সৰ্ব্বা — আমি সভালৈ যাওঁৱেই বা নাযাওঁৱেই এইবাৰ স্কুল পাতিব, এতিয়া কেনেকৈ তাইক হাত কৰিব পাৰি তাকে হে ভাবিব লাগে।
কৃষ্ণ — মই ভাবিছোঁ এই দীনবন্ধুৱে কালিৰ ল’ৰা হৈ পৰশুইৰ গীত গাবলৈ যায় কিয়? এটা কাম কৰা যাওক, প্ৰভাৱতীৰ লগত তাৰ এটা বদনাম উলিয়াই দিওঁ, তেতিয়া সভালৈ কোনো নাহে।
ৰাজখোৱা — তেনে কথাৰ পৰা একো ফল নহয়, মানুহে তেনে কথা দুই এদিনতে বিশ্বাস নকৰে। সভা হওক, আমিও যাম, তাৰ পিচত যি কৰিব লাগে মই কৰিম।
সকলোৱে — কি কৰিবা?
ৰাজখোৱা — কি কৰোঁ দেখিবা। স্কুল যেনেকৈ হওক আমাৰ হাতত ৰাখিবই লাগিব। মাথোন তোমালোক সময়তকৈও অলপ আগতে যাবা — দীনবন্ধু কেনিবা উৰি যাব।
গকুল — তুমি পাৰিবা নে?
ৰাজখোৱা — নিশ্চয় পাৰিম।
কৃষ্ণ — মই ভাবিছোঁ আমাৰ ৰাজখোৱা নহলে কোনে ইমান সাহ কৰিব। মোৰ এতিয়া শিয়াল তামুলীৰ কথা মনত পৰিছে। উদ্ভিদ্তত্ত্বমতে শিয়াল —
গকুল — কি উদ্ভিদ্তত্ত্ব উদ্ভিদ্তত্ত্ব কৰি থাকা! থৈ দিয়া সেইবোৰ; কামৰ কথা কোৱাঁ।
এনেতে গদাধৰে মাত লগালে, “পিচে আজিৰ খৰচৰ হিচাপটো কাৰ নামে ৰাখিম?”
ৰাজখোৱা — আজি গৃহস্থৰ নামে থাকিলে ভাল।
গদা — কেতিয়াও নহয়।
ৰাজখোৱা — তেন্তে উকীলৰ নাম ৰখা হওক।