পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্ত্ৰী-শিক্ষাশ্ৰম

তাৰ ওচৰত থকা অলপ চুটি ঘৰটোৱেই উমৈহতীয়া ৰান্ধনি ঘৰ। এফলীয়াকৈ সজা ঘৰটো এৰি পুহিবৰ নিমিত্তে; সেই উদ্দেশ্যে এবিঘা- মান মাটিত সম্প্ৰতি এৰাৰ খেতি কৰা হৈছে। ইয়াত কোনো লগুৱা বা লিগিৰী নাই, ছাত্ৰীসকলে সকলো কাম নিজহাতে কৰিব লাগে।

 আশ্ৰম আৰম্ভ কৰিবৰ সময়ত ছাত্ৰী মাথোন দহজনীমান আছিল। কিন্তু যিমান দিন যাবলৈ ধৰিলে, সিমানেই সংখ্যাও বাঢ়িবলৈ ধৰিলে; বিশেষকৈ তাঁত-শালৰ কাম আশাতীতৰূপে চলিবলৈ ধৰিলে।

 ইয়াৰ কেইবছৰমান আগতে বঙ্গদেশৰ এডোখৰ ফালি আনি আসামৰ লগত লগ লগাই পূৰ্ব্ববঙ্গ আৰু আসাম নামেৰে এখন নতুন প্ৰদেশ গঠন কৰা হয়। তাৰ ফলস্বৰূপে নানা ৰাজনৈতিক আন্দোলনৰ মাজেদি স্বদেশী আন্দোলনৰ জন্ম হয়, আৰু বহুত ঠাইৰ মানুহে বিদেশী বৰ্জ্জন কৰিবলৈ সঙ্কল্প কৰে। আশ্ৰম-স্থাপনৰ সময়তো সেই সঙ্কল্প সজীৱ আছিল। এই সুবিধাত আশ্ৰমৰ তাঁতৰ কাপোৰৰ গ্ৰাহক আশাতীতৰূপে পোৱা হ'ল। দীনবন্ধুৱে তাঁতশালৰ সংখ্যা বঢ়াবলৈ ধৰিলে, বহুত দুখুনী বিধবাই জীৱিকা উপাৰ্জ্জনৰ এটা উপায় পালে। এই আশ্ৰমৰ পৰা কেইবাটাও কাম হবলৈ ধৰিলে। এফালে ছোৱালীহঁতৰ শিক্ষাৰ ব্যৱস্থা হ'ল, আশ্ৰয়হীনাৰ আশ্ৰয় আৰু জীৱিকাৰ উপায় ওলাল; আন ফালে স্বদেশীৰ প্ৰচাৰ আৰু আশ্ৰমৰ ভঁৰাল টনকিয়াল হ’ল। দীনবন্ধুৱে স্বদেশী-প্ৰচলন আৰু বিদেশী বৰ্জ্জনৰ অৰ্থনৈতিক আৱশ্যকতা সম্বন্ধে বক্তৃতা দি গাৱে ঁগাৱে ঁঘূৰিবলৈ ধৰিলে, লগে লগে “জাতীয় সমস্যা আৰু ৰাইজৰ কৰ্ত্তব্য” নামেৰে এখন কিতাপ লিখি চাৰিওফালে বিলাই দিলে। ইয়াৰ পৰা বহুত পৰিমাণে স্বদেশীৰ প্ৰচাৰ হ’ল; বহুতো মানুহে বিশেষ যত্নেৰে এৰি-মুগা পুহিবলৈ আৰু কপাহৰ খেতি কৰিবলৈ ধৰিলে।

—৩৪৯—