পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

সকলোৱে ঠিক কৰক, আৰু আপোনালোকেও মাথোন তাকে হে ক’ম বুলি প্ৰতিশ্ৰুতি দিয়ক, তেতিয়াহে আপোনালোক আমাৰ প্ৰতিনিধি বুলি স্বীকাৰ কৰিম, নতুবা নহয়।

 ভূতনাথ — যদি প্ৰতিনিধি কৰিবলৈকে ভাল হ’ল, তেনেহলে তেওঁলোকৰ ওপৰত বিশ্বাসস্থাপন কৰিবলৈ ভাল নহয় কিয়?

 দীন — তাৰ কাৰণ আছে। যেতিয়া আৰ্জ্জিখন লৈ তেওঁলোক মোৰ ওচৰলৈ যায়, মই তেওঁলোকৰ কিম্ভুত কিমাকাৰ উদ্দেশ্য শুনি প্ৰথমে চহিকে নিদিওঁ বুজিছিলোঁ। পিচত তেওঁলোকে মোৰ মতলৈ ঘূৰি অহা দেখি হে স্বাক্ষৰ দিলোঁ।

 এইখিনিতে দীনবন্ধুৱে কেনে অৱস্থাত আৰু কি উদ্দেশ্যত চহি দিছিল তাক হুবহু বৰ্ণনা কৰিলে৷ ৰাজখোৱাই যদিও তাত বাধা জন্মাবলৈ যত্ন কৰিছিল, তথাপি দীনবন্ধুৱে তালৈ কাণ নিদি সকলো কথা ক’লে। তাৰ পিচত ক’লে, - “কিন্তু এতিয়া স্বাক্ষৰকাৰীসকলৰ বহুতৰ পৰা শুনিছোঁ তেওঁলোকে হেনো তেওঁলোকৰ স্বকপোল-কল্পিত ঘৃণিত কাহিনীবোৰ মই প্ৰচাৰ কৰিছোঁ আৰু তাৰ বিচাৰ কৰিবলৈকো ময়ে এই আন্দোলন হাতত লৈছোঁ বুলি কৈ ৰাইজৰ মনত বিশ্বাস জন্মাই চহি আনিছে। মোক চোৰাংচোৱা বুলি বাহিৰত অন্যায়কৈ প্ৰচাৰ কৰিছে। এনে মিছা কথাৰ জাল পাতি যি কৰ্ম্মক্ষেত্ৰত ভৰি দিয়ে, তেনে মানুহক বিশ্বাস কৰা বিপদজনক। মোৰ এতিয়া সম্পূৰ্ণ বিশ্বাস হৈছে, —এই আন্দোলন স্কুলৰ উন্নতিৰ নিমিত্তে নহয়, আন্দোলনকাৰীকেইজনৰ কিবা নাৰকীয় নীচ স্বাৰ্থ সাধনৰ নিমিত্তে হে। যদি নহয়, কিয় তেওঁলোকে এনেকৈ অসত্যৰ আশ্ৰয় লৈছে?”

 ভূতনাথ - প্ৰচাৰ যেনেকৈয়ে হওক, অন্ততঃ কথাবোৰ মূলতে জানো সঁচা নহয়? তুমিও দেখোন সেইবোৰ জানা।

 দীন - মই কি জানো? আপুনি আৰু আপোনাৰ লগুৱাই কোৱা

- ১৯৮ -