পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
নৈশ সঙ্গীত

  তোমাকে বিচাৰি ভ্ৰমিছোঁ ভুবন,
  নিৰ্দ্দয়, তথাপি নিদিয়া দৰ্শন,
মালতীৰ মালা   গঁথাতে শুকাল,
  ৰেণু কাঢ়ি নিলে পৱনে।
  নেদেখোঁতে হিয়া বিৰহে দহিলে,
  নোৱাৰা পলাব এবাৰ ধৰিলে,
শূন্য থাপনাত   থাপি যতনেৰে
  পূজিম জীৱনে-মৰণে।

 দীনবন্ধুৰ বিস্ময়ৰ সীমা নোহোৱা হ’ল! ই যে যেনে তেনে গীত নহয়, তেওঁৰ প্ৰাণৰ কথা! আজি কত দিন তেওঁৰ প্ৰাণৰ মাজত কিবা এটা অভাৱ অনুভৱ কৰি আহিছে, কত দিন কিবা এটা অজ্ঞাত বস্তুৰ চিন্তাত আকুল হৈছে, কিন্তু যিমানেই ভাবিছে, যিমানেই বুজিবলৈ চেষ্টা কৰিছে, তেওঁ বুজিব পৰা নাই সেই অভাৱটো নো কিহৰ! সি যেন কিবা এটা অতি সুন্দৰ, অতি মধুৰ, অতি প্ৰাণস্পৰ্শী! একো একোবাৰ ছোওঁ ছোওঁ হয়, ছুব নোৱাৰে, ধৰোঁ ধৰোঁ হয়, ধৰিব নোৱাৰে; যেন ৰিণিকি ৰিণিকি চকুত পৰে, অথচ নেদেখে! যেন কৰবাত তাৰ কিবা এটা সুৰ বাজি উঠে, কাণ পাতি থৰ হৈ থাকে, কিন্তু একো নুশুনে। তেওঁ বহুতো অনুসন্ধান কৰিছে, কিন্তু ক’তো তেওঁৰ আকাঙ্ক্ষাৰ অজ্ঞাত বস্তু বিচাৰি পোৱা নাই। আজি এই গীত শুনি তেওঁৰ সেই অতীতৰ ভাবৰ ঢৌবোৰে নানা ভঙ্গীৰে তেওঁৰ অন্তৰ ওপচাই পেলালে, তাত এক বিশাল হেন্দোলনি উঠিল, তেওঁ সদায় উপভোগ কৰি অহা স্বভাৱ চিত্ৰৰ মাজেদি তেওঁৰ ঈপ্সিত অজ্ঞাত পদাৰ্থৰ কিবা এটা আলোক-ৰেখা নাচি নাচি উৰি গ’ল; কিন্তু তেওঁ বুজিব নোৱাৰিলে সি কি! আকাশৰ তৰাই ইঙ্গিতেৰে কিবা এটা দেখুৱাই দিলে, ফুলনিৰ ফুলে মূৰ দুপিয়াই সমৰ্থন কৰিলে, তেওঁৰ

— ১১ —