ষড়যন্ত্রকাৰীৰ নেতা
চেক্ৰেটাৰী—প্ৰমাণ লাগে? তুমি দীনবন্ধুৰ চহী চিনি পোৱা নহয়? চোৱাচোন এইটো কাৰ চহী?
প্ৰভা—চিনি পাওঁ। হয়, এইটো দীনবন্ধুৰেই চহী।
চেক্ৰেটাৰী—এতিয়া বোধকৰোঁ মোৰ কথা পতিয়াবা। ইমান দিন সি লুকাই শৰ কৰিছিল, এতিয়া দেখা-দেখিকৈ ওলাইছে। এই খন পঢ়ি চোৱাঁ।
এই বুলি চেক্ৰেটাৰীয়ে কমলচন্দ্ৰ প্ৰভৃতিয়ে দিয়া আৰ্জ্জিখন প্ৰভাক পঢ়িবলৈ দিলে। প্ৰভাৱতীয়ে আৰ্জ্জিখন পঢ়ি ক'লে,—“ক’তা? ইয়াততো কোনো কলঙ্কৰ কথা নাই। স্কুলৰ উন্নতি মানে পৰনিন্দা- চৰ্চ্চা হয় কেনেকৈ?”
চেক্ৰেটাৰী—আজি কালি দিনত সকলো হয়। ইয়াত নাম দিছে দেখি দোষত পেলাব নোৱৰাকৈ স্কুলৰ উন্নতি বুলি লিখিছে, কিন্তু আচল উদ্দেশ্য সেই জাননী আৰু বেনামী চিঠিত যি লিখিছে সেয়ে।
প্ৰভা—আপুনি কেনেকৈ জানিলে?
চেক্ৰেটাৰী–মই ইয়াত নাম দিয়া কেইজনমান মানুহক লগ ধৰি তেওঁলোকৰ উদ্দেশ্য কি সুধিছিলোঁ; তেওঁলোকে সেই কেলেঙ্কাৰীৰ কথাকে ক'লে।
প্ৰভা—তেওঁলোকে তাৰ কি প্ৰমাণ দিব পাৰে নুসুধিলে কিয়?
চেক্ৰেটাৰী—মই নোসোধাকৈ থকা নাই; কিন্তু তেওঁলোকে ক'লে, বোলে দীনবন্ধুৰ সাক্ষ্যৰ ওপৰত তেওঁলোকে আন প্ৰমাণ নিবিচাৰে। দীনবন্ধুৱে প্ৰমাণ নোপোৱাকৈ এনে কাৰ্য্য হাতত লৈছে বুলি তেওঁলোকে বিশ্বাস নকৰে। এতিয়া দেখিলা তোমাৰ দীনবন্ধু কি ভীষণ প্ৰকৃতি মানুহ।
এই কথা শুনি প্ৰভাৰ হৃদয় শতধা বিদীৰ্ণ হৈ গ'ল। উঃ!
দীনবন্ধুও ইমান নীচ। তেন্তে জগতত কাক বিশ্বাস কৰিব! সংসাৰ
—১৬৫—