ভাত-পানী খাই শুবলৈ কাৰবাৰ কৰিছিল। হঠাৎ দুৱাৰত শব্দ শুনি তেওঁ দুৱাৰ মেলি দিলে; লগে লগে মহেশচন্দ্ৰ ভিতৰত সোমাই আহিল আৰু প্ৰভাৰ মুখলৈ চাই মিচিকি মিচিকি হাঁহি চকি এখনত বহিত; প্ৰভা ওচৰতে থিয় হৈ থাকিল। অলপ বেলিৰ মূৰত মহেশে ক'লে,-“মই হঠাৎ অহা দেখি বেয়া পালা নে কি?”
প্ৰভা—বেয়া পোৱা নহয়, কিন্তু অলপ পলম হোৱা হলে মোক লগ নাপালেহেঁতেন; মই শুবলৈ ধৰিছিলোঁৱেই।
মহেশ—শুবৰ সময়ত আমনি কৰাৰ বাবে ক্ষমা কৰিব। এটা বিশেষ কাৰণত এতিয়াই লগ নধৰিলে নহয় দেখিহে আহিলোঁ।
প্ৰভা—সি নো কি?
মহেশ—নতুন কথা বিশেষ একো নহয়। দীনবন্ধুহঁতে আমাৰ বিৰুদ্ধে কি কৰিছে শুনিয়েই আছা।
প্ৰভা—সেইটো আপোনালোকৰ পৰাই শুনিছোঁ; সেই কাৰণে আপোনালোক যেতিয়াই তেতিয়াই নাহিলেহে মঙ্গল।
মহেশ—এতিয়া অহা নহা একে কথাই। কথা যিমান ওলাব পাৰে ওলাই গৈছে, বৰং এতিয়া অহা যোৱা বন্ধ কৰিলে মানুহৰ বিশ্বাস বেচি হে হ’ব।
প্ৰভা—যদি প্ৰতিকাৰৰ কোনো উপায়েই নাই, তেন্তে তাৰ আলোচনাৰ পৰা লাভ কি?
মহেশ—মোৰ এটা কথা কব লগা আছে।
প্ৰভা—কি কথা?
মহেশ—কথাটো হৈছে—মই তোক প্ৰাণ ভৰি ভাল পাওঁ, তুমিও মোক তেনেকৈয়ে ভাল পোৱা; অথচ লোকনিন্দাৰ ভয়ত নিচেই ওচৰত হৈও আঁতৰত থাকিব লগা হৈছে। কিন্তু যিবোৰ
কলঙ্ক-কাহিনী মানুহৰ মুখে মুখে হৈছে, তাতকৈ, বেচি আৰু কি
-১১৩-
৮