পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধনা

 আকৌ আবেলিকৈ! যদিও ৰম্ভা গলেই দীনবন্ধু ৰক্ষা পৰে, তথাপি আকৌ এবাৰ লগ পোৱাতকৈ এতিয়াই কাৰ্য্যশেষ কৰাকে তেওঁ বুদ্ধিমানৰ কাম বুলি বিবেচনা কৰিলে। সেই দেখি গহীন ভাবেৰে ক’লে, — “আবেলিকৈ মই তোমাক লগ দিব নোৱাৰিম, অকল আজি আবেলি কিয়, কেইবা-দিনলৈকে মোক লগ নাপাবা। যদি কিবা প্ৰয়োজনীয় কথা আছে তেন্তে এতিয়াই কোৱাই হে ভাল!”

 ৰম্ভা — মইতো কম বুলিয়েই আহিছোঁ, আপুনি সময় নাই বুলি কোৱাত হে তেনেকৈ কৈছিলোঁ।

 দীন — কোৱাঁ তেন্তে।

 ৰম্ভা — সকলোৱে জানে — ইয়াত আপোনাৰ হাত নালাগিলে কোনো সজ কাম নহয়; সেই দেখিয়েই মই আপোনাৰ সাহায্য বিচাৰি আহিছোঁ।

 দীন — কি বিষয়ে?

 ৰম্ভা — ইয়াত স্ত্ৰীশিক্ষাৰ সুবিধা নথকাত বহুতো অপকাৰ হৈছে; ছোৱালীবিলাক আন্ধাৰতে সদায় থাকিব লগাত পৰিছে। আপুনি ইচ্ছা কৰিলেই এই অভাৱটো গুচাব পাৰে; তেনেস্থলত আপুনি কিয় এই বিষয়ে মন-কাণ কৰা নাই, তাক বুজিব নোৱাৰিলোঁ।

 দীন — কৰোঁ বুলিয়েই কৰিব পৰা হলে, ইমান দিনে বহুতো সজ কাম হৈ থাকিলহেঁতেন। সকলোৰে একোটা সময় আছে, ছেগ বুজিহে কাৰ্য্যত হাত দিয়া উচিত; নহলে চেষ্টা মিছা হয়।

 ৰম্ভা — মোৰ বিশ্বাস আপুনি চেষ্টা কৰা হ’লে কেতিয়াবাই কৃতকাৰ্য্য হ’লহেঁতেন। মই এই বিষয়ে বহুত দিনৰে পৰা ভাবিছোঁ; কিন্তু কাৰো সাহায্য নাপালে এনে এটা ডাঙৰ কাম কৰিবলৈ মোৰ কি শক্তি আছে। সেই দেখি মাজতে গকুল উকীলক এই বিষয়ে অনুৰোধ কৰিছিলোঁ। তেওঁ মোৰ কথা নুশুনি আপোনালোকৰ লগত পৰামৰ্শ

— ৪২ —