পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা কোনােমতেহে পৰি নেযােৱাকৈ ৰ’ল। গাড়ােৱানটো নমা দেখিয়েই মূৰ্তিটো লৰ মাৰিলে; গাড়ােৱানে মুখেৰে গালি পাৰি পাৰি আকৌ গাড়ীখন খুঁটিলে। কিন্তু গাড়ীখন দুই নলমান যাওঁতেই আকৌ মূৰ্তিটো আহি গাড়ীৰ আগত থিয় দিলে আৰু আগৰ দৰেই যুঁৱলিত ধৰিলে। এইবাৰ গাড়ােৱানৰ ধৈৰ্য কেনিবা গল; “জান লেগা শালা” এই বুলি চাবুকডাল ভাঙি গাড়ীৰ পৰা জঁপিয়াই পৰিল। মূৰ্তিটোৱে লৰ দিলে, গাৱােনেও পাচে পাচে খেদি নিলে। সেই আন্ধাৰ নিশা অলপ পিচতে দুয়াে অদৃশ্য হৈ পৰিল। এই ঘটনাত যুৱতী ভয়ত ব্যাকুল হৈ পৰিল; লৰাটোও ভয়তে চেপেটা লাগিছিল। আন কি, তেওঁলােকে গাড়ীৰ পৰা মুখ উলিয়াবলৈকো সাহ কৰা নাছিল ; গাছােৱানটো আঁতৰ হােৱাত সেই ভয় আৰু বাঢ়িছিল। | হঠাৎ ওচৰৰ গছডালৰ পৰা আৰু এক মূর্তি বাহিৰ হ’ল আৰু গাড়ীখনৰ ওপৰ চাপি গৰু-হাল সােলােকাই দিলে। তাৰ পিচত গাড়ীৰ ভিতৰত সােমাবলৈ গ’ল। যুৱতী এতিয়ালৈকে জড়ৱৎ হৈ আছিল ; আত্মৰক্ষাৰ যে কোনাে উপায় নাই। অস্ত্র-শস্ত্ৰৰ ভিতৰত এজোৰ চটি জোতা মাত্র সম্বল আছিল । এতিয়া আন উপায় নেদেখি দুয়াে দুপাত লৈ যেনি পাই তেনি কোবাই কানি-মুনি দিবলৈ ধৰিলে। মূৰ্তিটোৱে দুই চাৰি বাৰ জোৰ কোব খােৱাৰ পিচত লৰাটো ধৰি উলিয়াই নিলে, লৰাটোৱে চিঞৰিবলৈ ধৰিলে। সি তেতিয়া লৰাটোক এনে এটা ঠেলা মাৰিলে যে সি ধুম কৰে মাটিত বাগৰি পৰিল। এই অৱসৰতে যুৱতী গাড়ীৰ পাচফালে দি নামি তাৰ তলত সােমাল। লৰাটোক পেলাই দি মূৰ্তিটো বেগেৰে গাড়ীৰ ভিতৰলৈ সােমাই গ’ল; যুৱতীয়ে অলপপ বিলম্ব নকৰি, সি ভিতৰত কি আছে চাবলৈ সময় পােৱাৰ আগতে, গাড়ীৰ আগটো তলফালৰ