সমললৈ যাওক

পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কপট বন্ধু

মৰাৰ আগতে সি তৰা-নৰা ছিঙি লৰ মাৰিলে, আৰু বেচি গোলমাল হ’লে আকৌ কেলেঙ্কাৰী ওলাই বুলি ভাইটোও ক্ষান্ত হ’ল। তাৰ পৰা জানিলোঁ সি থিয়েটাৰৰ পৰা আহি শিৱক খিৰিকীখন এৰুৱাই ভিতৰ সোমাবলৈ ধৰোঁতেই দেখা পাইছিল আৰু অচিনাকি ভাবতেই হাতৰ লাখুটিৰে তাৰ পিঠিত মাৰ শোধাইছিল। দ্বিতীয়বাৰ মাৰিবলৈ লাখুটি ডাঙোতেই সি শিৱক চিনি পালে আৰু শিৱয়ো ভিৰাই ধৰি লৰ মাৰিলে।

 শিৱৰ দৰে নিলাজ মানুহ আৰু কোনোবা আছে নে নাই ক’ব নোৱাৰোঁ। মই ভাবিছিলোঁ বোলোঁ ছাত্ৰৰ মাৰ খাই গৈছে যেতিয়া, এইবাৰ তাৰ জ্ঞান হ’ব, কিন্তু তাৰ একো নহ’ল। সি আজি মোলৈ লিখিছে বোলে ছাত্ৰৰ ওচৰত অপমান পোৱাটো একো ধৰিবলগীয়া কথা নহয়। মোৰ জীৱনত তাতকৈ ডাঙৰ কত ঘটনা ঘটিব লাগিছে। তাৰ তুলনাত এইটো একো অপমানেই নহয় ইত্যাদি। অকল সেয়ে নহয়, সি আজিও আকৌ আগৰ প্ৰস্তাৱ তুলিছে। পৰহিৰ ঘটনা দেখাৰে পৰা মই ভয়ত কাতৰ হৈছোঁ। আজিয়েই আপোনাক সকলো জনাম বুলি ভাবিছিলোঁ, কিন্তু চিঠিখন সোনকালে শেষ নোহোৱাত পঠিয়াব নোৱাৰিলোঁ। এতিয়া ৰাতি এক বাজি গ’ল; গতিকে এতিয়া পঠিয়াবৰ উপায় নাই, পুৱা হে পঠিয়াম। শিৱৰ লগত চিঠি চলাচল কৰাই অনুচিত আছিল বুলি এতিয়া ভালকৈ বুজিছোঁ, কিন্তু আগেয়ে এনে ঘটনা ঘটিব বুলি সমূলি ভবা নাছিলোঁ। যদিও শিৱক দেখিবৰে পৰা তাৰ পশু-চৰিত্ৰৰ আভাস পাইছিলোঁ, তথাপি মই ভাবিছিলোঁ বোলো অচিনাকি অৱস্থাত সি যিমানেই অভদ্ৰ হওক, চিনাকি অৱস্থাত ভদ্ৰ হবলৈ বাধ্য হ’ব; কিন্তু মোৰ অনুমান ভুল হ’ল, যাৰ, যি প্ৰকৃতি সি কেতিয়াও নাযায়। যদিও

কিছু দিন তাক ভদ্ৰ যেন দেখিছিলোঁ, তথাপি সি স্থায়ী নহল; আপুনি

-২৭৭-