পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৮৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিচাৰ খেতি-বাতিৰ সকলাে ভাৰ গঙ্গাৰামৰ ওপৰত পৰিল। গুজাৰ ওপৰত দীনবন্ধুৰ অটল বিশ্বাস আছিল। গঙ্গাৰামেও দীনবন্ধুৰ লগত থাকি দীনবন্ধুৰ প্ৰায় সকলাে গুণকে আংশিকৰূপে লাভ কৰিছিল। আৱশ্যক মতে প্ৰভাৱতী আৰু উমাকান্তৰ পৰা উপদেশ লবলৈ দীনবন্ধুৱে গঙ্গাক বুজাই দিছিল। তেওঁৰ ঘৰ-দুৱাৰ আৰু ছাত্র কেইটাৰ ভাৰৰ গঙ্গায়েই লব লগাত পৰিল। | এই সকলােবােৰ দিহা হােৱাৰ পাচত দীনবন্ধুৱে এখন জাননী লিখিলে। সি এই :- “চেনেহৰ ভাইভনীসকল, আপােনালােকে শুনিছে—মােক ৰাজদ্রোহী বুলি অভিযুক্ত কৰিছে। যদিও মই কেতিয়াও ৰজাৰ দ্রোহ চিন্তা নাই,—সেই কথা। আপােনালােকেও জানে,তথাপি বর্তমান আদালতৰ বিচাৰ-পদ্ধতিলৈ চাই মােক কাৰাগাৰত ঠাই দিয়া একো আচৰিত নহয়। সেই দেখি আপােনালােকৰ ওচৰত মােৰ এটি নিবেদন আছে। যদি মই কাৰাবাসী হওঁ, তাতে মােৰ বেজাৰ নাই, কিয়নাে কোনাে পাপ কৰি মই নিৰ্যাতন ভােগ কৰিব লগা হােৱা নাই। মােৰ ভাই-ভনী আৰু জম্মভূমিৰ প্রতি কর্তব্য সাধনৰ চেষ্টা কৰাৰ বাবে যদি মােৰ শান্তি হয়, তাক মই হাঁহি হাঁহি গ্ৰহণ কৰিম, সি মােক অপৱিত্ৰ নকৰি পৱিত্ৰহে কৰিব। যদি আপােনালােকে মােক মৰম কৰে, ভাল পায়, তেনেহলে মােক শাস্তি দিলেও, নিতান্ত অন্যায়ভাবে অত্যাচাৰ কৰিলেও যেন আপােনালােকৰ ধৈৰ্য্য নেহেৰায়। মই ইমান দিন যি পৱিত্ৰ কওঁঝ-সাধনৰ নিমিত্তে আপােনালােকৰ সাহায্য পাই আহিছে, মােৰ অনুপস্থিতিতে যদি আপােনালােক তাত আশাশুখীয়াকৈ লাগে, তেনেহলেই মােৰ সুখ-সন্তোষ উভৈনদী হ’ব। আপােনালােকে