সাধনা
শুনিছো—তই দুহেজাৰ টকা খৰচ কৰিছ। এইবোৰ দৰিদ্ৰ হোৱাৰ চিন। মই এতিয়া বুজিছো, তোক অজলা লৰাটো পাই সেই বৰ মানুহ নাম লোৱা মদাহীকেটাই ফুচুলাই এইখন কৰিছে। তই সিহঁতৰ লগ এৰ; নহলে সিহঁতে তোক একে বছৰতে বাটৰ মগনীয়া কৰিব।”
কাৰ্ত্তিক—আই, তুমি নাজানি শুনি এইবোৰ কি কথা কোৱা! তেওঁলোকে সদায় মোৰ ভালৰ নিমিত্তে যত্ন কৰিব লাগিছে। কমলচন্দ্ৰ, গকুলচন্দ্ৰ, সৰ্ব্বানন্দৰ নিচিনা মানুহে মোক তেওঁলোকৰ সমনীয়া বুলি ভাবে, সমানে বহিবলৈ দিয়ে, খাতিৰ কৰে। ইয়াতকৈনো আৰু কি বেচি কৰিব! মিছাতে তেওঁলোকক বদ্নাম নিদিবা।
মাক—বাৰু সংসাৰত ইমানবোৰ মানুহ থাকোতে সিহঁতে কাকো নিবিচাৰি তোক কেলেই চপাই লৈছে। তই মতা মানুহ হৈও দেখা নাই যদি, মই তিৰুতা হৈয়েই দেখিছোঁ, সিহঁতে তোৰ ভালৰ নিমিত্তে ভাবি তেনে কৰা নাই। তোৰ গোটাদিয়েক টকা আছে বুলি গম পাই, তাকে আদায় কৰিবৰ মনেৰেহে এইখন জাল তৰিছে। তই মোৰ কথা শুন, সিহঁতৰ লগ এৰি দে।
কাৰ্ত্তিক—তুমি মিছাকৈয়ে এইবোৰ যি পোৱা তাকে বলকি থাকা। কি কৰিব লাগে তাক মই জানো, তোমাক তাৰ দায়ে নাপায়৷
এই বুলিয়েই কাৰ্ত্তিকচন্দ্ৰ উঠি গুচি গ'ল। মাকে চকুলো টুকি টুকি পুতেকৰ মতিগতি ফিৰাবৰ নিমিত্তে ঈশ্বৰৰ ওচৰত দুয়ো হাত জুৰি প্ৰাৰ্থনা জনালে।
মাকে কাৰ্ত্তিকক প্ৰায়েই এনে বুজনি দিয়ে। কাৰ্ত্তিকে কোনো দিনা মাকক টান কথা শুনাই দিয়ে, কেতিয়াবা নিজে উচাট্ মাৰি আঁতৰি যায়।
কাৰ্ত্তিকৰ এই অধঃপতনত তেওঁৰ ঘৈণীয়েক ললিতাৰ মনত সুখ-
শান্তি নোহোৱা হৈছিল। মনৰ দুখ মনতে মাৰ নিয়াব লগা হোৱাত
-২৮৬-