পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাধনা

ইয়াৰ পিচত কেইবাটাও গান চলিল। সমজুৱা সকলক আৰু প্ৰেমৰ ৰাগীয়ে ভালকৈয়ে পীড়িলে; গীতৰ সুৰে সুৰে গন্ধৰ্ব্ব ৰাজ্যলৈ উৰি গৈ অবাধ প্ৰেমৰ স্বপ্ন দেখিবলৈ লাগিল।

 ভোজনৰ সময় হ’লত সকলো পাতে পাতে বহিল। মাছ, মাংস, আলু, পিয়াজ প্ৰভৃতিৰ কিমান বিধ খাদ্য প্ৰস্তুত হৈছিল, কিমান প্ৰকাৰৰ ফল আৰু মিষ্টান্ন সজ্জিত আছিল, তাক বৰ্ণোৱাৰ প্ৰয়োজন নাই। মুঠতে ইয়াকে কলেই হ’ব যে ভোজন চলিবলৈ ধৰিলে। উত্তেজনাৰ বেগত ইটোৱে সিটোৰ আৰু সিটোৱে ইটোৰ পাতৰ পৰা যি পায় তাকে টনা-আজোৰাকৈ আনি আৰু কোনোৱে খামোচে-খামোচে পোলাও, কট্‌লেট জেপত ভৰাই গোটেইখন সানি-পুটকি জগলীমোহনকৈ পেলালে। ৰান্ধনিয়ে দিবলৈ নৌ পাওঁতেই থপিয়াই কিমান আনিলে, তাৰ ঠিক নাই। এনেকৈয়ে ডেৰ ঘণ্টামানৰ মূৰত ভোজনকাৰ্য্য সমাধা হ’ল।

 তাৰ পিচত আকৌ গানৰ মজলিচ বহিল। ইয়াৰ বৰ্ণনা দিবলৈ গলে পুনৰুক্তি দোষত পৰিব লাগিব, সেই কাৰণে, বেচি কথা নকৈ ইয়াকে কলেই যথেষ্ট হ’ব যে, এইবাৰ উত্তেজনা আৰু বলিয়াৰিৰ জোখ আগতকৈও বেচিকৈ চৰিছিল। কাৰ্ত্তিকচন্দ্ৰই মুখেৰে ‘দেহি পদপল্লৱমুদাৰম্’ বোলা নাছিল যদিও, কাৰ্য্যতঃ শ্ৰীমতীৰ পদপ্ৰান্তত সংজ্ঞাশূন্য হৈ পৰিছিল; উকীল গদাধৰ আৰু তপেশ্বৰৰ মুখৰ পৰা নৱৰসযুক্ত বক্তৃতাৰ অনৰ্গল উদগীৰণ হৈছিল; মাজে মাজে অঙ্গ-ভঙ্গীৰ বীভৎসতাৰ মাজে দি তেওঁলোকৰ কলুষিত অন্তঃকৰণৰ দৃশ্য ফুটি উঠিছিল। কৃষ্ণকুমাৰে সকলোকে ঈৰ্ষাৰ চকুৰে চাই উদ্ভিদ্‌তত্ত্বৰ লগত তেওঁলোকৰ কাৰ্য্যকলাপৰ সামঞ্জস্য উলিয়াই কিবাকিবি বকিছিল আৰু একো একোবাৰ শ্ৰীমতীৰ গাত আশ্ৰয় লৈছিল। সৰ্ব্বানন্দ নীৰৱ দৰ্শক; কেতিয়াবাহে তেওঁৰ মুখত উত্তেজনাসূচক শব্দ শুনা গৈছিল।

— ৮৪ —