সাধনা
প্ৰণালী যেনে, সি তেনে অসংযত মানুহৰ কু-প্ৰবৃত্তি চৰিতাৰ্থ কৰাৰ পোন বাট বান্ধি দিয়ে মাথোন। সেই কাৰণে ওপৰত কোৱাৰ নিচিনা শিক্ষিতা নাম লোৱা তিৰুতাই স্কুলত সংযমৰ শিক্ষা সমূলি নাপায়। আৰু এটা ঘাই কথা হৈছে, যেনে সমাজত বৰ্দ্ধিত আৰু শিক্ষিত হোৱা যায়, তেনে সমাজৰ আদৰ্শই শিক্ষাৰ্থী বালক-বালিকাৰ ওপৰত বৰকৈ কৰ্ত্ত্বত্ব চলায়। লৰাই অন্ততঃ আন সমাজৰ বতাহো অলপ পায়, কিন্তু ছোৱালীৰ তেনে সুবিধা নথকাত, সেই আদৰ্শকে মাথোন সৰ্ব্বোৎকৃষ্ট বুলি বিশ্বাস কৰে; সেই দেখিয়েই মিশ্যনেৰী স্কুলত শিক্ষা পোৱা বহুতো ছোৱালীয়ে ধৰ্ম্ম আৰু জাতীয়তা দুয়োকে হেৰুৱায়। লৰাৰ ভিতৰত তেনে নাই বুলিলে ভুল হ'ব, কিন্তু গোটেই শিক্ষিত পুৰুষ সমাজৰ লগত তুলনা কৰিলে সিহঁতৰ লেখ নধৰিলেও চলে। তিৰুতাৰ হলে বেচিভাগেই তেনেকৈ শিক্ষা পোৱা। এইবোৰৰ বাহিৰেও প্ৰধান কাৰণ হৈছে শিক্ষিতা তিৰুতাৰ সংখ্যা নিম্নশ্ৰেণীত যেনেকৈ উচ্চশ্ৰেণীৰ অনুপাতত বেচি, তেনেকৈয়ে সেই শ্ৰেণীত শিক্ষিত পুৰুষৰ সংখ্যা কম। সেই দেখি তেনে ছোৱালীয়ে নিজৰ জাতৰ উপযুক্ত দৰা নাপাই কুমাৰী হৈ থাকিবলৈ বিচাৰে। উচ্চশ্ৰেণীৰ ছোৱালীয়ে তেনেকৈ শিক্ষা পালেও প্ৰায়ে উপযুক্ত স্বামী লাভ কৰি ঘৰ-সংসাৰ চলোৱাত লাগি যায়। তাৰ ফলত আগেয়ে কোৱা কুমাৰীসকলৰ ভাগতেই প্ৰায় শিক্ষয়িত্ৰীৰ বাবটো পৰে। কিন্তু তেনে অসংযত চলনফিৰণ, ভোগ-লিপ্সা আৰু বিলাসিতাৰ শিক্ষা পাই অহা যৌৱনোন্মাদিনী শিক্ষাভিমানিনী স্বাধীনা যুৱতীৰ পক্ষে চিৰকুমাৰী হৈ থকা সহজ কাম নহয়। দুৰ্জ্জন কামুকৰ প্ৰলোভন আৰু সংঘৰ্ষই তেনে ভাবনা কেনিবা উৰুৱাই নিয়ে, তাৰ ফলত তেনে কুমাৰীৰ প্ৰায়ে পতন হয়। এনেকৈয়ে শিক্ষয়িত্ৰীৰ সম্পৰ্কে মানুহৰ মনত এটা ধাৰণা হৈ যোৱাৰ পিচত এতিয়া কোনোবা ভাল হৈ থাকিলেও ৰাইজে বিশ্বাস কৰিব নোখোজে। সেই
—২৫২—