পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

বাজখােৱাই কলে,—“তুমি মনেৰে সেই জনীৰ বাহিৰে আৰু কাকো দেখা নাই; সেই হে তাইকে শলাগিছা। এইবাৰ এনে এজনী আনিম, আগৰ জনী যাৰ ভৰি এটাৰাে যোগ্য নহয়। আমি ঢাকা বা কলিকতাৰ পৰা নানাে ; একেবাৰেই লক্ষৌৰ পৰা আনিম। তুমি ঠিক খৰচ দিবা নহয় ?”

 কাৰ্ত্তিক—কৈছো নহয় দিম বুলি।

 ৰাজখােৱা—কিন্তু খৰচ বােধ কৰো এহেজাৰৰ কম নহ'ব।

 সৰ্ব্বা যিমান লাগে তেওঁ দিম বুলিছে নহয়।

 কাৰ্ত্তিকচন্দ্ৰই বৰ বেচি হ’লে এশমান টকা খৰচ হ’ব বুলি ভাবিছিল ; এতিয়া ইমান সৰহীয়া টকাৰ কথা শুনি মূৰ খজুৱাই খজুৱাই ক'লে,— “এহেজাৰ টকা!”

 গকুল—কলিকতাৰ পৰা আনিলেই লাগে হেজাৰ টকা। লক্ষ্ণৌৰ ‘বাই’ হেজাৰ টকাত পালে সস্তাহে বুলিব লাগিব।

 তপেশ্বৰে কলে—“আমাৰ কাৰ্ত্তিকচন্দ্ৰ সিমান পৰি মৰা মানুহ নহয়।”

 গদাধৰ—ইতাে আৰু সদায় কৰিবলগীয়া খৰচ নহয়; এবাৰ কৰিলেই শেষ হৈ গ'ল।

 কৃষ্ণকুমাৰ—মই ভাবিছোঁ উৰ্বশীক পাবৰ নিমিত্তে দণ্ডীৰজাই ৰাজ্যৰ আশা পৰ্যন্ত এৰিছিল ; তেনেস্থলত এহেজাৰ টকানাে কি বস্তু!

 সৰ্ব্বা—তােমালােক ইমানবােৰ কথা লাগিছে কেলেই। তেওঁ দেখােন কেতিয়াবাই দিবলৈ গাত লৈছে।

 কাৰ্ত্তিকচন্দ্ৰই আগৰ দৰেই মূৰ খজুৱাই খজুৱাই ক'লে,-“কিনো কম? দিব লাগিব আৰু।”

 বাজখােৱা—কিন্তু অকল বাই-গানকে পাতিলে দহে দহ কথা

শুনাৰ, সেই কাৰণে চুৰ্চ্চুৰীয়াকৈ পূজা এভাগাে কৰি থ'ব পাৰিলে ভাল।

—১৩৬—