পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সভা

 এজন সমজুৱা উঠি ক’লে — “আমাৰ বিশ্বাস, এই গোটেই জিলাখনৰ ভিতৰত শ্ৰীযুক্ত দীনবন্ধু শইকীয়াতকৈ বেচি উপযুক্ত মানুহ কোনো নাই। এতেকে তেওঁৰ গাত এই ভাৰ দিলেই সকলোৱে আনন্দ পাব।”

 কৃষ্ণকুমাৰ — মই ভাবিছোঁ এনে কামলৈ সংসাৰৰ অভিজ্ঞতা থকা বয়সিয়াল মানুহ লাগে। দীনবন্ধু হৈছে দুগ্ধকণ্ঠ বালক, তেওঁৰ পৰা কাম হ’ব নোৱাৰে। উদ্ভিদ্‌তত্ত্বমতে দেখা যায়, অপঁইতা বাঁহ যিমান ডাঙৰ হওক, সহজে পচি যায়। কিন্তু পৈণত বাহ সৰু হলেও বহুত দিন টিকে। আকৌ বেচিদিনীয়া আম-কঁঠালৰ পৰা যিমান গুটি পোৱা যায় পুলি গছৰ পৰা সিমান আশা কৰিব নোৱাৰি। পুৰাতত্ত্বমতেও বুঢ়া ভীষ্মক কোনেও বলে নোৱাৰিছিল। কিন্তু ডেকা অভিমন্যুক বেহুত সুমুৱাই দিলতে ওলাব নোৱাৰি মৰিল। সমাজ তত্ত্বমতেও যিমান কি লাও ডাঙৰ হওক, তেও পাতৰ তল।

 এনেতে সভাপতিয়ে ক’লে, “আপোনালোকে এতিয়াই সকলো নিয়ম প্ৰণালী ঠিক কৰি সভ্য নিযুক্ত কৰিছে। সেই নিয়মমতেই নিৰ্ব্বাচিত সভ্যৰ বাহিৰে আন কোনো চেক্ৰেটাৰী হ’ব নোৱাৰে।”

 সমজুৱা — তেনেহলে নিৰ্ব্বাচিত সভ্যৰ ভিতৰত এজনে নিজৰ নাম উঠাই লওক, আৰু তেওঁৰ ঠাইত শইকীয়া ডাঙৰীয়াক লোৱা হওক।

 এইবাৰ গকুলচন্দ্ৰৰ খং উঠি গ’ল, তেওঁ ঘপহ কৰে উঠি ক’বলৈ ধৰিলে, — “বক্তাৰ কথা অতিশয় আপত্তিজনক। তেওঁৰ মতে দীনবন্ধুৰ বাহিৰে আনবোৰ মানুহেই নহয়।”

 সভাপতিয়ে দেখিলে কথা কোনোবা ফাললৈহে ঢাল ললে। তেওঁ উকীলক বহিবলৈ দি কবলৈ ধৰিলে — ৰাইজসকল, আমাৰ সকলোৰে উদ্দেশ্য হ’ব লাগে কেনেকৈ আমাৰ কাৰ্য্য সুসম্পন্ন হয়। ইয়াত তৰ্ক বিতৰ্কৰ প্ৰয়োজন নাই! আপোনালোকে শইকীয়া ডাঙৰীয়াৰ বিষয়ে যি কৈছে তাক কোনেও নুই কৰিব নোৱাৰে। ৰাইজৰ কামত তেওঁ

— ৬৩ —