বিয়া নহ’বই। তোৰ কাম যে কেতিয়াবা ঢুকাব, মোৰ তেনে বিশ্বাস নহয়। [ ২১৫ ]  দীন — ময়েই বা কেনেকৈ কওঁ আগলৈ কি হ’ব; ময়েই বা কি কৰিব লাগিব!

 মোমাই — মোৰ পলম হ’ল, যাব লাগিল। তই যিমান সোনকালে পাৰ এদিন মোৰ তালৈ যাবি৷ তেতিয়া এইবোৰ কথা বইলাই পাতিম। পিচে মহেশ্বৰক এতিয়া কি উত্তৰ দিম?

 দীন — মই যি কৈছোঁ তাকে ক’ব। তেওঁক মই আশা দিব নোৱাৰোঁ; ঘাইকৈ তেওঁৰ ছোৱালীৰ সম্পৰ্কে মই আৰ তাৰ পৰা দুই চাৰি কথা শুনিলেও ভালকৈ একো নাজানো। তাৰ উপৰি এবছৰৰ ভিতৰত তেনে কথা জানিবলৈ বা বিয়াৰ কথা ভাবিবলৈ সম্মত নহওঁ। তেওঁ যদি ভাল দৰা পাইছে, সকলোৰে মন-পিঠিয়ে আঁটিছে তেনে মোলৈ বাট চাব লাগিছে কিয়? আপুনিয়েই দেখোন সদায় কয় বোলে যাৰ তিলমাহ খাই আহিছে তাৰ লগত হে বিয়া হ’ব, আনৰ লগত কেনেকৈ হ’ব? তেওঁকো সেই উত্তৰকে শুনাই নিদিয়ে কিয়?

 মোমায়েক উঠি গ’লত দীনবন্ধুও তেওঁৰ লগে লগে ওলাই গ’ল আৰু কিছুমান বাট আগ বঢ়াই থ’লে৷ তেওঁ ঘূৰি আহোঁতে খাবৰ সময় হৈছিল। তেওঁ হাতমুখ ধুই খাবলৈ গ’ল; আৰু ভোজনৰ অন্তত বাহিৰত অলপ বিশ্ৰাম ল’লে।

 আধা ঘণ্টামান বিশ্ৰাম লোৱাৰ পিচত দীনবন্ধু মেজৰ ওচৰলৈ গ’ল। দিনত পঢ়া বাতৰি কাকতখন উলিয়াই কিবা পঢ়িলে; খনচেৰেক চিঠি লগত তাক মিলাই চালে। তাৰ পিচত দহ মিনিটমান একেৰাহে চিন্তা কৰি কাপ, কাকত আৰু মহী চপাই আনিলে। এখনৰ পিচত এখন কৈ দই-বাৰখন চিঠি লিখিলে৷ চিঠিবিলাকত প্ৰায় একে কথাই আছিল। সি এইঃ— [ ২১৬ ] প্ৰিয় ডাঙৰীয়া,

 আপুনি বোধকৰোঁ বাতৰি-কাকতত পঢ়িবলৈ পাইছে, আৰু মই জনচেৰেক গণ্যমান্য মানুহৰ পৰাও সংবাদ পাইছোঁ যে গোৱালপাৰা জিলাৰ কেইবাখনো গাৱঁত বানপানীয়ে ধানৰ খেতি নষ্ট কৰাৰ কাৰণে ভয়ঙ্কৰ আকাল হৈছে। এই নতুন ধানৰ দিনতে যেতিয়া আকাল হৈছে, আগলৈ ৰায়তৰ দশা কি হ’ব, তাক একমাত্ৰ ভগৱানে হে জানে। আপুনি আপোনালোকৰ জিলাৰ পৰা যি পাৰে ধন আৰু ধান সংগ্ৰহ কৰিবলৈ যত্ন কৰিব বুলি আশা ৰাখিলোঁ। মই কালিলৈকে গোৱালপাৰালৈ যাত্ৰা কৰিম। তাত আকাল হোৱা ঠাইবোৰ চাই স্থানীয় জমিদাৰবিলাকৰ সাহায্যেৰে যদি কিবা কৰিব পাৰি তাৰ চেষ্টা কৰিম। তাৰ পিচত যদি প্ৰয়োজন হয়, গোটেই আসামতে ভিক্ষা কৰিবলৈ ওলাম। আপুনি যেন কিছু চেষ্টা আৰু কষ্ট স্বীকাৰ কৰি ভিক্ষা লাভৰ উপায় সহজ কৰি ৰাখে। ইতি-

 ভিক্ষুক

 দীনবন্ধু।

 এই চিঠিবোৰ দীনবন্ধুৱে তেওঁৰ লগত বিশেষ ভাবে পৰিচিত আৰু সজ কামলৈ মতি থকা বেলেগ বেলেগ জিলাৰ মানুহলৈ লিখিছিল। এই চিঠিবোৰ নিয়ম মতে লিখা হ’লত বালিকা-স্কুলৰ সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰো মেলত কোৱাৰ দৰেই লিখি থলে। তাৰ পিচত প্ৰায় দুইমান বজাত পাটীত পৰিল।

 ৰাতিপুৱা চিঠিবোৰ যথাস্থানলৈ পঠিয়ালে, সেৱাশ্ৰমলৈ গৈ তাত কিবাকিবি দিহা দিলে, স্কুলবিলাকৰ শিক্ষকলৈকো আৱশ্যকীয় উপদেশ পঠিয়ালে। তাৰ পিচত উমাকান্তৰ লগত কিবা পৰামৰ্শ কৰি ঘৰলৈ উলটিল। [ ২১৭ ]  আবেলি গঙ্গাৰামক নানাপ্রকাৰ উপদেশ দি আৰু আৱশ্যক হ’লে উমাকান্তৰ সাহায্য লবলৈ কৈ দীনবন্ধু যাবলৈ সাজু হ’ল । লগুৱা থাকিলেও সাধাৰণতঃ তেওঁ লগত লৈ নুফুৰায়। এতিয়াও তেওঁ নিজেই কাষলতি তলত ‘বিছনা’খন আৰু হাতত বেগটো লৈ জাহাজ-ঘাটলৈ গ’ল ; তৃতীয় শ্রেণীৰ টিকট এটা কিনি গােৱালপাৰালৈ যাবলৈ জাহাজত উঠিল।

_____

[ ২১৯ ]
 

সাধনা

তৃতীয় খণ্ড

[ ২২১ ]
 

সাধনা

তৃতীয় খণ্ড

প্ৰথম অধ্যায়

শ্ৰাদ্ধ

 চহৰৰ যিটো চুকত দীনবন্ধুৰ ঘৰ তাৰ বিপৰীত ফালে ব্ৰহ্মপুত্ৰৰ ওচৰতে এজন পুৰণিকলীয়া ডাঙৰীয়াৰ ঘৰ। তেওঁৰ টোলটো বৰ ডাঙৰ। বাৰীত প্ৰায় সকলো বিধৰ ফল-ফুলৰ গছ দেখিবলৈ পোৱা যায়। চহৰৰ পৰা কিছু নিলগত তেওঁৰ ৰুপিত আৰু ফৰিঙতি মাটিও আছে। তাত তেওঁ ধান, মাহ, আলু, সৰিয়হ আদিৰ খেতি কৰে। তেওঁৰ এটা লৰাই বি. এ পাছ কৰি কিবা এটা কামত ধৰিছে, ইটোৱে স্কুলত পঢ়ে। ছোৱালীজনীয়ে ঘৰতে বাপেকৰ ওচৰত পঢ়ি অসমীয়া আৰু ইংৰাজী ভালকৈ শিকিছে। গান-বাজনা চিত্ৰাঙ্কন আদিও মজলীয়া ৰকমে জানে। ইয়াৰ বাহিৰেও তেওঁ বোৱা-কটা, ৰন্ধা-বঢ়া আদিত বৰ পাকৈত; ইমান পাকৈত যে এই দুই বিষযত তেওঁৰ লগত জোৰ দিব পৰা ছোৱালী গোটেই চহৰখনতে নাছিল। লিগিৰীৰ লগত ধানবনা, পানী অনা, গোবৰ পেলোৱা আদি কাম কৰিও তেওঁ ৰং পায়। তেওঁৰ এই বিশেষত্ব এই যে তেওঁ লগৰ আন লৰাছোৱালীৰ দৰে অনাহকত বেচিকৈ কথা নকয়। যিমানখিনি আৱশ্যক সিমানখিনি [ ২২২ ] কৈয়েই মৌন হয়। লগৰ ছোৱালীয়ে কেতিয়াবা বিয়াৰ কথা উলিয়াই ধেমালি কৰিলে তেওঁ প্ৰায়েই কোনো উত্তৰ নিদিয়ে। গাওঁ ফুৰি নাইবা লগৰ ছোৱালীৰ লগত চুপতি কৰি সময় কটাবলৈ তেওঁ সমূলি ভাল নাপায়, কিন্তু সেইবুলি তেওঁ নিজক সমাজৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰে বুলি বুজিলেও ভুল হ’ব। যদি ওচৰ-চুবুৰীয়া কোনোবা তিৰুতাৰ নৰিয়া হয়, তেন্তে নিশ্চয় এওঁক ওচৰত দেখিবলৈ পোৱা যাব। ৰোগীৰ পথ্য প্ৰস্তুত কৰাত, আলপৈচান ধৰাত, কোনেও এওঁৰ আঁৰ ধৰিব নোৱাৰে। কেতিয়াবা ৰোগিণীৰ শয্যাৰ ওচৰত বহি হাঁহিমুখে দুই-তিনি দিন আলপৈচান ধৰা দেখিলে তেওঁৰ ধৈৰ্য্য নশলাগি নোৱাৰি।

 এই ছোৱালীজনীৰ নাম উযা, বয়স চৈধ্য পাৰ হৈ পোন্ধৰত সোমাইছে। তেওঁৰ শাৰীৰিক সৌন্দৰ্য্য কবিৰ আদৰ্শ সৌন্দৰ্যৰ লগত নিমিলিব পাৰে, কিন্তু অশুৱনি নহয়। গাৰ বৰণ কেঁচা সোণৰ দৰে নহলেও একেবাৰে ক'লাও নহয়। উজ্জ্বল চকু জুৰি আৰু দীঘল চুলিটাৰ দেখি কোনেও ক’ব নোৱাৰে যে তাতকৈ সেই সেই অৱয়বৰ সৌন্দৰ্য্য ক'ৰবাত বেচিকৈ ফুটি উঠিছে। সাজ-পাৰ সামান্য ধৰণৰ, কিন্তু বেচ, পৰিষ্কাৰ আৰু পৰিপাটী। সাধাৰণতঃ এওঁক সদায় প্ৰফুল্ল দেখা যায়, যেন তেওঁৰ মনত কোনো বেজাৰ বা অশান্তি নাই। কিন্তু সেই বুলি সেই প্ৰফুল্লতা চঞ্চলতাৰ শাৰীৰ নহয়।

 উষাৰ মাক নাই; বৌৱেক প্ৰায় সমান বয়সীয়া; সেই কাৰণে দুয়োৰে ভিতৰত বন্ধুৰ দৰে মিল আছে।

 বৰঘৰটোৰ এখোটালিত উষা থাকে, আৰু এখোটালিত তেওঁৰ পিতাক থাকে। উষা থকা খোটালিটো বৰ ডাঙৰ নহয়। ইয়াৰ এদাঁতিয়ে এখন শয্যা। শয্যাৰ পৰা অলপ আঁতৰাত এখন মেজ, এখন চকি আৰু এটা সৰু আমাৰীত খনচেৰেক কিতাপ। কিতাপ অসমীয়া, [ ২২৩ ] বঙলা, ইংৰাজী, এই তিনিও ভাষাৰ আছে। এই কিতাপখিনিৰ ভিতৰত ৰামায়ণ, মহাভাৰত আদি খনচেৰেক পুৰণি পুথি, জয়মতী, আৰ্য্যনাৰী প্ৰভৃতি সতীকাহিনী আৰু বাকীবিলাক ধাত্ৰীবিদ্যা, স্বাস্থ্যৰক্ষা, পাকপ্ৰণালী, চিত্ৰশিক্ষা, সঙ্গীত আদি বিষয়ক। খোটালিটোৰ বেৰত মাথোন দুখন চিত্ৰ আছে;– এখন সাবিত্ৰী-সত্যবানৰ, আৰু ইখন এখন সভাৰ। পাচৰখন চিত্ৰ দীনবন্ধুৰ সেৱাশ্ৰমৰ বাৰ্ষিক উৎসৱৰ, তাত বহুত মানুহ উপস্থিত আছে, আৰু দীনবন্ধুৱে থিয় হৈ কিবা বক্তৃতা দিছে। ইয়াৰ বাহিৰেও কাৰ্পেটত বেজিৰ সাহায্যেৰে লিখা কীৰ্ত্তনঘোষাৰ পদ আৰু দুই-এখন স্বভাৱচিত্ৰ আছে। এই কেইখন চিত্ৰই তেওঁৰ বেজিৰ কামত কৃতিত্ব দেখুৱাইছে। মেজৰ ওপৰত এখন দাপোণ আৰু এখন ফণি আছে। খোটালিটোৰ বাকীডোখৰ ঠাইত ডাঁৰত আঁৰি থোৱা উঘা, চেৰেকি, লেটাই, ব আৰু ফুলৰ চানেকি; তলত এটা যঁতৰ। ছিঙ্গাৰৰ চিলাই কল এটাও এফালে আছে। চালপীৰাৰ তলত কেইখনমান কাপোৰকানিৰে এটা কাঠৰ বাকচ আছে।

 আজি ঊষাই গালত হাত দি মন মাৰি বহি আছে; যেন তেওঁৰো মনত কিবা এটা ভীষণ আঘাত লাগিছে। এনেতে বৌৱেক তালৈ সোমাই আহিল। ঊষাক তেনে অৱস্থাত দেখি তেওঁৰ মন অস্থিৰ হৈ উঠিল। ঊষাৰ এনে মলিন মুখ আজি তেওঁ প্ৰথম দেখিলে। ঊষাৰ মনত ৰং লগাবৰ মনেৰে তেওঁ ধেমালিকৈ ক’লে,— “বোলো এইবাৰ মহাৰাণীৰ ৰাজ্যখনকে লব খুজিছা নেকি? দেখোন তলৰ মাটি ওপৰকৈ গুণিছা?”

