পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

কত মানুহ দিনে দিনে তললৈ নামিছে! সেই বিলাকক, ঘিণ কৰাৰ পৰা কাৰ কি লাভ। তাতকৈ তেনে মানুহক পুতৌ কৰি, তেনে মানুহৰ কাৰ্য্য়ক ঘৃণা কৰা হে সাধু আৰু বিজ্ঞ লোকৰ কাম; কাতিৰামৰ প্ৰতি ককায়েকৰ কটুক্তিত ললিতাই বৰ আঘাত পালে আৰু ককায়েক-বৌৱেকৰ অনুৰোধ উপেক্ষা কৰি নোখোৱা- নেমেলাকৈ উভতি আহিল। পুৱাৰে পৰা বৰ ৰ’দ আছিল। ভোকে-লঘোনে খোজ কাঢ়ি ললিতা বৰ ক্লান্ত হৈ পৰিছিল; গোটেই গা ঘামেৰে তিতি গৈছিল। তেওঁ আহি মাজ বাট পাওঁতেই হঠাৎ বতৰৰ পৰিবৰ্ত্তন ঘটিল, ততালিকে ডাৱৰে আকাশ ছাতি পেলালে, দুই-এটোপালকৈ বৰষুণ পৰিবলৈ ধৰিলে। ই বোধকৰোঁ ললিতাৰ ভাগ্য পৰিবৰ্ত্তনৰ আগবাতৰি। লাহে লাহে বৰষুণ ডাঙৰ হৈ আহিল, ললিতা ল’ৰাটোৰে সৈতে জুৰুলি-জুপুৰি হ’ল। ললিতাই চকু-লোৰে দুয়ো গাল তিয়াই, আৰু বৰষুণত কাপোৰ-কানিৰ জোল বোৱাই, বেলি ভাটা দিয়াত ঘৰ পালেহি।

 যথাসময়ত আদালতৰ সন্মুখত কাতিৰামৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি নীলাম হৈ গ'ল। দীনবন্ধুৱে বহুত যত্ন কৰি বৰঘৰটোৰে সৈতে বাৰীখন পাঁচ শ টকাত ডাকি ল'লে। ইয়াৰ নিমিত্তে তেওঁ ধাৰ কৰিব লগাতো পৰিল; কিয়নো খেতি-বাতিৰ পৰা তেওঁ যি দুই চাৰি টকা ৰাহি কৰিছিল সকলো আশ্ৰমৰ কামতে খৰচ হৈ গ'ল। যি হওক, ধাৰে-ঋণে কাতিৰামৰ বাৰীখন ল’ব পৰাত তেওঁ আনন্দ পালে।

 সন্ধ্যা সময়ত ললিতা আৰু তেওঁৰ শাহুৱেক ঘৰৰ পিৰালিতে বহি জুপুকা লাগি চকুলো টুকিছে, ল’ৰাটোৱে মাকহঁতক কন্দা দেখি ফেঁকুৰি ফ্ৰেকুৰি কান্দিছে, এনেতে পদূলিত দীনবন্ধুৰ মাত শুনা গল। দীনবন্ধুৰ মাত শুনা মাত্ৰকে বুঢ়ী ওলাই আহিল; দীনবন্ধুৰে কলে,—“আই, নাকান্দিব, ঈশ্বৰৰ ইচ্ছা আপোনাৰ বাৰীখন আৰু বৰ ঘৰটো

-৩৫২-