পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/১৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চতুর্থ অধ্যায় নৈশ-মিলন যি সময়ত আলিৰ মাজত ওপৰত কোৱা ঘটনা প্লটিছিল, ঠিক সেই সময়তে এটা মানুহ লক্ষ্মীকান্তৰ ঘৰৰ নঙলা পাৰ হৈছিল। মানুহটো মুছলমান আৰু এখন ডাঙৰ দোকানৰ গােমস্তা। নাম আব্দুল গনি ; সাজ-পাৰত জকমকীয়া আৰু এচেন্সৰ গােন্ধেৰে মলমলােৱা। | আব্দুল গনি লাহে লাহে জুপি জুপি ৰম্ভাই পঢ়া-শুনা কৰা খােটালিটোৰ ওচৰলৈ গ'ল, কিন্তু তাত কাৰৰ একো গম নাপালে। তেতিয়া লাহে লাহে ৰম্ভাৰ শােৱনি ঘৰৰ ওচৰ চাপিল। সকলে নীৰৱ, দুৱাৰ বন্ধ। তেওঁ অলপ অলপকৈ দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। | অলপ পিচতে দুৱাৰ মেলি ৰম্ভা ওলাই আহিল আৰু “তুমি আহিছা?” বুলিয়েই আব্দলৰ ডিঙিত সাবটি ধৰিলে। আব্দলেও তেনেকৈয়ে সাবটি ধৰিলে ; দুয়ােৰ ভিতৰত চুম্বন দান প্রতিদান হ’ল। তাৰ পিচত দুয়াে ভিতৰ সােমাই দুৱাৰ বন্ধ কৰি শয্যাৰ ওপৰতে আসন গ্ৰহণ কৰিলে। প্রথমেই আব্দলে প্রশ্ন কৰিলে,-“ককাইদেৱৰ নাই নে কি ? তােমাৰ চিঠিৰ পৰা মই ডালকৈ একোকে নুবুজিলোঁ। মাত্র কথাৰ গঢ় দেখি তেনে অনুমান কৰিছিলোঁ। ৰম্ভা—এৰা তেওঁ নাই; আজি ৰাতিৰ ভিতৰত তেওঁ ঘৰি অহাৰ সম্ভাৱনা কম। আব্দল-ইন্দ্রনাথ কলৈ গ'ল ?