পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
খেম্‌টাৱালী

হ’লত শ্ৰীমতীয়ে এটা গীত ধৰিলে, সমজুৱাসকলে ভাবাবিষ্ট হৈ শুনিবলৈ ধৰিলে। তেওঁলোকৰ মুখৰ পৰা কিমান প্ৰশংসা আৰু কামনাসূচক ধ্বনি ওলাল তাৰ পুনৰাবৃত্তি কৰা অসম্ভৱ। গীতটো শেষ হ’লত সকলোৱে আৰু এটা আৰু এটা কৰিবলৈ ধৰিলে। শ্ৰীমতীয়ে কিন্তু ভাগৰত ক্লান্ত হোৱা আৰু টোপনিয়ে ধৰাৰ ভাও ধৰি নীৰৱ হৈ ৰল। সমজুৱাৰ অনুৰোধ, আগ্ৰহ আৰু কৰস্পৰ্শৰ উত্তৰত কিছুমান অঙ্গভঙ্গা দেখুৱালে মাথোন।

 উকীলে বেচিকৈ ওচৰ চাপি ক’লে, — “কি হে, টোপনিয়ে ধৰিলে নে কি?”

 শ্ৰীমতীয়ে উত্তৰত এটা হামি মাৰিলে।

 কৃষ্ণকুমাৰে ক’লে, “মই ভাবিছোঁ এওঁৰ লগত নিলাজী বনৰ সম্বন্ধ আছে নে কি? ছুলেই জঁয পৰে, আকৌ নিলগ হলেই মূৰ তুলি কেৰাহি-কেৰাহিকৈ চায়। নহলে দশৰথে কৈকেয়াৰ ৰোহ ভঙা দি ৰোহ ভাঙিব লাগিব নে কি?”

 ৰাজখোৱাই গদাধৰলৈ চাই ক’লে, — “ইমানতো বুজা নাই নে? টোপনি ভাঙিবলৈ দৰবৰ প্ৰয়োজন।”

 ৰাজখোৱাৰ কথা শুনি শ্ৰীমতীৰ মুখত হাঁহিয়ে দেখা দিলে; মুহূৰ্ত্ততে হুইস্কিৰ বটল আৰু গিলাচ উপস্থিত হ’ল। শ্ৰীমতীয়ে বটলৰ পৰা গিলাচত ঢালি এঢোকা খালে; তাৰ পিচত একো গিলাচ প্ৰত্যেকৰে মুখত গুজিলে। সকলোৱে এই সুৰা-সুন্দৰী আৰু কলিকতীয়া সুন্দৰীৰ যুগল-স্পৰ্শ অনুভৱ কৰি নিজৰ প্ৰকৃত অস্তিত্বকেই যেন পাহৰি গ’ল!

 বটলৰ সুৰাৰ লগত অধৰৰ সুধা কেইজনে মিলালে, তাক কোৱাৰ পৰা লাভ নাই। তপেশ্বৰে হলে এটা বঙ্গলা গানৰ এটা কলিকে গাই পেলালে — “তুমি সকলেৰ বধু, তুমি সকলেৰ শুধু, সকলি তোমাৰ।”

— ৮৩ —