পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ষষ্ঠ অধ্যায়
ৰূপৰ বজাৰ

 এমাহৰ ভিতৰতে ৰম্ভাৰ মেম সজাৰ হেঁপাহ কেনিবা গ'ল আগেয়ে গাউন পিন্ধি মেম চাহাব হৈ বাটত গা ঘেলোৱা বৰ ডাঙৰ কাম আৰু সৌভাগ্যৰ ফল বুলি অনুমান কৰিছিল। এতিয়া কিন্তু এই অলপ দিনৰ ভিতৰতে সেই সুখে আমুৱালে। একোজনী মেম যেনে ছটফটীয়া, যেনে হৃষ্ট-পুষ্ট আৰু বলী, আমাৰ কোনো কোনো মতা মানুহ তেনে নহয়। তাৰ কাৰণ হৈছে তেওঁলোকে সৰুৰে পৰা তেনেকৈ চলি শৰীৰ আৰু মন গঢ়ি লৈছে, কিন্তু আমাৰ দেশৰ তিৰোতা সদায় চুকত সোমাই থাকিব লগা হোৱাত সাহ-শক্তিও সেই অনুপাতে হৈছে। সেই দেখিয়েই কোনোবাই হঠাৎ এদিন বিলাতী প্ৰথামতে চলিবলৈ আগ বাঢ়িলেও চলিব নোৱাৰে, বৰং তেনে অনুকৰণে অভিসম্পাতৰূপে দেহ মন অৱসন্ন কৰি তোলাহে দেখা যায়। ৰম্ভাই আগেয়ে বাটত গা ঘেলোেৱাটো যেনে সুখৰ বুলি ভাবিছিল, এতিয়া তেনে নহ'ল। অভ্যাস নথকাত অলপ বাট খোজ কাঢ়িলেই ৰম্ভাৰ ভাগৰ লাগে আৰু ঘূৰি আহি দীঘল দি পৰিব লগা হয়। লাহে লাহে গাউন পিন্ধি আৰু অখাদ্য খায়ো ৰম্ভাই প্ৰীতি নোপোৱা হ'ল। সি যি কি নহওক, এনেকৈয়ে দিন যাবলৈ ধৰিলে। ইয়াৰ ভিতৰত ৰম্ভাই কিন্তু এটা সুচল দেখিলে যে তেওঁ যাৰ প্ৰতি সদয় হয়, তেওঁৰ লগত ফুৰা-চকাত আগৰ দৰে লুক-ঢুক কৰিব নালাগে। প্ৰথমতে এমাহমান তেওঁৰ আৰু মেকেঞ্জিৰ মাজত প্ৰণয়

বৰ গাঢ় হৈ উঠিছিল, কিন্তু তাৰ পিচত ক্ৰমশঃ টুটি আহিবলৈ ধৰিলে।

-৩৭০-