ছোৱালী, মোৰ ওপৰতেই নিৰ্ভৰ কৰি আছে; খবৰ-বাতৰি লৈ নাথাকিলে নো কেনেকৈ?
যি সকল প্ৰশ্নকাৰকৰ লগত লক্ষ্মীকান্তৰ পৰিচয় আছিল, তেওঁলোকে দেখাদেখিকৈ একো নকলেও এই উত্তৰত যে সন্তুষ্ট হোৱা নাছিল সি নিশ্চয়।
আন পিনে সন্ধ্যাৰ পান-ভোজনৰ অন্তত প্ৰভাৰ ঘৰলৈ অহা গোকুলচন্দ্ৰৰ দৈনিক কৰ্ত্তব্যৰ ভিতৰত পৰিণত হ’ল। আজি কালি তেওঁ ৰম্ভাক পঢ়াবলৈ যাবলৈকো এৰিলে। উকীলৰ আগমনত প্ৰভা সন্তুষ্ট হৈছিল নে অসন্তুষ্ট হৈছিল ক’ব নোৱাৰোঁ; কিন্তু উকীল হলে দিনৌ আহিছিল আৰু দুই-তিনি ঘণ্টা জোৰাকৈ আলাপ কৰি প্ৰায় সদায় ৰাতি দুপৰত ঢলংপলংকৈ ঘৰলৈ উলটিছিল। তেনেকৈ যাওঁতে কেতিয়াবা চাকৰে বিচাৰি নোপোৱালৈকে আলি-খাৱৈ শুৱনি কৰিব লগাও হৈছিল।
কোনোৱে ভাবিব পাৰে যে স্কুলখন নতুন কৈ পতাৰ কাৰণে চেক্ৰেটাৰী সদায় ভু লবলৈ আহে আৰু তাৰ উন্নতিৰ নিমিত্তে প্ৰভাৰ লগত আলোচনা কৰোঁতে পলম হয়। কিন্তু তেওঁলোকৰ কথা-বতৰালৈ চাই সেই কথা সম্পূৰ্ণ সঁচা যেন নালাগে। তেওঁলোকৰ এদিনৰ আলোচনাৰ গঢ় দেখিলেই বাকী দিনৰ বিষয়েও এটা অনুমান কৰিবলৈ বোধকৰোঁ চল লাগিব।
প্ৰথম দিনা চেক্ৰেটাৰী গ’লত প্ৰভাই তেওঁক উলহ-মালহকৈ বহিবলৈ দিলে আৰু স্কুলৰ কথাৰ অৱতাৰণা কৰিলে। চেক্ৰেটাৰীয়ে তাৰ লাগ-বান্ধ নোহোৱা দুটামান উত্তৰ দিলে মাথোন। প্ৰভাই ক’লে, — “ছাত্ৰীৰ সংখ্যা যাতে সৰহ হয়, তাৰ বাবে আপোনালোকে কিছু যত্ন কৰিব।”
চেক্ৰেটাৰী — যাৰ পঢ়িবৰ মন, আপুনি আহিব নহয়। স্কুল পাতি দিছোঁ, এতিয়া আকৌ পঢ়িবলৈকো কাবৌ কৰিব লাগিল নে?