মানুহকেইটাই ক’লে, — “দেউতাই আমাৰ গাৱঁলৈ চকু দিবৰে পৰা আমাৰ ইয়াত বেমাৰ-আজাৰ কম। আগেয়ে আটাইতকৈ আগেয়ে আমাৰ গাৱঁতে মাউৰ লাগিছি; কিন্তু দেউতাই সেইবাৰ ৰাইজ গোটাই বাট-পদূলি ভাল কৰাই আৰু পুখুৰী খনাই বেৰা দিয়াই; দিয়াৰ পৰা আজি তিনি বছৰ এই বেমাৰটো আমাৰ গাৱঁত সোমোৱা নাই।” দেউতাই যদি সেই বাৰ দিনে ৰাতিয়ে ঘিণ-ভয়, সকলো এৰি নালাগিলহেঁতেন, তেনেহলে সেইবাৰেই এই খন গাওঁ উজাৰ হ’লহেঁতেন।”
দীন — যোৱা কথা যাওক, সেইবোৰ নালাগে। এতিয়া মই কোৱাৰ দৰে কাম কৰিবলৈ নাপাহৰিবা মাথোন।
তেতিয়া প্ৰায় সন্ধ্যা হৈছিল। দীনবন্ধুৱে মানুহকেইটাৰ পৰা বিদায় লৈ সোণাৰি গাৱঁৰ ফালে খোজ ল’লে। তাত প্ৰথমতে এখন দোকানত বহি গাৱঁৰ সবিশেষ খবৰ ল’লে আৰু দোকানলৈ অহা মানুহবিলাকক সময়োপযোগী সতৰ্কতা লবলৈ সাৱধান কৰি দিলে। সেই গাৱঁত এখন নৈশ বিদ্যালয় আছিল; তেওঁ দোকানতে অলপ চাহ-জলপান খাই তাত পঢ়াবলৈ গ’ল; প্ৰায় দুঘণ্টা সময় শিক্ষা দিয়াৰ পিচত তেওঁ শিক্ষক কেইজনক কিবাকিবি উপদেশ দি দহমান বজাত ঘৰলৈ উলটিল।
এঘাৰ বজাৰ সময়ত দীনবন্ধু ঘৰ পালেহি। গঙ্গাই তেতিয়া ভাত পানী ৰান্ধি পদূলি ওলাই বাটলৈ চাই আছিল। দীনবন্ধু বেমাৰীৰ ওচৰলৈ গৈছিল বুলি সি জানিছিল, আৰু সেই বাবেই সিও বৰ উদ্বিগ্ন হৈ আছিল।
ঘৰ পাই দীনবন্ধুৱে কাপোৰ-কানি সলালে আৰু হাত মুখ ধুই ভাত খালে। খোৱা শেষ হলত মুহুদি কৰি এখন্তক বাহিৰত ইফাল-সিফালকৈ কটাই পাটীত পৰিল; কিন্তু তেওঁৰ ভালকৈ টোপনি নাহিল।