পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সাধনা ‘প্ৰভাৱতীয়ে ক'লে,-“উষা, আজি প্রথম তােমাক মােৰ পূজাৰ ঙ্গিনী কৰিবলৈ ওলাইছে; এই আৰম্ভণ যেন দেৱতাৰ আশীৰ্বাদত চৰন্তন হয়।” উষাই মাথােন মূৰ দোৱালে । প্রভাই বন্ধ কৰি থােৱা খােটালিটোৰ দুৱাৰখন মেলি ক'লে,- “আজিলৈকে মােৰ পূজাৰ মন্দিৰত কাকো প্ৰৱেশ কৰিবলৈ দিয়া নাছিলোঁ। আজি মােৰ বুকু কঁপি উঠিছে! উষা! উষা !” উষা—বাইদেউ ! প্রভা—উষা! ক'ব নােৱাৰো মই কি কৰিছে। প্রাণ কাতৰ হৈ উঠিছে, ধৈৰ্য্য চঞ্চল হৈ উঠিছে, কিবা এটা অৰূপ তৰঙ্গই অন্তৰত তােলপাৰ লগাইছে। অবলাক বল দিয় হৃদয়-দেৱতা ! নহয়, আৰু পাচ নােহহহকে। আহা উষা । দুয়াে প্ৰৱেশ কৰিলে। তাৰ পিচত চাকি লগােৱা হ’ল। চাকিৰ পােহৰত দেখা গ'ল—খােটালিটোৰ পূবফালে এটা বেদী। বেদীৰ ওপৰত এখন সৰু সিংহাসন ;-তাত কিবা এটা বিগ্রহ স্থাপিত। দুয়াে বেদীৰ ওচৰত কুশাসনত বহিল ; ধূপ জ্বলােৱ। হ’ল ; শঙ্খ- ঘণ্টাৰ ধ্বনিৰে নিনাদিত কৰি আৰতি শেষ কৰিলে। তাৰ পিচত দুয়ােৰে আঁজলি এক কৰি বিগ্ৰহৰ উদ্দেশ্যে পুস্পাঞ্জলি প্রদান কৰিলে। উষাই বিগ্ৰহৰ প্ৰতি আগেয়ে ভালকৈ লক্ষ্য কৰা নাছিল ; এতিয়া বিগ্ৰহৰ সম্পূৰ্ণ অৱয়ব নিৰীক্ষণ কৰি উষাৰ গােটেই শৰীৰ কণ্টকিত হৈ উঠিল। উষাই ক'লে,-“ধন্য তােমাৰ পূজা, তুমি সঁচাকৈয়ে দেৱতাৰ কৃপা লাভ কৰিবৰ উপযুক্ত।” | প্রভাই একো নামাতিলে। আগৰ দৰেই আকৌ দুবাৰ অঞ্জলি প্ৰদান কৰি দুয়াে প্রণিপাত কৰিলে। হঠাৎ কাৰবাৰ পদশব্দ শুনি দুয়াে চক খাই উঠিল ; মূৰ ডাঙি -৩৮৮ -