পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
প্ৰভাৰ শিক্ষয়িত্ৰী-জীৱন

মনোমোহিনি! প্ৰাণতোষিণি! অৰূপ-ৰূপিণি!
লোৱাঁ মোৰ প্ৰেমময় প্ৰাণ;
প্ৰাণৰ লগৰী বুলি, প্ৰেমৰ লহৰী তুলি,
গোৱাঁ মধু মিলনৰ গান।
(তুমি) বিজুলী-লগত মিলি মাৰা হাঁহি একোবাৰ
ফুৰা নাচি মলয়াৰ আগে আগে অনিবাৰ,
পুৱাতে উষাৰে খেলা, জিৰোৱা দুপৰ বেলা
নিশা ধৰে জোনায়ে যোগান।
ফুলৰ বুকত শোৱা মউটুপি চুহি খোৱা
নিয়ৰত কৰা নিতে স্নান।
মাধৈমালতী তুমি দেহা কোমলতাময়,
আদৰমালতীজুপি ছুলে পৰি যোৱা ভঁয়,
ৰূপত ফুলৰ হাঁহি, সুৰত কাৰ বাঁহী,
নিশ্বাসত কুসুম সুঘ্ৰাণ।
আচলত নাচে তৰা, হাঁহিত অমিয়া ভৰা,
চাৱনত চকে মোৰ প্ৰাণ।
বুৰাম তোমাক নিতে ঢালি ধাৰা প্ৰণয়ৰ,
দিম দিনে দুগালত দুটি চুমা চেনেহৰ,
কোনেও নজনাক’ই হিয়াৰ আঁৰতে লই
দিম মোৰ যি আছে দান।
হোৱাঁ হৃদয়ৰ ৰাণী, শুনোৱাঁ প্ৰেমৰ বাণী,
হওঁ এটি মিলি দুটি প্ৰাণ।

 গীত শেষ হ’লত মহেশে সুধিলে, — ‘কেনে লাগিল?’

 প্ৰভা — ভাল লাগিছে। সাধাৰণতঃ প্ৰণয়-সঙ্গীত মোৰ সিমান ভাল নালাগে; কিন্তু ইয়াত পাৰ্থিব প্ৰেমৰ গোন্ধ নাই, ই এটা

— ৯৩ —