আৰু সভ্য-নিৰ্ব্বাচন; তাৰ লগতে স্কুল পৰিচালনা আৰু শিক্ষয়িত্ৰীৰ কৰ্ত্তব্যৰ সম্পৰ্কে নিয়মাৱলী গঠন। এই কেইটা কাম কৰাৰ আগেয়ে তাৰ আৱশ্যকতা বুজাই দিবলৈ দীনবন্ধু থিয় হ’ল; গকুলচন্দ্ৰ প্ৰভৃতিৰ মুখত বিষাদৰ চিন দেখা গ’ল, তেওঁলোকে ইজনে সিজনৰ চকুলৈ চাবলৈ ধৰিলে, সভাপতিও যেন অলপ উদ্বিগ্ন হৈ উঠিল। ঠিক এনে সময়তে গঙ্গাৰাম উধাতু খাই লৰি আহি সভা-ঘৰত সোমাল। গঙ্গাক তেনে অৱস্থাত দেখি দীনবন্ধু বিস্মিত হ’ল; গঙ্গা আহি ওচৰ পালতে সুধিলে, — “কি গঙ্গা, কি হ’ল?”
গঙ্গা — দেউতা, ক’ৰবাৰ মানুহ এটা আহিল, লৰোঁতে লৰোঁতে তাৰ উশাহেই নোহোৱা হৈ আহিছে। সি মোক এই চিঠিখন দি কাবৌ কোকালিকৈ ক’লে বোলে এতিয়াই এইখন দেউতাক দেগৈ, এখন্তক পলম হলেই সৰ্ব্বনাশ হব, মই ৰ’ব নোৱাৰোঁ — এই বুলি সি সিফালে লৰ মাৰিছে, ময়ো একো বুজিব নোৱাৰি দেউতাৰ ওচৰলৈ লৰি আহিছোঁ। দেউতা, মানুহটোৰ বৰ বিপদ হ’ব পায়।
দীনবন্ধুৱে চিঠিখন লৈ পঢ়িলে; এটা উৎকণ্ঠা আৰু বিষাদৰ চিন তেওঁৰ মুখত বিয়পি পৰিল। তেওঁ গঙ্গাৰ কাণত কিবা এটা কৈ তাক তেতিয়াই পঠিয়াই দিলে। তাৰ পিচত সভাপতিৰ ওচৰলৈ গৈ চিঠিখন দেখুৱালে। সভাপতিয়ে চিঠিখন পঢ়ি ক’লে, — “কি কৰিব! নগলে নহয় যেতিয়া, যাবই লাগিব। সভালৈ চালে আপোনাক এৰাটোও টান; কিন্তু সিটো যে আৰু টান — জীৱন-মৰণৰ কথা। সভাৰ কাৰ্য্য স্থগিত ৰাখিব পাৰি, কিন্তু সিফালেতো স্থগিত নাথাকে।
সভাপতিৰ অনুমতি পাই দীনবন্ধুৱে ৰাইজলৈ চাই ক’লে, — “মাননীয় ডাঙৰীয়া আৰু সমনীয়া ভাই-ভনীসকল, হঠাৎ মোলৈ এনে এটা কাৰ্য্যৰ আহ্বান আহিল, যাক এক মুহূৰ্ত্তৰ নিমিত্তেও অৱহেলা কৰিব নোৱাৰি; সেই কাৰণে মই অতি দুখেৰে আপোনালোকৰ ওচৰত বিদায় লবলৈ