নকৰাকৈ মইমতীয়াভাবে কাম কৰিবলৈ গৈ সকলো পণ্ড কৰিলে। আপোনাৰ সাহায্য নহলে যে এনে কাম ইয়াত কোনেও কৰিব নোৱাৰে, সেইটো একেবাৰেই ধুৰুপ; তেওঁলোকক খাটিলুটি আপোনাৰ ওচৰলৈ পঠিয়াব নোৱাৰি আজি মই নিজে আহিলোঁ। আপুনি মোক যেনে-তেনে এখন স্কুল পাতি দিব লাগে।
দীন — স্কুল এখন যে সোনকালে পাতিব লাগিব, সেইটো ঠিক। আজি পুৱাৰে পৰা মই সেই কথাকেই ভাবিব লাগিছোঁ।
ৰম্ভা — শুনি সুখী হলোঁ; আপুনি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ গ্ৰহণ কৰিব।
দীন — তোমাৰ ধন্যবাদ পাবলগীয়া কাম মই একো কৰিব নোৱাৰিম। পঢ়াশালি পাতিলেও তোমাক বোধকৰোঁ শিক্ষয়িত্ৰীৰ বাব দিব নোৱাৰিম। তোমাৰ দ্বাৰা সেই কাৰ্য্য হব পাৰে বুলি ভাবিব পৰা হলে বহুত দিনৰ আগেয়েই বিদ্যালয় স্থাপন কৰিলোঁহেঁতেন; শিক্ষয়িত্ৰীৰ অভাৱৰ কাৰণেই মই ইমান দিন মনে মনে আছিলোঁ।
ৰম্ভাৰ মুখ ক’লা পৰিল; ব্যগ্ৰভাবে সুধিলে, — “কিয়? মোৰ দ্বাৰা স্কুলৰ কাম হব নোৱাৰে কিয়?”
দীন — স্কুল সম্পূৰ্ণ জাতীয় আদৰ্শত চলিব লাগিব। তাত লিখা-পঢ়াৰ বাহিৰেও অসমীয়া তিৰুতাৰ ঘৰুৱা কৰ্ত্তব্যৰ শিক্ষা ভালকৈ দিব লাগিব। সূতা কটা, তাঁত বোৱা, কাপোৰ সিয়া প্ৰভৃতি কাম সকলোৱে শিকিব লাগিব; সাজ-পাৰত নিভাঁজ অসমীয়া হ’ব লাগিব আৰু শিক্ষয়িত্ৰী এই সকলো বিষয়তে আদৰ্শ হ’ব লাগিব। কিন্তু মোৰ বিশ্বাস তুমি তেনেকৈ চলিব নোৱাৰিবা।
ৰম্ভা — মই তেনে হ’ব নোৱাৰোঁ সঁচা; কিন্তু মোৰ বোধেৰে তেনে হোৱাৰ আৱশ্যকো নাই। মই গান-বাজনা, লিখা-পঢ়া আৰু বেজিৰ কাম শিকাব পাৰিম, চিত্ৰ আঁকিবলৈকো শিকাব পাৰিম হে। মোৰ