তৃতীয় অধ্যায়
পাদুৰী চাহাব
প্ৰায় এমাহৰ মূৰত দীনবন্ধু গোৱালপাৰাৰ পৰা উলটিল। আকালৰ বিষয়ে তেওঁ যি পঢ়িছিল সি সঁচা, কিন্তু নৈৰ দাঁতিৰ চাৰি, কি পাঁচখন গাৱঁৰ হে শস্য নষ্ট হৈছিল। বাকীবোৰ ঠাইত এইবাৰ বৰ ভাল খেতি হৈছিল; সেই কাৰণে দীনবন্ধুৱে বৰ পৰিশ্ৰম কৰিব নালাগিল। যিবোৰ মানুহৰ নিজৰ আৱশ্যকতকৈ বেচি ধান উৎপন্ন হৈছিল, সেইবোৰ মানুহে ঘৰে পতি এমোনকৈ ধান এই দুৰ্ভগীয়াহঁতৰ নিমিত্তে দান কৰিবলৈ প্ৰতিশ্ৰুত হ’ল, আৰু সৰহীয়াকৈ খেতি কৰাবিলাকে তেওঁ- লোকৰ বেচিবলগীয়া ধানৰ একাংশ পিচৰ বছৰত টকা পোৱাৰ বন্দৱস্তেৰে দিবলৈ গাত ল'লে। দীনবন্ধুৱে সকলোকে তেওঁলোকৰ কৰ্ত্তব্য বুজাই দি এইবোৰ কাৰ্য্য পৰিচালনাৰ নিমিত্তে এটি সমিতি গঠিত কৰিলে। এজন জমিদাৰ এই সমিতিৰ সম্পাদক নিযুক্ত হ’ল। দান আৰু ধাৰে লোৱা ধান এই সমিতিৰ দায়িত্বত গ্ৰহণ কৰা হ'ব আৰু বিপন্ন ৰায়তে এই সমিতিৰ নিৰ্দিষ্ট নিয়মমতে প্ৰতিশ্ৰুতি দি সাহায্য গ্ৰহণ কৰিব পাৰিব। এই নিয়মমতে কাম হৈ সুঠালৈকে দীনবন্ধুৱে স্থানীয় লোকৰ পৰা যি দান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ আবেদন মতে আসামৰ অন্যান্য ঠাইৰ পৰাও যি সাহায্য আহিছিল, তাৰেই এক প্ৰকাৰ চলাব লগাত পৰিল। প্ৰায় এমাহমান চেষ্টা কৰাৰ ফলত এই বিপন্ন সেৱক সমিতিয়ে যিমানখিনি ধান, আৰু ধানৰ প্ৰতিশ্ৰুতি পালে, তাৰ দ্বাৰা এই বিপন্নসকলৰ জীৱন ৰক্ষাৰ আগন্তুক দেখা গ'ল। দীনবন্ধুৱে
গাৱেঁ-গাঁৱে মেল পাতি এই দুৰ্দ্দিনত সকলোকে পৰিশ্ৰমী হবলৈ উপদেশ
-২২৮-