পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
সাধনা

 প্ৰভা — প্ৰথম অৱস্থাত যেই সেই সজ কাম কৰিবলৈ যত্ন কৰিব লাগে; এবাৰ তৰি ল’ব পাৰিলেহে পিচত নিশ্চিন্ত হ’ব পাৰি।

 চেক্ৰেটাৰী — বাৰু আগেয়ে দেখা যাওকচোন কিনো হয়।

 তাৰ পিচত তেওঁ নীৰৱে প্ৰভালৈ চাই থাকিল। বহুত বেলি তেনেকৈ থকাৰ পিচত ক’লে, — “হেৰা, তোমাৰ সাজপাৰবোৰ চকুত লগা নহয় হে। চেমিজটোৰ ওপৰত ৰিহামেখেলা পিন্ধি তেনেই আপচু কৰিছা; পাতল ৰঙচুৱা শাৰী এখন হোৱা হ’লে কেনে ধুনীয়া দেখা গ’লহেঁতেন। ঘাইকৈ ৰিহাখন নলবা; সেইখন মোৰ চকুত বৰ বেয়া লাগে!”

 প্ৰভা — সাজ-পাৰ কেনে হ’ব লাগে, সেইটো পিন্ধোতাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি মোক সেই বিষয়ে কোনো উপদেশ নিদিয়াই ভাল। স্কুলৰ সম্পৰ্কে উপদেশ হে মই আপোনাৰ পৰা আশা কৰোঁ।

 চেক্ৰেটাৰী — তোমাৰ মুখখন যেনে সুন্দৰ, নামটো যেনে মনমোহা, কথাবোৰো তেনে সোৱাদ লগা; কিন্তু তোমাৰ যেনে স্ফুৰ্ত্তি থকা উচিত আছিল, তেনে নাই; মনটো কিছু মৰা। মোৰ মতে তুমি মাজে-সময়ে দুই-এক ‘পেগ’ হুইস্কি খোৱা উচিত।

 প্ৰভা — আপোনাক এইবোৰ কথা লাগিছে কেলেই? স্কুলৰ কেনেকৈ উন্নতি হ’ব, তাৰ চিন্তা কৰক।

 চেক্ৰেটাৰী — তোমাৰ সাজ-পাৰৰ, হাঁহি-ধেমালিৰ উন্নতি হলেই স্কুলৰো উন্নতি হ’ব।

 “বাৰু তেন্তে, এতিয়া যাওক” — এই বুলি প্ৰভা ভিতৰলৈ যাবলৈ উঠিল। প্ৰভাক উঠা দেখি চেক্ৰেটাৰীও উঠিল আৰু আগ বাঢ়ি ক’লে, — “নাযাবা, এখন্তক বহাঁ, নাযাবা”।

 “মোৰ কাম আছে, ৰন্ধা-বঢ়া কৰিব লাগে” — এই বুলি চেক্ৰেটাৰীৰ অনুৰোধ উপেক্ষা কৰি প্ৰভা ৰান্ধনি ঘৰলৈ গ’ল।

— ৯০ —