পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সভা

তপেশ্বৰে গকুলচন্দ্ৰ দাসক চেক্ৰেটাৰী পাতিবলৈ প্ৰস্তাৱ কৰিলে, তেতিয়া কোনেও একো আপত্তি নকৰিলে।

 সভাপতি প্ৰথমে কিছু বিষণ্ণ হ’ল; তাৰ পিচত ততালিকে পূৰ্ব্বৰ দৰে হৈ কবলৈ ধৰিলে, — “বাছনি অতি উত্তম হৈছে; তেওঁৰ লোকেলবোৰ্ড আৰু মিউনিচিপেলিটিত হাত আছে; চেষ্টা কৰিলে এই দুই বোৰ্ডৰ পৰা সাহায্য লাভ কৰা তেওঁৰ পক্ষে টান নহব; আমিও তেওঁৰ লগত লাগিব পাৰিম।

 তাৰ পিচত স্থানীয় থিয়েটৰ হলতে সম্প্ৰতি স্কুল পতাৰ স্থিৰ কৰি প্ৰভাৱতীক ডেৰকুৰি টকা দৰমহাত শিক্ষয়িত্ৰী নিযুক্ত কৰা হ’ল। শেহত সকলো টকা-কড়ি, হিচাপ পত্ৰ চেক্ৰেটাৰীক গতাই দি সভা ভঙ্গ কৰা হ’ল।

— ৬৫ —