 ঊষা ভালকৈ বহিল আৰু বৌৱেকৰ মুখলৈ চাই নীৰৱে থাকিল।

 বৌৱেক — হৈছে কি ঊষা?

 ঊষা — একো হোৱা নাই। [ ২২৪ ]  বৌৱেক — তেন্তে ইমানকৈ ভাবিছা কিয়?

 ঊষাই একো নক’লে। বৌৱেকে আকৌ সুধিলে,-“মোক তেনেহলে নেকোৱা?”

 ঊষা — কিনো ক’ম?

 বৌ — কিনো ক’বা! যি ভাবিছা তাকে কোৱা।

 ঊষা — কৈ লাভ নাই।

 বৌ – কিয়? তোমাৰ মনৰ কথা শুনিবলৈ ময়ো অযোগ্য হ’লোঁনে?

 ঊষা — বলিয়াৰ কথা শুনি কি কৰিবা?

 বৌ — বুজিছো, তুমি মোৰ ওপৰত অভিমান কৰিছা, কিন্তু তাৰ কাৰণটো নক’লে উপায় কি?

 ঊষা — বাৰু বৌ, মই যদি তোমাক কিবা এটা সোধোঁ, তুমি সঁচাকৈ তাৰ উত্তৰ দিবানে?

 বৌ — মই তেনেহলে তোমাৰ আগত মিছা কথাহে কওঁ?

 ঊষা — তাৰ উত্তৰ মই পিচত দিম, আগেয়ে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া।

 বৌ — কৈছোঁ নহয়, সঁচা নকৈ মিছা কবলৈ যাম কিয়?

 ঊষা — তেনেহলে কালিৰ প্ৰশ্নটো মই আজি আকৌ সোধোঁ, সঁচাকৈয়ে আমাৰ ঘৰত শৰাধৰ নিমিত্তে এই মহা আয়োজন চলিছেনে?

 বৌ — কিয়, অলপতে যে ককাদেউতাৰাৰ শ্ৰাদ্ধ পৰিছে সেইটো তুমি জানো নাজানা?

 ঊষা — জানো। কিন্তু তোমাক মই যি সুধিছোঁ তাৰ উত্তৰ দিয়াঁ— সঁচাকৈয়ে আমাৰ ঘৰত চলা সকলো আয়োজন এই শ্ৰাদ্ধৰ নিমিত্তেইনে?

 বৌ — আৰুনো কিহৰ নিমিত্তে হ’ব?

 ঊষা — তুমি মিছা নকওঁ বুলি আগেয়ে কৈছা, সেই কাৰণে তোমাৰ [ ২২৫ ] কথা বিশ্বাস কৰিবই লাগিব। ভগৱানৰ ওচৰতত প্ৰাৰ্থনা কৰো যেন এই কথাই সত্য হয়। কিন্তু বৌ, এটা কথা কৈ থও, যাৰ মৃত্যু হয় তাৰহে শ্ৰাদ্ধ হ’ব পাৰে।

 এই কথা কৈ ঊষাই এটা হাঁহি মাৰিলে, এই হাঁহিত বৌৱেকৰ মুখ শুকাই গ’ল। সৰ্ব্বনাশ! তেনেহলে উষাই তেওঁলোকৰ গোপনীয় কথা গম পাইছে নেকি?

 এইখিনিতে অলপ আগৰ কথা কোৱাৰ আৱশ্যক। ঊষাৰ বয়স যেতিয়া এঘাৰ বছৰ হৈছিল, তেতিয়াৰে পৰা বাপেকে ঊষাৰ বিয়াৰ নিমিত্তে যত্ন কৰি আহিছে, কিন্তু তেওঁৰ মনোৰথ সিদ্ধ হোৱা নাই। প্ৰথমেই দীনবন্ধুৰ লগত ঊষাৰ বিয়া দিবলৈ তেওঁ বিশেষ ভাবে চেষ্টা কৰিছিল; কিন্তু কেইবাটাও কাৰণত দীনবন্ধুৱে বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। প্ৰথমতে — তেওঁৰ বিবেচনাত তেওঁৰ অৱস্থা বিয়া কৰাবৰ উপযুক্ত নাছিল। দ্বিতীয় — তেওঁ কৰালেও অন্ততঃ চৈধ্য বছৰৰ কম বয়সীয়া ছোৱালী বিয়া নকৰায়। তেনে ছোৱালী বিবাহৰ কন্যা হবৰ উপযুক্ত বুলি তেওঁ বিবেচনা নকৰে, আৰু আয়ুৰ্ব্বেদ বা ডাক্তৰী শাস্ত্ৰয়ো তেওঁৰ মত সমৰ্থন কৰে। তৃতীয়তঃ— আগলৈ তেওঁ বিয়া কৰাব নে নকৰায়, আৰু কৰালে কাক কৰাব, সেইটো নিৰ্দিষ্ট সময়ত ওলোৱাৰআগেয়ে তেওঁ ঠিক কৰিব নোখোজে। ঊষাৰ ককায়েক আৰু পিতাকে কোনো মতেই দীনবন্ধুৰ মত পৰিবৰ্ত্তন কৰিব নোৱাৰিলে। অকল তেওঁলোকেই নহয়, দীনবন্ধুৰ লগত সদ্ভাৱ থকা বহুত ডাঙৰ মানুহেও ঊষাৰ পিতাকৰ খাটনিত আহি তেওঁক বৰকৈ ধৰিছিল; কিন্তু কোনেও তেওঁৰ মত লৰাব নোৱাৰিলে। উমাকান্তই যদিও তেওঁৰ মতামত প্ৰকাশ কৰি দীনবন্ধুক বিবাহৰ নিমিত্তে উপদেশ দিছিল, তথাপি তেতিয়া বিয়া কৰাবলৈ টানি ধৰা নাছিল, কিয়নো, কাৰো অনুৰোধে যে দীনবন্ধুৰ মত লৰাব নোৱাৰে সেইটো তেওঁৰ ভালকৈ জনা আছিল। [ ২২৬ ]  কোনো মতেই দীনবন্ধুৰ সম্মতি আনিব নোৱাৰি ঊষাৰ বাপেকে আন ঠাইত সম্বন্ধ পাতিবলৈ চেষ্টা কৰিবলৈ ধৰিলে; তেওঁৰ উদ্দেশ্য সফল নহ’ল। ঊষাৰ নিচিনা ছোৱালীৰ যে প্ৰাৰ্থীৰ অভাৱ আছিল এনে নহয়, কিন্তু ঊষা কাকো আত্মসমৰ্পণ কৰিবলৈ সাজু নহ’ল। এই দৰেই গ’ল তিনি বছৰ; কিন্তু তিনি বছৰৰ মূৰতো দীনবন্ধুৰ আপত্তি নগ’ল। সেই কথা উমাকান্তৰ লগত আলাপত প্ৰকাশ পাইছে৷ ঊষাৰ কিন্তু দৃঢ় প্ৰতিজ্ঞা যে তেওঁ দীনবন্ধুৰ বাহিৰে আন কাকো হৃদয় দান নকৰে, কিয়নো পিতাকে দীনবন্ধুৰ লগত বিবাহৰ প্ৰস্তাৱ কৰাৰ পৰাই তেৱোঁ মনে মনে দীনবন্ধুকেই আত্মসমৰ্পণ কৰি আহিছে৷ বাপেকে ইমান দিন ঊষাৰ ইচ্ছামতেই বাট চাইছিল। এতিয়া কিন্তু যেনে তেনে বিয়া দিবই লাগিব বুলি স্থিৰ কৰিলে। সম্প্ৰতি উজনীৰ কোনোবা বাগিচাৰ মেনেজাৰ এজনৰ পুতেকৰ লগত ঊষাৰ বিয়াৰ ঠিক হৈছে। ঊষাক এই বন্দৱস্তৰ কথা সমূলি জানিবলৈ দিয়া নাই। বিয়াৰ দিনৰ ওচৰা-উচৰিতে এইবাৰ ঊষাৰ ককাকৰ শ্ৰাদ্ধ পৰিছে। গতিকে গাখীৰ-গুৰ, তামোল-পাণ, ঘিউ-ময়দা, চাউল-পাত আদিৰ আয়োজন শ্ৰাদ্ধৰ নামত কৰি প্ৰকৃত কথা ঊষাৰ পৰা গোপনে ৰাখিছে। বাপেকৰ ইচ্ছা টেকেলি দিয়াৰ আগলৈকে ঊষাক একো জানিবলৈ নিদিয়ে। কিন্তু আয়োজনৰ গঢ় দেখি আৰু মাজে-সময়ে পিতাকহঁতৰ কথাৰ ভঙ্গী দেখি ঊষাই প্ৰকৃত কথা কিছু কিছু অনুমান নকৰাকৈ থকা নাই। অকল সেয়ে নহয়, ঘুনুক-ঘানাককৈ শুনিবলৈকো পাইছে। সেই কাৰণেই আজি তেওঁ এনে চিন্তাকুলা।

 ঊষাৰ কথা শুনি বৌৱেকে ভাবিলে, হয়তো ঊষাই বিয়াৰ কথা জানিব পাৰিছে, আৰু তেওঁৰ মত নাই দেখিয়েই তেনে কথা কৈছে। তথাপি আচল কথা নকৈ সুধিলে,-“তুমি এইবোৰ কি কৈছা?”

 উষা — কিয়, মোৰ কথা ইমান বুজিব নোৱৰা হ’ল নে? মই কৈছোঁ [ ২২৭ ] জীৱিতৰ শ্ৰাদ্ধ হ’বই নোৱাৰে, গতিকে তোমালোকে যাৰ শ্ৰাদ্ধৰ আয়োজন কৰিছা, তেওঁ বা তেওঁলোকে নিশ্চয় মৃত হ'ব লাগিব।

 বৌ—বাৰু, এই আয়োজনৰ এভাগ যদি জীৱিতৰ নিমিত্তে হয়?

 উষা—তেতিয়া হ'লে তেওঁ শ্ৰাদ্ধৰ আগতে জীৱিতৰ লেখৰ পৰা বাদ পৰি মৃতৰ লগ ল'ব লাগিব।

 বৌ—মই কাবৌকে মাতিছোঁ উষা, তুমি কি ভাবি এনে কথা কৈছা, মোক ভাঙি কোৱা।

 উষা—তুমি যদি মোৰ পৰা কিবা লুকুৱাইছা, তাকে ভাবি এই কথা কৈছোঁ বুলি নিশ্চয় বুজিছা, আৰু যদি লুকুওৱা নাই, তেন্তে মোৰ কথাৰো অৰ্থ নাই।

 বৌ—ধৰা, মই লুকুৱাইছোঁ।

 উষা—তেন্তে ময়ো মোৰ কথা কৈছোঁ। তোমালোক ইচ্ছা পূৰ্ণ হ’ব, শ্ৰাদ্ধ কৰিবলৈ পাবা।

 বৌ—কিয় তেনে কথা কোৱা উষা?

 উষা—পূবৰ বেলি পশ্চিমে ওলাব পাৰে, কিন্তু মোৰ কথাৰ লৰচৰ নহয়।

 বৌ-তুমি কি কৰিব খুজিছা উষা? তুমি চিৰ-কুমাৰী হৈয়েই জীৱন নিয়াবানে?

 উষা—তাতনো কাৰ কি হানি?

 বৌ—কিন্তু উষা, তুমি জানানে তেনে জীৱন কি কঠোৰ? তুমি আজীৱন তেনেভাবে কটাবা কেনেকৈ? তোমাৰ মঙ্গলৰ নিমিত্তে, তোমাৰ সুখৰ নিমিত্তেই দেউতাৰা সদায় চিন্তাকুল। এতিয়া ভাল ঘৰ, ভাল লৰা,—ভাল অৱস্থা চাই তোমাৰ সম্বন্ধ স্থিৰ কৰিছে,—তুমি আপত্তি নকৰিবা, উষা।

 উষা—মই কি আপত্তি কৰিম? তোমালোকে মোৰ শ্ৰাদ্ধ পাতিছা, [ ২২৮ ] মই তাত সাহায্য কৰিম। পিতা সুখী হ’ব, ককাইদেউ সন্তুষ্ট হ’ব, তোমালোকৰ অশান্তি দূৰ হ’ব।

 উষাৰ এই কথাত বৌৱেকে উষাৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে, উষাও কান্দিবলৈ লাগিল। মুখেৰে ফুটাই ক’ব নোৱৰা বহুতো কথা চকু-লোত ব্যক্ত হৈ পৰিল।

  বহুত বেলিৰ মূৰত সান্ত্বনা লাভ কৰি বৌৱেকে ক’লে—“মোৰ যিমান শক্তি আছে, ইয়াত বাধা জন্মাবলৈ চেষ্টা কৰিম; তুমি স্থিৰ হোৱাঁ। কিন্তু তুমি যাৰ নিমিত্তে সংসাৰৰ সকলো সুখ বিসৰ্জ্জন দিবলৈ ওলাইছা, তেওঁ জানো তোমাৰ কথা ভাবে?”

