ষষ্ঠ অধ্যায়
শিক্ষয়িত্ৰীৰ অপযশ
দীনবন্ধু গোৱালপাৰাৰ পৰা অহাৰ পিচ দিনা উমাকান্ত তেওঁৰ ঘৰলৈ আহিছিল। তেওঁ দীনবন্ধুৰ লগত আকালৰ সম্পৰ্কে আৰু স্কুলৰ বিষয়ে বহুত কথা পাতিলে। তাৰ পিচত ক'লে,-“শিক্ষয়িত্ৰীৰ কামটো বহুতেই নীহ বুলি ভাবে।”
দীন—শিক্ষক আৰু শিক্ষয়িত্ৰীৰ কামতকৈ মহৎ আৰু পবিত্ৰ কাম কিবা আছে বুলি মই নাজানো।
উমা—তেনেহলে শিক্ষয়িত্ৰী বুলিলেই মানুহে সন্দেহ আৰু ঘৃণাৰ চকুৰে, চায় কিয়? আন কি শিক্ষয়িত্ৰী শব্দটোক বহুতে আজি কালি চৰিত্ৰহীনা বিশেষণৰ সলনিত ব্যৱহাৰ কৰা মই নিজ কাণে শুনিছোঁ।
দীন—তাৰ কাৰণ বহুতো। শিক্ষক বা শিক্ষয়িত্ৰীৰ কৰ্ত্তব্য বৰ কঠোৰ। তাৰ উপযুক্ত হবলৈ শিক্ষা লাগে, সাধনা লাগে, দেশ-ভক্তি লাগে, আৰু লাগে ঈশ্বৰত একান্ত বিশ্বাস।
উমা—এই আটাইবোৰ গুণ শিক্ষক বা শিক্ষয়িত্ৰী কাৰো গাত পূৰাকৈ নাই। থাকিলেও ক’ৰবাত দুই এজনৰহে। তেনেস্থলত শিক্ষকক যে ঘিণ নকৰে, শিক্ষয়িত্ৰীক কৰে কিয়?
দীন—তাৰ কাৰণ বহুত আছে। প্ৰথমতে চোৱা আমাৰ দেশত লৰাৰ শিক্ষাৰ তুলনাত ছোৱালীৰ শিক্ষা প্ৰায় নাই বুলিলেই হয়। তাৰ ভিতৰতে দুজনী-এজনীয়ে শিক্ষা পালে তেওঁলোকৰ চলন-ফিৰণ
আনবিলাকৰ লগত নিমিলা হয়, আৰু সংখ্যাত তাকৰ হোৱাৰ বাবে
-২৫০-