পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা।

জড়বৎ নিশ্চল হোৱা প্ৰবৃত্তিবিলাক আকৌ সজীব হৈ উঠিল। তেওঁ অন্তৰেৰে সৈতে লক্ষ্মীকান্তৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে।

 সেই দিনাৰ পৰা ইন্দ্ৰনাথ লক্ষ্মীকান্তৰ ঘৰতে আছে, ৰম্ভাৰে সৈতে প্ৰেমৰ সফল স্বপ্ন দেখি অতীত-ভৱিষৎ পাহৰি গৈছে। আজি যেন তেওঁৰ দৰে সুখী কোনো নাই; তেওঁৰ মনোৰথ সিদ্ধিৰ মিত্তেই যেন সকলে ব্যস্ত—সকলো সম্মিলিত। ৰম্ভাৰ মনত আনন্দৰ সীমা নাই।

-১৩২-