  উষা—তেওঁ ভাবক বা নাভাবক, তাত মোৰ কি হল? মই মোৰ কৰ্ত্তব্য কৰিম। বৌ-মানুহে তেওঁক বৰ দয়ালু বোলে, কিন্তু মই হ'লে এনে নিষ্ঠুৰ অহঙ্কাৰী মানুহৰ কথা আগে-পিচে শুনা নাই। এতিয়াই ইমান , বৰ বেচিকৈ ধন-সম্পত্তি থকা হ'লে আৰু আছিলহে! আজি তিনি বছৰেও তেওঁৰ মন ঘূৰাব পৰা নগ’ল। সঁচাকৈয়ে মোৰ হ'লে তেওঁৰ নাম শুনিলেও খং উঠা হৈছে। তুমিও তেওঁকে ইমান দিন ভাবি থাকি ভুল কৰিছা। তেনে মানুহক—

 উষাই বৌৱেকৰ মুখত সোপা দি ধৰি ক'লে,-“ক্ষমা কৰা, আৰু নক’বা। দেৱতা যদি তুষ্ট নহয় সি পূজাৰীৰ দোষ, দেৱতাৰ নহয়। দেৱতাৰ অনুগ্ৰহ লাভ কৰিবলৈ যি আন্তৰিক পূজা লাগে, যি আকুল- আহ্বান লাগে, বোধকৰোঁ মোৰ সি নাই, সেই কাৰণেই দেৱতা বিমুখ।”

 বৌৱেকে আৰু একো নকৈ উঠি গ'ল। উষাই ধাৰাসাৰে চকুলো বোৱাই আকুল কণ্ঠেৰে ক'লে,-“দীনবন্ধু, হৃদয়-দেৱতা, প্ৰাণৰ ঈশ্বৰ,

এই জন্মত নহলেও যেন পৰজন্মত এই অযোগ্যা দাসীক তোমাৰ চৰণত ঠাই দিয়াঁ।”

[ ২২৯ ]


দ্বিতীয় অধ্যায়

ডাকঘৰ

 ইন্দ্ৰনাথ লক্ষ্মীকান্তৰ ঘৰত থকা প্ৰায় দুমাহ হৈছে, কিন্তু আজিলৈকে ৰম্ভাৰ লগত যথানিয়মে বিয়া হবৰ কোনো আয়োজন হোৱা নাই। লক্ষ্মীকান্তই ইন্দ্ৰনাথক লগত লৈ তেওঁৰ স্বাৰ্থসিদ্ধিৰ নিমিত্তে কেইবাটাও কাম কৰিলে। প্ৰভাৱতীক যে হাবিৰ মাজত দুটা মানুহে আক্ৰমণ কৰিছিল সেইটো পাঠকসকলৰ মনত আছে। সেই দুজন লক্ষ্মীকান্ত আৰু ইন্দ্ৰনাথৰ বাহিৰে আন কোনো নহয়। গাড়োৱানে বান্ধি থোৱাটোৱেই ইন্দ্ৰনাথ আৰু ইটো লক্ষ্মীকান্ত। দুয়ো ছদ্মবেশেৰে গৈছিল আৰু যোৱাৰ আগেয়ে বৰকৈ মদ খাইছিল, লক্ষ্মীকান্ত যেতিয়া লৰাটোক পেলাই দি প্ৰভাক ধৰিবলৈ যায়, তেতিয়া তেওঁৰ স্ফূৰ্ত্তি আৰু উত্তেজনা ইমান বেচি হৈছিল, যে তেওঁ গাড়ী আৰু মাটিৰ কোনো পাৰ্থক্য অনুভৱ কৰিব পৰা নাছিল। তেনে অৱস্থাত যেতিয়া তেওঁ গাড়ীৰ পৰা পৰিল, তেওঁ এনে বেয়াকৈ পৰিল যে তেওঁৰ সোঁ হাতৰ সৰু-গাঁঠিৰ জোৰা লৰি গ'ল, আৰু ভৰি এটাও সৰু গাঁঠিৰ ওচৰতে মোচোকা খালে। বহুত পৰলৈকে তেওঁৰ উঠিবলৈ শক্তি নহ'ল। তাৰ পিচত কোনোমতে উঠি ওচৰত পৰি থকা গছৰ ঠাল এটাৰে লাখুটি বাই বহুত বেলিৰ মূৰত ইন্দ্ৰনাথৰ ওচৰ পালেগৈ। ইন্দ্ৰনাথে আগ বাঢ়ি তেওঁক বিচাৰি নোযোৱাত তেওঁৰ পেটে পেটে খং উঠি আহিছিল; এতিয়া প্ৰকৃত অৱস্থা দেখি সেই খং মাৰ নিয়ালে, আৰু বহুত কষ্টেৰে ইন্দ্ৰনাথৰ বান্ধ মোকোলাই দিলে। সেই ৰাতি দুয়ো তাতে থাকিল। ৰাতিপুৱা গাড়ী এখন বিচাৰি লনীকান্ত লৈ ইন্দ্ৰনাথ নগৰমুৱা হ'ল।

[ ২৩০ ]  লক্ষ্মীকান্তৰ ভৰিৰ আঘাত বোধকৰোঁ বৰ সাঙ্ঘাতিক নাছিল, কিয়নো, এসপ্তাহমান ঔষধ লগোৱাৰ পিচতে তেওঁ একৰকম ভালকৈয়ে ফুৰিব পৰা হ'ল। হাতটো হলে এতিয়াও একেবাৰেই ভাল হোৱা নাই।

 ইয়াৰ আগেয়ে কেনেকৈ জাননী প্ৰচাৰ কৰিছিল, আৰু প্ৰভাৱতীৰ বিৰুদ্ধে সাক্ষী দিবলৈ ওলাইছিল তাকো সকলোৱে জানে। অকল সেয়ে নহয়, এইবোৰ কেলেঙ্কাৰীৰ কথা জাননীত লিখা দিয়েই বেনামীকৈ লিখি আসামৰ প্ৰায় সকলো ঠাইলৈকে পঠিয়াইছিল।

 ইন্দ্ৰনাথৰ সাহায্যেৰে লক্ষ্মীকান্তই আৰু কিছুমান কাৰ্য্য কৰিছিল, কিন্তু সেইবোৰ ইমান জঘন্য আৰু তাৰ লগত এই আখ্যায়িকাৰ সম্বন্ধ ইমান কম যে তাৰ উল্লেখ নিস্প্ৰয়োজন।

 যদিও ইন্দ্ৰনাথ লক্ষ্মীকান্তৰ লগত প্ৰায় দুমাহ আছে, তথাপি পূৰ্ব্বৰ বন্দৱস্ত মতে বিয়াৰ কথা কোনেও উলিওৱা নাই। ইন্দ্ৰনাথে প্ৰথমতে অলপ খৰ-ধৰ লগাইছিল, কিন্তু পিচত তেওঁ সামাজিক ভাবে বিয়া নোহোৱাটোহে বাঞ্ছা কৰিবলৈ ধৰিলে। তাৰ অৱশ্যে কাৰণ আছিল।—

 ইন্দ্ৰনাথে মাজে-সময়ে মন কৰিছিল যে ৰম্ভাই সদায় সন্ধ্যা সময়ত, ৰাতি খাই উঠাৰ পিচত, আৰু নিচেই ৰাতিপুৱাতে একোবাৰ পদূলি- মুখলৈ যায়। প্ৰথমতে তেওঁ সেই বিষয়ে একো ভবা নাছিল, কিন্তু পূজাৰ সময়ত হঠাৎ তেওঁৰ কিবা সন্দেহ জন্মে, আৰু তাৰ কাৰণ জানিবলৈ তেওঁ ব্যগ্ৰ হয়। তেওঁ কেইদিনমান ভালকৈ লক্ষ্য কৰি দেখিলে ৰম্ভাই পদূলিৰ নাহৰ কেইজোপাৰ তলত কি বিচাৰে। তেওঁ দিনত ঠাইডোখৰ পৰীক্ষা কৰি চালে, আৰু দুয়ো দাঁতিয়ে থকা গছ দুজোপাৰ তাত বহুত অকামিলা ফটা কাকত—ঘাইকৈ পুৰণি চিঠিৰ ফটা লেফাফা—দমাই খোৱা দেখিলে। তেওঁ প্ৰথমেই ভাবিলে কি জানি ৰম্ভাই ফটা কাকতৰ লগত কিবা মূল্যবান কাকত পেলালে [ ২৩১ ] তাকেই বিচাৰে কিন্তু পিচত ভাবিলে, যদি সেয়ে হয়, তেন্তে দিনত ভালকৈ বিচাৰিলেই দেখোন হ’লহেঁতেন। তাকে নকৰি দিনৌ দিনৌ এনেকৈ বিচাৰিব কিয়? ভাবি চিন্তি একো স্থিৰ কৰিৰ নোৱাৰি শেহত তেওঁ ইয়াৰ ভিতৰুৱা ৰহস্য উদঘাটন কৰিবলৈ কৃত সংকল্প হ’ল।

 সেই দিনা ইন্দ্ৰনাথ সোনকালে আহি পদূলিৰ সন্মুখত থকা কেন্দু গছডালত উঠি পাতৰ আঁৰত বহি থাকিল। অলপ পিচতে ৰম্ভা এজোপা নাহৰৰ তললৈ গৈ এখন চিঠি থৈ আহিল। ইন্দ্ৰনাথে প্ৰথমতে চিঠিখনত কি আছে তাক চাবৰ মন কৰিছিল, কিন্তু পিচত তেনে কৰাতকৈ সেই ৰাতি নিলগৰ পৰা আলেখলেখ চোৱাকে উচিত বুলি স্থিৰ কৰিলে। তেওঁ এঘণ্টামান সময় এনে ভাবে থকাৰ পিচত এজন মানুহ সেই গছৰ তললৈ আহিল। মানুহজন আমাৰ পূৰ্ব্ব- পৰিচিত আব্দুল গনিৰ বাহিৰে আন কোনো নহয়। আব্দুলে গছৰ তল পাই ইফালে সিফালে চাই কাগজবোৰৰ ওচৰ চাপিল, আৰু চিঠিখন লৈ প্ৰস্থান কৰিলে। ইন্দ্ৰনাথৰ আৰু বুজিবলৈ বাকী নাথাকিল যে নাহৰ গছৰ গুৰিয়েই ৰম্ভাৰ ডাকঘৰ। হঠাৎ চিঠি দেখিলেও যাতে কাৰৰ মনত সন্দেহ নোপজে, এই উদ্দেশ্যেই তাত ফটা লেফাফাবোৰ পেলাই থৈছে।

 ইন্দ্ৰনাথ গছৰ পৰা নামি কিছু সময় ইফাল-সিফাল কৰিলে। এনেকৈ দুঘণ্টামান ফুৰাৰ পিচত আকৌ তেওঁ কেন্দু গছত উঠিল। তেতিয়া প্ৰায় ভাত খাবৰ সময় হৈছিল; কিন্তু ভাত খাবৰ সময়ত অনুপস্থিত থকা ইন্দ্ৰনাথ বা লক্ষ্মীকান্তৰ এদিনীয়া ঘটনা নহয়; সেই কাৰণে তেওঁ তাৰ বাবে চিন্তা কৰিব নালাগিল। ৰম্ভাই খাই-বই উঠি অতি সাৱধানে চাৰিওফাললৈ চাই নাহৰ গছৰ তলত কি বিচাৰিলে, কিন্তু একো নাপাই বিমৰ্ষ হৈ উলটি গ'ল। ইয়াৰ পিচত [ ২৩২ ] ইন্দ্ৰনাথ গছৰ পৰা নামি ঘৰলৈ আহিল, লক্ষ্মীকান্তও অলপ পিচতে ঘৰ পালেহি। ভোজন কাৰ্য্য সমাধা কৰি তেওঁলোক শুবলৈ যাওঁতে এক বাজি গৈছিল।

 সেই দিনা ইন্দ্ৰনাথৰ ভাল টোপনি নাহিল; ৰাতি নৌ পুৱাওঁতেই তেওঁ শোৱাৰ পৰা উঠিল। বাহিৰত অলপ অলপ পোহৰ যেন দেখা গৈছে, ঠিক এনে সময়ত তেওঁ মানুহ এটা নাহৰৰ তলৰ পৰা যোৱা যেন দেখিলে। তেওঁ তেতিয়া কোনো গম-গতি নলগোৱাকৈ নাহৰৰ তললৈ গ'ল, আৰু এজোপাৰ তলত এখন চিঠি পালে। চিঠিখন বুটলি লৈ আহিল, আৰু ভিতৰত চাকি এটা লগাই তাৰ পোহৰত পঢ়িবলৈ ধৰিলে। চিঠিখন আহিছে আব্দুল গনিৰ পৰা। তেওঁ চিঠিখন পঢ়ি বঢ়িয়াকৈ জানিব পাৰিলে যে ৰম্ভা আৰু তেওঁৰ ভিতৰত গুপ্ত প্ৰণয় আছে, আৰু ৰম্ভাই আব্দুলৰ লগতে তেওঁৰ বিয়া হ'ব বুলি আশা দি আছে। আজিৰ চিঠিত আব্দুলে এসপ্তাহৰ মূৰত নপলালেই নহ'ব বুলি লিখিছে। চিঠিখনত ইন্দ্ৰনাথক সোনকালে আঁতৰাবলৈ কৈ তেওঁৰ বিৰুদ্ধে কিবাকিবি লিখিছে। সেই দিনাই ইন্দ্ৰনাথে ৰম্ভাক বিয়া নকৰাবলৈ মনতে স্থিৰ কৰিলে; কিন্তু সামাজিক ভাবে বিয়া নহলেও যেতিয়ালৈকে আঁতৰ হবলৈ বাধ্য নহয়, তেতিয়ালৈকে আগৰ দৰেই তাত থাকিবলৈ সাজু থাকিল।

 লক্ষ্মীকান্তৰো ভনীয়েকক উলিয়াই দিবলৈ ইচ্ছা নাই। এতিয়া বিনামূল্যে যিমানবোৰ বস্তু-বাহানি ঘৰত সোমাইছেহি, ৰম্ভা নাথাকিলে তাৰ আশা ক’ত? ঘাইকৈ এতিয়া তেওঁৰ মদৰ খৰচটো ৰম্ভাৰ বন্ধু বান্ধৱৰ পৰাই ওলাইছে; ৰম্ভা আঁতৰিলে তাৰো মূৰ মৰিব। কোৱা উচিত যে ৰম্ভায়ো মাজে সময়ে মদ খায়। সেই বাবে তেওঁৰ প্ৰণয়ী- দলৰ পৰা আন বস্তুৰ লগতে কেতিয়াবা মদো উপহাৰ পায়। বাহিৰত সুবিধা নহলে কেতিয়াবা লক্ষ্মীকান্তয়ো তাৰ ভাগ লয়। সাধাৰণতঃ [ ২৩৩ ] মদ খাবলৈ তেওঁ মহেশৰ ঘৰলৈ যায়। ৰম্ভাক বিয়া দিলে তেওঁৰ তেনে সুবিধা থকাৰ সম্ভাৱনা ক’ত!

