পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গ্ৰেপ্তাৰ ৰীতিমতে চাহাবক বিদায় দি দীনবন্ধু ভিতৰ সােমাইছে মাখােন, এনেতে তেওঁ পদুলিত আকৌ মটৰৰ শব্দ শুনিলে। কিবা কাৰণত হেমিল্টনেই উলটি আহিল নেকি বুলি তেওঁ ওলাই গ'ল। বাহিৰ ওলাই যি দৃশ্য দেখিলে তাত তেওঁ আচৰিত হ'ল। তেওঁ দেখিলে, তেওঁৰ ঘৰৰ আগত এজন পুলিচ চুপাৰিন্টেণ্ডেন্ট, এজন ইন্সপেক্টৰ এজন চব ইন্সপেক্টৰ আৰু চাৰিজন কনিষ্টবল। তেওঁ একো বুজিব নােৱাৰিলে, কিন্তু তেওঁ কোনাে প্রশ্ন সুধিবলৈ নৌ পাওঁতেই চুপাৰিন্টেণ্ডেণ্টে তেওঁৰ হাতত এখন গ্রেপ্তাৰী পৰােৱানা দিলে। পৰােৱানা চাই দীনবন্ধু গম্ভীৰ হ’ল, তাৰ পিচত ক'লে—“মােৰ কবলৈ একো নাই, আপােনালোকৰ কর্তব্যত মই বাধা নিদিওঁ।” পিচ মুহুৰ্ততে পুলিচ চুপাৰিন্টেণ্ডেণ্টৰ ইচ্ছামতে দীনবন্ধু মটৰত উঠিল ; ততালিকে মটৰ থানাৰ ফাললৈ দ্রুত বেগে চলাই দিয়া হ’ল।