পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সাজু হ’ল। হায় ৰাতি! তই যে অনন্তকাল কত পাষণ্ডক সাহায্য কৰি আহিছ। কত কুল-ললনাৰ জীৱন বিষময় কৰিছ!! কত পাপ-ব্যভিচাৰক প্ৰশ্ৰয় দি সংসাৰক নৰক-কুণ্ড কৰি তুলিছ!!! এদিন তোৰ সাহায্য পায়েই কীচকে দ্ৰৌপদীৰ সতীত্ব-হৰণ কৰিবলৈ আহি বংশ-নাশ কৰিছিল; তোৰ সাহায্যতেই অশ্বত্থামাই এদিন পাণ্ডৱ-পুত্ৰবিলাকৰ বিনাশ সাধন কৰিছিল; তোৰ সাহায্যতেই কত গোপন ষড়যন্ত্ৰ, কত নহত্যা, কত পৈশাচিক ঘটনা ঘটিছে, তাৰ লেখ কোনে কৰে! আজি যদি এই নিৰাশ্ৰয়া ৰমণীৰ বিপদ ঘটে, তাৰ বাবে দায়ী কোন? দিনত এনে ঘটনা ঘটিব পাৰিলহেঁতেননে?”

 মানুহটোৱে কিবা এটা ভাবি জেপৰ পৰা উৰ্ম্মাল এখন উলিয়াই হাতত ল’লে। তাৰ পিচত এটা ভৰি খিৰিকীত দি দুই হাতেৰে চৌকাঠত ধৰি ইটো ভৰিও ওপৰলৈ তুলিলে। তাৰ পিচত ভিতৰলৈ নামিবলৈ এটা ভৰি ডাঙিব খুজিছে মাথোন, এনেতে হঠাৎ কোন বুলি এটা শব্দ ঠাচ কৰে তেওঁৰ কাণত পৰিল; তেওঁ কি কৰিব কি নকৰিব ভাবিবলৈ সময় নৌ পাওঁতেই পিঠিত কোনোবাই এটা মাধ মাৰ শোধালে। মানুহটো বাহিৰলৈ জাপ মাৰি পৰিল। প্ৰভাৰ ভায়েকটোৱে আকৌ এটা মাৰ ডাঙিলে। হঠাৎ মানুহটোৰ মুখ দেখি সি থমকা খাই ৰ'ল, মানুহটোৱে এই অৱসৰতে ভিৰাই ধৰি লৰ মাৰিলে। এই গোলমালত প্ৰভাৱতীয়ে সাৰ পালে, লৰাটোক সুধিলে,-“কি হৈছিল?”

 লৰা—কি হৈছিল তই হবলা ক’ব নোৱাৰ!

 প্ৰভা—মৰিবলৈকে মই একো ক’ব নোৱাৰোঁ। মোৰ অকলৈ থাকিবলৈ ভয় লাগে দেখিয়েই তোক থিয়েটাৰলৈ যাবলৈ মানা কৰিছিলোঁ। তই পিচে মোৰ কথা নুশুনিলি। মই বহুত ৰাতিলৈকে