 ৰম্ভাই কাৰো লগত সামাজিক ভাবে বিবাহ ইচ্ছা নকৰে; এজনক এফালে আশা দিব পাৰে, কিন্তু ইফালে নতুন প্ৰণয়ীৰ অনুসন্ধানত ব্যস্ত। নিতৌ নতুন প্ৰণয়ী লাভ কৰাই ৰম্ভাৰ একান্ত কামনা।

 ইন্দ্ৰনাথে সেইদিনাৰ পৰা প্ৰায়ে চিঠি চুৰ কৰে, আৰু পঢ়াৰ পিচত নিতান্ত আৱশ্যকায় দুই এখনৰ বাহিৰে বাকীবোৰ আকৌ আগৰ ঠাইত থৈ আহে। আব্দুলৰ বাহিৰেও আৰু বহুতৰ পৰা তেনে চিঠি আহিছিল।

 মহেশৰ লগত ৰম্ভাৰ অবৈধ প্ৰণয় আছে বুলি ইন্দ্ৰনাথে আগৰে পৰা সন্দেহ কৰিছিল; কিছু দিনৰ পিচত তাৰ চাক্ষুষ প্ৰমাণ পাবলৈকে বাকা নাথাকিল। ইন্দ্ৰনাথে দেখাদেখিকৈ কোনো প্ৰতিকাৰ কৰিব নোৱাৰি মনে মনে কিবাকিবি উপায় চিন্তিবলৈ লাগিল। তেতিয়াৰে পৰা তেওঁ মহেশৰ ঘৰলৈ ঘনাই অহা-যোৱা কৰিবলৈ ধৰিলে।

 আব্দুলক আশা দি থাকিও মূৰামুৰি সময়ত ৰম্ভা তেওঁৰ লগত নোযোৱা হ'ল। আব্দুলে জমা থোৱা টকাখিনিকে খুজিলে, কিন্তু ৰম্ভাই ক'লে সেই টকাত আব্দুলৰ কোনো স্বত্ব নাই। সেই টকা আৰু আন বস্তুও তেওঁ প্ৰীতি-উপহাৰ-স্বৰূপেহে আব্দুলৰ পৰা পাইছিল; সেই কাৰণে তেওঁ নিজ ইচ্ছাত ঘূৰাই নিদিলে আব্দুলৰ কোনো দাবি নৰজে; আৰু এবাৰ গ্ৰহণ কৰাৰ পিচত তেওঁ কোনো বস্তু ঘূৰাই দিব নোখোজ। আব্দলে অগত্যা প্ৰতিশোধ লবলৈ হুমিয়াই সম্প্ৰতি অকলে পলাব লগাত পৰিল।

⸻⸻

[ ২৩৪ ]


তৃতীয় অধ্যায়

পাদুৰী চাহাব

 প্ৰায় এমাহৰ মূৰত দীনবন্ধু গোৱালপাৰাৰ পৰা উলটিল। আকালৰ বিষয়ে তেওঁ যি পঢ়িছিল সি সঁচা, কিন্তু নৈৰ দাঁতিৰ চাৰি, কি পাঁচখন গাৱঁৰ হে শস্য নষ্ট হৈছিল। বাকীবোৰ ঠাইত এইবাৰ বৰ ভাল খেতি হৈছিল; সেই কাৰণে দীনবন্ধুৱে বৰ পৰিশ্ৰম কৰিব নালাগিল। যিবোৰ মানুহৰ নিজৰ আৱশ্যকতকৈ বেচি ধান উৎপন্ন হৈছিল, সেইবোৰ মানুহে ঘৰে পতি এমোনকৈ ধান এই দুৰ্ভগীয়াহঁতৰ নিমিত্তে দান কৰিবলৈ প্ৰতিশ্ৰুত হ’ল, আৰু সৰহীয়াকৈ খেতি কৰাবিলাকে তেওঁ- লোকৰ বেচিবলগীয়া ধানৰ একাংশ পিচৰ বছৰত টকা পোৱাৰ বন্দৱস্তেৰে দিবলৈ গাত ল'লে। দীনবন্ধুৱে সকলোকে তেওঁলোকৰ কৰ্ত্তব্য বুজাই দি এইবোৰ কাৰ্য্য পৰিচালনাৰ নিমিত্তে এটি সমিতি গঠিত কৰিলে। এজন জমিদাৰ এই সমিতিৰ সম্পাদক নিযুক্ত হ’ল। দান আৰু ধাৰে লোৱা ধান এই সমিতিৰ দায়িত্বত গ্ৰহণ কৰা হ'ব আৰু বিপন্ন ৰায়তে এই সমিতিৰ নিৰ্দিষ্ট নিয়মমতে প্ৰতিশ্ৰুতি দি সাহায্য গ্ৰহণ কৰিব পাৰিব। এই নিয়মমতে কাম হৈ সুঠালৈকে দীনবন্ধুৱে স্থানীয় লোকৰ পৰা যি দান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ আবেদন মতে আসামৰ অন্যান্য ঠাইৰ পৰাও যি সাহায্য আহিছিল, তাৰেই এক প্ৰকাৰ চলাব লগাত পৰিল। প্ৰায় এমাহমান চেষ্টা কৰাৰ ফলত এই বিপন্ন সেৱক সমিতিয়ে যিমানখিনি ধান, আৰু ধানৰ প্ৰতিশ্ৰুতি পালে, তাৰ দ্বাৰা এই বিপন্নসকলৰ জীৱন ৰক্ষাৰ আগন্তুক দেখা গ'ল। দীনবন্ধুৱে গাৱেঁ-গাঁৱে মেল পাতি এই দুৰ্দ্দিনত সকলোকে পৰিশ্ৰমী হবলৈ উপদেশ [ ২৩৫ ] দিলে। তিৰুতাবিলাকক বিশেষভাবে সূতা কটা আৰু কাপোৰ বোৱাত লাগিবলৈ আৰু মতাবিলাকক ভালকৈ মাহ-সৰিয়হ আদিৰ খেতি কৰিবলৈ বিশেষভাবে অনুৰোধ কৰিলে, আৰু সমিতিৰ পৰা আৱশ্যক অনুযায়ী তাত সাহায্য কৰিবলৈ প্ৰতিশ্ৰুতি দিলে। এই সমিতি গবৰ্ণমেণ্টৰ “কো-অপাৰেটিভ ক্ৰেডিট চচাইটিৰ” আৰ্হিত স্থাপন কৰা হ'ল।

 এমাহৰ অক্লান্ত পৰিশ্ৰমৰ পিচত দীনবন্ধু ঘৰলৈ আহিবলৈ ওলাল; বহুতো মানুহ তেওঁক ঢোল-খোল আৰু দোলাৰে আগ বঢ়াবলৈ আহিল। দীনবন্ধুৱে তেনে শোভা-যাত্ৰাৰ বিৰুদ্ধে বহুত বুজাই শেহত ক'লে,— “ৰাইজসকল, আপোনালোকে যদি এই দুখীয়াৰ কথা শুনে, আৰু সেই মতে কাম কৰে, তেনেহলেই তেওঁক যথেষ্ট সম্মান আৰু মৰম কৰা হ'ব। নহলে মোক দোলাত ভৰাই চাকোলা মানুহৰ দৰে লৈ যোৱাৰ পৰা একো লাভ নহয়। বৰং সি মোক অকৰ্মণ্য বুলিহে প্ৰমাণ কৰিব। আকৌ ঢোল-খোল আদিৰেই বা প্ৰয়োজন কি! মইতো বিয়া কৰাবলৈ ওলোৱা নাই! মুঠতে এইবোৰ আড়ম্বৰ মই বেয়া পাওঁ। ৰাইজৰ ওচৰত মই কোন কূটা! আপোনালোকৰ ভৰিৰ ধূলিৰ যোগ্য হ'ব পাৰিলেই মই মোক সৌভাগ্যৱান বুলি ভাবিম। আপোনালোকে আশীৰ্ব্বাদ কৰক যেন ৰাইজৰ সেৱাত মই মোৰ জীৱন উচৰ্গা কৰিব পাৰোঁ। তেতিয়া হলেই মই যথেষ্ট সম্মানিত আৰু গৌৰৱান্বিত হ’ম।

 তেতিয়া সকলো ৰাইজে হৰিধ্বনিৰে চৌদিশ কঁপাই তুলিলে, আৰু দীনবন্ধুৱে আপত্তি কৰাতো প্ৰায় তিনি কুৰিমান মানুহ জয়ধ্বনি কৰি তেওঁৰ লগত জাহাজঘাটলৈকে আহিল। দীনবন্ধুৱে সকলোকে মিঠা মুখেৰে উপদেশ দি নমস্কাৰ জনাই যথাসময়ত জাহাজত উঠিল।

 দীনবন্ধুৱে জাহাজত উঠিয়েই দেখিলে এজন চাহাবে তৃতীয় শ্ৰেণীৰ যাত্ৰীবিলাকৰ মাজত সোমাই বক্তৃতা দিছে। চাহাবজন আমেৰিকাৰ ব্যেপ্টিষ্ট মিশ্যনৰ এজন পাদুৰী। তেওঁ কৈছে,—“ভাৰতবৰ্ষৰ মানুহ[ ২৩৬ ] বিলাক মহাপাপী, সিহঁতে এতিয়াও খৃষ্টক ভজা নাই। হিন্দু-ধৰ্ম্মত একো সাৰ নাই; তাত বহুতো সম্প্ৰদায় আছে, আটাইবোৰেই সভ্যতাৰ বিৰোধী। ইয়াৰ মানুহ—কি বৈষ্ণৱ, কি শৈৱ, কি শাক্ত, কোনেও মুক্তি নাপায়। ইহঁতৰ ধৰ্ম্ম ইমান বেয়া, ইমান নীহ যে সকলোৱে ঘিণ কৰা উচিত। শৈৱ-শাক্তই লিঙ্গ আৰু যোনি পূজা কৰে, ইহঁতৰ সভ্যতাৰ অলপো জ্ঞান নাই। এনেবোৰ পূজাৰ নিমিত্তেই ইয়াৰ মানুহবোেৰক আমাৰ মানুহে গৰু-পহুৰ নিচিনাকৈ ব্যৱহাৰ কৰে। বৈষ্ণৱবিলাকে মাছ-কাছকে আদি কৰি দহোটা অৱতাৰ মানে। ঈশ্বৰক যি ইমান ক্ষুদ্ৰ জীৱ হ'ব পাৰে বুলি ভাবে, সিহঁতৰ মুক্তি ক’ত? কোনে সিহঁতক অনন্ত নৰকৰ পৰা ৰাখিব! তদুপৰি বৈষ্ণৱবিলাকে যি শ্ৰীকৃষ্ণক পূৰ্ণাৱতাৰ বুলি মানে, সেই শ্ৰীকৃষ্ণৰ নিচিনা জঘন্য চৰিত্ৰৰ মানুহ পৃথিৱীতে নাই। আজি কালিৰ দিনত হোৱা হ'লে ফাঁচী বা কলীয়া- পানীত দিব লাগিলহেঁতেন। ইয়াৰ মানুহে পুতলা পূজা কৰে। ঈশ্বৰ সকলো ঠাইতে আছে। তেওঁৰ কাণ নাই শুনে, চকু নাই দেখে, হাত নাই ধৰে, ভৰি নাই ফুৰে। তেনে ঈশ্বৰক পুতলা সাজি পূজা কৰিলে তেওঁ সন্তুষ্ট হ’ব নে বিতুষ্ট হ’ব? তোমালোকে যদি মুক্তি পাব খোজা, কোটি কোটি বছৰ নৰকত পচিব নোখোজা, তেন্তে খৃষ্টক ভজাঁ। খৃষ্টক ভজিলেই সকলো হ’ব। বহুত মানুহে বহুত দিন দুখত নিয়াই শেহত খৃষ্টক ভজি সুখ পাইছে, পৰকালতো স্বৰ্গ লৈ যাব পাৰিছে।”

 পাদুৰীৰ বক্তৃতা শুনি দীনবন্ধুৱে হাঁহি হাঁহি ক’লে,—“বিধাতাৰ কি বিড়ম্বনা। এইখিনি ধৰ্ম্মজ্ঞান লৈও একোজন মানুহ সুদূৰ আমেৰিকাৰ পৰা ভাৰত উদ্ধাৰ কৰিবলৈ আহে।”

 চাহাবে শুনি ক'লে,—“কি কৈছা তুমি?”

 দীন—কৈছোঁ বোলো তোমাৰ নিচিনা ধাৰ্ম্মিকৰ আগমনত দেশ উদ্ধাৰ নোহোৱাকৈ থাকিবনে? [ ২৩৭ ]  চাহাব—তুমি খৃষ্টান নেকি?

 দীন—কিয়, তোমাৰ প্ৰয়োজন।

 চাহাব—তুমি যদি এতিয়াও খৃষ্টান হোৱা নাই, তেন্তে সোনকালে হোৱা উচিত। কাৰণ কেতিয়া কোন মৰে তাৰ ঠিক নাই। আৰু খৃষ্টক নভজাকৈ মৰিলে অনন্ত নৰকলৈ যাব লাগিব।

 দান—আৰু বোধকৰোঁ খৃষ্টক ভজি মহাপাপ কৰিলেও অক্ষয় স্বৰ্গবাস হ’ব?

 চাহাব—নিশ্চয় তুমি মোৰ কথা বুজিছা, তুমি খৃষ্টান হ’বৰ নিতান্ত উপযুক্ত।

 চাহাবে দীনবন্ধুৰ বিদ্ৰুপ নুবুজা দেখি সকলোৱেই গিৰ্জ্জনি মাৰি হাঁহি উঠিল। চাহাবে খঙত ৰঙা পৰি ক'লে, “তুমি কি কৈছা?”

