পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনা

পহিলা জানুৱাৰী; আপোনাৰ কথামতে আজি যদি তাইক নপঠিয়ায়, তেনেহলে মই নিশ্চয় কৈছোঁ আৰু এদিন ইয়াত নাথাকোঁ; তায়েই আপোনাৰ ঘৰ চলাব।”

 জ্ঞানেন্দ্ৰই অগত্যা ৰম্ভাক আৰু বেচি দিন ৰাখিবলৈ প্ৰস্তাৱ কৰিব নোৱাৰিলে, কিন্তু নিজৰ আত্মীয়া বুলি মাজে মাজে তেওঁৰ ঘৰত খুৱাবলৈ আনিছিল।

————

-২৮৪-