ৰূপৰ বজাৰ
প্ৰেমৰ প্ৰথম বেগ মাৰ যোৱাৰ লগে লগে আকৌ মেকেঞ্জিয়ে সন্ধ্যাৰ পিচত তেওঁৰ গাৱঁত ঘূৰিবলৈ ললে। তাত তেওঁৰ কেইবাজনীও প্ৰণয়িনী আছিল। কেতিয়াবা কেতিয়াবা তেওঁৰ গোটেই নিশা বাজে বাজে গৈছিল। কিছুদিন এনেকৈ গ'লত ৰম্ভায়ো সেই একে বাটকে ল’লে। কেইবাজনো ফিৰিঙী তেওঁৰ বাসনাৰ আলহী হ’ল।
সত্য কেতিয়াও গোপনে নাথাকে; এইবোৰ ঘটনাও লুকাই নাথাকিল। তিনি মাহ নৌ যাওঁতেই দুইৰো মাজত খকা-খুন্দা লাগিবলৈ ধৰিলে। তাৰ ফলত চতুৰ্থ মাহত দুয়োৰে বিচ্ছেদ ঘটিল, আৰু লগে লগে ৰম্ভাক স্কুলৰ পৰাও বিদায় দিয়া হ'ল।
ৰম্ভাৰ পূৰ্ণ বিশ্বাস আছিল—তেওঁ জ্ঞানেন্দ্ৰৰ ওচৰত আশ্ৰয় পাব; সেই বাবেই বয়-বস্তু সকলো লৈ তেওঁ জ্ঞানেন্দ্ৰৰ ঘৰত ওলালহি, কিন্তু জ্ঞানেন্দ্ৰই আশ্ৰয় দিয়া দূৰৰ কথা, ভিতৰ সোমাবলৈকো নিদিলে। তেতিয়া প্ৰায় সন্ধ্যা লাগোঁ লাগোঁ হৈছিল। ৰম্ভাই ক'লৈ যাব, কি কৰিব, একো স্থিৰ কৰিব নোৱাৰিলে। কোনোবা হোটেললৈ যাবৰ নিমিত্তে মনতে পাঙি থাকোঁতেই হঠাৎ আব্দুল আহি তেওঁৰ সন্মুখত উপস্থিত হ’ল। আব্দুলে অলপ আচৰিত ভাবে সুধিলে,-“কিহে, ৰম্ভা নেকি? পিচে কাৰনো ভাগ্য প্ৰসন্ন হ’ল?”
ৰম্ভাই এটা শুকান হাঁহি মাৰি ক'লে,-“কাৰনো হ’ব? মই যে তোমাক লগ পাবলৈ ব্যাকুল হৈ ফুৰিছোঁ!”
আব্দুল—মোক ইয়াত লগ পাবা বুলি কেনেকৈ জানিলা?
ৰম্ভা—ইয়াত পাম বুলি জনা নাছিলোঁ, কিন্তু পাবলৈ বৰ আগ্ৰহ জন্মিছিল। মোৰ বোধেৰে সেই আগ্ৰহেই তোমাক টানি আনিছে।
আব্দুল—সেইটো বাৰু মানিলোঁ। পিচে তুমি ইয়ালৈ আহিলা
কেতিয়া?
-৩৭১-