 দীন—এতিয়া মুঠেই একো কোৱা নাই, কিন্তু ক'ব খুজিছোঁ— তোমাৰ ধৰ্ম্মজ্ঞানটো ইমান টুলটুলীয়া হৈ পকি উঠিছে যে কোনোবা অধাৰ্ম্মিক পৌত্তলিকে তাত টোকৰ মাৰি দিলেই পকা গাৰ ফুটা দি ফুটি তাৰ পৰা ধৰ্ম্মৰ পূজ ওলাই ডোঙা বান্ধি পৰিব।

 আকৌ সকলোৱে হাঁহি দিলে।

 চাহাব—তুমি ঠাট্টা কৰিছা?

 দীন—ঠাট্টা নহয় চাহাব, মই আচল কথাকে কৈছোঁ। তোমাৰ দৰে মানুহ ভাৰতলৈ অহাই ভুল। তুমি জানানে ভাৰতবৰ্ষৰ এটা নিৰক্ষৰ গাৱঁলীয়া মানুহেও তোমাৰ নিচিনা ধৰ্ম্মপ্ৰচাৰকক ধৰ্ম্ম-শিক্ষা দিব পাৰে? তুমি যি বক্তৃতা দিলা, তাৰ পৰাই বুজা গৈছে তোমাৰ ধৰ্ম্মৰ ক-ফলাও শিকা হোৱা নাই।

 চাহাব—মই জানো মিছা কথা কৈছোঁ? হিন্দুবোৰ জানো পৌত্তলিক জড়োপাসক নহয়?

 দীন—হ’ব পাৰে, কিন্তু তোমালোকৰ সমান নহয়। [ ২৩৮ ]  চাহাব—তুমি খৃষ্টানক পৌত্তলিক বুলিছা?

 দীন—এৰা।

 চাহাব—এইটো একেবাৰে মিছা কথা; তুমি তাৰ প্ৰমাণ দিব পাৰিবা?

 দীন—প্ৰমাণ লাগে? শুনা তেন্তে—হিন্দুৱে কেতিয়াও পুতলা- পূজা নকৰে; কিন্তু জড়ৰ সাহায্য নোলোৱাকৈ চৈতন্য শক্তিৰ উপলব্ধি কৰা মানুহৰ সাধ্যাতীত। সেই জড় কাঠ, বাহ, নাইবা শিলৰ মূৰ্ত্তিও হ’ব পাৰে, নাইবা মানস মূৰ্ত্তিও হ'ব পাৰে। হিন্দুৱে এনে জড় পদাৰ্থৰ আশ্ৰয় ললেও তাক জড় ভাবে পূজা নকৰে। তাত চৈতন্য শক্তিৰ কল্পনা কৰি, নাইবা মন্ত্ৰেৰে দেৱতাৰ আৱাহন কৰি, প্ৰকৃততে সেই চৈতন্য শক্তিৰ হে পূজা কৰে। নিজৰ মন স্থিৰ ৰাখি ধ্যান কৰিবলৈ মাথোন মাজত মূৰ্ত্তিৰ সেতু। কিন্তু তোমালোকে কৰা কি? তোমালোকৰ গিৰ্জ্জাঘৰ, বেদী, ক্ৰুচ, আৰু পাদুৰীৰ আসন আদি জড় পদাৰ্থবোৰেই সাধাৰণতঃ তোমালোকৰ ঈশ্বৰৰ ঠাই অধিকাৰ কৰিছে। এই খিনি গুচাই দিয়া, অথবা ঠাইৰ অলপ সাল সলনি কৰাঁ, দেখিবাঁ— লগতে শতকৰা অন্ততঃ নিৰানবৈজন তোমাৰ নিচিনা খৃষ্টানৰ ধৰ্ম্মও কেনিবা উৰি গ'ল। তেনে স্থলত প্ৰকৃত পৌত্তলিক কোন? তোমাৰ দৰে খৃষ্টান নে হিন্দুবিলাক? ৰোমান কেথলিকবিলাকতো দেখা- দেখিকৈয়ে মূৰ্ত্তি-পূজক আকৌ হিন্দুৰ বৈষ্ণৱ, শৈৱ, শাক্ত আদি সম্প্ৰদায় থাকিলেও সি সংখ্যাত বৰ বেচি নহয়। কিন্তু তোমালোকৰ কমকৈও আঢ়ৈ শ সম্প্ৰদায় আছে। তেনেহলে সাম্প্ৰদায়িকতা কাৰ বেচি। মুঠতে তুমি নামত খৃষ্টান হ’ব পাৰা, কিন্তু কামত খৃষ্টধৰ্ম্মৰ একোকে নুবুজা। সেই দেখিয়েই আনৰ ধৰ্ম্মৰ একো নুবুজাকৈ নিন্দা কৰিবলৈ আগ বাঢ়িছা। শ্ৰীকৃষ্ণৰ বিষয়ে যি ক’লা তাত মোৰ বিশেষ কবলগীয়া একো নাই, কাৰণ তোমাৰ যি ফেৰা ধৰ্ম্মজ্ঞান, যি ফেৰা [ ২৩৯ ] সংযম, তাৰে তুমি শ্ৰীকৃষ্ণচৰিত্ৰৰ আধ্যাত্মিকতা বুজিবলৈ আশা কৰাও বিড়ম্বনা। তুমি শ্ৰীকৃষ্ণচৰিত্ৰত তোমাৰ পাপ মনৰ ছাযা-পাত চাব খোজা দেখি তাকে দেখিবলৈ পোৱা। যাৰ মন যেনে কলুষিত সি পবিত্ৰতাৰ মাজতো তেনে কলুষ চিত্ৰ দেখে। তোমাৰ নিচিনা ধৰ্ম্ম- জ্ঞানৰ যদি কোনোৱা হিন্দু আছে, তেন্তে তেৱোঁ যিছুখৃষ্টৰ জন্মৰে পৰা তেওঁৰ গাত ব্যভিচাৰৰ দাগ লাগি থকা দেখিব। কিন্তু মোৰ বিশ্বাস তেনে সঙ্কীৰ্ণমনা হিন্দু কোনো নাই। মুঠতে তোমালোকৰ ধৰ্ম্ম খৃষ্টান ধৰ্ম্ম নহয়, সি ৰাজনৈতিক ফন্দি মাথোন। হিন্দু-ধৰ্ম্ম তেনে নহয়; তাৰ প্ৰত্যেকটো অনুষ্ঠানতে আধ্যাত্মিকতাৰ জ্যোতি। সেই দেখিয়েই কোনো হিন্দুপ্ৰচাৰকে তোমালোকৰ দৰে পাৰ্থিব ভোগ-সুখৰ প্ৰলোভন দেখুৱাই, আন ধৰ্ম্মৰ নিন্দা কৰি নিজৰ দল পুষ্ট কৰিবলৈ নিবিচাৰে। তোমালোকে বহুতক তোমালোকৰ ব্যৱসায়ী খৃষ্টান ধৰ্ম্মত দীক্ষিত কৰিছা; কিন্তু তাৰ ভিতৰত এজনো উলিয়াই দিব পাৰিবা নে যি তোমাৰ ধৰ্ম্মত অলপো আস্থা স্থাপন কৰে? তোমালোক প্ৰলোভনত ভোল গৈ ঐহিক সুখ-ভোগৰ আকাঙক্ষাত মাত্ৰ তেওঁলোকে তেনে কৰিছে, অথবা সমাজৰ দূৰণীয় কাৰ্য কৰি সমাজচ্যুত হৈ কাৰো ওচৰত ঠাই নাপাই তোমালোকৰ আশ্ৰয় লৈছে। মুঠতে ধৰ্ম্মৰ নামত অধৰ্ম্ম কৰা অনুষ্ঠান তোমালোকৰ দৰে আন কাৰো নাই।

 চাহাবে প্ৰথমতে দীনবন্ধুক এটা হোজা গাৱঁলীয়া বুলি ভাবি লৈছিল। এতিয়া তেওঁৰ কথা শুনি তেওঁৰ ভুলটো বুজিব পাৰিলে তথাপি দীনবন্ধুৰ কথা শুনি তেওঁৰ পেটে পেটে খং উঠিছিল। সকলো মানুহেই দীনবন্ধুক সহানুভূতি দেখুওৱা দেখি তেওঁ কি কৰিব, কি নকৰিব—একোকে স্থিৰ কৰিব নোৱাৰি আঙুলি কামুৰিবলৈ ধৰিলে। দীনবন্ধু ক্ষান্ত হ’লত চাহাবে ক'লে,—“আমি খৃষ্টধৰ্ম বুজোঁ নে নুবুজোঁ তাৰ বিচাৰ কৰিবলৈ তোমাৰ অধিকাৰ নাই। তুমি যেতিয়া নিজে খৃষ্টান [ ২৪০ ] নোহোৱা, তুমি সেই বিষয়ে মন্তব্য প্ৰকাশ কৰাই অন্যায়। সেইবোৰ চয়তানৰ কথা।”

 দীনবন্ধুৱে হাঁহি হাঁহি ক'লে,—“চাহাব, লোকৰ ন্যায়-অন্যায বিচৰাত তুমি যিমান পাকৈত, নিজৰ ন্যায়-অন্যায়ো যদি তেনেকৈয়ে বিচাৰিলাহেঁতেন! মই খৃষ্টান নহয় বুলিয়েই যদি খৃষ্টধৰ্মৰ বিষয়ে কবলৈ মোৰ অধিকাৰ নাই, তুমি হিন্দু নহৈ, হিন্দুধৰ্ম্মৰ বিষয়ে বিন্দু- বিসৰ্গও নজনাকৈ তাৰ নিন্দা কৰিবলৈ অধিকাৰটো হবলা আমেৰিকাৰ পৰা কিনি আনিছা?”

 দীনবন্ধুৰ কথাৰ উত্তৰ দিব নোৱাৰি চাহাব নিমাত হ’ল। দীনবন্ধুৱে আকৌ কবলৈ ধৰিলে,—“শুনা চাহাব, তুমি যদি সঁচাকৈয়ে ধৰ্ম্মপ্ৰচাৰ কৰিব খোজা, তেন্তে তাৰ আগেয়ে তোমাৰ ধৰ্ম্মটো বুজি লোৱা। অতীজৰে পৰা ভাৰতবৰ্ষই জগতক ধৰ্ম্মশিক্ষা দি আহিছে; এতিয়াও হিন্দুশিক্ষকৰ ওচৰত শিক্ষা নাপালে, হিন্দুধৰ্ম্মৰ কথাকে নকওঁ, খৃষ্টধৰ্ম্মও যে তুমি বুজিব পাৰিবা, তেনে আশা মই কৰিব পৰা নাই। আজিকালি আমেৰিকাৰ বহুত জ্ঞানী মানুহে হিন্দুপ্ৰচাৰকৰ ওচৰত খৃষ্টান-ধৰ্ম্ম কি বুজি লৈছে। বহুতে হিন্দুধৰ্ম্মৰ তত্ত্ব বুজি তাক গ্ৰহণ কৰিছে। তুমিও ইচ্ছা কৰিলে বুজি লব পাৰা। আন নালাগে স্বামী বিবেকানন্দৰ ঈশ-দূত খৃষ্ট (Christ the Messenger) আৰু তেওঁৰেই ছিকাগো বক্তৃতাখন পঢ়িলেও তোমাৰ চকু অলপ মুকলি হোৱাৰ সম্ভৱ।

 চাহাব—তোমাৰ দেশৰ মানুহ দেখি তুমি তেনেকৈ কৈছা। আচলতে তেওঁ খৃষ্টান-ধৰ্ম্মৰ কিটো জানিব পাৰে?

 দীন—তুমি চাৰ হাইৰাম মেক্সিমৰ নাম শুনিছা?

 চাহাব—কিয় নুশুনিম? তেওঁ আমেৰিকাৰ এজন বিখ্যাত বৈজ্ঞানিক। [ ২৪১ ]  দীন—তেওঁৰ কথা তুমি বিশ্বাস কৰানে?

 চাহাব—কিয় নকৰিম?

 দীন—তেৱোঁ যদি মই কোৱা কথাকে কয়, মানিবানে?

 চাহাব—মানিব পাৰোঁ।

 দীনবন্ধুৱে বেগটো মেলি কিতাব এখন উলিয়াই তাৰে এডোখৰ চাহাবক পঢ়িবলৈ দিলে। চাহাবে একান্ত মনে পঢ়িলে। পঢ়া হ’লত কিছু সময়ৰ পিচত ঘূৰাই দিম বুলি কিতাপখন লৈ কেবিনত সোমাল[*]  অলপ পিচতে চাহাব ওলাই আহি দীনবন্ধুক কেবিনলৈ মাতিলে। দীনবন্ধুৱে ক'লে—“মাফ কৰিবা, মই তৃতীয় শ্ৰেণীৰ যাত্ৰী হৈ তাত সোমাব নোৱাৰো। প্ৰয়োজন হ'লে ইয়াতে কথা পাতিব পাৰোঁ।

  • ^ কিতাপখনৰ সেই ডোখৰত স্বামীজীৰ সম্পৰ্কে এনেকৈ লিখা আছিল :-

This monk was of commanding appearance and vast learning speaking English like Webster, The American Protestants who outnumbered all others, imagined that they would have an easy task and commenced proceeding with the greatest confidence and with the air of Just see me wipe you out. However, what they had to say was the common place twaddle that had been mouthed over and over again in every little hamlet from Nava Scotia to California. It interested no one and no one noticed it. When, however, Vivekananda spoke they say they had a Napoleon to deal with. His first speech was no less than a revelation. Every word was eagerly taken down by the reporters and telegraphed all over the country where it appeared in thousands of papers. Vivekanada became the lion of the day. He soon had an immense following. No hall could hold the people who flocked to hear him lecture. They had been sending silly girls and half-educated. simpletons of men, and millions of dollars to Asia for years to convert the poor benighted heathen and save his alleged soul; and here was a [ ২৪২ ]  চাহাব—আপোনাৰ লগত মোৰ বিশেষ কথা আছিল।

 দীন—বোধকৰোঁ সেই কথা ইয়াত পাতিলেও কাৰো অনিষ্ট নহয়।

 চাহাবে একো নকৈ দীনবন্ধুৰ ওচৰতে ঠেং-ঠুং মেলি বহিল। তাৰ পিচত সুধিলে,—“হিন্দুধৰ্ম্মৰ বিষয়ে ভালকৈ ক’ত পোৱা যায়?”

