পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

তেওঁ ধীৰে ধীৰে ভিতৰলৈ সোমাই গ’ল, প্ৰভাৰ উপাসনা গৃহত প্ৰৱেশ কৰিলে। উষাক লগত নিয়াৰ বাবে, আজি প্ৰভাই আন দিনৰ দৰে দুৱাৰ মাৰিবলৈ পাহৰি গৈছিল।

 ভিতৰ সোমায়েই দীনবন্ধুৱে এই দুই পূজাৰিণীক বিগ্ৰহৰ সন্মুখত প্ৰণিপাত কৰা দেখা পালে। বিগ্ৰহলৈ চাই তেওঁ থৰ হ’ল। তেওঁ দেখিলে—সিংহাসনত স্থাপিত বিগ্ৰহ কোনো দেৱতাৰ নহয়, তেওঁৰেই এখন ‘ফটো-চিত্ৰ’ মাত্ৰ। তেওঁৰ অন্তৰত তেতিয়া কিবা এটা অজ্ঞাত ভাবৰ হেন্দোলনি উঠিছিল। পিচ মুহূৰ্ত্ততে দুয়ো পূজাৰিণী তেওঁৰ পদপ্ৰান্তত পতিত হ’ল। অলপ পৰ থৰ লাগি থাকি দীনবন্ধুৱে দুইকো উঠিবলৈ কলে। উঠিয়েই প্ৰভাই কলে,—“দেৱ, মই আপোনাৰ সেৱাৰ সম্পূৰ্ণ ভাৰ গ্ৰহণ কৰিবলৈ অনুপযুক্ত। আন ফালে আপোনাৰ সেৱাৰ ভাগ পাবলৈ উষাই দিনে ৰাতিয়ে সাধিব লাগিছে। সেই কাৰণেই সেৱাৰ সম্পূৰ্ণতাৰ নিমিত্তে আজি আমি দুয়ো লগ লাগিলোঁ। ইমান দিন মোৰ অকলশৰীয়া ক্ষীণ আহ্বানে আপোনাক টানিব পৰা নাছিল; আজি দুয়োৰে যুটীয়া আহ্বানত এই শুভ মুহূৰ্তত আপুনি দেখা দিছে!”

 তাৰ পিচত উষাৰ হাতখন দীনবন্ধুৰ হাতত দি ক’লে—আজিৰ পৰা মই লব নোৱৰা পূজাৰ ভাৰ উষাৰ ওপৰত সমৰ্পণ কৰি আপোনাৰ হাতত গতাই দিলোঁ। আপোনাৰ অনুগ্ৰহ লাভ কৰি যেন উষা ধন্য হ’ব পাৰে।”

 দীনবন্ধু নিৰ্ব্বাক, নিস্পন্দ। কিছু সময় স্থিৰদৃষ্টিৰে শূন্যৰ ফালে চাই থাকি ক’লে—“প্ৰভু, এয়েনে তোমাৰ ইচ্ছা!”

 অলপ সময় ৰৈ আকৌ ক’লে,—“শক্তি দিয়াঁ, সংযম দিয়াঁ, ভগৱান! যেন মোৰ সাধনাৰ পুণ্যাশ্ৰমৰ পৱিত্ৰতা ৰক্ষা হয়। তাৰ পিচত ধীৰে ধীৰে গালে,—

—৩৯০—