আৰ্জ্জি
ৰাজখােৱা—বাৰু, এইখিনি ক'লেই যথেষ্ট হ’ব। তুমি সভা বহিলে এই কথা ক'ব লাগিব।
দীন—এইখিনি কথা ক’বলৈ আপত্তি নাই, কিন্তু তেতিয়া আৰু কেই আষাৰমান কথা ক’ব লগা হ'ব।
সৰ্ব্বা—সিনাে আকৌ কি ?
দীন—সি এই,—প্রথমতে ভূতনাথৰ লগুৱাই কামৰ পৰা খেদা- খােৱাৰ আগতে এইবােৰ কথাৰ শুংসুত্রও উলিওৱা নাছিল ; গতিকে খেদা-খােৱাৰ পিচত সি মিছাকৈয়ে উলিওৱাৰ সম্ভাৱনাই বেচি। সেই কাৰণে তাৰ কথাৰ ওপৰত আমি নিৰ্ভৰ কৰিব নােৱাৰোঁ। আকৌ সি গদাধৰৰ দোকানৰ পৰা মদ আনিব পাৰে, কিন্তু প্ৰভাৱতীলৈ বা প্ৰভাৱতীৰ ঘৰলৈকে যে আনিছিল, তাৰ প্ৰমাণৰ অভাৱ। মােৰ তাত গল্প কৰা ডেকাদলৰ কথা বাহিৰৰ জনৰৱ আৰু তেওঁলােকৰ কল্পনাৰ বাহিৰে আন একোৱে প্ৰমাণ কৰিব নােৱাৰে। আকৌ মানুহৰ সমাগম দেখিয়েই এটা কুৎসিৎ ঘটনা অনুমান কৰিবলৈ মই অপাৰগ। স্কুলসম্বন্ধীয় সভা পাতিবৰ দিনা মােৰো প্ৰভাৱতীৰ লগত সাক্ষাৎ হৈছিল; সেই বাবে তেনেহলে মই মােৰ নিজৰ ওপৰতো দোষাৰােপ কৰিব লাগিল। লক্ষ্মীকান্ত সাক্ষ্যৰ কথা যদিও আপােনালােকে উল্লেখ কৰিছে, মই দেখাত তাৰ পৰা একোৱেই প্রমাণ নহয়। যদি চেক্রেটাৰী আৰু মহেশ তেনে চৰিত্ৰহীন হয়, তেনেহলে লক্ষ্মীকান্তই কেনেকৈ তেওঁ লােকৰ হতুৱাই নির্জ্জন ঘৰত ৰাতি ভনীয়েকক শিক্ষা দিয়াইছিল ? অকল সেয়ে নহয়, জনৰৱত চেক্রেটাৰী আদিৰ লগতে তেওঁৰ নামাে পােৱা যায়। এতিয়া আনৰ গাত দোষ পেলাই তেওঁ নিজে ৰক্ষা পৰিব খােজে বা আন কিবা স্বার্থসিদ্ধি কৰিব খােজে বুলিহে মােৰ অনুমান হয়।
কৃষ্ণ—মই ভাবিছোঁ এইবােৰ হৈছে তৰ্কৰ কথা। আচলতে
কোৱাঁচোন বাৰু ইহঁতৰ গতিবিধি দেখি সন্দেহ নহয় নে ?
-১৪৩-