পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


 তেওঁলোক বহাৰ পিচতে এজনী ঝিয়ে মুখ ধুবলৈ পানী আৰু দাতোন দি গ’ল, আৰু তেওঁলোকে মুখ ধোৱা শেষ কৰাৰ লগে লগে কেই চকলমান ৰুটিৰে সৈতে তিনি পিয়লা চাহ আনি দিলে; তেওঁলোকো তাৰ যথোচিত সদ্ব্যৱহাৰত লাগি গ’ল। চাহ খোৱা হলত তেওঁলোকে কিবাকিবি কথাবতৰা পাতিলে। তাৰ পিচত স্নানৰ বন্দৱস্ত হ’ল, এজন এজনকৈ “বাথ ৰুমলৈ” যাবলৈ ধৰিলে।

 এই ঘৰৰ গৃহস্থজনৰ নাম জ্ঞানেন্দ্ৰনাথ ৰায়। হেটকোটেৰে পৰিশোভিত হৈ এৱেঁই ষ্টেচনৰ পৰা আলহী দুজনক আগ বঢ়াই আনিছিল। পাঠকসকলে এওঁৰ পৰা যোৱা এখন চিঠি ৰম্ভাৱতীৰ হাতত দেখিছিল। সেই কাৰণে এওঁৰ পৰিচয়টো অলপ বহলাই দিয়া উচিত।

 জ্ঞানেন্দ্ৰৰ আচল ঘৰ পূৰ্ব্ববংগৰ কোনোবা এখন গাঁৱত। সৰুতে এওঁৰ মাক-বাপেক ঢুকায়; সেই কাৰণে মোমায়েকৰ লগত থাকি ডাঙৰ দীঘল হ’ব লগাত পৰে। মোমায়েকে আসামত চাকৰি কৰিছিল, সেই কাৰণে জ্ঞানেন্দ্ৰৰ শিক্ষাও আসামতে হৈছিল। স্কুলত এওঁ লক্ষ্মীকান্তৰ সহপাঠী আছিল, আৰু দুয়োৰে ভিতৰত বৰ মিল আছিল। যেতিয়া তেওঁলোকে ইংৰাজি স্কুলৰ তৃতীয় শ্ৰেণীত পঢ়িছিল, তেতিয়া দুয়ো আলচ কৰি এদিন অভিভাৱকৰ বাকচ ভাঙি টকা চুৰ কৰে, আৰু কলিকতালৈ পলাই যায়। লক্ষ্মীকান্তৰ বাপেকে বহুত চেষ্টা কৰি পুলিচৰ সাহায্য লৈ তেওঁক ঘূৰাই আনে। জ্ঞানেন্দ্ৰ কিন্তু কলিকতাতে থাকিল। মোমায়েক জ্ঞানেন্দ্ৰৰ ব্যৱহাৰত নিতান্ত অসন্তুষ্ট আছিল, সেই দেখি আকৌ হাৰমাল চপাই লবলৈ তেওঁ ইচ্ছা বা চেষ্টা নকৰিলে।

 এটা কথা এই খিনিতে কৈ থব লগা হ’ল; পূৰ্ব্বে কোৱা হৈছে দীনবন্ধু লক্ষ্মীকান্তৰ সহপাঠী আছিল; সেই কাৰণে জ্ঞানেন্দ্ৰও