পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

কাম কৰি থাকি বৰকৈ টোপনিয়ে ধৰিলত হে শুলোঁ। তই আহিলে উঠিব লাগিব বুলি চাকিটোও নুনুমুৱাকৈয়ে কমাই থলো। তাৰ পিচত কি হৈছে গমকে পোৱা নাছিলোঁ; এই মাত্ৰ সাৰ পাই তোক থিয় দি থকা আৰু মানুহ এটা খিৰিকীৰ পৰা নামি লৰ মৰা দেখিছো।

 লৰা—মই থিয়েটাৰৰ পৰা আহিয়েই তাক খিৰিকীতে দেখিছোঁ থিয়েটাৰলৈকো গৈছিল; নৌ ভাগোঁতেই মনে মনে গুছি আহিল।

 প্ৰভা—মানুহটো কোন চিনি পালি জানো?

 লৰা—আৰু কোন হ’ব! সেই বামুণটো। আজি মাষ্টৰৰ মান ভালকৈয়ে ধৰিছে।

 তাৰ পিচত দুৱাৰ-খিৰিকী জপাই দুয়ো ভিতৰ সোমাল। লৰাটো পোনেই পাটীত পৰিলগৈ। প্ৰভাই পাটীত বহি বহুত পৰ কিবা ভাবনাত মগ্ন হ’ল; চকুৰ পৰা সৰ্ সৰ্ কৰে চকু-লো ববলৈ ধৰিলে। তেওঁৰ আৰু শোৱা নহ’ল; ৰাতিৰ বাকীডোখৰো তেনে চিন্তা ভাবনাতে অতিবাহিত হ’ল।  

————





—২৬০—