পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

বোধেৰে এই বোৰেইহে সভ্য-সমাজৰ আৱশ্যকীয় শিক্ষা। আপুনি কৈছে অসমীয়া সাজ-পাৰ পিন্ধিবলৈ; কিন্তু কোনো সুশিক্ষিতা মহিলাই তেনে জলধা সাজ পিন্ধিব নোৱাৰে, সি স্বাভাৱিক সৌন্দৰ্য্যও নষ্ট কৰে। বোৱা-কটা আদিও সামান্য অসভ্য মানুহৰ কাম। আপোনাৰ নিচিনা এজন উচ্চশিক্ষিত মানুহে কেনেকৈ তেনে অসভ্যৰ কাম আৰু সাজ-পোচাক ঘিণ নকৰাকৈ থাকিব পাৰিছে, তাক ভাবি মই আচৰিত হৈছোঁ।

 দীন — কাৰণ ময়ো তেনে অসভ্য অসমীয়া।

 ৰম্ভা — আপুনি কিয় তেনে কথা কয়! আপুনি যদি মোৰ অন্তৰ দেখিলেহেঁতেন, তেতিয়া বুজিলেহেঁতেন — মই আপোনাক কিমান ভাল পাওঁ, কিমান শ্ৰদ্ধা কৰোঁ!

 দীন — তুমি মোক শ্ৰদ্ধাই কৰা বা ঘিণেই কৰা তাত মোৰ কোনো লাভ লোকচান নাই।

 ইমান গৰ্ব্ব! যাৰ একেষাৰ মুখৰ মাত শুনিবলৈ হেজাৰ হেজাৰ মানুহ লালায়িত, তেনে সুন্দৰীৰ অযাচিত শ্ৰদ্ধাৰ প্ৰতি দীনবন্ধুৰ এনে তাচ্ছিল্য! ৰম্ভাৰ অন্তৰত জুই জ্বলি উঠিল। ৰম্ভাই ভাবিলে দীনবন্ধুৱে স্কুল পাতি প্ৰভাৱতীক দিব খুজিছে; সেই দেখিয়েই তেওঁক দিব নোখোজে। মনৰ খং মাৰ নিয়াব নোৱাৰি ৰম্ভাই বিদ্ৰূপৰ সুৰেৰে ক’লে — “কিন্তু প্ৰভাৰ ওচৰত তাৰ যথেষ্ট মূল্য থাকিব হবলা।”

 দীনবন্ধুৱে আগৰ দৰেই শান্ত ভাবে উত্তৰ কৰিলে, — “থাকিলেও থাকিব পাৰে।”

 ৰম্ভা — কিন্তু আপুনি জানে নে প্ৰভাৰ কাহিনী, প্ৰভাৰ চৰিত্ৰ, প্ৰভাৰ ঘৃণিত জীৱনৰ কথা? তাইৰ দৰে স্বভাৱৰ তিৰুতাই যে আপোনাক মুহিব, তাত আচৰিত হবলগীয়া একো নাই।

 দীনবন্ধুৱে এইবাৰ হাঁহিলে; তাৰ পিচত ক’লে, — “তাত আচৰিত

— ৪৪ —