পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভীষণ প্ৰতিজ্ঞা

মানুহৰ লগত বিয়া হয়, যি সদায় একে ঠাইতে থাকিব নোৱাৰে, অথচ প্ৰভাই ইয়াতে থাকি স্কুলত কাম কৰাত হকাবাধা নকৰে, তেনেহলেই সকলো সিদ্ধি হ’ব। এফালে কলঙ্কৰ প্ৰচাৰ বন্ধ হব আৰু আনফালে তেওঁৰ মনোৰথ পূৰ্ণ কৰিবলৈকো চল লাগিব। কেনেকৈ এই কাৰ্য্য হৈ উঠিব তাক তেওঁ একেৰাহে চিন্তা কৰিবলৈ ধৰিলে।

  আজি কেইদিনমান ৰাজহুৱা পাঠাগাৰলৈ উকীলৰ সমাগম হৈছে। যদিও সাধাৰণতঃ তেওঁ বাতৰি-কাকত নপঢ়ে আৰু নলয়ো, তথাপি এই কেইদিন ৰাজহুৱা পুথি ভঁড়ালৰ আটাইকেইখন বাতৰি কাকতকে ওলটপালটকৈ চোৱা দেখিবলৈ পোৱা গৈছে। এইদৰে চাই থাকোঁতেই এদিন এখন কাকতত তেওঁ কিবা এটা পালে; তেওঁৰ মুখত আনন্দৰ জেউতি দেখা গ'ল। লাইব্ৰেৰিয়ানক কৈ তেওঁ কাকতখন হাতত ললে আৰু পোনে-পোনেই প্ৰভাৰ ঘৰলৈ আহিল।

  উকীলে বহিয়েই মাত লগালে,—“পিচে তোমাৰ কথা চাৰিওফালে কেনেকৈ বিয়পিছে, শুনিছা নহয়?”

  প্ৰভা—শুনিছোঁ।

  উকীল—মই অনুসন্ধান কৰি নিভুলকৈ জানিছোঁ, এই সকলোবোৰ সেই ভণ্ড-তপস্বী দীনবন্ধুৰ কাম।

  প্ৰভাই একো নামাতিলে, যেন তেওঁৰ অন্তৰত হাজাৰ হাজাৰ বৃশ্চিকে দংশন কৰিছিল।

  উকীলে ক'লে,—“পিচে এতিয়া কি কৰা যায়?”

  প্ৰভা—কিনো কৰিম!

  উকীল—মই ভাবি চিন্তি এটা উপায় পাইছে।'

  প্ৰভা—কি?

-১২১-