পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


প্ৰয়োগ কৰি বহুত সময়ত অসৎ উদ্দেশ্য সিদ্ধি কৰাত কৃতকাৰ্য্য হয়। তেনেস্থলত ৰম্ভাৱতীৰ দৰে যুৱতীক যুৱকৰ প্ৰশংসাই কি কৰিব নোৱাৰে! ৰম্ভাই সেই সময়ত মনে মনে ভাবিছিল—“জ্ঞানেন্দ্ৰৰ দৰে ৰূপ-গুণৰ প্ৰকৃত মোল বুজা মানুহ জগতত আৰু কোনো নাই। তেওঁৰ প্ৰণয়ী হবৰ নিমিত্তে জ্ঞানেন্দ্ৰতকৈ আৰু কোন উপযুক্ত হ’ব।”

 জ্ঞানেন্দ্ৰই কবলৈ ধৰিলে,—“তোমাৰ গান শুনিবৰে পৰা এইবোৰ গানত মোৰ সমূলি মন নবহে। কুলি আৰু কাউৰীৰ মাতৰ যি প্ৰভেদ, তোমাৰ গান আৰু এইবোৰ গানৰ সিমান প্ৰভেদ। মোৰ এইবোৰ শুনি আমনি লাগিছে, তোমাৰ অমৃতময় গান এটি শুনিবলৈ মন-প্ৰাণ আকুল হৈছে। দয়া কৰি এটি মনমোহা প্ৰণয়-সঙ্গীতেৰে মোৰ কাণত অমৃত বৰষিবা নে?”

 জ্ঞানেন্দ্ৰই এটা হাৰ্ম্মোনিয়ম আনি দিলে; ৰম্ভাই ঘনে ঘনে বাসনা বিহ্বল কটাক্ষ হানি মিচিকি হাঁহিৰে ওঁঠ দুটাৰ জেউতি চৰাই, হাৰ্ম্মোনিয়মৰ সুৰৰ লগত মিলাই গাবলৈ ধৰিলে—

কতনা সাধনা কৰি প্ৰণয়-মন্দিৰ গঢ়ি
 থাপিছোঁ যতনে আজি প্ৰতিমা তোমাৰ!
কামনাৰ ধূপ জ্বালি, প্ৰেমৰ অঞ্জলি ঢালি,
 দিওঁ পূজা ষোড়শোপচাৰ।
নন্দন-সুৰভি ল’ই আবেগ মলয়
 বয় তুলি কঁপনি হিয়াৰ।
বসন সুলকি পৰে, খোপাৰ মালতী সৰে,
 পাওঁ বুলি পৰশ তোমাৰ।
তোমাৰ কাৰণে, গাঁঠিছোঁ যতনে
 পিন্ধা এই ভুজ-লতা-হাৰ।