 দীন—উপনিষদ, গীতা, আৰু বেদান্ত পাঠ কৰি বুজিব পাৰিলেই হিন্দুধৰ্ম্মৰ বিষয়ে জানিবলগীয়া সকলো কথাৰ তত্ত্ব পোৱা যাব। অকল হিন্দুধৰ্মৰ কিয়, জগতৰ সকলো ধৰ্ম্মৰ মূল তত্ত্ব তাৰ ভিতৰতে আছে।

 চাহাব—এইবোৰ কিতাপৰ ইংৰাজা অনুবাদ আছেনে?

 দীন—বহুত আছে।

 চাহাব—আটাইতকৈ যি কেইখন ভাল তাৰ ঠিকনা এই বহিখনতে লিখি দিয়কচোন। স্বামীজীৰ কিতাপৰ ঠিকনাটোও দিব।

 চাহাবে তেওঁৰ টোকা বহিখন দীনবন্ধুক দিলে; দীনবন্ধুৱেও সকলোখিনি কিতাপৰ নাম তাত লিখি দিলে। চাহাবে বহিখন লৈ দীনবন্ধুক ধন্যবাদ দি ক'লে,—“মোৰ বোধেৰে আপুনি কলেজ প্ৰফেচৰ।”

 দীন—মই তেনে একো নহয়, মই খেতি কৰি ভাত খোৱা মানুহ।


specimen of the unsaved who knew more philosophy and religion than all the parsons and ministers in the whole country. Religion was presented in an agreeable light for the first time to them. There was more in it than they had ever dreamed; argument was impossible. He played with the parsons as a cat plays with a mouse. They were in a state of consternation. What could they do? What they always do-they denounced him as an agent of the devil. But the deed was done. He had sown the seed and the Americans commenced to think.

Li Hiung Chang Scrap Book.

[ ২৪৩ ]  চাহাৰে বহুত পৰ আচৰিত হৈ ৰ লাগি চাই থাকি ক'লে,-“মই

সাজপাৰ দেখি প্ৰথমতে তেনেকৈয়ে ভাবিছিলোঁ; কিন্তু এতিয়া দেখিছোঁ আপুনি প্ৰফেচাৰৰ লায়ক মানুহ।

 দীনবন্ধুৱে হাঁহি হাঁহি ক'লে,-“কিয়, খেতিয়কৰ নিমিত্তে নো কিহত অলায়ক দেখিলে?”

 চাহাবে আন একো নিদি দীনবন্ধুক তেওঁৰ কাৰ্ড দিলে, আৰু দীনবন্ধুৰ নাম ঠিকনাও লিখি ল'লে। তাৰ পিচত দীনবন্ধুক ধন্যবাদ দি হাত জোকাৰি বিদায় লৈ কেবিনত সোমাল।

 কাৰ্ডখনত এই কেইটা কথা আছিল—এম্‌, ডব্‌লিউ, হেমিল্টন ব্যেপ্টিষ্ট মিশ্যন, কলিকতা।


[ ২৪৪ ]

চতুৰ্থ অধ্যায়

দোষ কাৰ

———

 তেতিয়া সন্ধ্যা লাগিছে মাথোন। ৰম্ভা তেওঁৰ পঢ়া খোটালিত বহি আছে। আজি দিনটো তেওঁ চিঠি এখনকে ঘূৰাই ঘূৰাই পঢ়িছে। চিঠিখন কলিকতাৰ পৰা অহা; লিখকৰ নাম জ্ঞানেন্দ্ৰ নাথ ৰায়। তাত লিখিছে—“ইয়াত এখন মিশ্যন স্কুলত শিক্ষয়িত্ৰীৰ কাম এটা খালি আছে। তোমাৰ কলিকতালৈ আহিবৰ কথা আছিলেই। এতিয়া আহিলে দুয়োটা কাম সিদ্ধ হ’ব।”

 ইয়াৰ বাহিৰেও আৰু বহুত গোপনীয় কথা চিঠখনত আছিল।

 ৰম্ভাই চিঠিখন পঢ়ি কিবা-কিবি ভাবি আছে; এনেত মহেশচন্দ্ৰ আহি ভিতৰ সোমাল। ৰম্ভাক চিন্তাকুল দেখি তেও সুধিলে,-“কিহে, কি ভাবিছা?”

 ৰম্ভা—কিনো ভাবিম? ইমান চেষ্টা, ইমান খাটনি, সকলো মিছা হ’ল। প্ৰভাৱতীকতো খেদাব নোৱাৰিলোঁৱেই, এতিয়া দ্বিতীয়া শিক্ষয়িত্ৰীৰ কামটোও পোৱাৰ আশা নোহোৱা হৈছে।

 মহেশ—তেনেহলে তোমাক নিদিবলৈ স্থিৰ কৰিছে?

 ৰম্ভা—একেবাৰেই একো ঠিক হোৱা নাই; কিন্তু শুনিবলৈ পাইছোঁ, মোক দিবলৈ হেনো বেচি ভাগ সভ্যৰেই মত নাই।

 মহেশ—এঃ! নহ’ল, নাই চাকৰি। চাকৰি নহলে জানো খাবলৈ নাপাবা?  ৰম্ভা-খাবলৈ নাপাম কিয়। কিন্তু বাৰে-পতি এইদৰে অপমান

সহি থকা টান। [ ২৪৫ ]

দোষ কাৰ?

মহেশ—পিচেনাে কি কৰোঁ বুলিছা ?
ৰম্ভা—তাকেইতাে ভাবিব লাগিছোঁ।
মহেশ—এনেকৈ আগ-গুৰি নােহােৱাকৈ ভাবি থাকি মন বেয়া

কৰাৰ পৰা কি লাভ? আহাঁ এটা গান গােৱা যাওক, তেতিয়া মন ভাল লাগিব।

 এই বুলি মহেশে ৰম্ভাক হাতত ধৰি টানি আনিলে আৰু এটা চুমা দিলে। তাৰ পিচত এটা গান চলিল। ৰম্ভাৰ মুখাে লাহে লাহে প্রফুল্ল হৈ উঠিল। গানৰ অন্তত মহেশে ক'লে—“সিদিনা কোৱা কাম আজি কৰিব লাগিব। মই মন্ত্র-তন্ত্র সকলাে ঠিক-ঠাককৈ থৈছোঁ। তুমি সােনকালে খাই-বই ওলাই থাকিব লাগিব।”

 ৰম্ভা—মই যদিও সিদিনা গাত লৈছিলোঁ, এতিয়া দেখােন কেনেবা লাগিছে। বাহিৰত তেনে কৰিবলৈ লাজ লাগিব।

 মহেশ-লাজ আকৌ কিহৰ ? তাততো মােৰ বাহিৰে আন কোনাে নাথাকে। তাতে সেইডােখৰ ঠাই দিনতে নিজান। ইফালে আন্ধাৰ ৰাতি। কোনে আমাক চাবলৈ যাব ? লেম্পৰ সাহায্যেৰে এখন্তেক মাথােন পােহৰ পেলালেই হ’ল। ঠাই ডােখৰ যেনে সুন্দৰ, তাত তােমাৰ ছবিখনৰে সৈতে যেনে এটা সুন্দৰ দৃশ্য হ'ব, তেনে দৃশ্য কোনেও দেখা নাই।

 ৰম্ভা-বাৰু তেন্তে, তুমি সােনকালে আহিবা, মই পাচ ফালে বাট চাই থাকিম।

 বােধকৰোঁ ৰম্ভা আৰু মহেশৰ কথাৰ পৰা কাৰো বুজিবলৈ বাকী থকা নাই যে মহেশে ৰাতি নিজান ঠাইত ৰম্ভাৰ এখন ‘ফটো’ তুলিবলৈ প্রস্তাৱ কৰিছে। এই বিষয়ে দুয়ােৰে আলচ আজি বহুত দিনৰে পৰা। মহেশে ব্ৰহ্মপুত্ৰৰ দাঁতিত এডোখৰ মনােৰম ঠাই এই উদ্দেশ্যে চাই ঠিক কৰিছে, আৰু লাগতিয়াল যন্ত্রপাতিও যুগুত কৰি [ ২৪৬ ] ৰাখিছে। ৰম্ভাই মত দিলত মহেশে আকৌ এবাৰ তেওঁক আদৰেৰে চুমা দিলে।

 হঠাৎ বাহিৰত কাৰবাৰ পদশব্দ শুনা গ’ল; মহেশে ৰম্ভাক এৰি অলপ আঁতৰি আহিল, কিন্তু কোনো সোমাই অহাৰ গম নাপালে। কোনোৱা অলক্ষ্যে থাকি তেওঁলোকক লক্ষ্য কৰিছে বুলি তেতিয়া মহেশৰ মনত সন্দেহ হ’ল, আৰু ৰম্ভাৰ ওচৰত বিদায় লৈ প্ৰস্থান কৰিলে। ৰম্ভাই ফটো তোলোৱাৰ কথাকে ভাবিবলৈ ধৰিলে; প্ৰাকৃতিক সৌন্দৰ্য্যৰ লগত তেওঁৰ স্বাভাৱিক আকৃতিৰ সম্মিলন কেনেকৈ ৰজিতা খাব, অকল চুলি-কোছাৰ দ্বাৰা ভূষিত হৈ কেনেকৈ নিজৰ অকৃত্ৰিম শাৰীৰিক গঠন আৰু অঙ্গ-প্ৰত্যঙ্গৰ সৌন্দৰ্য্য বিকাশ কৰি নিজক বনদেবীৰ শাৰীলৈ তুলিব, সেই ভাবনাতে তেওঁ মগ্ন হ’ল।

 মহেশ পোনে পোনে ঘৰলৈ গ'ল। ভিতৰ সোমাই দেখিলে ঘৰত কাৰো গম নাই। যদিও বাকীকেইটা খোটালিৰ দুৱাৰ খোলা আছে, শোৱনি ঘৰৰ সকলো বন্ধ। মহেশে দুৱাৰত কাণ দি শুনিলে, এটা অস্পষ্ট আলাপৰ ধ্বনি শুনা গ’ল। তেওঁ ততালিকে দুৱাৰত খুন্দিয়াই ভীষণ নাদেৰে ক'লে,-“দুৱাৰ খোল।” কিন্তু দুৱাৰ মেল নাখালে। মহেশে ঘনে ঘনে দুৱাৰত খুন্দিয়াবলৈ ধৰিলে। ভিতৰত ঘুটুং-ঘাটাং শব্দ শুনা গ'ল। কিন্তু কোনেও দুৱাৰ নেমেলিলে।

 প্ৰায় পাঁচ মিনিট একেৰাহে খুন্দিওৱাৰ পাচত দুৱাৰ আপুনি মেল খালে। মহেশে দেখিলে—ঘৈণীয়েক এটা চুকত ঠিয় হৈ ঠক্‌ঠক্ কৰে কঁপিব লাগিছে। তেওঁ দুৱাৰ মুখতে থিয় হৈ গোটেই খোটালিটো ভালকৈ পৰীক্ষা কৰি চাই ঘৈণীয়েকক সুধিলে,—“কি হৈছিল? দুৱাৰ মেলা নাছিলি কিয়?”

 ঘৈণীয়েকে সেপ ঢুকি ঢুকি ক'লে—“কোনোবা বুলি ভয় লাগিছিল।” [ ২৪৭ ]  মহেশ—অইনবোৰ যে মেলা আছিল, এইটো খোটালি বন্ধ কৰিছিলি কিয়?

 ঘৈণীয়েকে আগৰ দৰেই সেপ ঢুকি উত্তৰ দিলে,—“অকলৈ ভয় লাগে দেখি।”

 মহেশ—অকলৈ ভয় লাগে দেখি নে লগেৰে ভয় লাগে দেখি?

 ঘৈণীয়েক নিমাত হ'ল।

 মহেশ—ক, ভিতৰত কোন আছিল?

 ঘৈণী—কোননো থাকিব?

 মহেশ—তেনেহলে কথা পাতিছিলি কাৰ লগত?

 ঘৈণী—কাৰে কথা পতিম। এনেয়ে কিবা এটা গুণ-গুণাই গাইছিলোঁ।

 মহেশ—এতিয়াও ফাঁকি। ভালে ভালে সাৰিব খুজিছ যদি ক, ক’ত লুকুৱালি?

 ঘৈণী—কি লুকুৱালোঁ?

