পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চিঠিৰ উত্তৰ ল'ৰাটোৰ কথা শুনি দীনবন্ধুৱে ক'লে,-“কানি খালে! কেতিয়া ?” ল’ ৰাকব নােৱাৰোঁ। দীন—কানি খালে বুলি জানিলি কেনেকৈ ? ল’ৰা—সি নিজে কৈছে। দীন—এতিয়া সি কি কৰিছে। ল’ৰা-শুই আছে। .. দন-তেনেহলে সর্বনাশ! তই লৰ মাৰ। তাক অলপপ শুব বা বহিবলৈ নিদিবি, মাথােন খােজ কঢ়াই লৈ ফুৰাবি। সি যদি খােজ নাকাঢ়ি বহিব বা শুব খােজে, তেনেহলে লাগিলে কোবাই দিবি। মনত ৰাখিবি শুবলৈ দিলেই মৰিব। মই যাব লাগিছো, তই লৰ মাৰ। অ, আৰু এটা কথা। তাক লােণ মিহলাই অলপ তপত পানী খাবলৈ দি থাকিবি। তেতিয়া তাৰ বাতি আহিব। ল’ৰাটো তেতিয়া লৰ মাৰিলে, দীনবন্ধুৱে চিঠি লিখিবলৈ আকৌ কলমটো দোৱাতত সুমুৱাইছে, এনেতে এটা মানুহ উধাতু খাই লৰি আহি তেওঁৰ ওচৰত ওলাল। দীনবন্ধুৱে দেখিলে তেওঁ অলপ আগতে যাৰ ওচৰৰ পৰা আহিছিল সেই পগলা বামুণৰ ওচৰ চুবুৰীয়া মানুহ এটা। তেওঁ কোনাে কথা কবলৈ নৌ পাওঁতেই মানুহটোৱে কবলৈ ধৰিলে,-“সর্বনাশ হ’ল দেউতা, বেগাই আহক, নহলে বামুণে আজি কাকো নথয়।” | দীন-তহঁতে দেখিছো মােক পগলা কৰিহে এৰিবি। মই আহি ভালকৈ বহিবলৈকে পােৱা নাই, পালিহি পাচতে খেদা। কিয়, মই থাকোতে দেখােন ভালেই আছিল। মানুহ-আপুনি থাকোতে সদায় ভালে থাকে ; আপুনি আহিলে কে সি পগলা হয়। আজিও আপুনি অহাৰ পিচত সি ১৬ -