পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

চুৰিয়া, কান্ধত পানী-গামোচা আৰু হাতত ধোঁৱাখোৱাটোৰে সৈতে কাতিৰাম ওলাই আহিল।

 তপেশ্বৰ — এতিয়া হে ভাত খাইছ নে কি?

 কাতি — হয় ককাইদেউ, মই পৰহিয়েই পামলৈ গৈছিলোঁ। আজি আহি গাটো ধুই এইমাত্ৰ ভাত খাই উঠিলোঁ।

 তপেশ্বৰ — মই পৰহিয়েই তোক বিচাৰিছিলোঁ, পিচত পামলৈ গ’ল বুলিলত উভতি গলোঁ। আজি আহিলি নে নাই তাৰে বুজ লবলৈ হে আহিলোঁ।

 কাতি — কিয়! কিবা বিশেষ কাম আছে নে কি?

 তপেশ্বৰ — বিশেষ কাম আৰু কি? তই নো কি কৰিব খুজিছ, তাকে শুনিম বুলি আহিছিলোঁ।

 কাতি — মই নো আৰু কি কৰিম! যি কৰিছোঁ দেখিয়েই আছে।

 তপেশ্বৰ — তাকেই তো ভাবিছোঁ। তইনো বাৰু ইমানবোৰ ধন-সম্পত্তিৰ মালিক হৈ সদায় চহা গাৱঁলীয়াটো হৈয়েই থাকিবি নে? আমি হোৱা হলে ডাঙৰ মানুহ যে হলোঁহেঁতেন, চৰকাৰৰ ঘৰৰ খিতাপো ললোঁহেঁতেন।

 কাতি — কেনেকৈ?

 তপেশ্বৰ — মোৰ লগত ওলাই গলে সকলো জানিবি। আহ তেন্তে, বাটে বাটে ওলাই যাওঁ।

 কাতি — এতিয়া দেখোন বৰ ৰ’দ। বহক এটোপা চাহ খাই লোৱা যাওক।

 তপেশ্বৰ — লৰালৰি কৰিলে হে খাব পাৰিম; মই আকৌ কামলৈ যাব লাগিব নহয়।

 কাতিৰাম — এৰা আপোনাৰ কামটোৱেই লেতেৰা; দুয়ো বেলা খাটিব লাগে।

— ৬৮ —