 মহেশ খেদা মাৰি গৈ ঘৈণীয়েকৰ টেঁটুত ধৰি ভালকৈ এটা থেকেচা মাৰিলে। তাৰ পিচত গোটেইটো খোটালিৰ চুক-কাণ, চালপীৰাৰ তল পাতপিতকৈ চালে। কিন্তু ক’ত একো নাপালে। এটা চুকত এটা ডাঙৰ কাঠৰ বাকচ আছিল। তাত ফটোৰ ফ্ৰেমৰ কাঠ ডোখৰচেৰেকৰ বাহিৰে আন একো নাছিল। সাধাৰণতে বাকচটো মেলা অৱস্থাতে থাকে, আজি তলা লগোৱা দেখি মহেশৰ মনত সন্দেহ হল, আৰু ঘৈণীয়েকক তাৰ চাবি খুজিলে, ঘৈণীয়েকে তাৰ চাবি কেতিয়াবাই হেৰাল বুলি ক'লে। মহেশে আৰু প্ৰশ্ন নকৰি কুঠাৰ এখন আনি বাকচত এটা পূৰ্ণহতীযা কোব শোধালে। ঘাপটো ইমান জোৰেৰে মৰা হৈছিল যে কুঠাৰখন বাকচৰ ঢাকোন কাটি ভিতৰলৈ সোমাই গ'ল। লগে লগে বাকচৰ ভিতৰৰ পৰা এটা কৰুণ আৰ্ত্তনাদ উঠিল। বাকচৰ [ ২৪৮ ] ঢাকনী এৰুৱাই দিলত তাৰ পৰা এটা মানুহ ওলাল। কুঠাৰৰ আগ বা-বিচনীত লগাত তাৰ পৰা তেজ ৰৈ তেওঁৰ গাৰ কাপোৰ-কানি ৰাঙলী কৰিছে।

 এই দৃশ্য দেখি মহেশৰ ঘৈণীয়েক ভয়তে মূৰ্ছা যাওঁ যাওঁ হ'ল। মহেশে দেখিলে মানুহটো লক্ষ্মীকান্ত। খঙত অধীৰ হৈ মহেশে লক্ষ্মীকান্তৰ ডিঙিলৈ টোৱাই আকৌ কুঠাৰ ডাঙিলে। এনেতে পাচ- ফালৰ পৰা কোনোবা আহি তেওঁক সাবট মাৰি ধৰিলে, আৰু মহেশে ঘূৰি চাবলৈ সময় পোৱাৰ আগতে ইন্দ্ৰনাথ সম্মুখত উপস্থিত হ’লহি। মহেশে ক'লে,—“এৰি দিয়া, ইহঁত দুয়োটাক এই কুঠাৰেৰেই বধি মই ফাঁচা যাম।”

 “কিয় ভাই। ইহঁতৰ দোষ কি? তুমি নকৰা কাম ইহঁতেনো কি কৰিলে? তোমালোক দুয়ো বিবাহিত, অথচ দুয়ো পাটীৰ তিৰোতা এৰি পৰৰ তিৰোতাৰ পাচত ঘূৰা। তুমি যেনেকৈ লক্ষ্মীকান্তৰ ঘৰত সিন্ধি দিছা, লক্ষ্মীকান্তয়ো তোমাৰ ঘৰত সিন্ধি দিছে। কোনে কাক দোষ দিব? তোমাৰ ঘৈণীয়েৰাৰেই বা দোষ ক’ত? তুমি যেনে আৰ্হি দেখুৱাইছা, তেনে আৰ্হিকেই লৈছে। লক্ষ্মীকান্তয়েই বা চাপিল কাৰ দোষত? তুমি যদি তেওঁক এৰি আনৰ নিমিত্তে মতলীয়া হ'ব পাৰা, তেৱো তোমাক এৰি তেনে কৰাত অপৰাধ কাৰ গাত?”

 এই সুযোগতে লক্ষ্মীকান্তই বাহিৰ ওলাই এটা হাতেৰে কাটাৰিখিনিত ধৰি, যিমান বেগাই পাৰে ঘৰলৈ লৰ দিলে।

 মহেশে কুঠাৰ এৰুৱাবলৈ যত্ন কৰি অকৃতকাৰ্য হৈ ইন্দ্ৰনাথক ক'লে,—“তুমি গুচি যোৱা, তোমাক মই ইয়াত ওকালতি কৰিবলৈ মতা নাই। পৰক উপদেশ দিওঁতে সকলো পণ্ডিত। তুমিনো কি সাধুপুৰুষ জন? বোলে শালকো শিঙীয়ে হাঁহে, তয়ো অসাইজ্‌, ময়ো অসাইজ্‌ ভালেহে গৰাকী নাহে’।” [ ২৪৯ ]  ইন্দ্ৰ—মই জানো মোক সাধু বুলি কৈছো? তথাপি তোমালোকতকৈ ভাল বুলি ক'লে যে নৰজিব এনে নহয়। মই যদিও এক প্ৰকাৰে তোমালোকৰ দৰেই, তথাপি এক প্ৰকাৰে নহয়। মোৰ ঘৰত বিয়া কৰোৱা তিৰুতা নাই, আৰু থকা হলেও নিজে যেতিয়া দোষী, আনৰ দোষ নধৰিলোঁহেতেন।

 মহেশ—তুমি ইমানতে আঁতৰ হোৱা; মই তোমাৰ লগত তৰ্ক কৰিব নোখোজোঁ।

 “বাৰু, আহিলোঁ তেন্তে”—এই বুলি ইন্দ্ৰনাথ ওলাই আহিল।

 মহেশে কিছু পৰ খোটালিটোৰ ভিতৰতে ভীষণভাবে খোজ কাঢ়ি ফুৰি শেহত গৈ পাটীত পৰিল। ঘৈণীয়েক মূৰ্চ্ছা যোৱাৰ ভাও ধৰি বহুত বেলিলৈকে একে ঠাইতে পৰি থাকিল।

[ ২৫০ ]


পঞ্চম অধ্যায়

কবিৰ প্ৰেম

 দীনবন্ধুৱে ঘৰত ভৰি দিয়েই প্ৰভাৱতীক দেখা পালে; কিন্তু ই কি! প্ৰভাৰ সেই উজ্জ্বলতা, সেই সৌন্দৰ্য্য, সেই বেশ-ভূষা একো নাই। তেওঁৰ মুখ মলিন, চকু ঘোপত সোমোৱা, চুলিবিলাক আউল- বাউল, শৰীৰ অতিশয় ক্ষীণ, যেন তেওঁ অলপতে মাথোন কিবা ৰোগৰ পৰা মুক্ত হৈছে। তেওঁ একেৰাহে দীনবন্ধুলৈ চাই থাকিল।

 দীনবন্ধুৱে অলপ সময় বিশ্ৰাম লোৱাৰ পিচত স্নান কৰিলে, আৰু চাহ জলপান খালে। এনেতে প্ৰভাৱতীৰ পৰা এখন কাপোৰেৰে ঢকা থাল আৰু এখন চিঠি আহিল। থালখনত কেইবা বিধৰো খোৱা বস্তু সুন্দৰকৈ সজোৱা। দীনবন্ধু আহাৰৰ সদ্ব্যৱহাৰ কৰা আৰু চিঠি পঢ়া দুয়োটা কামত একেলগে লাগি গ'ল। চিঠিখন এই—

ওঁ

শ্ৰীচৰণকমলেষু,

 প্ৰথমেই মোৰ শতকোটি দণ্ডৱৎ গ্ৰহণ কৰিব। মই আপোনাৰ ওচৰত শত অপৰাধত অপৰাধিনী। মই দীন-হীনা, জ্ঞান–শূন্যা অবলা; আপুনি জ্ঞানী, সংযমী, পৰোপকাৰী মহাত্মা। মোৰ সকলো দোষ নিজ গুণে মৰিষণ কৰি মোৰ সেৱা গ্ৰহণ কৰিবনে?

 মোৰ মতিভ্ৰম হৈছিল; নহলে আপোনাৰ দৰে দেৱতাৰ কাৰ্য্যত পৈশাচিক অভিপ্ৰায় দেখিবলৈ পাওঁনে? উঃ! মোৰ যে অন্তৰ শতধা বিদীৰ্ণ হৈ গৈছে।

 প্ৰথমৰে পৰা আপোনাৰ বিৰুদ্ধে মোক বহুতে কিবাকিবি কৈছিল, মই কিন্তু তাক বিশ্বাস কৰা নাছিলোঁ। আনকি, আপুনিয়েই বিজ্ঞাপন [ ২৫১ ] আৰু বেনামী চিঠিৰ প্ৰচাৰক বুলি শুনোতেও মোৰ তাত সম্পূৰ্ণ বিশ্বাস জন্মা নাছিল, কিন্তু যেতিয়া চেক্ৰেটাৰীয়ে আপোনাৰ চহিৰে সৈতে আৰ্জ্জিখন আনি দেখুৱালে আৰু সেই আৰ্জ্জিমতে কি বিচাৰ কৰিব খুজিছে, তাৰ ভিতৰুৱা খবৰ দিলে, তেতিয়া আপুনিও তেনে ষড়যন্ত্ৰত লিপ্ত বুলি ভাবি মোৰ হৃদয় ভাগি গ'ল। তথাপি বুজি নোৱাৰি আপোনালৈ এখন চিঠি লিখিলোঁ। আপুনি যদি তেতিয়াই সকলো কথা ভাঙি লিখিলেহেঁতেন! কিন্তু মোৰ দুৰ্ভাগ্যৰ গুণে আপুনি সময় নাই বুলিয়েই তাৰ উত্তৰ শেষ কৰিলে; তাৰ ফলত আপুনিয়েই ষড়যন্ত্ৰ- কাৰীদলৰ নেতা বুলি মোৰ মনত প্ৰত্যয় জন্মিল।

 এতিয়া সকলো শুনিছোঁ; আপুনি সত্যৰ সন্মান ৰক্ষা কৰি যেনেকৈ এদল ক্ষমতাপন্ন মানুহৰ বিপক্ষে থিয় দি মোক ৰক্ষা কৰিলে, তাক ভাবিলেও আপোনাআপুনি আপোনাৰ ওচৰত মূৰ দোঁ খায়। সত্যৰ জয়ৰ নিমিত্তে আপুনি যে বন্ধুক শত্ৰু কৰিবলৈ, পিশাচৰ লগত দেখা- দেখিকৈ যুদ্ধ ঘোষণা কৰিবলৈকো কুষ্ঠিত হ’ল, তাক শুনিলেও শৰীৰ ৰোমাঞ্চিত হয়। আপুনি যোৱাৰ পিচতত তেওঁলোকে বহুত দিন গোপনে পৰামৰ্শ কৰিছিল, কিন্তু কেইবাজনেও হেনো আপোনাৰ কথা শুনাৰ পিচত তেওঁলোকক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰিলে। অগত্যা তেওঁলোকে আগেয়ে আলোচনা কৰা কথা ক’বলৈ সাহ নকৰি, আপুনি যি লিখিছিল চাহাবৰ আগত তাকে ক'লে। তেতিয়া আপোনাৰ প্ৰস্তাৱকেইটাই তাত গৃহীত হ’ল। সভা হৈ যোৱাৰ পিচ দিন সন্ধ্যা সময়ত চেক্ৰেটাৰী মোৰ ঘৰলৈ আহিছিল; মই নিয়মৰ কথা কৈ তেওঁক বহিবলৈ নিদিলোঁ; তাতে তেওঁ বৰকৈ খং কৰি গুচি গ'ল। সেই দিনাৰ পৰা তেওঁ এই ফালে অহা নাই।

 হায়! মই যদি সিহঁতৰ কথালৈ কাণ নিদি আপোনাৰ উপদেশ মানি চলিলোহেঁতেন, তেনেহলে কিজানি এই কলঙ্কৰ বোজা ব’ব [ ২৫২ ] নালাগিলহেঁতেন;—মোৰ জীৱন বিষময় হৈ নুঠিলহেঁতেন। ভগবানৰ কি লীলা ক’ব নোৱাৰোঁ, তেওঁ বোধকৰোঁ, এনেকৈয়ে শিক্ষা দিয়ে, এনেকৈয়ে অহঙ্কাৰীৰ অহঙ্কাৰ লোপ কৰে।

 মই বৰ হতভাগিনী। মোৰ শত্ৰুৰ সংখ্যা নাই। মোৰ কল্যাণ কামনা কৰাৰ বাবেই আজি আপোনাৰ নিচিনা সদাশয় পুৰুষো শত্ৰু- বেষ্টিত হ’ব লগা হৈছে। মই কি কৰোঁ! দেৱ, মই আপোনাৰ ওচৰত হাজাৰ অপৰাধত অপৰাধিনী, মোৰ প্ৰায়শ্চিত্ত কি? মই হাতযোৰ কৰি মাতিছোঁ, মোক দণ্ড দিয়ক, মোৰ দোষৰ বোজা পাতল হওক।

 মহাত্মন্‌, অধিনীক দয়া কৰি আহিছে, যেন সেই দয়াৰ পৰা বঞ্চিত নহওঁ। আজিৰ পৰা আপুনিয়েই মোৰ গুৰু, অভিভাবক, বন্ধু আৰু বিচাৰক! মই শপত খাই কৈছো, ভৱিষ্যতলৈ আপোনাৰ অনুমতি নোলোৱাকৈ যিমান কি ক্ষুদ্ৰ কাম হওক, কেতিয়াও তাত হাত নিদিওঁ। আপুনিয়েই মোৰ ভাগ্যবিধাতা, মোৰ কৰ্ত্তব্য নিৰূপণৰ ভাৰ আপোনাৰ হাতত। যদি মোক দীনাহীনা অবলা বুলি মোৰ প্ৰাৰ্থনা গ্ৰাহ্য কৰে, তেনেহলে বিশ্ব ব্ৰহ্মাণ্ড বিৰুদ্ধে থিয় দিলেও মোৰ ভয় নাই, ক্ষোভ নাই। কিন্তু যদি মোক ঘিণ কৰি মোৰ প্ৰাৰ্থনা দলিয়াই পেলায়, তেনেহলে এই জন্মৰ নিমিত্তে মোৰ শেষ নমস্কাৰ গ্ৰহণ কৰিব। ইতি।

হতভাগিনী দাসী
প্ৰভাৱতী।

 পুঃ—এই চিঠিখন লিখা দুসপ্তাহ হ’ল। কিন্তু আপুনি কেতিয়া আহিব, আৰু গোৱালপাৰাত আপোনাৰ ঠিকনা কি জানিব নোৱৰাত তাক পঠিয়াব নোৱাৰিলোঁ। ইমান দিন বাটলৈ চাই হতাশ হ'ব লগা হৈ এটা দিনেই এযুগ যেন লাগিছিল; সেই দেখি আজি অহা দেখিয়েই পঠিয়ালোঁ। সোনকালে উত্তৰ দিব, ঘাইকৈ আপোনাৰ প্ৰবাসকাহিনীৰ [ ২৫৩ ] অলপ আভাস পাবলৈ আশা কৰিলোঁ। মোৰ দোষৰ সীমা নাই। চিঠিত যদি কিবা দোষ ঘটিছে, নিজগুণে মাৰ্জ্জনা কৰিব। ইতি।

