ৱিকিউৎস:কেন্দ্ৰীয় আলোচনা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কেন্দ্ৰীয় আলোচনা
অসমীয়া ৱিকিউৎস সমাজৰ আলোচনা কক্ষলৈ আপোনাক আদৰিছোঁ। এই পৃষ্ঠাত ৱিকিউৎস সম্বন্ধীয় নীতি-নিৰ্দেশনা, পৰিচালনা আদি বিভিন্ন বিষয়ৰ সম্পৰ্কে আলোচনা কৰা হয়। পঢ়ুৱৈ বা সংকলকৰ ৱিকিউৎসৰ বিষয়ক কিবা ক'বলগীয়া থাকিলে এই পৃষ্ঠাত লিখিব পাৰে।

অসমীয়া ৱিকিউৎসৰ বাবে "Find and replace"সঁজুলি[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসৰ বিকাশত গুগল "OCR" সঁজুলিয়ে যথেষ্ট সহায় কৰিলেও ই ১০০% শুদ্ধ নহয়। বাংলা "র"ৰ দৰে ভুল প্ৰুফৰিডিঙত শুধৰাব পাৰি, কিন্তু "র" যুক্তাক্ষৰত থাকিলে ধৰিব নোৱাৰি। OCR কৰা পৃষ্ঠাবোৰত শ শ "অ+‘া'= আ" জাতীয় ভুলো আছে। ৱিকিউৎস সম্পাদকত থকা সাধাৰণ "find and replace" সঁজুলি আৰু বাহিৰা সঁজুলিৰে ইমানবোৰ কৰা অসুবিধা। গতিকে আমাক এটা গেজেট আৰু ব'টৰ প্ৰয়োজন। সাধাৰণ সদস্যসকলে গেজেট বুটামৰ জৰিয়তে এইবোৰ শুধৰাব পাৰিব আৰু মাজে-সময়ে কাৰিকৰী জ্ঞান থকা সদস্যই ব'ট চলাব পাৰিব।

ইউনিক'ড ভুলৰ উদাহৰণ ইয়াব দেখিব। (উৎস পৃষ্ঠা: পৃষ্ঠা:শঙ্কৰদেৱ.pdf/২৪)

শুধৰাবলগীয়া আখৰবোৰ ইয়াত পাবGitartha.bordoloi (talk) ২১:১৯, ২২ জানুৱাৰী ২০১৯ (IST)

হয় (yes)[সম্পাদনা কৰক]

  • হয়, এনে ব’ট এটা অতি প্ৰয়োজন। - দিব্য দত্ত (talk) ০৭:৫৪, ২৩ জানুৱাৰী ২০১৯ (IST)
  • হয়, মই এই প্ৰস্তাৱটোৰ সৈতে একমত। ইয়াত দিয়া character সমূহৰ find and replace manually কৰা বৰ কঠিন। ইয়াৰ বাবে এক বট বা গেজেটৰ খুবেই প্ৰয়োজন। --SlowPhoton (talk) ১০:৫৬, ২৩ জানুৱাৰী ২০১৯ (IST)
  • প্ৰস্তাৱটো সমৰ্থন কৰোঁ৷ এনে এটা বট বা গেজেট থাকিলে ৱিকিউৎসত মুদ্ৰণ সংশোধন যথেষ্ট খৰতকীয়া হৈ পৰিব৷-Joli (talk) ১৩:২৫, ২৩ জানুৱাৰী ২০১৯ (IST)
  • হয়, মই এই প্ৰস্তাৱটোৰ সৈতে একমত। বিষ্ণু শইকীয়া ১৮:৩৯, ২৪ জানুৱাৰী ২০১৯ (IST)

নহয় (No)[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

ওপৰৰ আলোচনামৰ্মে Indic-TechComক এটা গেজেটৰ বাবে অনুৰোধ কৰা হৈছিল। তেওঁলোকে এটা সাজি উলিয়াইছিল যদিও পাছত উপলব্ধি কৰিলোঁ যে ৱিকি পৃষ্ঠাত য়, ড় আৰু ঢ় শুধৰাব নোৱাৰি। পৃষ্ঠা সঁচাৰ লগে লগে সেইবোৰ ফুট লগা য, ড আৰু ঢ হৈ যায়। গেজেটৰ স্ক্ৰিপ্টতো সেইকাৰণে ভুল আখৰকেইটাই থাকে। Indic-TechCom গেজেটে সেইবাবে ভালকৈ কাম কৰা নাই। অন্য OCR ভুলবোৰৰ বাবে দিব্য দত্তই গেজেট এটা প্ৰস্তুত কৰিছে। সেইটোকে পৰীক্ষামূলকভাৱে সকলো ব্যৱহাৰকাৰীৰ বাবে সংযোগ কৰা হৈছে। কিবা ত্ৰুটি দেখিলে ততালিকে জনাবলৈ অনুৰোধ কৰিলোঁ। Gitartha.bordoloi (talk) ২১:৫০, ১৪ ফেব্ৰুৱাৰী ২০১৯ (IST)


অসমীয়া ৱিকিউৎস কৰ্মশালা[সম্পাদনা কৰক]

CIS-A2K সংস্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এখন অসমীয়া ৱিকিউৎস কৰ্মশালা পাতিবলৈ ঠিৰাং কৰা হৈছে। প্ৰথমে মাৰ্চ মাহত পতাৰ পৰিকল্পনা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ এয়া এপ্ৰিল/মে' মাহলৈ পিছুৱাই দিবলগীয়া হ'ব। এই কৰ্মশালা দুই দিনীয়া আবাসিক প্ৰশিক্ষণ অনুষ্ঠানৰ ৰূপত হ'ব। এপ্ৰিলৰ তাৰিখ ল'ব খুজিলে সাধাৰণ নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পাছতহে ঠিক কৰিব পৰা যাব। মে' মাহত হ'লে এই সমস্যা নাথাকে। ইয়াৰ বাবে সন্মানীয় ৱিকি সদস্যসকলৰ সমৰ্থন আৰু মতামত আহ্বান কৰা হৈছে। আপোনাৰ স্বাক্ষৰৰ বাবে লগিন কৰাৰ পাছত চাৰিডাল টাইল্ড (~) ব্যৱহাৰ কৰিব। Gitartha.bordoloi (talk) ১৯:৪৭, ৪ মাৰ্চ ২০১৯ (IST)

এপ্ৰিলত পতাৰ সপক্ষে[সম্পাদনা কৰক]

মে'ত পতাৰ সপক্ষে[সম্পাদনা কৰক]

মতামত[সম্পাদনা কৰক]

  1. সন্মত - অনামিকা(চুমু) বড়া (talk) ০০:৩৭, ৬ মাৰ্চ ২০১৯ (IST)
  2. কৰ্মশালাখনৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে৷ যদি অসমত সাধাৰণ নিৰ্বাচন ২০ এপ্ৰিলৰ ভিতৰত শেষ হয়, তেন্তে এপ্ৰিলৰ শেষ সপ্তাহত কৰ্মশালাখন পাতিব পৰা যায়; অন্যথা মে'ত৷ - Babulbaishya (talk) ১৪:৩০, ৬ মাৰ্চ ২০১৯ (IST)
  3. কৰ্মশালাখন অনুষ্ঠিত কৰিব লাগে। - দিব্য দত্ত (talk) ১৬:২৭, ৬ মাৰ্চ ২০১৯ (IST)
  4. মোৰ সমৰ্থন আগবঢ়াইছোঁ। IKHazarika (talk) ০০:২৩, ৭ মাৰ্চ ২০১৯ (IST)