পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শিক্ষয়িত্ৰীৰ অপযশ সেই কাৰণে স্কুল-কমিটিয়ে ঊষাক দ্বিতীয় শিক্ষয়িত্ৰীৰূপে পাবলৈ ইচ্ছা কৰি দেউতাকলৈ লিখিছে। দেউতাকে সেই বিষয়ে মােৰ মত সুধিছিল, মই একো স্থিৰ কৰিব নােৱাৰিহে তােমাক সুধিলোঁ। দীনবন্ধুৱে অলপ আচৰিত হৈ সুধিলে,—“কিয়, উষা জানাে ইয়াতে থাকিব?” উমাইয়াত নাথাকিনাে কলৈ যাব ? দীনবন্ধু অধিকতৰ বিস্মিত আৰু আচৰিত হৈ ক'লে,-“মই তােমাৰ কথা ভালকৈ বুজা নাই। উষাৰ জানাে বিয়া হৈ যােৱা নাই? মই গােৱালপাৰাত থাকোতে তুমিয়েই দেখােন সেই খবৰ দিছিল। সেইমতে যােৱা সপ্তাহতে বিয়া হৈ যাব লাগিছিল।” উমা–যাব লাগিছিল, কিন্তু নগ’ল। দীন—কিয় ? উমা—এই বিয়া উষাৰ অমতে পতা হৈছিল আৰু সকলাে আয়ােজন গােপনে কৰা হৈছিল, কিন্তু সময়ৰ আগতে তাই গম পালে। তাই দৃঢ়ভাবে বিবাহৰ কন্যা হবলৈ অস্বীকাৰ কৰিলে। যিজনী ছােৱালীয়ে বাপেকৰ কথাৰ ওপৰত কথা নয়, অকল মূৰ জোকাৰি নাইবা চকুলাে টুকিয়েই সমিধান দিয়ে, সেই ছােৱালীজনীৰ ইমান সাহ, ইমান দৃঢ়তা মুহূর্ততে ক’ৰ পৰা আহিল, ক’ব নােৱাৰো, বাপেকৰ হাজাৰ তর্জন- গর্জন, উপদেশ-অনুৰােধ উপেক্ষা কৰি বিবাহৰ প্ৰস্তাৱ দলিয়াই পেলাই ক'লে,-“আপুনি এই আয়ােজনেৰে মােৰ শ্ৰাদ্ধ কৰিব পাৰিব, বিয়া দিব নােৱাৰে।” মাত্র একেষাৰ কথা, কিন্তু সেই প্রতিজ্ঞাৰ পৰা লৰাবলৈ কাৰৰ সাধ্য নহ'ল। অগত্যা বিয়া ভাগিল। তুমি বােধকৰো বুজিছা কিয় উষাই তেনে কৰিলে। দীনবন্ধুৱে কোনাে উত্তৰ নিদিলে; তলমূৰ কৰি তেওঁ চিন্তিত হল। উমাই সেই বিষয়ে আৰু কোনাে কথা উলিওৱা উচিত নহয় বুলি আগৰ - ২৫-