ডাকঘৰ
তাকেই বিচাৰে কিন্তু পিচত ভাবিলে, যদি সেয়ে হয়, তেন্তে দিনত
ভালকৈ বিচাৰিলেই দেখোন হ’লহেঁতেন। তাকে নকৰি দিনৌ
দিনৌ এনেকৈ বিচাৰিব কিয়? ভাবি চিন্তি একো স্থিৰ কৰিৰ
নোৱাৰি শেহত তেওঁ ইয়াৰ ভিতৰুৱা ৰহস্য উদঘাটন কৰিবলৈ কৃত
সংকল্প হ’ল।
সেই দিনা ইন্দ্ৰনাথ সোনকালে আহি পদূলিৰ সন্মুখত থকা কেন্দু গছডালত উঠি পাতৰ আঁৰত বহি থাকিল। অলপ পিচতে ৰম্ভা এজোপা নাহৰৰ তললৈ গৈ এখন চিঠি থৈ আহিল। ইন্দ্ৰনাথে প্ৰথমতে চিঠিখনত কি আছে তাক চাবৰ মন কৰিছিল, কিন্তু পিচত তেনে কৰাতকৈ সেই ৰাতি নিলগৰ পৰা আলেখলেখ চোৱাকে উচিত বুলি স্থিৰ কৰিলে। তেওঁ এঘণ্টামান সময় এনে ভাবে থকাৰ পিচত এজন মানুহ সেই গছৰ তললৈ আহিল। মানুহজন আমাৰ পূৰ্ব্ব- পৰিচিত আব্দুল গনিৰ বাহিৰে আন কোনো নহয়। আব্দুলে গছৰ তল পাই ইফালে সিফালে চাই কাগজবোৰৰ ওচৰ চাপিল, আৰু চিঠিখন লৈ প্ৰস্থান কৰিলে। ইন্দ্ৰনাথৰ আৰু বুজিবলৈ বাকী নাথাকিল যে নাহৰ গছৰ গুৰিয়েই ৰম্ভাৰ ডাকঘৰ। হঠাৎ চিঠি দেখিলেও যাতে কাৰৰ মনত সন্দেহ নোপজে, এই উদ্দেশ্যেই তাত ফটা লেফাফাবোৰ পেলাই থৈছে।
ইন্দ্ৰনাথ গছৰ পৰা নামি কিছু সময় ইফাল-সিফাল কৰিলে। এনেকৈ দুঘণ্টামান ফুৰাৰ পিচত আকৌ তেওঁ কেন্দু গছত উঠিল। তেতিয়া প্ৰায় ভাত খাবৰ সময় হৈছিল; কিন্তু ভাত খাবৰ সময়ত অনুপস্থিত থকা ইন্দ্ৰনাথ বা লক্ষ্মীকান্তৰ এদিনীয়া ঘটনা নহয়; সেই কাৰণে তেওঁ তাৰ বাবে চিন্তা কৰিব নালাগিল। ৰম্ভাই খাই-বই উঠি অতি সাৱধানে চাৰিওফাললৈ চাই নাহৰ গছৰ তলত কি
বিচাৰিলে, কিন্তু একো নাপাই বিমৰ্ষ হৈ উলটি গ'ল। ইয়াৰ পিচত
-২২৫-