পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

 দীন — মোৰ কথা মই আগেয়ে কৈছোঁ। আপুনি একো ঠিক নকৰিব। কৰিলে পিচত মোৰ ওপৰত অসন্তোষ কৰিব পাৰিব মাথোন।

 মোমাই — কিন্তু ঠিক নকৰিলে যে নহয়। তেওঁ ইমান দিন বাট চালে, এতিয়াও একো আশা নাপালে আৰু কিমান দিন অপেক্ষা কৰিব?

 দীন — মই এতিয়া একো কব নোখোজাঁ; তেওঁ যি ভাল দেখে তাকে কৰক।

 মোমাই — কিন্তু তেওঁ যে বৰ বিমোৰত পৰিছে। ছোৱালীজনী বহুতে ধৰিছে, কিন্তু তাই হেনো কালৈকো যাব নোখোজে। এতিয়া বোলে কোনোবা ডাঙৰ মানুহৰ লৰা এটালৈ বৰকৈ ধৰিছে। লৰাটো বোলে সকলো পিনেই ভাল; কিন্তু তোক লৈয়েই তেওঁলোক বিমোৰ। তোৰ আশাও এৰিব পৰা নাই; সিফালে তই যদি শেষত বিয়া নকৰাৱ, তেনেহলে পোৱা লৰা এৰি দি ইকুলো হেৰাব, সিকুলো হেৰাব। সিদিনা মহেশ্বৰ মোৰ ঘৰলৈ আহিছিল, এই আটাইবোৰ কথা কৈ তেওঁ কান্দি পেলালে। তেওঁক কন্দা দেখি মোৰো চকুৰ পানী ওলাল। মই তোক সুধি যি হয় এটা কৰিম বুলি বৰাই-বুজাই পঠিয়াই দিলোঁ। এতিয়া মই কবৰ হ’লে তই ইবোৰ সিবোৰ নকৰিবি। বিয়াখন পতা হওক।

 দীন — নহয় মোমাইদেউ, মোক সেই বিষয়ে নক’ব, এই বছৰত মই কিবা এটা কাম কৰিম বুলি ভাবিছোঁ। যদি কামটো হৈ উঠে, তেন্তে মোৰ মতত চলিব পৰা ছোৱালী পালে বিয়া কৰালেও কৰাব পাৰোঁ। যদি নহয়, তেন্তে মোৰ বিয়াৰ ভাবনাটোও পিচুৱাই নিব লাগিব।

 মোমাই — সেইদৰে হ’লে তোৰ বিয়া নহ’বই। তোৰ কাম যে কেতিয়াবা ঢুকাব, মোৰ তেনে বিশ্বাস নহয়।

– ২০৮ –