 স্কুলৰ সম্পৰ্কে কি আলোচনা আৰু সিদ্ধান্ত হ’ল, তাক জানিবলৈ দীনবন্ধুৰ আগ্ৰহ নিতান্ত কম হোৱা নাহিল। এতিয়া তেওঁৰ অনুপস্থিতিতে তেওঁৰ ইচ্ছামতেই কাৰ্য্য হোৱা শুনি সন্তোষ পালে; তেওঁ প্ৰভাৰ চিঠিৰ উত্তৰ তেতিয়াই লিখিলে। তাত তেওঁৰ গোৱাল- পাৰ যাত্ৰাৰ চমু আভাস দি প্ৰভাৰ প্ৰাৰ্থনাৰ বিষয়ে এইদৰে লিখিলে, “মোৰ জ্ঞান-বুদ্ধিৰ জোখ মতে উপদেশ দিবলৈ নাইবা মতামত জনাবলৈ কেতিয়াও কুণ্ঠিত নহওঁ। অৱশ্যে মোৰ সিদ্ধান্ত সদায় নিৰ্ভুল হ'ব বুলি ক’ব নোৱাৰোঁ; সেই কাৰণে তাক পালন কৰা নকৰাটো তোমাৰ স্বাধীন বিবেচনাৰ ওপৰত এৰিহে তোমাৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিব। তোমাৰ প্ৰয়োজন হলে যি কোনো কথাকে নিঃসঙ্কোচে সুধিব পাৰা।”

 চিঠি পঠিয়াই দিয়াৰ পাচত তেওঁ কিছু সময় নীৰৱে বহি থাকিল। তাৰ পিচত তেওঁ মেজৰ ড্ৰৱাৰৰ পৰা এখন বহি উলিয়ালে। বহিখনত বহুত কবিতা আছে। পূৰ্ব্বেই কোৱা হৈছে দীনবন্ধুৰ সমপ্ৰাণ বন্ধু কোনো নাই; সেই কাৰণে কিবা ভাবনাত মন উগুল-থুগুল লাগিলে তেওঁ তাক কাৰো আগত প্ৰকাশ নকৰি এই বহিখনতে লিখি থয়। আন মানুহে বন্ধু-বান্ধৱৰ আগত কৈ যি শান্তি পায়, তেওঁ তেনেকৈ লিখি থৈয়েই তেনে সান্ত্বনা পায়। আজিও তেওঁ বহিখন মেলি তাতে এই কবিতাটো লিখিলে—

কাৰ চকুজুৰি মোৰ হিয়া-আকাশত
তৰা হ'ই জেউতি বিলায়?
কাৰ মুখখনি দেখি একে নিমিষতে
দুখ-শোক কেনিবা পলায়?

[ ২৫৪ ]

কাৰ মৌ-সনা মাত শয়নে-সপোনে
বাজি উঠে হৃদয়-বীণত?
কাৰ লয়-লাস দেখি হৃদয় জুৰায়?
কঁপি উঠোঁ কিবা আবেগত?

কাৰ দৰশন আশে হেঁপাহ-চকুৰে
থাকো লাগি পদূলিত থৰ?
কাৰ হাঁহিটিৰ পৰা প্ৰাণ শীতলোৱা
পাওঁ আলো জীৱন-পথৰ।

কাৰ নো আখৰকিটি লাহৰী হাতৰ
চুমা খাই বুকত সুমাওঁ?
কাৰ নো ছবিটি ল’ই হিয়াৰ মাজত
কবিতাৰ ফুলেৰে সজাওঁ?

কাৰ হিয়া শাঁত কৰা শীতল প্ৰভাই
ভৱিষ্যৎ জীৱন জগাই?
কাক লক্ষ্য কৰি মোৰ প্ৰণয়ৰ ধাৰ
অবিৰাম লৰিছে সদায়?

প্ৰিয়তমা তেওঁ মোৰ, শান্তিৰ নিজৰা,
প্ৰেমমযী প্ৰতিমা প্ৰাণৰ;
চাওঁ মানে বাঢ়ে মোৰ প্ৰাণৰ পিয়াহ,
পিওঁ মানে অনিমা ওঁঠৰ।

জীৱন-প্ৰবাহ মোৰ একে ধাৰে ব’ই
লয় যাব তেওঁৰে বুকত;
নালাগে, নকৰোঁ আৰু স্বৰগ-কামনা,
প্ৰিয়া মোৰ তাৰো ওপৰত!

[ ২৫৫ ]  কবিতাটো শেষ হ’লত দীনবন্ধুৱে বহিখন জপাই ড্ৰৱাৰত সুমুৱাই

বন্ধ কৰি থ'লে।

 দীনবন্ধুৰ কবিতা পঢ়িলে তেওঁক প্ৰভাৰ প্ৰেমত পৰা যেন লাগে, কিন্তু ইনো আকৌ কেনেকুৱা প্ৰেম! তেওঁ প্ৰভাৱতীৰ লগত সাক্ষাৎ কৰিবলৈকো অনিচ্ছুক, প্ৰভাৱতীক ঘূণাক্ষৰেও তেনে কথাৰ সঙ্কেত দিয়া নাই; কাৰো লগত কোনো আলাপত তেওঁ কোনো প্ৰকাৰৰ প্ৰেমৰ কথাৰ অৱতাৰণা কৰা নাই। আকৌ পাটীত পৰি ছটফটকৈ তেওঁ সময় কটাৱো নাই; প্ৰেম-পত্ৰ লিখা নাই; কালৈকা প্ৰণয়জ্ঞাপক উপহাৰ পঠিওবা নাই, হা-হুমুনিয়াহ কাঢ়ি বতাহ বিষাক্ত কৰা নাই। মানুহে কয়—প্ৰেমত পৰিলে তাত কৃতকাৰ্য্য নহয় মানে নায়ক-নায়িকাৰ শৰীৰ-মন অৱসন্ন হৈ পৰে, কৰ্ত্তব্যত ত্ৰুটী ঘটে, কল্পনাত উৰি ফুৰে, আলাপ-প্ৰলাপত প্ৰেমৰ কথা শুনিবলৈ ভাল পায়, কেতিয়া কেনেকৈ সাক্ষাৎ হ'ব তাৰ চিন্তাতেই দিন কটায়। কিন্তু ক’তা! দীনবন্ধুৰ কাৰ্য্যততো তেনে কোনো চিন দেখা নাযায়! তেনেহলে তেওঁৰ প্ৰেমৰ অনুমানটো মিছা নেকি? কিন্তু কবিতা! কবিতাবোৰ যে তেওঁৰ অন্তৰৰ পৰা উঠা প্ৰেমৰ বুদ্বুদ, তাতত কোনো সন্দেহ নাই! সেইবোৰৰ লক্ষ্য কি। তেওঁৰ প্ৰণয়িণী কোন? প্ৰভাৱতী নে মানস-প্ৰতিমা? কত সুন্দৰীৰ অযাচিত প্ৰেম, কত ডাঙৰীয়াৰ আকুল অনুৰোধ তেওঁ উপেক্ষা কৰিছে, তাৰ সীমা নাই। তেন্তে এতিয়া হঠাৎ প্ৰেমত পৰাৰ কাৰণ কি! বহুতে কয় দীনবন্ধুৱে প্ৰেমৰ মোলকে বুজা নাই, কিন্তু জীৱ-সেৱাই যাৰ জীৱনৰ ব্ৰত, সেই দীনবন্ধু যদি প্ৰেমিক নহয়, প্ৰেমিকনো কোন? অৱশ্যে আনৰ প্ৰেমত যি এটা ঐহিক স্বাৰ্থ জড়িত দেখা যায়, দীনবন্ধুৰ প্ৰেমত তাৰ অভাৱ। সি যি হওক, দীনবন্ধু সঁচাকৈয়ে প্ৰভাৱতীৰ প্ৰেমত পৰিছে নে নাই, কবিতা পঢ়ি সন্দেহ কৰাৰ বাহিৰে তাক জানিবৰ আন কোনো উপায় নাই।

[ ২৫৬ ]

ষষ্ঠ অধ্যায়

শিক্ষয়িত্ৰীৰ অপযশ

 দীনবন্ধু গোৱালপাৰাৰ পৰা অহাৰ পিচ দিনা উমাকান্ত তেওঁৰ ঘৰলৈ আহিছিল। তেওঁ দীনবন্ধুৰ লগত আকালৰ সম্পৰ্কে আৰু স্কুলৰ বিষয়ে বহুত কথা পাতিলে। তাৰ পিচত ক'লে,-“শিক্ষয়িত্ৰীৰ কামটো বহুতেই নীহ বুলি ভাবে।”

 দীন—শিক্ষক আৰু শিক্ষয়িত্ৰীৰ কামতকৈ মহৎ আৰু পবিত্ৰ কাম কিবা আছে বুলি মই নাজানো।

 উমা—তেনেহলে শিক্ষয়িত্ৰী বুলিলেই মানুহে সন্দেহ আৰু ঘৃণাৰ চকুৰে, চায় কিয়? আন কি শিক্ষয়িত্ৰী শব্দটোক বহুতে আজি কালি চৰিত্ৰহীনা বিশেষণৰ সলনিত ব্যৱহাৰ কৰা মই নিজ কাণে শুনিছোঁ।

 দীন—তাৰ কাৰণ বহুতো। শিক্ষক বা শিক্ষয়িত্ৰীৰ কৰ্ত্তব্য বৰ কঠোৰ। তাৰ উপযুক্ত হবলৈ শিক্ষা লাগে, সাধনা লাগে, দেশ-ভক্তি লাগে, আৰু লাগে ঈশ্বৰত একান্ত বিশ্বাস।

 উমা—এই আটাইবোৰ গুণ শিক্ষক বা শিক্ষয়িত্ৰী কাৰো গাত পূৰাকৈ নাই। থাকিলেও ক’ৰবাত দুই এজনৰহে। তেনেস্থলত শিক্ষকক যে ঘিণ নকৰে, শিক্ষয়িত্ৰীক কৰে কিয়?

 দীন—তাৰ কাৰণ বহুত আছে। প্ৰথমতে চোৱা আমাৰ দেশত লৰাৰ শিক্ষাৰ তুলনাত ছোৱালীৰ শিক্ষা প্ৰায় নাই বুলিলেই হয়। তাৰ ভিতৰতে দুজনী-এজনীয়ে শিক্ষা পালে তেওঁলোকৰ চলন-ফিৰণ আনবিলাকৰ লগত নিমিলা হয়, আৰু সংখ্যাত তাকৰ হোৱাৰ বাবে [ ২৫৭ ] তেওঁলোকৰ বিশেষত্বটো বেগাই মানুহৰ চকুত পৰে। দ্বিতীয়তে নিম্নশ্ৰেণীৰ মানুহতকৈ উচ্চশ্ৰেণীৰ মানুহ অবৰোধ প্ৰথাৰ বেচি পক্ষপাতী; সেই কাৰণে শিক্ষিতা তিতাৰ বেচি ভাগ এই নিম্নশ্ৰেণীৰ নাইবা দেশী খৃষ্টানৰ ভিতৰত পৰে। পুৰুষৰ হ'লে উচ্চ শ্ৰেণীৰ ভিতৰতহে শিক্ষিত সংখ্যা বেচি। আকৌ পুৰুষৰ শিক্ষা নিজৰ ঠাইত, নিজৰ দেশৰ, নিজৰ ধৰ্ম্মৰ মানুহৰ তলতেই প্ৰায়ে আৰম্ভ হয়, কিন্তু স্ত্ৰী-শিক্ষাৰ সকলো ঠাইতে সুচল নথকাত ছোৱালীহঁতক হয় লৰাৰ স্কুলত, নাইবা বিজাতীয় বিধৰ্ম্মী শিক্ষক-শিক্ষয়িত্ৰীৰ তলত স্থানান্তৰত শিক্ষা দিয়া হয়, ধৰা কোনোবা মিশ্যনেৰী স্কুলত। অকল এয়ে নহয়, শিক্ষিত মহিলাসকলে প্ৰায়ে বিলাতী মেমৰ আদৰ্শত চলিবলৈ বিচাৰে, কিন্তু মতা-তিৰুতা সকলো যেতিয়ালৈকে সুশিক্ষিত নহয়, তেতিয়ালৈকে তেনে চলন- ফিৰণৰ পৰা ব্যভিচাৰ দোষ ঘটাৰ ভয় আছে। এতিয়া এই কেইটা কথা অলপ দকৈ গমি চালেই শিক্ষয়িত্ৰীৰ অপযশৰ বহুতো কাৰণ দেখিবলৈ পাবা! তুমি জানা যে ভাৰতীয় জাতি-বিভাগ আন দেশৰ নিচিনাকৈ অৱস্থাৰ ওপৰত নিৰ্ভৰ নকৰি গুণ আৰু কৰ্ম্মৰ ওপৰত নিৰ্ভৰ কৰে; তাৰ পৰাই সহজে বুজা যায় যে যি জাতত নীহ, সি সাধাৰণতঃ গুণতো নীহ আৰু চুবুৰীয়াসকলো তেনে হলে আদৰ্শতো নীহ; কেতিয়াবাহে ইয়াৰ ব্যতিক্ৰম দেখা যায়। ভাল শিক্ষা নহলে এনে মানুহ উন্নত চৰিত্ৰৰ অধিকাৰী হৈ উচ্চ বৰ্ণ লাভ কৰা এক প্ৰকাৰ অসম্ভৱ। সেই বুলি মই কোৱা নাই যে মানুহ সদায় একে সীমাৰ ভিতৰতে আবদ্ধ থাকিব, কিন্তু বংশানুক্ৰমিক কুসংস্কাৰৰ হাত এৰাই ওপৰলৈ উঠিবলৈ যে সজ শিক্ষা আৰু সাধনা লাগিব, তাত কোনো সন্দেহ নাই। এনে মানুহ সাধাৰণতঃ উচ্চ শ্ৰেণীৰ মানুহতকৈ বেচি অসংযত, সেই কাৰণে প্ৰকৃত মানুহ কৰি গঢ়ি তুলিব খুজিলে, এওঁ- লোক সংযম-শিক্ষা দিয়াই প্ৰধান কৰ্ত্তব্য। কিন্তু আধুনিক শিক্ষা