পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা মই তাত সাহায্য কৰিম। পিতা সুখী হ’ব, ককাইদেউ সন্তুষ্ট হব, তােমালােকৰ অশান্তি দূৰ হ’ব। উষাৰ এই কথাত বৌৱেকে উষাৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে, উষাও কান্দিবলৈ লাগিল। মুখেৰে ফুটাই ক’ব নােৱৰা বহুত কথা চকু-তে ব্যক্ত হৈ পৰিল ।। | বহুত বেলিৰ মূৰত সান্ত্বনা লাভ কৰি বৌৱেকে কলে—“মােৰ যিমান শক্তি আছে, ইয়াত বাধা জন্মাবলৈ চেষ্টা কৰিম ; তুমি স্থিৰ হােৱা । কিন্তু তুমি যাৰ নিমিত্তে সংসাৰৰ সকলাে সুখ বিসর্জন দিবলৈ ওলাইছা, তেওঁ জানাে তােমাৰ কথা ভাবে?” | উষা--তেওঁ ভাৰক বা নাভাবক, তাত মােৰ কি হল? মই মােৰ কৰ্তব্য কৰিম। বৌ-মানুহে তেওঁক বৰ দয়ালু বােলে, কিন্তু মই হ'লে এনে নিষ্ঠুৰ অহঙ্কাৰী মানুহৰ কথা আগে-পিচে শুনা নাই। এতিয়াই ইমান , বৰ বেচিকৈ ধন-সম্পত্তি থকা হ'লে আৰু আছিলহে ! আজি তিনি বছৰেও তেওঁৰ মন ঘূৰাব পৰা নগ’ল। সঁচাকৈয়ে মােৰ হ'লে তেওঁৰ নাম শুনিলেও খং উঠা হৈছে। তুমিও তেওঁকে ইমান দিন ভাবি থাকি ভুল কৰিছা। তেনে মানুহক— উষাই বৌৱেকৰ মুখত সােপা দি ধৰি ক'লে,-“ক্ষমা কৰা, আৰু নক’বা। দেৱতা যদি তুষ্ট নহয় সি পূজাৰীৰ দোষ, দেৱতাৰ নহয়। দেৱতাৰ অনুগ্রহ লাভ কৰিবলৈ যি আন্তৰিক পূজা লাগে, যি আকুল- আহবান লাগে, বােধকৰো মােৰ সি নাই, সেই কাৰণেই দেৱতা বিমুখ।” বৌৱেকে আৰু একো নকৈ উঠি গ'ল। উষাই ধাৰাৰে চকুলাে বােৱাই আকুল কণ্ঠেৰে ক'লে,-“দীনবন্ধু, হৃদয়-দেৱ, প্ৰাণৰ ঈশ্বৰ, এই জম্মত নহলেও যেন পৰজত এই অযােগ্যা দাসীক তােমাৰ চৰণত ঠাইনি।”