সাধনা
স্থিৰ কৰা নাছিল; সেই দেখি যথেষ্ট সময় নাপালে কোনো মত দিব নোৱাৰে।”
কথাৰ ভঙ্গিৰ পৰাই পাঠকসকলে নিশ্চয় এওঁক চিনি পাইছে। প্ৰভাৱতীৰ ঘৰত এওঁৰ লগত সাক্ষাৎ হৈছিল আৰু ৰমণীমোহন নামেৰে এওঁ পৰিচয় দিছিল।
লক্ষ্মীকান্তই সুধিলে,—“পিচে, কেইদিনমানৰ মূৰত উত্তৰ দিব খুজিছে?”
ৰমণী—দুমাহৰ মূৰত।
লক্ষ্মী—তুমি সিমান দিন অপেক্ষা কৰিব নোৱাৰোঁ বুলি নকলা কিয়?
ৰমণী—মই ক’বলৈ একো বাকী থোৱা নাই, তথাপিও তেওঁৰ সেই একে উত্তৰ।
লক্ষ্মী—তুমি কলিকতালৈ নিবলৈ যত্ন নকৰিলা কিয়?
ৰমণী—মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ, কিন্তু কোনো মতেই মত সলোৱাব নোৱাৰিলোঁ। অকল মুখৰ কথাৰেই নহয়, আগ ধৰি পাঁচশ টকাও দিছিলোঁ, কিন্তু একোৱেই একো কৰিব নোৱাৰিলে৷
লক্ষ্মী—তেন্তে এটা ডাঙৰ আশা মাটি হ’ল। সি যি হওক,“তুমি চিঠি-পত্ৰ লিখিবলৈ আৰু মাজে সময়ে উপহাৰ পঠিয়াবলৈ নেৰিব। আমি যিমান পাৰোঁ আহুকাল কৰি থাকিম। তেতিয়া বোধকৰোঁ তোমাৰ প্ৰস্তাৱত মান্তি হ’বলৈ বাধ্য হ’ব।
ৰমণী—মই যিমান উপায় অৱলম্বন কৰিব পাৰি তাৰ এটা ও বাদ নিদিওঁ, তোমালোকে মাথোন চেষ্টা কৰিবলৈ নেৰিবা।
লক্ষ্মী—সেইটো আৰু কব লাগিছে নে? স্বাৰ্থ কাৰ বেচি।
ৰমণী—মই আজিয়েই ইয়াৰ পৰা গলোঁহেঁতেন, কিন্তু দিনত
আহিলে মানুহে সন্দেহ কৰিব পাৰে, ইফালে আকৌ তোমাক লগ
- ১৮৮ -